জোনাক খোৱাৰ পৰা উঠি গল ।
-আপুনিনো কিয় তাক এতিয়াই এইবোৰ কথা কব লাগে । পুৱা কলেও হলহেঁতেন ।( Assamese love story )
-মইনো কি বেয়াটো কলো । মোৰো বয়স বাঢ়ি আহিছে । দুদিন পিছত সকলো দায়িত্ব সিয়ে টো লব লাগিব । প্ৰভাৰ কথাত হিল্লোলে উত্তৰ দিলে ।
জোনাক তাৰ কোঠাত সোমাই বিচনাখনত বহি পৰিল । কি কৰিব এতিয়া সি । এফালে দেউতাকৰ তাগিদা আনফালে তাৰ মনৰ তাগিদা। কাক এৰিব কাক আদৰি লব যেন জীৱনটোৱে তাৰ বাবে এটা নুবুজা সাথঁৰ হৈ পৰিছে ।
জালুকবাৰী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠা । প্ৰভাতী সুৰুযৰ হেঙুলী আভা আহি নিশিতা উৰফে নিশাৰ কোঠাত ৰহন সানিছে । দুচকু মেলি তাই মবাইলটো চালে । ৭ বাজিছে । তাই খৰধৰকৈ বিচনাৰ পৰা উঠি বাথৰুমত সোমাল । ৯ বজাত তাইৰ ফাৰ্ষ্ট ক্লাছটো আছে । নিশিতা উৰফে নিশা বকুলপুৰ গাঁৱৰ ছোৱালী । পিতৃ এজন শিক্ষক আৰু মাতৃ এগৰাকী গৃহিনী । কিছু সময় পিছত তাই বাথৰুমৰ পৰা ওলাল । দেখিলে তাইৰ ৰুমমেট প্ৰিয়ংকা এতিয়াও টোপনিত লালকাল ।
-ঐ তোৰ উঠিব হোৱা নাই নেকি? ৯ বজাত যে ক্লাছ আছে মন কৰিছনে?
-ফাৰ্ষ্ট ক্লাছটো কৰা নহব মোৰ । তই কৰগৈ । কিবা দিলে তোৰ পৰা লৈ লম ।
-জীৱনত কেতিয়াবা ফাৰ্ষ্ট ক্লাছ কৰি পাইছনে?
-হব দে এজনীয়ে কৰিলে হল আৰু বুলি কৈ তাই ওচৰতে থকা গাৰুটো কাণত সোপা মাৰি লৈ শুই পৰিল । তাইৰ কাণ্ড দেখি নিশাই হাঁহি হাঁহি ওলাই আহিল ।
কৃষ্ণচূড়াৰ দেশ, । অগনণ লৰা ছোৱালীয়ে ভিৰ কৰিছেহি মায়া নগৰীৰ চৌহদ । হোষ্টেলৰ ফালৰ পৰা কেইবাটাও ছোৱালীৰ দল জুম পাতি আহিছে তাৰ মাজত নিশিতা ওৰফে নিশাও আহিছে । সিহঁত আহি গেট পালে । ইউনিভাৰ্চিটিৰ ভিতৰৰ পৰা কেইজনী মান ছোৱালীয়ে ইহঁতক কলে ঐ আজি আমাৰ ক্লাছ কেনচেল ।
-কিয়? নিশাই সুধিলে ।
চাৰ নাই, চেন্নাই গৈছে হেনো ।( Assamese love story )
-তঁহতে কি ক নাজানো । মই কিন্তু খুব ভাল পাইছো । অন্তত এই খিনি সময় ফ্ৰী । তাৰ মাজৰ এজনীয়ে ৰাংঢালী জনী হৈ কলে ।
-এ ৰহ এইজনী । পৰীক্ষা আহি ওচৰ পাইছে তাই হেনো ভাল পাইছে ।নিশাই তাইৰ কথা কেইটাত বাধা দি কলে ।
তাৰ পিছত সিঁহত কেইজনী বাহিৰলৈ ওলাই আহিল আৰু নিশাই ইউনিভাৰ্চিটিৰ ভিতৰলৈ লগৰ কেইজনীৰ লগত খোজ ললে ।
সময় দিনৰ ১০ মান বাজিছে । জোনাকে আজি তাৰ আ শৈশৱ চিনাকি সেই নৈখনৰ পাৰত গৈ থিয় হৈছে । এই নৈখনৰ বুকুত সি আজিলৈকে দুবাৰ থিয় হল । এদিন নিশাৰ লগত তাৰ দুচকুৰ মিলন হওতে আৰু আজি তাৰ দুচকুৰ পৰা তাই আতৰি যোৱাৰ বাবে । সি নৈখনক প্ৰশ্ন কৰিলে -
-প্ৰেমৰ সৃষ্টি কত? সোঁতবোৰ কিছু উফন্দি উঠিল । হয়তো তাক কৈছে জনমৰ পৰা জনমলৈ, বুকুৰ পৰা বুকুলৈ প্ৰেম এখন বোৱতী নৈ । তাৰ পিছত সি প্ৰশ্ন কৰিলে
ইয়াৰ সৃষ্টি কেতিয়া আৰু কেনেকৈ?
এজাক হিম চেঁচা বতাহ আহি তাক চুই গল । তাৰ অনুভৱ হল এয়াই চাগে প্ৰেম যি অজানিতে নিশাৰ বুকুৰ পৰা তাৰ বুকুলৈ নিজমে বৈ আছে তাই নজনাকৈ...!
এইফালে হিল্লোল জোনাকক ৰৈ আছে অফিচলৈ যোৱাৰ বাবে । ৰৈ ৰৈ আমনি লাগি এটা সময়ত হিল্লোল অকলে গুচি গল ।
নৈৰ পাৰৰ সেই নিৰ্জন দুপৰীয়া। দূৰৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি আহিছে কাৰোবাৰ হৃদয় চুই যোৱা এটি বাঁহীৰ সুৰ । কোন সেয়া??
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment