উৰ্মি , দুৱাৰখন খুলি দে আকৌ..., উৰ্মি , খুড়ীয়েকৰ মাতষাৰ শুনি ভয়ে ভয়ে ওলাই আহিল উৰ্মি...., খুড়ী , আপোনাৰ লগত কথা পাতি থাকোঁতে পাছফালে বাৰাণ্ডাৰ টিঙত কিবা এটা ঢমহকৈ পৰিলে , ব'লকচোন চাই আঁহোগৈ ।
: ভয় নকৰিবি উৰ্মি ককাইদেউ আহিছে চাগৈ , বহুত আশা থাকি গ'ল যে তেওঁৰ , ব'ল শুই থাকগৈ । উৰ্মিৰ খুড়াকে ক'লে..., খুড়াকৰ কথাষাৰ শুনি উৰ্মিৰ ভয়টো দুগুণে বাঢ়িল । ( Assamese Story )
: খুড়া , মানুহ মৰাৰ পাছত আহিব পাৰে জানো...!
: পাৰে আইজনী , আত্মাৰ মৃত্যু নহয়... দহা-কাজ নোহোৱালৈকে আত্মাটো ঘৰতে থাকে ।
: খুড়া , মই সেইবোৰ বিশ্বাস নকৰোঁ..., ভয়টো কমক বুলিয়েই মিছাকৈ ক'লে উৰ্মিয়ে ।
: খুড়ায়ে কোৱা কথাবোৰ মিছা নহয় উৰ্মি ....! মোৰ মা ঢুকাওতে মই খবৰ পোৱা নাছিলোঁ কিন্তু ৰাতিলৈ আমাৰ গোটেই ঘৰখন ভাঙো যেন কৰিছিল । ৰাতিটো ভয়তে সাৰে থাকিলোঁ , ৰাতিপুৱা যেতিয়া ভাইটি আহি মা ঢুকুৱা খবৰটো দিছিল তেতিয়াহে আমি ভাবিছিলোঁ যোৱা নিশা আমাৰ ঘৰলৈ মাৰ আত্মাটো আহিছিল...., তোৰ ককা আৰু চুবুৰীয়া সকলোৱে মাৰ আত্মাটো আহিছিল বুলিয়েই কৈছিল । মা'য়ে মোক বহুত মৰম কৰিছিল , বহু দিনলৈ মোৰ মনৰ পৰা ভয় ভাৱটো আঁতৰ হোৱা নাছিল ।
খুড়াক খুড়ীয়েকৰ কথা শুনি ভয়তে উৰ্মিৰ হাত ভৰি পেটতে লুকাইছিল , খুড়াক খুড়ীয়েকৰ লগত আৰু কথা নাপাতি উৰ্মি মনে মনে বহি থাকিল । খুড়ীয়েকৰ কথাবোৰ অনিমেষেও একানপতীয়কৈ শুনি আছিল , চুবুৰীয়াই ঘৰৰ কাপোৰ কানীবোৰ ধুই দিয়াৰ বাবেই খিৰিকীৰ গ্লাছেৰে বাহীৰখন ফটফটীয়াকৈ দেখা পোৱা গৈছিল । নিশা লাহে লাহে গভীৰ হৈ আহিছিল ..., অনিমেষ টোপনি গৈছিল, খুড়াকৰো নাকে ঘোঁ ঘোঁৱাই গৈছিল , কিন্তু সাৰে আছিল উৰ্মি আৰু খুড়ীয়েক । টিঙৰ ওপৰত কিবা এটা শব্দ শুনা পালে খুড়ীয়েকে .....
: উৰ্মি.., ককাইদেউৰ আত্মাটো ঘৰতে আছে বুজিছ.., শুনিলি নে টিঙত কিবা এটা আকৌ পৰিল.....!
খুড়ীয়েকৰ কথাটো শুনি চুলিৰ আগে জীয়টো ওলাই যোৱা যেন অনুভৱ হ'ল উৰ্মিৰ , কুচি মুচি খুড়ীয়েকৰ ওচৰ চাপি বহিল ...... একো নহয় খুড়ী , কল খাই বাদুলি ঘৰৰ ওপৰে উৰা মাৰি যাওঁতে কলৰ গুটি পেলাই গৈছে...., কথাৰ মাজতে বেৰত ওলোমাই থোৱা ঘড়ীটোলৈ চালে খুড়ীয়েকে । এক বাজিবৰ হ'ল , ৰাতিপুৱাবলৈ আৰু বেছি পৰ নাই , ...... মাজনী অ' ...., অকণমান টোপনি যাবলৈ চেষ্টা কৰচোন..., ভগৱানৰ নাম লৈ চকুহাল জপাই দে , চাবি তোৰ টোপনি আহিব । আহ ..., মোৰ কাষতে শুই থাক ......,
: আপুনি শুৱক খুড়ী , মই বহি থাকিম । চকুহাল জপাই দিলেই দেউতা আহি ওচৰতে ৰৈ থকা যেন লাগে...,
: কিছুদিন তেনেকুৱা হ'বই , লাহে লাহে সকলো ঠিক হৈ যাব ।
খুড়ীয়েকৰ কাষতেই উৰ্মি লাহেকৈ শুই দিলে , জোৰ কৰি চকুহাল জপাই ভগৱানৰ নাম লৈ টোপনি যাবলৈ চেষ্টা কৰিছিল , তেনেতে ঘৰৰ চোতালত কুকুৰ এটাই ৰাও জুৰিছে , কুকুৰৰ ৰাও শুনি উৰ্মিৰ গাৰ নোম শিয়ঁৰি উঠিল , বাহিৰত অলপ পাতলীয়া বতাহ বলিছিল , বতাহত গছৰ পাতবোৰ লৰিছিল , ঘৰটোৰ কাষতে থকা তামোল জোপাৰ পৰা চোঁচোৱাই ঢকুৱা এটা মাটিত পৰিল , খিৰিকী গ্লাছেৰে ঢকুৱাটো মানুহ এটা চুঁচৰি অহা যেন দেখিলে উৰ্মিয়ে , ভয়তে তাই ডাঙৰকৈ চিঞৰ মাৰি দিলে । উৰ্মিৰ চিঞৰ শুনি অনিমেষ একে জাপে উঠিল , ..... কি হ'ল উৰ্মি....? এই ৰাতিখন ইমান ভয় লগাকৈ চিঞৰিলা যে....!
: অনি , তামোল জোপাইদি কিবা এটা চুঁচৰি অহা দেখিলোঁ ,
: তাৰমানে তুমি টোপনি যোৱাই নাই...,
: নাই অহা টোপনি , চকুহাল জপাবই নোৱাৰোঁ অনি...., দেউতা আহি কাষতে ঠিয় দি থকা যেন লাগে......
: সেইবোৰ মনৰ ভ্ৰম উৰ্মি , ৰ'বা কিনো নামি আহিছিল খিৰিকীখন খুলি এবাৰ চাওঁ ,
: নালাগে অনি..., খিৰিকী নেমেলিবা ,
: ঠিক আছে টৰ্চটো দিয়া বাহিৰৰ পৰাই চাই আঁহোগৈ ..., ( Assamese Story )
: নালাগে অনি বোপা , তুমি বাহিৰলৈ ওলাই নাযাবা , খুড়াৰো টোপনি গ'ল , তুমি ভয় খাবা । খুড়ীয়েকে কলে । উৰ্মি ৰাতিপুৱাবৰে হ'ল , কুকুৰাই দাক দিলেই , এতিয়া অলপ শুই দে , মই বহি থাকিম তোৰ কাষতে...., খুড়ীয়েকে উৰ্মিৰ মূৰত লাহে লাহে হাত বুলাই দিলে , সৰু ছোৱালী জনীৰ দৰেই কুচি - মুচি খুড়ীয়েকৰ আঁঠুতে মূৰটো থৈ লাহেকৈ শুই দিলে ,
ভয় আৰু সংশয়ৰ মাজেৰে ৰাতিটো পাৰ হৈ গ'ল । ৰাতিপুৱাই উঠি অনিমেষে চোতালতে অলপ খোজ কাঢ়িলে...., অনিমেষ উঠি যোৱা দেখি খুড়ীয়েকো খৰখেদাকৈ উঠি হাতত বাঢ়নীতাৰ লৈ চোতালখন ওপৰে ওপৰে চুৰুকি ঘৰলৈ গ'ল আৰু গাটো ধুই অনিলৈ চাহ একাপ কৰি আনিলে , উলাও নোলাওঁকৈ পূবৰ আকাশত লাহে লাহে ৰাঙলী বেলি উঠি আহিছিল ,
"..... পুৱাৰ হাঁহি চেঁচা বতাহজাকে....." গানটো শুনি উৰ্মিৰ চকু মেল খালে , অনিমেষৰ ফোন আহিছে , শুই থকাৰ পৰাই চিঞৰিলে উৰ্মিয়ে ..... অনি....! অনি তোমাৰ ফোন...
: কোনে ফোন কৰিছে চোৱাচোন....? অনিমেষেও বাৰাণ্ডাৰ পৰাই চিঞৰিলে ,
: মই নোৱাৰো দেই...., বহুত টোপনি ধৰিছে , তুমি আহি লৈ যোৱাহি অনি.... , প্লীজ । বিচনা কাপোৰ খনকে মূৰলৈকে লৈ উৰ্মি শুই থাকিল , অনিয়ে ফোনটো লৈ বাহিৰলৈ ওলাই গ'ল...., দীপুৰ মিছ কলটো দেখি লগে লগেই দীপুলৈ ফোন কৰিলে....
: হেল্ল'... দীপু , ফোন কৰিছিলা ,
: হয় ভিনদেউ , বৰ ডাঙৰ কথা এটা হৈছে ..., ডাক্তৰে কৈছে বৰমাৰ বি.পি.টো উঠা নমা কৰি আছে ।
: দীপু , তুমি ডাক্তৰৰ লগত ভালকৈ কথা পাতাচোন , টকাৰ প্ৰব্লেম হ'লে ক'বা , উৰ্মিক পঠাই দিম ।
: ঠিক আছে ভিনদেউ ,
: ঠিক আছে দিয়া ,
ফোনটো কাটি দিলে অনিমেষে , .... হে ভগৱান...! কি হৈছে এইবোৰ...? হঠাৎ যদি মাৰ বি.পি. বাঢ়ি গৈ ষ্টক মাৰি দিয়ে...., কথাবোৰ ভাবি বহি থাকোঁতেই খুড়াকো আহি অনিমেষৰ কাষতে বহিলে , ..... অনি বোপাই , গাটো ধুই মোৰ লগত ওলাবা , টিলানিলৈ ভকত কেইজনমান নিমন্ত্ৰণ কৰিব লাগিব নহয়...., মই গৰু কেইটা এৰাল দি আজৰি হৈ লওঁ । তুমি ওলাই থাকিবা ।
: হ'ব খুড়া ,
অনি ভিতৰলৈ আহি উৰ্মিক মাত দিলে , ....উৰ্মি , উঠা , মই খুড়াৰ লগত ভকত নিমন্ত্ৰণ কৰিবলৈ যাওঁ....
চকু দুটা মোহাৰি মোহাৰি উৰ্মিয়ে ঘড়ীটো লৈ এবাৰ চালে আঠ বাজিবৰ হ'ল । খৰখেদাকৈ কাপোৰ কেইটা সামৰি চুক এটাত দৌম কৰি থৈ হাতত ব্ৰাছডাল লৈ বাহিৰলৈ ওলাই গ'ল ...., মুখখন ধুই খুড়ীয়েক চাহ একাপ দিবলৈ কৈ ডেটল পানীৰে ৰূম কেইটা মোহাৰি আনিলে উৰ্মিয়ে । গাটো ধুই খুড়ীয়েকে দিয়া গাখীৰ চাহকাপ খাই বাকচটো খুলি অনিৰ বাবে চাফা চুৰিয়া চেলেং এযোৰ উলিয়াই দিলে , চুৰিয়াখন পিন্ধি গাত চেলেংখন মেৰিয়াই অনি খুড়াকৰ লগত ওলাই গ'ল । ঘৰখনত উৰ্মিয়ে অকলে থাকিবলৈ বেয়া পাই বুলি ভাবিয়েই খুড়ীয়েক আহি উৰ্মিহঁতৰ ঘৰ পালেহি , বাৰাণ্ডাতে বহি খুড়ীয়েকৰ লগত কথা পাতি থাকোঁতেই উৰ্মিৰ ফোনটো বাজিল.... মৃণালিনীয়ে ফোন কৰিছে..., মোবাইল স্ক্ৰীণত মৃণালিনীৰ নামটো দেখি উৰ্মিৰ বুকুখন চিৰিং কৰি উঠিল... , তোৰ ফোনটো বাজি আছে উৰ্মি ৰিচিভ নকৰ কিয়...?
: উম..., ভয়ে ভয়ে ফোনটো ৰিচিভ কৰিলে উৰ্মিয়ে । ...... হেল্ল' ....! বৌ
: উৰ্মি , উঠিলা নে.....! তোমালৈ ফোন কৰিবলৈ কালি সময় অকণ উলিয়াব নোৱাৰিলো...., সেয়ে আজি ৰাতিপুৱাই ফোন কৰিলো...।
: উঠিলোঁ বৌ , খুড়ীৰ লগতে কথা পাতি আছিলোঁ ।
: উম..., পাৰিলে মই এইকেইদিনতে এদিন যাম , তুমি ঠিকনাটো মোক মেছেজ কৰি দিবা ।
: এইকেইদিনত আহিব নালাগে বৌ, একেবাৰে কাজত আহিব ..., আগদিনাই আহিব কিন্তু ...
: ঠিক আছে তেন্তে...., শুনা তুমি লঘোণে নাথাকিবা , পাতলকৈ হ'লেও কিবা এটা খাবা...., নহলে বেবীটোৱে কষ্ট পাব ।
: তিনি দিন যেনে তেনে থাকোঁ , টিলানি যোৱাৰ পাছত ৰুটি খাম ।
: ঠিক আছে উৰ্মি মই পাছত ফোন কৰিম , ধুনুৱে কান্দিছে..
ফোনটো কাটি দিলে মৃণালিনীয়ে , জয়শ্ৰীৰ কথাবোৰে মৃণাৰ মনৰ পৰা মলীনতাবোৰ যেন আঁতৰ কৰি পেলালে...., ঘৰখনত মাইকী মানুহ বুলিবলৈ উৰ্মি আৰু মই , বিপদে আপদে মোক উৰ্মিয়ে সহায় কৰিব গতিকে উৰ্মিৰ লগত বেয়া হৈ থাকি জানো মোৰ কিবা লাভ হ'ব...., উৰ্মিৰ দেউতাক ঢুকাল যেতিয়া বাগানৰ দায়িত্ব ভাইতিয়ে ল'ব , তেতিয়া যদি ঘৰখন চলোৱাৰ দায়িত্ব উৰ্মিয়ে লৈ লয়...! নাই...., নাই..., উৰ্মিৰ লগত কোনো পধ্যেই বেয়া হ'ব নোৱাৰি ......, চলে বলে কৌশলেৰে মই উৰ্মিক হাতৰ মুঠিত ৰাখিবই লাগিব ....! জয়শ্ৰী বৌয়ে মোৰ জীৱনটোৱেই আঁউল লগাই পেলালে...., বৌৰ উচটনিমতেই দাদাক মিছাতেই কথাবোৰ লগাই মা আৰু অনিৰ্বাণক পুলিচ অনাই ভয় খুৱালোঁ...., আৰু সেইবোৰ সহ্য কৰিব নোৱাৰি মা ঢুকাই থাকিল..., মাৰ মৃত্যুৰ বাবে সকলোৱে মোকেই জগৰীয়া কৰিলে..., মুখ খুলি কোনেও কোৱা নাই যদিও আকাৰে ইঙ্গিতে তাকেই বুজালে...., মাৰ গাতটো কোনো দোষ নাছিল ....., দোষ মোৰেই একো বিচাৰ - বিবেচনা নকৰাকৈ বৌৰ কথামতে চলিবলৈ মোক কিহে পাইছিল....., এতিয়া গছত উঠাই বৌয়ে গুৰি কাটি দিলে...., এতিয়া মৃণালিনী ক'ত মৰ মৰগৈ.....! উৰ্মি ঘৰৰ পৰা আহিলেই সকলোবোৰ কথা খোলাখুলিকৈ অনিৰ্বাণ আৰু ভাইটিক কৈ দিয়াটোৱে ভাল হ'ব...., তাৰ পাছত যি হয় হ'ব..., প্ৰথমে কথাবোৰ উৰ্মিৰ লগত আলোচনা কৰিব লাগিব..., উৰ্মিয়ে নিশ্চয় মোক সঠিক পথ দেখুৱাব..... কথাবোৰ ভাবি বিচনাত বাগৰি থাকোতেই কিমান সময় যে পাৰ হৈ গ'ল মৃণালিনীয়ে গমেই নাপালে ।
ক্ৰমশঃ
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment