আউলি বাউলি চুলিটাৰিৰ সৈতে ওলাই আহিল প্ৰভা । যেন এজনী বাঘিনী। দুচকুত ক্ষোভৰ অগনি । হয়তো এই অগনিৰে আজি পুৰি শেষ কৰি দিব জোনাকক ( Assamese love story )। জোনাকৰ সম্মুখত থিয় হল । সি তলমূৰ কৰিলে ।
-তই এয়া কিহৰ প্ৰতিশোধ ললি? কিহৰ বাবে শেষ কৰি দিলি মোৰ সংসাৰখন?
জোনাকৰ বুকুত খামোচ মাৰি ধৰি প্ৰভাই প্ৰশ্ন কৰি আছে কিন্তু জোনাক আজি মৌন । তাৰ হাতত মাকৰ প্ৰশ্নৰ উত্তৰ নাই । প্ৰভাই তাৰ ফালে থৰ লাগি চাই থাকিল । কিছু সময় পিছত খোজ ললে চোতালত থকা মন্দিৰটোৰ ফালে । প্ৰভা মন্দিৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে আৰু জোনাক বাহিৰতে ৰল । তাৰ অনুভৱ হল সপোনৰো ৰং আছে। ক'লা, বগা কিম্বা ধূসৰ । বিষাদ, দুখ বেদনা, অশ্ৰু এইবোৰ হয়তো ক'লা, হাঁহি, ধেমালি, হৰ্ষ আদিবোৰ বগা আৰু এই দুয়োটাৰ সমাহাৰে হল ধূসৰ, যাৰ আন এটা নাম জীৱন ।
"সোণৰে সজোৱা পঁজা
জহি খহি যায়
কোনে আহি সাজিবহি
পাৰিব দুনাই...?"
চহৰৰ অগনণ জনগণৰ ভিৰৰ মাজেৰে আগবাঢ়িছে নিশা । বেগটো হাতত লৈ বাইলেনে বাইলেনে ৰুম বিচাৰি । কোনোবাই কৈছে ৰুম আছে, ভাৰা বেছি, কোনোবাই কৈছে নাই আৰু কোনোবাই বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিছে তাইক । তাই ভাগৰি পৰিছে । আজি দুদিন হল তাইৰ পেটত একো এটা পৰা নাই । ভিতৰৰ মানুহজনী ভোক পিয়াহত মৃতপ্ৰায় হৈ পৰিছে । আন্ধাৰ আন্ধাৰ দেখিছে চৌপাশ । তথাপিও তাই কঠোৰ বাস্তৱৰ ওচৰত হাৰ মনা নাই । বাস্তৱ আজি তাইৰ ওচৰত যিমান কঠোৰ হৈ ধৰা দিছে তাইয়ো তাতকৈ বহু বেছি জটিল হব চেষ্টা কৰিছে । জটিলতাই কৈছে নিশা ৰৈ যোৱা । তাই কৈছে হে জটিলতা তোক ভালপাওঁ বাবেই প্ৰশ্ন নকৰো তই কিয় ইমান জটিল বুলি । মনৰ দৃঢ়তাৰে তাই আগবাঢ়িছে । গৈ গৈ এটা ভাৰা ৰূম তাই পালে । ৰুমটো ঠিক কৰি লৈ প্ৰথমে পাকাতে তাই শুই পৰিল । এটা ভাগৰুৱা শিশুৰ দৰে.. নাই কোনো ভাৱ, নাই কোনো চিন্তা । তাই মাথো শুই আছে যেন চিন্তা কৰাৰ কথাও পাহৰি গৈছে( Assamese love story ) ।
ক্ৰমশ আন্ধাৰ নামি আহিল । প্ৰভা এতিয়াও মন্দিৰৰ পৰা ওলোৱা নাই । জোনাক ৰৈ আছে মন্দিৰৰ দুৱাৰ ডলিত । মাজে মাজে ভাবে প্ৰভাক মাত লগোৱাৰ কথা পিছ মুহূৰ্ততে তাৰ মনত শংকাৰ সৃষ্টি হয় । ভগৱানৰ নাম লৈ থকা সময়ত আমনি পাব বুলি । ক্ৰমশ ৰাতি গভীৰ হৈ আহিল । প্ৰভা ওলাই নাহিল । সি এটা সময়ত মন্দিৰৰ দুৱাৰ মুখতে শুই পৰিল । লাহে লাহে নিশা সাৰ পালে । প্ৰথমে তাই কত আছে সেয়া ভাবি আচৰিত হল কিন্তু পিছ মুহূৰ্ততে সকলো কথা তাইৰ মনলৈ আহিল । তাই ভাবিব ললে কাইলৈ দিনটো উপস্থিত হোৱাৰ লগে লগে তাই কি কৰিব । সৰু সুৰা হলেও তাই এটা কাম বিচাৰিবই লাগিব । নহলে এই চহৰখনৰ বুকুত তাই চলিব কেনেকৈ । অন্তত তাই জীয়াই থকাৰ বাবে এইখিনি সংগ্ৰাম কৰিবই লাগিব । কাৰণ জীৱনে নাওঁ বায় সময়ৰ সোঁতে সোঁতে । হয়তো তাইৰ জীৱন নামৰ নাওখন সময়ৰ সেই সোঁতটোতে আহি পৰিছে, যিটো সোঁত প্ৰৱল, শক্তিশালী । তাই শেষ বিন্দু তেজ থকালৈকে নাওঁ বায় যাব । কাৰণ হাৰিবলৈ তাইৰ জন্ম হোৱা নাই । জীৱনৰ একা বেঁকা পথত হয়তো জিকিব নহলে শিকিব । এয়াই তাইৰ শেষ সিদ্ধান্ত ।
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment