সূৰুযৰ আবিৰ পৃথিৱীত পৰাৰ লগে লগে জোনাকে দুচকু মেলি মন্দিৰৰ দুৱাৰখন খুলিব চালে নাই খুলিব পৰা নাই । সি বুজিলে যে মাক এতিয়াও ভিতৰৰ পৰা ওলোৱাই নাই । সি মাকক চিঞৰিলে
-মা... মা.. মা দুৱাৰ খোলা মা..? ( Assamese love story )
এবাৰ, দুৱাৰ.. বহুবাৰ টুকুৰিয়ালে । নাই প্ৰভাৰ সাৰ সুৰ নাই । এইবাৰ সি প্ৰচণ্ড জোৰেৰে দুৱাৰখনত আঘাত কৰিব ললে । নাই প্ৰভাৰ কোনো প্ৰতিক্ৰিয়া নাই । জোনাকৰ বুকুখন কঁপি উঠিল..! গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি দুৱাৰখনত আঘাত কৰিলে । দুৱাৰখন ভাঙি চিটিকি পৰিল । জোনাক আচৰিত হল । চুলিটাৰি মেলি থাপনাৰ ফালে মুখ কৰি একান্তমনে বহি আছে প্ৰভা । মাথো দুধাৰিৰে বৈ আছে চকুপানী । সি মা মা বুলি মাতিলে । নাই প্ৰভাৰ কোনো প্ৰতিক্ৰিয়া নাই । কিছুসময় পাছত নিশব্দে তাৰ ওচৰেৰে ওলাই আহিল তাই । জোনাকে মাথো চাই ৰল ।
ব্যস্ততাময় চহৰৰ মাজেৰে উদ্যোগে উদ্যোগে হাতত এটা ফাইল লৈ আগবাঢ়িছে নিশা এটা কামৰ সন্ধানত । কেইবাটাও কোম্পানীত বায়োডাটা দি আহিছে। এদিন, দুদিনকৈ এসপ্তাহ পাৰ হৈ গল । নাই কোনো ফালৰ পৰা কোনো খবৰ এতিয়ালৈ অহা নাই ।তাই আকৌ বেলেগ কাম বিচাৰিব ললে ! এইবাৰ কিন্তু তাই নিৰাশ নহল । এখন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে তাই কাম এটা পালে ।
পিছদিনাৰ পৰা তাই কলেজত জইন কৰিলে । ৰেজিষ্টাৰ বহীটো হাতত লৈ তাই ক্লাচলৈ বুলি ওলাই আহিল । বাৰাণ্ডাত বিপৰীত ফালৰপৰা অহা বিনয়ক দেখি তাইৰ চমক লাগিল । সেই যে বিনয় কৃষ্ণচূড়াৰ দেশৰ নিশা পাগল লৰাজন, হোষ্টেল লৈ উভতাৰ পথত আগভেটি প্ৰেমৰ প্ৰস্তাৱ দিয়া লৰাজন, হোষ্টেল সামৰি ঘৰলৈ আহিব লওতেই বইজ হোষ্টেলৰ পৰা ভাঁহি অহা চিনাকি সুহুৰিৰ গৰাকী । আহ, নিশাৰ বহু কথাই মানস পটত খেলি মেলি লগাই গল ।
-আৰে নিশিতা তুমি??
-হয়
- কিন্তু তুমি ইয়াত জইন হলা কেতিয়াৰ পৰা?
নিশাই একো নকলে বাৰু আহিছো বুলি কৈ আগবাঢ়িল ক্লাচলৈ । কিয় জানো আজি তাইৰ বিনয়ৰ আগত নিজক লুকুৱাবলৈ চেষ্টা কৰিছে । বিনয়ৰ কিছু সময় আগতে উৎফুল্লিত হৈ থকা মনতো নিশাৰ শিৰৰ ৰঙীণ সেন্দুৰৰ মাজত ম্লান হৈ গল । বিষন্ন মনে অধ্যক্ষৰ কোঠাৰ পৰা বহীটো লৈ ক্লাচলৈ আগবাঢ়িল । আজি সি ক্লাচত মন বহুৱাব পৰা নাই । নিশাক দেখা মাত্ৰে তাৰ বুকুখন কঁপি উঠিছিল এতিয়া গোটেই শৰীৰটো সি ভাবিব পৰা নাই এমাহতে নিশাৰ জীৱনৰ ইমান পৰিৱৰ্তন ।( Assamese love story )
কলেজ ছুটীৰ শেষত নিশা বাছ স্তপেজৰ ফালে খোজ লওতে বিনয়ে মাত লগালে -
-নিশিতা, নিশিতা
তাই ঘূৰি চালে । বিনয় আগবাঢ়ি আহিল।
-কিবা কবা?
-তোমাৰ হাতত সময় আছেনে যদি আছে বলা অলপ খোজ কাঢ়ো ।আজি তাই নিশব্দে তাৰ প্ৰস্তাৱ মানি লৈ আগবাঢ়িল । সি প্ৰাণ ভৰি চালে তাইৰ শিৰৰ সেন্দুৰকণ লৈ ।
-কি হল বিনয় । কি কব লগা আছে বেগতে কোৱা ।
- তুমি ইমান ব্যস্ত নে? মোক মাথোঁ এবাৰ হেৰাই যাব দিয়া তোমাৰ শিৰৰ ৰঙীণ সেন্দুৰৰ মাজত ।নাজানো সেই সেন্দুৰৰ গৰাকী কোন? আৰু জানিবলৈ চেষ্টা ও নকৰো ।মোক মাথোঁ এবাৰ হেৰাই যাব দিয়া ।নহলে যে ধূসৰ হব প্ৰেমৰ নগৰী কৃষ্ণচূড়া..!
আহ, এয়া তাই কি শুনিছে? যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাই ।
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment