চৰ্দি হলে , পেটৰ গন্ডগোল হলে থেকেৰাৰ আঞ্জা খোৱাতো প্ৰায়বোৰ পৰিয়ালতে দেখা যায় ।
আজিকালি ইয়াৰ ব্যৱহাৰ কমি আহিব ধৰিছে বা গছসমুহো লুপ্ত হব ধৰিছে যদিও গ্ৰাম্যাঞ্চলত বহুতে ইয়াক শুকাই আতোমটোকাৰিকৈ সাচি থোৱা দেখা যায় ।
থেকেৰা কেবাজাতৰো আছে । তাৰে ভিতৰত অসমত সচৰাচৰ দেখা পোৱা জাতবোৰ হ'ল---
বৰ থেকেৰা, কুজী থেকেৰা, কাউ থেকেৰা আৰু ৰুপহী থেকেৰা ।
থেকেৰা খাবলৈ অতিকে টেঙা যদিও পকিলে কিছু মিঠা হয় । বেচি টেঙাগুণৰ বাবে বা বেচিদিন সাচি ৰাখিবলৈ সচৰাচৰ সৰু সৰুকৈ কাটি ৰ'দত ভালদৰে শুকুৱাই নিমখ সানি থোৱা হয় । এনেকৈ সাচি থোৱা থেকেৰা যিমানে পুৰণি হয় গুণাগুনো সিমানেই বাঢ়ে ।
ব্যৱহাৰ :---- ১। কেচা থেকেৰাৰ ব্যৱহাৰ সাধাৰনতে কমকৈ কৰা হয় । গৰুৰ ৰোগ প্ৰতিৰোধৰ বাবে গৰু বিহুৰ দিনা লাওবেঙেনা হালধি আদিৰ সৈতে কেচা থেকেৰা কাটি ডিঙিত আৰি দিয়া হয় ।
২। ওপৰত বৰ্ণোৱা মতে শুকান থেকেৰা মাছ ,মাছৰ কণী,দাইল , আলু বা চাউলৰ গুৰিৰে সুস্বাদু ব্যঞ্জন বনোৱা হয় ।
৩। পানীত আন্ডাজমতে পকা বা শুকান থেকেৰা তিয়াই থৈ চৰৱত বনাই খাব পাৰে ।
গুণাগুণ :----
১। পেটৰ অসুখ,অভোক,বদহজম , অজীৰ্ন , পুৰণি সঞ্চিত গ্ৰহণী আদি ৰোগত থেকেৰাৰ আঞ্জা বা চৰৱত অতিকে উপকাৰী ( Assamese Health Tips )
২। আমাশয় আৰু তেজ হাগনি ৰোগত থেকেৰা তিয়াই থোৱা পানী কম কমকৈ দুই তিনিবাৰ খালে উপসম হয় ।
৩। চৰ্দি বা শ্ৱাসজনীত ৰোগত থেকেৰা উপকাৰি ।
৪। থেকেৰা মাজে মাজে খাই থাকিলে শৰীৰৰ মেদবহুলতা দুৰ হয় ।
৫। থেকেৰাই গাৰ ছালৰ সৌন্দৰ্য্য বঢ়ায় ।
৬। থেকেৰাত থকা গুণকাৰি পৌষ্টিক তত্ত্ব সমুহৰ বাবে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
৭। পেটৰ পৰাই প্ৰায়বোৰ ৰোগৰ উৎপত্তি হয় । সেয়ে মাহে পষেকে থেকেৰা খাই থাকিলে পেটৰ লগতে দেহ সুস্ত্য থাকে ।
শেষত দুআষাৰ :--
সদায় বা বেচি মাত্ৰাত কেতিয়াও নাখাব ।
অইন কোনো জটিল ৰোগত চিকিত্সকৰ পৰামৰ্শ নোলোৱাকৈ নাখাব । বাৰীত সুবিধা হলে এজোপা নিশ্চয় ৰুব । আপোনাৰ সুস্বাস্থ্য কামনাৰে
শ্ৰীযতীন দাস /মালয়বাৰী
কামৰূপ ম (অসম)
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Health Tips )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment