এটা মায়াবিনী ৰাতি । নিশা শুই আছে ।খিৰিকিৰ ফাকেৰে সুমুৱাই অহা জোনৰ পোহৰে তাইৰ নিমজ গালত ৰহন সানিছে ( Assamese love story )।যেন সেয়া নিশা নহয় এটা জোনাকী পৰুৱা শুই আছে জোনাকৰ আ শৈশৱ চিনাকি কোঠাটোত ।জোনাক সোমাই আহিল কোঠাৰ ভিতৰলৈ ।সি নিশা শুই থকা বিচনাখনত বহিল ।হঠাতে তাৰ চকুত পৰিল ওচৰৰ টেবুলখনৰ ওপৰত কাগজৰ টুকুৰা এটাত লিখা থকা সেই বাক্যটো ।
"মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম,
আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম ।"
জোনাকৰ গোটেই শৰীৰটো অজানিতে জোকাৰি গল ।ঘূৰাই পকাই বাক্যটি বাৰ বাৰ পঢ়িলে ।মনত হাজাৰ প্ৰশ্নৰ জোৱাৰ । প্ৰতিটো প্ৰশ্নই উত্তৰ বিহীন । কি কৰিব এতিয়া সি । কাৰণ ৰাতি পুৱাবলৈ বেছি সময় নাই ।সূৰুয দেউতাই পোহৰৰ আবিৰ লৈ অহাৰ পিছতে নিশা যাব গৈ ।কেৱল তাৰ জীৱনৰ পৰাই নহয়, ঘৰখনৰ পৰা চিৰদিনলৈ...!
চকা মকা সপোন এটাই নিশাক ডুলি গল । তাই সাৰ পালে । দুচকু মেলি ওচৰত জোনাকক দেখি তাই সংকলিত হল ।
-অ আপুনি । মোৰ যোৱাৰ সময় হোৱাৰ আগতেই আহিল মানে । ইমান দিনেই আপোনাৰ কোঠাটো অধিকাৰ কৰিলো । এতিয়াৰে পৰা আপোনাক উভতাই দিলো । নিশা বিচনাখনৰ পৰা নামি ওলাই আহিব লওতেই জোনাকে তাইৰ হাতত থাপধৰিলে । তাৰ মনত পৰিল ফুলশয্যাৰ ৰাতি কোৱা কথা কেইটা, মই আপোনাৰ কেতিয়াও প্ৰেমিক হব নোৱাৰো মোক লৈ মিচা সপোন নৰচিব ( Assamese love story )। নিজে নিজে তাৰ হাতখন নিশাৰ হাতৰ পৰা আতৰি আহিল।
ক্ৰমশ আন্ধাৰবোৰ শাম কাটি আহিল । লাহে লাহে পৃথিৱীত পোহৰৰ আবিৰ এটাই ডুলিব ললে । নিশাই বেগত কাপোৰ কানি সামৰিলে । আৰু যেতিয়া সম্পূৰ্ণ পোহৰ নামি আহিল ঘৰুৱা কাম কাজ খিনি কৰি নিশা যাবলৈ ওলাল ।তেতিয়া প্ৰভা বিচনাতে আছে । তাই প্ৰভাৰ ৰূমলৈ গল । প্ৰভাৰ চৰণ চুই আশীৰ্বাদ ললে । উত্তৰ দিবলৈ প্ৰভাৰ ভাষা নাই । মাথো যথৰ হৈ চাই ৰল । বুকুত বিচ্ছেদৰ এজাক ধুমুহা সাৱটি লৈ নিশা ওলাই আহিল । তাইৰ কোঠাৰ পৰা বেগটো লৈ জোনাকৰ সন্মুখেৰে পাৰ হৈ গল । অজানিতে জোনাকও তাইৰ পিছে পিছে ওলাই আহিল । ধুমুহা খোজেৰে নিশা যি ওলাই গল এবাৰো পিছলৈ ঘূৰি নাচালে । এটা সময়ত দূৰ সীমনাত হেৰাই গল নিশা মাথো নীৰৱ দৰ্শকৰ দৰে চাই ৰল জোনাক...!
"পাওঁ যদি কেতিয়াবা চিনাকি ঘাটত
মইতো নুফুলো আৰু তোমাৰ বনত...! "
এগৰাকী বিফল নায়িকা স্বৰূপ নিশাই পোনে পোনে ঘৰলৈ গল। অঞ্জলি আৰু প্ৰদীপে তাইক দেখি আচৰিত হল । প্ৰদীপৰ তাইৰ ওপৰত প্ৰচণ্ড খং উঠিল ।
-তুমি আমাক নজনোৱাকৈ কিয় এনে সিদ্ধান্ত ললা?
-জীৱনটো মোৰ দেউতা, সেয়ে সিদ্ধান্তও মই নিজেই ললো ।
- কি? তোমাৰ এই কৰ্মই মোক কিমান লজ্জিত কৰিব পাৰে তুমি এবাৰো ভাবি নাচালা । ওচৰ চুবুৰীয়াৰ আগত মই কিদৰে মুখ দেখুৱাম, মানুহক মই কি উত্তৰ দিম?
-তোমালোকে চিন্তা নকৰিবা মই কেতিয়াও তোমালোকৰ বোজা হৈ নাথাকো ।
আকৌ ধুমুহাৰ গতিৰে ওলাই গল তাই । প্ৰদীপে চিঞৰিলে
-নিশা নিশা
নাই দেউতাকৰ চিঞৰে আজি স্পৰ্শ কৰিব পৰা নাই তাইৰ কাণৰ পৰ্দা। আজি তাই অন্য এক যাত্ৰাৰ পথিক । তাই নাজানে এই যাত্ৰাৰ শেষ কত, কেতিয়া, কোন মুহূৰ্তত?? মাথো তাই গৈ আছে গৈ আছে আন্ধাৰৰ মাজে মাজে অলপ পোহৰৰ সন্ধানত...!
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment