যান্ত্ৰিকতাৰ যুগত পৃথিৱীখন যিমান আগুৱাই গলেও আমাৰ সমাজৰ কিছুমান পুৰণিকলীয়া নিয়মবোৰে এজন মানুহৰ মনত কেনেধৰনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে ভাবি চাবলৈ একাংশ লোকৰ জ্ঞানৰ অভাৱ বুলিয়েই মই ভাবোঁ৷( Assamese article )
স্বামীৰ বিয়োগৰ পিছত এগৰাকী নাৰীক বাৰু সমাজে কেনেদৰে আদৰি লয়৷সমাজৰ শুভ কামত তেওঁক আগভাগ লবলৈ দিয়া নহয়৷কিন্ত বৰ্তমান এটা শুভলক্ষণে সমাজত দেখা দিছে৷সন্তানৰ বিয়া-বাৰুত পিতৃহীনা মাকৰ স্থান সন্তানে নিজেই আগত ৰাখিবলৈ যত্ন কৰে৷সন্তানে মাত মাতিলে আৰু দ্বিতীয়জনৰ কবলৈ কোনো ৰাস্তা নাথাকে৷ভৱিষ্যতে সন্তানসকলৰ পৰা এনে পদক্ষেপ আমি আৰু আশা কৰিম৷লগতে সময় থাকোতেই আমিও আমাৰ উপযুক্ত বয়সৰ সন্তানসকলক এইবিষয়ৰ ওপৰত উচিত শিক্ষা দিয়াতো বহুত প্ৰয়োজনীয় বুলি মই ভাবোঁ৷
মোৰ অভিজ্ঞতাৰে ইয়াৰ কেইটামান ইতিবাচক উদাহৰণ আগবঢ়ালো৷
১/এজন লৰাই ছোৱালী ঠিক কৰিলে কিন্ত আঙঠি পিন্ধোৱাৰ কথা উলাওতেই লাগিল কেনা৷( Assamese article )
ছোৱালীঘৰৰ মানুহৰ মতে ল’ৰাৰ স্বামীহীনা মাকে ছোৱালীক আঙুঠি পিন্ধাব নালাগে৷মাকক অপমানিত কৰা সেই মানুহঘৰৰ লগত ল’ৰাটোৱে লগে সম্পৰ্ক শেষ কৰিলে৷
২/আৰু এখন বিয়াত ছোৱালীঘৰত তেল দিবলৈ স্বামীহীনা মাক যাব উলোৱাত ছোৱালীঘৰৰ মানুহে কথাটো পছন্দ নকৰা বুলি জানি লগে লগে ল’ৰাই মাত দিয়া দেখিছিলো৷পিছত ছোৱালীঘৰৰ মানুহে মাকক ক্ষমা খুজি নিমন্ত্ৰণ কৰিবলৈ বাধ্য হৈছিল৷
৩/এখন বিয়াত ল’ৰাজনে ছোৱালীঘৰক আগতিয়াকৈ কৈছিল৷তেওঁৰ স্বামীহীনা মাতৃয়ে ছোৱালীক আঙুঠি পিন্ধাব৷তেওঁলোকৰ আপত্তি নাই যদিহে বিয়াৰ কথা আগবঢ়াব৷
৪/আন এগৰাকী স্বামীহীনা মহিলাৰ স্বাস্থ্য সিমান ভাল নাছিল৷অনুষ্ঠান এটাত যাওঁতে ভাতৰ সময় হোৱাত ভাত কেইটামানৰ তেওঁক খুব প্ৰয়োজন আছিল৷কিন্ত তেওঁক একাষৰীয়াকে জলপান দিয়াৰ ব্যৱস্থা কৰা হ'ল৷মানুহগৰাকীয়ে সেইদিনা খুব দুখ কৰিছিল৷
আমাৰ সমাজত চলি থকা কিছুমান অযুক্তিকৰ পৰম্পৰা আমি এদিনতে আমি শেষ কৰিব নোৱাৰোঁ৷কিন্ত তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিব লাগিব৷নহলে এদিন এই কষ্টবোৰ ভুগিবলৈ আমিও সাজু থাকিব লাগিব৷( Assamese article )
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা তথা তিতাবৰ নিবাসী ৰিজুৱানা শইকীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment