নিয়মিত কাজু খালে পুৰুষ-নাৰীৰ যৌন ক্ষমতা বাঢ়ে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 9, 2021

নিয়মিত কাজু খালে পুৰুষ-নাৰীৰ যৌন ক্ষমতা বাঢ়ে : Assamese Health Tips

 

Assamese Health Tips

কাজু বাদাম(Cashew)ক   চাহাবী বাদাম বুলিলেও ভুল কোৱা নহব । কাৰন  অইন বাদামতকৈ  দাম কিছু বেচি হোৱা বাবে সাধাৰনতে চাহাব বা আঢ্যৱন্ত লোকৰ  খাদ্য তালিকাতহে সীমিত ।  ( Assamese Health Tips )

   যাহ'ক আমি সাধাৰন বোৰেও  কিছু জানো আহক  ইয়াৰ  পুষ্টি আৰু ঔষধী গুণবোৰ । 

    কাজু  সচৰাচৰ  ব্ৰাজিল,দক্ষিন ভাৰত,  বাংলাদেশ বা  প্ৰখৰ ৰ'দ পৰা  গ্ৰীষ্মপ্ৰধান 

অঞ্চলত উৎপাদন হয় । ইয়াৰ ফল কোনো কোনোৱে খায় যদিও  তলত হোৱা  বাদাম সদৃশ গুটিটোকহে " কাজু বাদাম "কোৱা হয়।   কাজু  গছ   জোপোহা, মধ্যম ওখ আৰু   বহু বছৰলৈ ফল দিয়া   অতি লাভকাৰী   ফলবৃক্ষ ।

কাজুবাদামক শুকান ফলৰ ৰজা  বুলি কোৱা হয় ।      আমাৰ শৰীৰৰ  প্ৰায় সকলো ধৰনৰ পৌষ্টিক উপাদান যেনে---

অধিক মাত্ৰাত প্ৰটিন ,ভিটামিন   আইৰন, ক'পাৰ, কেলচিয়াম ,পটেচিয়াম       মেগনেচিয়াম,চিলিয়াম ,মেংগানীজ,জিন্ক,ফাইবাৰ ,কেলৰী ,খনিজ    ধাতব লবন , স্নেহ পদাৰ্থ আদি  সুক্ষ্ম পোষক তত্বৰে (micro-nutrient) ভৰপুৰ । 

সঠিক মাত্ৰা আৰু ব্যৱহাৰ বিধি :------

 দামত বেচি হলেও বহুতে ভাল বস্তু বুলি জানি  নিজে বা লৰাছোৱালীক অধিক মাত্ৰাত খাবলৈ  দিয়াতো " হিতে বিপৰীত " হোৱাৰহে সম্ভাৱনা বেচি।   বহুতে মিঠাই বা অইন আহাৰত মিহলায়ো খায় । 

 সৰু লৰাছোৱালীয়ে  এবাৰত ৩-৪টা ডাঙৰে ৪-৮টালৈ   দিনে দুবাৰ   খাব । গ্ৰীষ্মদিনত এবাৰেই  যথেস্থ্য ।   

গাখীৰ ,মৌ নাইবা গুড়ৰ লগত খালে বেচি ফল পোৱা যায় । 


নিয়মিত কাজু সেৱনত হবপৰা দেহৰ লাভ আৰু ক্ষতি লাভকাৰী গুন ----

১। কাজু নিয়মিত সঠিক মাত্ৰাত খালে সুস্বাস্থ্যৰ বাবে টনিক বা ভিটামিন  খোৱাৰ দৰে হয়  লগতে  সকলো বয়সৰ লোকৰ দেহগঠন আৰু নানা প্ৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় । শাৰীৰিক ও মানসিক সুস্থতা অনুভৱ  হয় ।

২।  কাজুৱে  মগজুৰ কোষ  সুস্থ্য কৰায়,  স্মৃতিশক্তি বঢ়ায় , ভাগৰ, দুখ দুঃচিন্তা , অৱসাদ আতৰায় ।

৩। দুৰ্বল,ৰুগীয়া  বা নিৰোগী   লোকৰ গাত  বলশক্তি enerjy  বাঢ়ে । 

৪।  পাচনতন্ত্ৰ সৱল হয় । হজম শক্তি ,অজীৰ্ণ,অভোক দুৰ হয়।  লিভাৰ আৰু কিডনী সৱল হয়।

পেটৰ নানা সমস্যা দুৰ হয় ।

৫। দেহৰ অম্লতা, কোলেষ্ট্ৰল ,ইউৰিক এচিড আৰু   হৰমোন  নিয়ন্ত্ৰন বা সন্তুলন হয়।

৬।  কৰ্কট আৰু  হৃদয় ৰোগ প্ৰতিৰোধ কৰে । 

৭। ৰক্ত বৃদ্ধি  তথা পৰিস্কাৰ  কৰে ।

৮। বায়ু পিত্ত কফৰ সমতা ৰক্ষা কৰে । 

৯। দেহৰ ওজন   স্বাভাৱিক  কৰায়  । 

১০। কাজু খালে চুলিৰ  সৌন্দৰ্য বাঢ়ে  ,গাৰ চাল সুন্দৰ আৰু মসৃন কৰে । ( Assamese Health Tips )

 ( কাজু পিহি গোলাপজল সহ চালত ঘহিব পাৰে)

১১।  দাঁত আৰু দাঁতৰ আলু মজবুত হয় ।

১২।  হাড়ৰ গঠন সুদৃঢ় হয় ,  হাড়ৰ বিষ বেদনা  নিৰাময় হয় ।

১৩ । নিয়মিত কাজু খালে  পুৰুষ-নাৰীৰ যৌন ক্ষমতা বাঢ়ে । যৌন দুৰ্বলতা,শীঘ্ৰপতন আদি 

দুৰ হয় ।

১৪। সৰু লৰাছোৱালীক ২-৪ টাকৈ গাখীৰ সহ নিতৌ খুৱালে

স্বাস্থ্য সুৰক্ষিত তথা  পঢ়াত মনোযোগ  বৃদ্ধি হয় ,কাজুৰ ক্ষতিকাৰক দিশ

১। অধিক মাত্ৰাত খালে   পেটৰ অসুখ হাগনী আদিৰ লগতে নানা পাৰ্শ্বক্ৰিয়া হব পাৰে ।

২। ব্লাড চুগাৰ বৃদ্ধি হব পাৰে

৩। নাকেৰে তেজ যোৱা ৰোগীয়ে নাখাব ।

৪। মাইগ্ৰেইন পেইন / ঘনাই মুৰৰ বিষ হোৱা   লোকে নাখাব ।

৫। মহিলাৰ পেটৰ নানা ৰোগত ভুগী থাকিলে কাজু নাখাব । 

৬। কাজুয়ে দেহৰ উত্তাপ বৃদ্ধি কৰায় । সেয়ে  গৰম সহ্য কৰিব নোৱাৰা লোকে বা অতি গৰম বতৰত  কাজু  নাখাব । 

৭। চিকিৎদাধীন ৰোগীয়ে ডক্তৰৰ পৰামৰ্শমতে খাব ।৮। অধিক শকত   কম পৰিশ্ৰমী লোকে কাজু নাখাব  ।

  বন্ধুসকল,

     অইন দামী ভাল বস্তুৰ তুলনাত কাজু বাদামৰ যিমান গুণ    নিয়মিত নিজে বা লৰাছোৱালীকো খুৱাই চাওকচোন ।  দাম বেচি হলেও   সথিক মাত্ৰাত খালে  দিনে  চাহ একাপৰো মুল্য নহয়। (বেচি নাখাব হলে ।)

     আপোনাৰ সেৱাত

         শ্ৰী যতীন দাস।   মালয়বাৰী

          কামৰূপ -ম (অসম)জুন/২০১৮ইং

Assamese Health Tips

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Health Tips )আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages