দৰিদ্ৰৰ প্ৰেম,সপোন আৰু জীৱন সংগ্ৰাম : Assamese love stor - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 5, 2021

দৰিদ্ৰৰ প্ৰেম,সপোন আৰু জীৱন সংগ্ৰাম : Assamese love stor

Assamese love stor

সপোন মানুহৰ জীৱনত থাকে | এটা ধুনীয়া অট্রালিকা দেখিলে সকলোৰে থাকিব মন যায় | কিন্তু সকলোৰে ভাগ্যত সেই সৌভাগ্য নাথাকে | জীৱন সঁচাকৈ ব্যতিক্ৰম | ( Assamese love story )

উত্তৰ প্রদেশৰ ধনচান্দ জৈনৰ ও সপোন আছিল | অন্তত ভাল ঘৰ এটা নহ'লেওঁ ,এখন গাড়ী নাথাকিলেওঁ তাৰ উৰুখা জুপুৰিত শান্তিৰ সৈতে বাস কৰিবলৈ | 

সৰু ঘৰৰ ল'ৰা সি | দেউতাকৰ সৰুতে মৃত্যু হৈছিল | মাকে ৰাজপথৰ বটল বোটলি ,বিক্ৰী কৰি পোৱা পইচাঁৰে ঘৰখন চলাইছিল | 

সি মাকৰ কষ্টবোৰ চকুৰ আগত দেখি কেতিয়াওঁ সহ্য কৰিব পৰা নাছিল |কিন্তু নিয়তিৰ নিষ্ঠুৰ আহ্বানত তাৰ মাক এদিন ট্রেইনৰ আগত পৰি এই পৃথিৱীৰ পৰা গুছি গৈছিল | 


তেতিয়া সি অকলসৰীয়া হ'ল | অকলে চলিৱলে কিমান কষ্ট ধ্যানচান্দে বুজিপাইছিল | 

সি তাৰ পেট পুৰাবৰ কাৰনে ৰিক্সাচলোৱা সিদ্ধান্ত ল'লে | 

দিনত ৰিক্সাচলাই ,ৰাতি আহি জুপুৰিত পৰি থাকে | তেনেকে এদিনা খন তাৰ চকুত পৰিছিল ৰাস্তাৰ বটল বোটলা 

ৰেহেনাক | 

- ঐ মোৰ লগত বিয়া হৱি ?

- ছিঃ লাজ ও নাই তোৰ | ( Assamese love story )

- লাজ ! চা ৰেহেনা তোৰ ও কোনো নাই | ফুটপাথতে ডাঙৰ হ'লি |আৰু মোৰো কোনো নাই | তই যদি বিচাৰ,,,,,

- কি ! তই সঁচাই কৈছ ?

- উম সঁচা ব'ল মোৰ ঘৰত |


ৰেহেনাৰো মা - দেউতা কোন তাই মাযানে ! তাই ফুটপাথতে ডাঙৰ হৈছে |

শেষত ৰেহেনা আৰু ধ্যানচান্দে এখন সংসাৰ পাতিলে |

সি ৰিক্সা চলাই আৰু তাই বটল বোটলে |তেনেকে সুখী সিহত |

তেনেকে এদিনাখন ৰেহেনা এটি সন্তানৰ মাতৃ হ'ল | আৰু ধ্যান চান্দ পিতৃ |

কিন্তু তেনেতে নামি আহিল সিহতৰ জীৱনত অমানিষা | ৰেহেনা ব্লাড কেন্সাৰত আক্ৰান্ত হ'ল আৰু  ধ্যানচান্দ চিন্তাত পৰিল | এফালে পানী কেচুৱা,অন্যফালে ঘনিয়েক দুৰাৰোগ্য ৰোগত আক্ৰান্ত | কি কৰিব সি ! বহুত টকাৰ প্রয়োজন ক'ত পাৱ সি টকা | মানুহৰ ওচৰত বিচাৰি পোৱা টকাৰে তাইক সুস্থ কৰিব আপ্রান চেষ্টা কৰিছিল |

কিন্তু নাই ৰেহেনা গুছি গ'ল অজান দেশত | ভাগি পৰিল সি | তিনিমহীয়া কন্যা আৰু সি ! 


কিন্তু মৃত্যু চিৰন্তন সত্য |

তাইৰ স্মৃতিয়ে তাক বৰ আঘাট দিয়ে | কিন্তু স্মৃতি জানো বুকুত বান্ধি বহি থাকিলে হব | সি আকৌ ৰিক্সাচলোৱা আৰম্ভ কৰিলে | কাৰন সন্তান এজনী আছে তাৰ |

এখন হাতেৰে সন্তান আন খন হাতেৰে ৰিক্সা |

তেনেকে সি জীৱন সংগ্রাম কৰিলে |


এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


এই ৰদত সেই কনামানী জনীয়ে ও বৰ কষ্ট পাই | কিন্তু কি কৰিব উপায়টো নাই | ক'ত থব তাইক |

এনেকে এতিয়া ধ্যানচান্দে সেই কনমানি জনীৰ সৈতে ৰিক্সাচলাই জীৱন অতিবাহিত কৰিছে |


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages