জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ১৮) : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 19, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ১৮) : Assamese love story

          

Assamese love story


ক্ৰমশ এটাৰ পাছত এটাকৈ দিনবোৰ যাবলৈ ধৰিলে । প্ৰভা সম্পূৰ্ণ নিশ্চুপ হৈ পৰিল । তাইৰ অনুভৱে ঢুকি নোপোৱা হিল্লোলৰ মৃত্যু যেন তাইৰ বাবে এটা নুবুজা সাথঁৰ হৈ ৰল ( Assamese love story )। দিনৰ দিনটো কোঠাৰ ভিতৰত সোমাই থাকে । খাৱন শোৱন সম্পূৰ্ণ বাদ দিছে । নিশাই জোৰ কৰি হে দিনটোৰ শেষত কিবা এটা খুওৱাই জীয়াই ৰখাৰ দৰে হৈছে প্ৰভাক । এইফালে জোনাকো সম্পূৰ্ণ ভাগি পৰিছে । নিশাক দেখিলেই তাৰ মনৰ মাজত দেউতাকৰ চিতাৰ জুইকুৰা জ্বলি উঠে । এনেকুৱা লাগে যেন সেই জুইকুৰাত নিশাক জাপি দি নিঃশেষ কৰি দিব । তথাপিও তাই সকলো নীৰৱে সহ্য কৰি জোনাকৰ সম্পূৰ্ণ দায়িত্ব পালন কৰি গৈছে । কিন্তু  তাইৰ খবৰ লওতা যেন কোনোৱে নাই । হিল্লোলৰ মৃত্যুৰ পৰা কিমান দিন, কিমান ৰাতি তাই অনাহাৰে কটালে সেই খবৰ লবলৈ আজি যেন তাইৰ কোনো নাই । ক্ৰমশ দিনবোৰ পাৰ হৈ গল । শ্ৰাদ্ধৰ কাম শেষ হল। হয়তো নিশাৰো জোনাকৰ ঘৰখনত থকাৰ সময় উকলিল । সেয়ে তাই প্ৰভাক কলে 
-মা মই হয়তো আৰু এইখন ঘৰত নাথাকিম । দেউতাৰ কাম খিনি শেষ নোহোৱালৈকে হে মই এইখন ঘৰৰ আলহী আছিলো । এতিয়া মোৰ বিদায়ৰ সময় আহিল ।
  এজাক ধুমুহাৰ তাণ্ডৱ শেষ নহওতেই আন এজাক ধুমুহা বলিব ললে প্ৰভাৰ মনৰ কলনিত । তাইৰ বুজিব বাকী নাথাকিল নিশাই কিয় এনে সিদ্ধান্ত ললে । নিশাক বুজোৱাৰ ভাষা হেৰুৱাই পেলাইছে তাই । কাৰণ তাইয়ো নাৰী । নিশাক যিদৰে বহু সপোন, আশা দেখুৱাই মাক দেউতাকে এইখন ঘৰৰ বোৱাৰী কৰি পঠিয়াইছে ঠিক তেনেদৰে তাইকো এদিন মাক দেউতাকে তেনেকৈয়ে পঠিয়াইছিল । পাৰ্থক্য মাথো এটাই তাই বিচৰাখিনি পোৱাৰ লগতে এখন সুখৰ সংসাৰ গঢ়িলে কিন্তু নিশা বিফল হল। বহু সময় পিছত তাই উত্তৰ দিলে যোৱাগৈ । সুখী হোৱা । পাৰিলে অহা জনমত মোৰ ছোৱালী হৈ আহিবি । নিশাৰ মূৰত হাতখন থৈ প্ৰভাই কথা কেইটা কৈ থিৰেৰে ৰব নোৱাৰিলে । আঁচলেৰে মুখ ঢাকি ওলাই আহিল । আৰু নিশাই তাইৰ কোঠালৈ গৈ কান্দোনত ভাঙি পৰিল ।
 ইতিমধ্যে জোনাকে মাক আৰু নিশাৰ সকলো কথা শুনি আছিল ।সেইদিনা সি খঙৰ ভমকত যদিও নিশাক তেনেকৈ কৈছিল কিন্তু ভবা নাছিল নিশাই যে ইমান সোনকালে এনেকুৱা এটা সিদ্ধান্ত লব । হঠাতে সোমাই অহা দুষ্ট বতাহ জাকে প্ৰচণ্ড খুণ্ডা মাৰিলে তাৰ মনৰ খিৰিকিত । সি থিৰেৰে থাকিব পৰা নাই । এনেতে বাহিৰৰ পৰা সি সোমাই থকা কোঠাটোৰ দুৱাৰত কোনোবাই টুকুৰিয়ালে । সি দুৱাৰখন খুলি দিলে । প্ৰভা সোমাই আহিল । পিন্ধনত বগা সাজ । আউলি বাউলি চুলিটাৰি ( Assamese love story )।
-জোনাক, তই মোৰ সংসাৰখন কিয় শেষ কৰিলি, কিয় ধূলিসাৎ কৰিলি আমাৰ সপোনবোৰ । 
জোনাক তলমূৰ কৰি ৰল। হঠাতে প্ৰভা ক্ৰোধান্বিত হৈ পৰিল । আৰু শুন দেউতাৰাৰ চিতাৰ জুই জ্বলাই তই শান্তি নাপালি চাগে সেয়ে এতিয়াৰে পৰা আৰু এখন চিতাৰ জুই জ্বলাব সাজু হৈ থাক । ধুমুহা গতিৰে প্ৰভা ওলাই গল । জোনাকে দুচকু মুদি দিলে । দুধাৰিৰে বৈ আহিছে তাৰ ধাৰাষাৰ চকুলো । সি বাধা দিয়া নাই । অতদিনে তাৰ মনৰ মাজত থুপ খাই থকা ক্ষোভ, খং অভিমানবোৰ আজি সি চকুলো হৈ ওলাই যাবলৈ দিছে ।
ক্ৰমশঃ

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages