নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৪২) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 9, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৪২) : Assames story

       

Assamese Story

সময় গতিশীল , গতিশীলতাই সময়ৰ ধৰ্ম , চাওঁতে চাওঁতে চকুৰ আগতে দিনবোৰ পাৰ হৈ গ'ল , কাজলৈ আৰু মাজত দুটা দিন বাকী ( Assamese Story )। দুপৰীয়াৰ ৰ'দজাক বৰ প্ৰখৰ কৈ ওলাইছিল , চৰাই চিৰিকটিবোৰেও গছৰ ডালত জিৰণি লৈছিল । দুই এজন চুবুৰীয়াই ৰভাৰ কাম কৰি আছিল । খুড়াক খুড়ীয়েক উৰ্মিহতৰ ঘৰতে আছিল , .... খুড়া , এইটো বাৰু উৰ্মিৰ ঘৰ হয় নে....? চোতালতে দোং ( খোল ) সাজি থকা বয়সস্থ মানুহজনক প্ৰশ্ন কৰিলে মৃণালিনীয়ে ।

: হয় , উৰ্মি ভিতৰতে আছে । ভিতৰলৈকে সোমাই যোৱা । 

: ঠিক আছে খুড়া , আপুনি কামত লাগক ।   

         একাষে ধুনু আৰু একাষে কাপোৰৰ বেগটো লৈ ভিতৰলৈ সোমাই গ'ল মৃণা । .... উৰ্মি , অ' .. উৰ্মি...!   মৃণালিনীৰ মাতটো শুনি উৰ্মি পাকঘৰৰ পৰা উধাতু খাই ওলাই আহিল । .....বৌ, আহিলে । দাদা ক'ত ...? একো অসুবিধা হোৱা নাইটো...? দীপুক ফোন কৰিছিল নেকি...? 

: দাদা কাজৰ দিনাহে আহিব । একো অসুবিধা হোৱা নাই উৰ্মি । দীপুলৈ ফোন কৰিম বুলি ভাবিছিলোঁ কিন্তু বেয়া লাগিল , কিবা কামত ব্যস্ত হৈ থাকিবওটো পাৰে ,

: আপুনিও যে আৰু বৌ..., মই দীপুক কৈ থৈছিলোঁ আপুনি ফোন কৰিব বুলি...., 

: একো নাই দিয়া , মা আৰু অনি ক'ত.....? 

: মা দুৰ্বল হৈ আছে যে বিচনাতে আছে । অনি কিবা কামত ব্যস্ত হৈ আছে । ব'লক মাৰ ওচৰতে বহিব...., 

: মোক পানী এগিলাচ দিয়াচোন বৰ পিয়াঁহ লাগিছে....

: অ'.... মই পাহৰিছিলোঁৱেই , ৰ'ব চৰবত এগিলাচকে আনিছোঁ । ইয়াত অকলে অকলে বহি থকাতকৈ মাৰ ওচৰলৈকে ব'লক বৌ...

: নালাগে উৰ্মি , মায়ে অলপ আৰাম কৰিছে যেতিয়া মাৰ লগত পাছত কথা পাতিম। এইটো লোৱাচোন তোমালোকলৈ গাখীৰ অকনকে লৈ আহিছোঁ ।

: বৌ , ইমান কষ্ট কৰি আপুনি এইবোৰ কিয় আনিব লাগে নো...! 

: ঘৰতে গাখীৰকণ আছে , সুদা হাতেনো কেনেকৈ আহোঁ..., 

: কথা পাতি থাকোঁতে আপোনাক পানী দিবলৈ পাহৰিছিলোঁৱেই ।    সাউৎকৈ উৰ্মিয়ে পাকঘৰলৈ সোমাই গৈ চৰবত এগিলাচ আনি দিলে মৃণালিনীক....., মৃণালিনীক দেখি উৰ্মিৰ মনটো আনন্দত উথলি উঠিছে যদিওঁ ভিতৰি ভিতৰি অলপ ভয়ো কৰি আছে , বাৰিষাৰ বতৰটোক বিশ্বাস কৰিব পাৰিলেও মৃণালিনীক বিশ্বাস কৰাটো বৰ টান , কেতিয়া ৰূপ সলাই একো ধৰিবই নোৱাৰি ....., বৌ.. , কাপোৰ কেইটা সলাই ফ্ৰেচ হৈ লওঁক , মই মগু অকণ বয়ল কৰোঁ । 

: নালাগে উৰ্মি , ভাত খায়ে আহিছোঁ । 

: আমিও খোৱা নাই..., অকণমান খাব । আহক বৌ কাপোৰ কেইটা সলাই ল'ব ।
 মৃণালিনীৰ বেগটো হাতত লৈ উৰ্মি ৰূমটোলৈ সোমাই গ'ল , উৰ্মিৰ পাছে পাছে মৃণালিনীয়ো সোমাই গ'ল । ......ধুনুক মই লৈ দিছোঁ বৌ , আপুনি হাত মুখ কেইটা ধুই আহক...। 

        বা...., অ' বা ..... চিঞৰি চিঞৰি দীপু সোমাই আহিল ভিতৰলৈ..., উৰ্মিৰ কোলাত ধুনুক দেখি দীপু আচৰিত হ'ল । বা...! বৌ আহিলে নেকি...! বৌয়ে ফোন কৰিব বুলিয়েই নেটৱৰ্ক পোৱা জেগাত মোবাইলটো থৈ মোবাইলটো ওচৰতে বহি আছিলোঁ । 
: তই কিবা কামত ব্যস্ত হৈ আছ বুলি ভাবিয়ে তোলৈ ফোন নকৰিলে..., তই ধুনুক অকণমান উলিয়াই নেচোন... , মই খোৱাৰ যোগাৰ কৰোগৈ....

: দে...., কান্দিব নেকি আকৌ...!

: নাকান্দে অ'..., ধুনু যোৱা..., দীপু মামাই ল'ব...   দীপুলৈ ধুনুক আগবঢ়াই দিলে উৰ্মিয়ে । দীপু আৰু উৰ্মিয়ে কথা পাতি থাকোঁতেই মৃণালিনীয়ো সোমাই আহিল । দীপু.., ৰ'বা মই তাৰ কাপোৰ কেইটা সলাই দিছোঁ । 

: বৌ ভাল নে ....? মোক কিয় ফোন নকৰিলে....

: ভালেই দীপু , তোমালৈ ফোন কৰিম বুলি ভাবিছিলোঁ কিন্তু কিবা কামত ব্যস্ত আছা বুলি ভাবিয়ে ফোন নকৰিলোঁ ...., দীপুৱে ধুনুক মৃণালিনীৰ কোলাত তুলি দিলে , মৃণালিনীয়ে ধুনুৰ কাপোৰ কেইটা সলাই দিলে... লোৱা দীপু , ধুনুক অকণমান উলিয়াই নিয়া , মই উৰ্মিক কিবা এটা কৰি সহায় কৰি দিওঁ । দীপুৱে ধুনুক উলিয়াই নিয়াৰ লগে লগেই উৰ্মি আৰু মৃণালিনী পাকঘৰলৈ সোমাই গ'ল, উৰ্মিয়ে মগু কেইটা মোহাৰি মোহাৰি ধুই বাকলিখিনি গুচাই প্ৰেচাৰটোত ভৰাই তুলি দিলে...., মৃণালিনীয়েও আটাকেইটা মথি ৰুটিকেইটা বেলি দিলে । .... উৰ্মি , ৰুটিকেইখন ময়ে পুৰিম , তুমি বেলেগ কিবা কাম আছে যদি কৰি লোৱা । 

: নালাগে বৌ , আপুনি ইমান কষ্ট কৰি আহিছে আপুনিয়ে অকণমান ৰেষ্ট কৰি লওঁক ।( Assamese Story )

: একো নাই উৰ্মি , মোৰ অলপো কষ্ট হোৱা নাই...! যোৱা তুমি অলপ আৰাম কৰাগৈ...

       ..... উৰ্মি , চাহ একাপ দিয়াচোন .... মূৰটো বৰ বিষোৱা যেন লাগিছে...! অনি সোমাই আহি পাকঘৰ পালেহি.... বৌ, কেতিয়া পালেহি..? ধুনু ক'ত...?

: অলপ সময় হ'ল ...., ধুনুক দীপুৱে অলপ উলিয়াই নিছে....,

: অ' হয়নেকি....! দাদা ক'ত আছে...? 

: অনিৰ্বাণ নাই অহা ভাইটি..., কাজৰ দিনাহে আহিব..., 

: চাহ লোৱা অনি...,  অনিলৈ চাহৰ কাপটো আগবঢ়াই দিলে উৰ্মিয়ে । বৌ এইকাপ আপোনাৰ..., 

: মোক চাহ নিদিয়া হ'লেও হয় উৰ্মি , 

: একো নহয় বৌ , বাকিলোঁ যেতিয়া খাই দিয়ক । অনি , খুড়া - খুড়ীক ৰুটি খাই লবলৈ ক'বা । খুড়া খুড়ীয়ে ৰাতিপুৱাৰে পৰা কলপাত কতাতে ব্যস্ত হৈ আছে । 

: ঠিক আছে ৰ'বা , মই পঠিয়াই দিওঁগৈ ।  অনি পাকঘৰৰ পৰা বাৰীলৈ ওলাই গ'ল..., 

: উৰ্মি , আমি বাৰু ৰুটিকে খাম কিন্তু ভাইতিয়ে কি খাব...?

: অনিক গাখীৰ অকণকে খাবলৈ দিম বৌ...

      .... মাজনী অ' তহঁতৰ পৰা কাম এটা কৰিবলৈও শান্তি নাই..., দে.. দে.. কি আছে খাবলৈ....,  

: আহিলে খুড়া..., অথনিৰে পৰা ইমানকৈ চিঞৰি আছোঁ কোনো কাণষাৰেই নাই..., দুয়োজন কলপাত কতাত ব্যস্ত । একেদিনাই গোটেইখন কাম কৰিব নালাগে নহয় । আৰু পাত কাটিব নালাগে কাইলৈ কাটিব । 

: হ'ব.... হ'ব.... দে মাজনী , নৌবৌয়েৰাহঁত আহিল নেকি...?

: নবৌ আহিল খুড়া , দাদা কাজৰ দিনা আহিব । 

: অঃ , হয়নেকি ...! ক'ত আছে বৌয়েৰা ...? 

: ৰ'ব মই মাতি দিছোঁ বৌক......, বৌ , এইফালে আহকচোন...! 

     উৰ্মিৰ মাত শুনি মৃণালিনী পাকঘৰৰ পৰা ওলাই আহিল.... কিয় মাতিছিলা উৰ্মি...?

: বৌ , খুড়া - খুড়ীৰ লগত চিনাকি কৰাই দিবলৈ মাতিছিলোঁ বৌ... লাহেকৈ ক'লে উৰ্মিয়ে... খুড়া এইয়া নবৌ...., 

: নমস্কাৰ খুড়া , মিচিকিয়া হাঁহি এটা মাৰিলে মৃণালিনীয়ে...

: বৌ , আপুনি খুড়া খুড়ীৰ লগত কথা পাতক মই খোৱাৰ যোগাৰ কৰোঁ...

: ঠিক আছে উৰ্মি... ,    উৰ্মি লাহেকৈ সোমাই গ'ল পাকঘৰলৈ । মৃণালিনীয়ো খুড়াক খুড়ীয়েকৰ লগত কথা পতাত ব্যস্ত হৈ পৰিল..... তেনেতে ধুনুক লৈ দীপু সোমাই আহিল ভিতৰলৈ ..... বৌ, ধুনু টোপনি গ'ল.... শুৱাই দিয়ক । 

: দিয়া দীপু , আমনি কৰিছিল নেকি....?

: নাই কৰা । বৌ, মাহঁতৰ লগত চিনাকি হ'ল নে...!

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

: উম... উৰ্মিয়ে চিনাকী কৰি দিলে । খুড়া বহকচোন মই ধুনুক শুৱাই থৈ আহোঁ । সাৰ পাই গলে গোটেইটো ঠেৰেঙা লাগিব । 

: ঠিক আছে বোৱাৰী , যোৱা শুৱাই দিয়াগৈ... 

        ধুনুক কোলাত লৈ মৃণালিনী ভিতৰলৈ সোমাই গ'ল....

   ক্ৰমশঃ...
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages