জোনাকৰ দুচকুত সন্দেহৰ বীজ
-তেনে একো নহয় । নিশা আজি কালি গুৱাহাটীত থাকে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত এম এ কৰি আছে তাই ।
-যদি সেয়াই বাস্তৱ তেন্তে মই তাইক তালৈ গৈ লগ কৰিম । জোনাকে ঠিৰাং কৰিলে । তাৰ পিছত সি নয়নৰ পৰা বিদায় লৈ ঘৰলৈ উভতিল । অস্ত বেলিৰ শেষ ৰদজাক তাৰ চকু মুখত পৰি ক্ষোভ উজাৰিলে । মুখমণ্ডলত তাৰ সৰু সৰু ঘামৰ কণা বিৰঙি উঠিল । মনত মাথো এটা প্ৰশ্নই ডুলি থাকিল 'নিশা বাৰু মোৰ হৈ আছে নে?'
সময় পুৱা ৫ বাজিছে । আজি জোনাক সোনকাল বিচনা এৰিছে । গোটেই ৰাতি তাৰ টোপনি নাহিল । সেয়ে সি উঠি গৈ মুখ হাত ধুই আহি গুৱাহাটীলৈ যোৱাৰ যো জা চলালে । প্ৰভা বিচনাৰ পৰা উঠি আচৰিত হল পুৱা ৮ বজালৈ বিচনাতে থকা লৰাটোৰ আজি কি হল ইমান পুৱাই উঠিল যে, তথাপিও তাই একো নকয় নিজৰ কামত লাগিল । কিছু সময় পিছত জোনাক দেউতাৰ ৰূমলৈ আহিল । হিল্লোল তেতিয়াও বিচনাতে আছে ।
-দেউতা মই গুৱাহাটীলৈ যাওঁ ।
-গুৱাহাটীলৈ, কিয়?
-৯ বজাত বন্ধু এজনে লগ কৰিব কৈছে । তাৰ হেনো কিবা জৰুৰী আছে ।
হিল্লোলে তাক গাড়ীৰ ছাবিপাত দি চাই চিতি গাড়ী চলোৱাৰ লগতে সোনকাল ঘৰলৈ আহিবলৈ কলে । মাকৰ পৰা চাহ কাপ খাই সি যাত্ৰা আৰম্ভ কৰিলে ।
উদাস উদাস মন । বুকুত ধুমুহাৰ তাণ্ডৱ । গাওঁ এৰি চহৰৰ সৰু বৰ অগনণ গাড়ীৰ মাজে মাজে আগবাঢ়িছে জোনাকৰ গাড়ী । এটা সময়ত সি জালুকবাৰী পালে ।
জালুকবাৰী বিশ্ববিদ্যালয়ৰ চৌহদ । অগনণ লৰা ছোৱালীৰ সমাগম । অহাই আহি আছে, যোৱাই গৈ আছে । কোনেও কাকো গুৰুত্ব দিয়া সময় নাই । জোনাকে চাৰিচকীয়া বাহনখন লৈবিশ্ববিদ্যালয়ৰ চৌহদত ৰল । জাকে জাকে ছোৱালীবোৰে জুম পাতি আহিছে । চঞ্চলা চপলা । মুখত লাগি ৰৈছে সিহঁতৰ ডালিম ফুলীয়া হাঁহি । যেন একোজনী চিত পখিলা । জোনাক আগবাঢ়ি গল-
-Excuse me.
তাৰ মাতত ছোৱালীবোৰে ঘূৰি চাইছে । দুই এজনী তাৰ ওচৰলৈ আগবাঢ়ি আহিল আৰু কেইজনীমান দূৰতে ৰৈছে ।
-হয়, কওকচোন ।
-আপুনি নিশাক চিনি পাই নে?
-নিশা???
-হয় হয় আপোনালোকৰ ইউনিভাৰ্চিটিতে পঢ়ে
-ছৰি
ছোৱালী কেইজনী তেনেকৈ কৈ আতৰি গল আৰু দূৰত ৰৈ থকা লগৰ কেইজনীৰ আগত তাৰ কথা কৈ খিলখিলাই হাঁহি আগবাঢ়িছে । প্ৰতিটো ছোৱালীৰ জুমকে সি একেই প্ৰশ্ন কৰিছে আটাইয়ে একেই উত্তৰ দিছে "ছৰি" । তাৰ মনত প্ৰশ্ন উদয় হল আৰে কোনেও নিশাক এনেকৈ চিনি নাপায় নে? ক্ৰমশঃ পূৱৰ বেলিটো পশ্চিমত ডুব গল । তথাপিও ক্ষীণ আশা লৈ সি ৰৈ আছে । ক্লাচৰ পৰা উভতি অহা প্ৰতিজনী ছোৱালীকে সি একেই প্ৰশ্ন কৰিছে আৰু সিহঁতেও একেই উত্তৰ দিছে । জোনাকৰ মনত সন্দেহ উপজিল নয়নে মোক মিচা কোৱা নাইতো?? অস্ত বেলিৰ শেষ পোহৰ খিনি পশ্চিমত হেৰাল । বিষন্ন মন এটা লৈ জোনাক ঘৰমুৱা হল । সি ঘৰ পাওঁতে নিশা দহ বাজিল । মাক দেউতাকে তালৈ ভাত খাবলৈ ৰৈ আছে । সি আহি ফ্ৰেচ হৈ লয় দেউতাকৰ ওচৰতে গৈ ভাত খাব বহিল । আজি তাৰ মনটো ভাল নহয় । খোৱাৰ মাজতে দেউতাকে কলে কাইলৈ তই মোৰ লগত অফিচ ওলাবি । কামবোৰ চাব পাৰিবি । জোনাক উত্তেজিত হৈ পৰিল ।
-উফ দেউতা, মোক কিছুদিন সময় দিয়া ।
-সময় কালৈকে নৰয় । সময়ৰ কাম সময়ত কৰিব পাৰিলে ভাল।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment