প্ৰায় তিনিশ ৰোগৰ মহৌষধী এই চজিনা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 8, 2021

প্ৰায় তিনিশ ৰোগৰ মহৌষধী এই চজিনা : Assamese Health Tips

 

Assamese Health Tips

অতি প্ৰাচীন  কালৰে পৰা অসম তথা ভাৰতীয় লোকে  চজিনাক এবিধ  পুষ্টিকৰ  পাচলি হিচাবে  ব্যবহাৰ কৰি আহিছে ( Assamese Health Tips )।  ইয়াৰ  পাত নাইবা ফুল আদিও  ভাজি খালে বৰ জুতিলগা হয়  ।  তাৰোপৰি  প্ৰায় ৫ হেজাৰ বছৰ আগৰে পৰা   আয়ুৰ্ব্বেদ চিকিত্সাত   ইয়াৰ ফুল,  ফল ,বীজ ,পাত , বাকলি  , গা-গছৰ এঠা ,শিপা আদি সকলো অংশকেই  

  আমাৰ শৰীৰত হোৱা 
প্ৰায় তিনিশ ৰোগৰ মহৌষধী হিচাবে  বৰ্নিত হৈছে । আধুনিক  চিকিত্সা  গৱেষক সকলেও  চজিনাৰ পৰা বিভিন্ন ৰোগৰ দৰৱ  বনাই সুফল লাভ কৰিছে ।
গৌৰৱৰ কথা  এয়াই যে বিশ্বৰ  সকলো দেশৰ তুলনাত  ভাৰতবৰ্ষতেই  চজিনাৰ উৎপাদন অধিক  আৰু ভাৰতৰ পৰাই বিভিন্ন দেশলৈ বিয়পি পৰিছে ।


      চজিনা  গছ  ১০/১৫ মিটাৰ  ওখ হয় । পাহাৰ বা ভৈয়ামৰ   যিকোনো  ওখ  ঠাইত  ডাল  ৰোপন কৰিলে সহজে  গজে আৰু খুব কম যতনতে   বসন্তকালত লমালমে  ফল হয় । ডাল অতি ঠুনুকা  আৰু পাত  সৰু ডিম্বাকৃতিৰ হয় । সচৰাচৰ  মাঘ/ফাগুন মাহত ফুলে  আৰু ইয়াৰ প্ৰায় এক /ডেৰ ফুট দীঘল  ফল  জেঠ/ আহাৰলৈ থাকে ।  অবশ্যে   কিছুমান  বাৰমহীয়া  চজিনা  থাকে  যাৰ ফল  চুটি আৰু শকত । ( এইবিধক বহুতে  ৰজনা বোলে)
    চজিনাৰ  বৈজ্ঞানিক নাম Moringa   oleifera
হিন্দীত - সহজন , বঙালীত  চাজ্ না,চজনা, সংস্কৃত- শোভাঞ্জন , ইংৰাজীত  Drumstick, Moringa , Horse radish আৰু স্থানভেদে বিভিন্ন  নামেৰে জনাজাত ।
চজিনাত থকা মূল পোষক তত্বসমুহ:---
বজাৰত  চজিনা ওলোৱাৰ প্ৰথমাবস্থাত  অৰ্থাত  সৰু সৰু লেহুকা  হৈ  থকাত  কেজি ২০০ টকা পৰ্যন্ত দামত বিক্ৰি হয় ।  ইয়াৰ মূলতে  আন পাচলিৰ  তুলনাত  চজিনাত  আমাৰ শৰীৰৰ বাবে  আৱশ্যকীয়  সকলো প্ৰকাৰ পুষ্টিকৰ  পোষক তত্বেৰে ভৰপুৰ হৈ  থাকে ।  সেয়ে ইয়াক SUPERFOOD  আৰু MULTIVITAMIN যুক্ত খাদ্য বোলা হয় ।
ইয়াত পোৱা  ভিটামিন  এ-ৰ পৰিমান  গাজৰতকৈ  ৪ গুণ অধিক , ভিটামিন  বি- ১ ,বি ২ ,বি ৩, বি ৬,
বি ৭ আদি  অন্য পাচলি বা ফলতকৈ অধিক , ভিটামিন  চিৰ পৰিমান  সুমথিৰাতকৈ  ৭ গুণে বেচি তেনেকৈ ভিটামিন  ডি, ই , কে  আদিৰ লগতে  প্ৰ'টিন ,কেলছিয়াম , মেগনেছিয়াম ,  প'টেছিয়াম, আইৰন , ফাইবাৰ  ,এমাইনো এচিদ , তথা অধিক  পৰিমানত খনিজ লবন ,  এন্টি অক্সিডেন্ট  সমৃদ্ধ উপাদানেৰে  ভৰপুৰ ।


ব্যৱহাৰ :-   চজিনাৰ ফল , ফুল, পাত আদি সচৰাচৰ  ভাজি বা তৰকাৰি  হিচাবে খোৱা হয়  যদিও  ইয়াৰ  পাতবোৰত বেচি মাত্ৰাত পুষ্টি আৰু ঔষধি গুণ থাকে  ।  তেনেদৰে  ৰোগভেদে  গছৰ বাকলি , এঠা  , শিপা আদি  দৰৱ হিচাবে ব্যৱহাৰ কৰা হয় । অন্যহাতে ইয়াৰ বীজৰ পৰা  বিষনাশক তেল প্ৰস্তুত  কৰাৰ লগতে চজিনাৰ পৰা  বিভিন্ন  দামী ঔষধ  বনোৱা হয়।
চজিনা পাতৰ_চাহ:-  
চজিনা পাত শুকাই গুৰি কৰি   লব ।   এগিলাচ পানীত এচামুচ গুৰি  মিহলাই চাহৰ দৰে বনাই মৌ বা গুড়   মিলাই খাব পাৰে । মধুমেহ  ৰোগীয়ে মিঠা মিহলাব নালাগে ।  এনে চাহ  শৰীৰৰ বাবে  যথেস্থ্য উপকাৰী  আৰু  বিভিন্ন ৰোগ নিৰাময়ৰ লগতে  দেহত  ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
চজিনাৰ_চুপ:-- চজিনা সৰু সৰুকৈ  কুটি  এক লি : পানীত উতলাই আধা লি: হোৱাত নমাই   আন্দাজ মতে  সন্ধা নিমখ আৰু জালুকৰ গুৰি মিহলাই  চুপ বনাই খালে বিভিন্ন ৰোগৰ বাবে উপকাৰি ।
     চজিনাৰ উপকাৰিতা :----
১। দেহত হোৱা সকলো প্ৰকাৰ  সংক্ৰমনৰ পৰা ৰক্ষা    কৰে  । ৰুচিদায়ক , হজমকাৰক  আৰু  পাচনশক্তি বৃদ্ধিকাৰক ।
২।   জ্বৰ ,সৰ্দি ,কাহ,হাপানি, ব্ৰঙ্কাইটিছ  আৰু শ্বাসজনীত সকলো প্ৰকাৰ ৰোগৰ বাবে  উপকাৰী ॥ চজিনাৰ  শুকান পাত বা গছৰ শুকান বাকলিৰ গুৰি,  তুলসী পাত  সিজাই মৌ মিহলাই চাহৰ দৰে খাব পাৰে নাইবা  চজিনাৰ চুপ খাব পাৰে।
৩।  চজিনাই দেহৰ ৰক্তশোধন  তথা বৃদ্ধি কৰে আৰু ৰক্ত বিকাৰ জনিত ৰোগ দুৰ কৰে ।
৪। শৰীৰত অতিৰিক্ত  ক'লেস্ট্ৰল নিয়ন্ত্ৰণ  কৰে ।
৫।  চজিনাৰ চাহ বা চুপ নিয়মিত খালে শৰীৰৰ অতিৰিক্ত পানী আৰু চৰ্বি কমে  ;মেদবহুলতা দুৰ হয় ।
৬।  কৌষ্ঠকাঠিন্য  দুৰ  কৰাৰ লগতে দেহত জমা হোৱা  অলাগতিয়াল পদাৰ্থ বাহিৰ কৰে ।( Assamese Health Tips )
৭।  গৰ্ভৱতী মহিলাৰ  বাবে চজিনাৰ তৰকাৰি অতি উপকাৰী  ।    পাত /ফুল/বাকলি/ শিপা আদি  অপকাৰি ।
৮।  উচ্চ ৰক্তচ্চাপ ,  ডায়েবেটিছ , যকৃত বা লিভাৰৰ ৰোগ  , পাথৰী  ৰোগ  , মুত্ৰকৃচ্চ , হৃদপিন্ডৰ ৰোগ, কৰ্কট ৰোগ  আদি নানাবিধ ৰোগৰ  বাবে চজিনা  (বিশেষকৈ চজিনাৰ কেচা পাত বা শুকান পাতৰ  চাহ /চুপ) মহা হিতকাৰী । 

৯।  দেহত   কেলছিয়ামৰ অভাৱত হব পৰা   নানা প্ৰকাৰ ৰোগ,বিষ , নখ ,   দাঁত  ,  হাড় , অৰ্থ'ৰাইটিছ , অ'স্তিওপৰচিচ   গাথিবিষ   আদি বিকাৰ  দুৰ কৰে । চজিনা  বীজৰ পৰা বনোৱা তেলৰ   মালিচ  সকলো প্ৰকাৰ বিষ ,   আৰু শিশুৰ  বাবে  উপকাৰী ।


১০।   ভিটামিন  ক- ৰ  অভাৱত হোৱা  চকুৰোগ, ৰেটিনা আৰু দৃষ্টিশক্তিৰ  বাবে  চজিনা  অতি হিতকাৰী ।
১১।  অত্যধিক  মুৰৰ বিষত চজিনাৰ পাত থেতেলাই মুৰত প্ৰলেপ লগালে উপসম হয় । কানৰ বিষ হলে পাতৰ ৰস ১-২ টোপাল দিব পাৰে  ।
১২।  যিকোনো ঘা  নাইবা মুখৰ ঘা হলে পাতৰ ৰস   লগালে  বা   গছৰ চাল সিজোৱা পানীৰে  ঘা ধুলে  সোনকালে শুকায় ।
১৩। চজিনাৰ পাত , ফুল , ফল আদি নিয়মিত  খালে চালৰ  সৌন্দৰ্য্য  বাঢ়ে ।  বীজৰ তেল শুকান চালৰ বাবে  হিতকাৰি।
১৪।  বসন্তৰোগ প্ৰতিৰোধ  কৰে
১৫।   মৃগী ৰোগীয়ে  চজিনাৰ শিপা  উতলোৱা
পানীত সামান্য হিং আৰু সন্ধা নিমখ মিহলাই নিয়মিত খালে  মুৰ্চা যোৱা কমে ।   (  অধিক মাত্ৰাত নাখাব )
 ১৬।  কৃমিৰোগত  চজিনাৰ পাত  হিতকাৰি ।
 ১৭।   চজিনা ই   পানী  বিশুদ্ধ  কৰে ।
   ১৮।   চজিনাই বিশেষকৈ  পানীৰ আৰ্চেনিকৰ পৰা মানুহৰ দেহত  হব পৰা   কু প্ৰভাৱ ৰোধ কৰে ।
            মুঠতে চজিনা  নিয়মিত খালে  বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ লগতে দেহ সুস্থ ৰাখে ।
    অন্যহাতে   চজিনা পাত  উৎকৃষ্ট পশুখাদ্য । গৰু ছাগলী  নিৰোগী আৰু:শ্ৰীবৃদ্ধি হোৱাৰ লগতে  গাখীৰ  বাঢ়ে বুলি প্ৰমানিত হৈছে ।  হাঁহ কুকুৰাৰ বাবে মাল্টি-  ভিটামিন  তথা ৰোগ প্ৰতিশেধক হয় ।

পাৰ্শক্ৰিয়া :-- চজিনাৰ  পাৰ্শক্ৰিয়া  নাই যদিও
 ১।  অধিক মাত্ৰাত  পাত , ফুল,বাকলি  আদি খালে   হাগনি  ,অতিসাৰ  আদি ৰোগ হব পাৰে ।
২।  চজিনাৰ শিপা স্নায়বিক  ৰোগীৰ বাবে অপকাৰী ।
সুস্থ্য লোকে অধিক খালে স্নায়ু বিকাৰ হব পাৰে
৩।  মহিলাৰ মাহেকীয়া ঋতুকালীন অৱস্থাত চজিনা  অপকাৰী ।
৪ । মহিলাৰ গৰ্ভাবস্থাত  চজিনাৰ ফলৰ তৰকাৰি  উপকাৰী যদিও ফুল,পাত ,ছাল, শিপা আদি নাখাব । 
৫। জঠৰাগ্নিৰ শোথ (গেস্ট্ৰাইটিছ)   বা সংবেদনশীল বা সঘনাই  পেটৰ অসুখ হৈ থকা ৰোগীয়ে চিকিত্সকক নুসুধাকৈ নাখাব ।
 ৬। অস্ত্ৰোপচাৰ কৰা বা চিকিত্সাধীন বিশেষ জটিল ৰোগীয়ে চিকিত্সকৰ পৰামৰ্শ লৈহে চজিনা  খাব ।  



        বন্ধু সকল ,  
        প্ৰকৃতিৰ বৰদান স্বৰূপ  চজিনাৰ  গুণাগুণ অলেখ ।  ভগৱানে প্ৰকৃতিৰ মাধ্যমেৰে সকলো দিছে , তাকে আমি  বাচি বিচাৰি খোৱাহে কথা । আগলৈ পুনৰ নতুন তথ্য আগবঢ়াবলৈ   চেষ্টা কৰিম। আপোনালোক সকলোৱে নিয়মিত চজিনা খাব ।  চজিনাতকৈ  পাতৰ গুণ  আৰু অধিক । সেয়ে অবতৰত   মাজে মাজে কুমলীয়া  পাত   নিশ্চ্য়  খাব  । বিভিন্ন প্ৰকাৰে   যেনে  কেচাই, আলু বা অন্য পাচলিৰ লগত ভাজি , দাইলত মিহলাই ,  ৰুটি বা  পকোৰাত মিহলাই  ,  শুকান  গুৰিৰ  চাহ বনাই বা যিকোনো ধৰনে খাব পাৰে ।
        চজিনা  অধিক দামত কিনি খোৱাতকৈ   ডাল  এটা বা দুটা  আনি বাৰীত পানী নজমা ওখ ঠাইত পুতি থবচোন । খুব সহজে গজিব ।     (সংগ্ৰহ)
         বি:দ্ৰ: -- মোৰ সংগ্ৰহিত  লিখনিত বৰ্ণোৱা উপকাৰিতাৰ বাহিৰে আন  কোনো প্ৰমানিত তথ্য  থাকিলে  সকলো বন্ধুৰ জ্ঞাতাৰ্থে  (মন্তব্যত)  নিশ্চয়  জনাব ।   লগতে  মোৰ অজানিত ভুল  দৃষ্টিগোচৰ হলে  শুধৰাই  দিয়ে যেন ।
      সকলো  বন্ধু-বান্ধৱীৰ সুস্বাস্থ্য কামনাৰে
              শ্ৰী যতীন দাস ।   মালয়বাৰী

Assamese Health Tips

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Health Tips )আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages