হেল্ল' বৌ...! কি খবৰ..
: উম... ভালেই আছোঁ মৃণা । তোমালোকৰ....?
: ভালে বেয়াই মাজতে আৰু....!
: তেনেকৈ কলা যে....?
: উৰ্মি মাক হ'বলৈ ওলাইছে...., ( Assamese Story )
: সেইটো ভাল খবৰ দেখুন....
: সেইটো ভাল খবৰেই....., উৰ্মিৰ দেউতাক ঢুকাল এক্সিডেণ্ট হৈ....
: কি...? কথাটো শুনি বৰ বেয়া লাগিল ,
: তুমি সচাঁকৈ কৈছা নে বৌ....! তোমাৰ আকৌ কিয় বেয়া লাগিল....?
: কিয় বেয়া নালাগিব মৃণা ....., তোমালোকৰ মা ঢুকুৱা এমাহেই হোৱা নাই.. আকৌ তাইৰ দেউতাক ঢুকাল....., ককাক , আইতাক কোনেও ভাল খবৰটো শুনিবলৈ নাপালে..।
: এই সকলোবোৰ উৰ্মিৰ বাবেই হৈছে..., তাইৰ যিহে অহংকাৰ... এতিয়া পাইছে মজা । মই যিটো বুজিছোঁ ভাইটি চাপিবগৈ লাগিব তাত....!
: তোমাক কিন্তু মানিছোঁ দেই মৃণা...., তোমাৰ অন্তৰৰ পৰা দয়া - মায়া এই বস্তুবোৰ নাইকিয়া হৈ গল নেকি.....?
: কিয়.....? কিয়....?
: নাই , এনেয়ে সুধিলোঁ ।
: বাৰু সেইবোৰ বাদ দিয়া.... বৌ , আজিকালি তুমি যে মোলৈ ফোন নকৰা হ'লা....? কিবা বেয়া পাইছা নেকি মোক.....?
: বেয়া পোৱা নাই মৃণা....., তোমাৰ সংসাৰখন সুখৰ হওঁক বুলি ভাবিয়ে তোমালৈ ফোন কৰা নাই..., তোমাৰ সকলোবোৰ সঁচা কথা মই উৰ্মিৰ আগত কৈ দিলোঁ । উৰ্মিয়ে কেতিয়া মুখ খুলে কোনো ভৰসা নাই...., গতিকে উৰ্মিৰ চকুত মই তললৈ নামিব নোৱাৰোঁ । উৰ্মি তোমাৰ মোৰ দৰে বিবেকহীন নহয় ...., যি কোনো সিদ্ধান্ত আবেগেৰে নহয় , বিবেকেৰে লয়..। আবেগৰ বশৱৰ্তী হৈ ময়ে তোমাৰ সংসাৰখনত আঁউল লগালোঁ । ধুনু জন্মহোৱাৰ পাছত ইচ্ছা কৰিয়ে মই তোমাক হস্পিতালৰ পৰা বাহিৰে বাহিৰে ঘৰলৈ লৈ আহিছিলোঁ....,
: বৌ..., আপুনি মোৰ লগত কিয় এনেকুৱা কৰিলে.....? জয়শ্ৰীৰ কথাবোৰ শুনি বলিয়াৰ দৰে হৈছিল মৃণালিনী ।
: কিয়....? সেই কিয়টোৰ উত্তৰ তুমি নিজকে এবাৰ প্ৰশ্ন কৰি চোৱা...., মোৰ লগত তুমি যি দুব্যৱহাৰ কৰিছিলা মই তাৰ প্ৰতিশোধ ল'ব বিচাৰিছিলোঁ....। কিন্তু উৰ্মিৰ পৰা মই জীৱনত বহুত ডাঙৰ কথা এটা শিকিলোঁ । মই যদি তোমাৰ ওপৰত প্ৰতিশোধ লওঁ , তেতিয়া তোমাৰ আৰু মোৰ চিন্তাধাৰা আৰু মানসিকতাৰ মাজত কোনো প্ৰভেদেই নাথাকিব..., উৰ্মিৰ চকুত নিজকে মহান কৰি ৰাখিবৰ বাবে মই সকলোবোৰ কথা খোলাখুলিকৈ কৈ দিলোঁ....। তুমি ভয় কৰিব নালাগে মৃণা ..., উৰ্মিয়ে তোমাক ডাক্তৰৰ ওচৰলৈ নি চিকিৎসাও কৰিব ।
: কিন্তু বৌ....!
: কোনো কিন্তু নাই মৃণা । তোমাক মই এটা উপায় দিব পাৰোঁ । এতিয়া যিহেতু ঘৰত অনিমেষ আৰু উৰ্মি নাই গতিকে তুমি সকলোবোৰ সঁচা কথা অনিৰ্বাণক কৈ দিয়া , কিন্তু কথাবিলাক কওঁতে অলপ সাৱধানে ক'বা , যাতে মোৰ গাত চেকা নালাগে....।
: অনিৰ্বাণে মোৰ কথাবোৰ বিশ্বাস কৰিব জানো বৌ....!
: বিশ্বাস কৰে নকৰে সেইবোৰ তুমি কথা কোৱাৰ ভঙ্গিমাৰ ওপৰত নিৰ্ভৰ কৰিব , আৰু এটা কথা তুমি যদি কথাবোৰ অনিৰ্বাণক নিজ মুখেৰে কোৱা তেতিয়া অনিৰ্বাণে কথাবোৰ সহজ ভাবেই ল'ব আৰু যদি একেই কেইটা কথাকে উৰ্মিয়ে ক'বলৈ হয় তেতিয়া তোমাক কেতিয়াও সহজভাৱে গ্ৰহণ নকৰিব । এতিয়া ৰাখিছোঁ দিয়া ।
ফোনটো কাটি দিলে জয়শ্ৰীয়ে , জয়শ্ৰীৰ কথাবোৰ শুনি মৃণালিনীৰ ভৰিৰ তলৰ মাটিখিনি নোহোৱা যেন অনুভৱ হ'ল..., আর্জিলেহে ফল ভুঞ্জিবলৈ পায়.... নিজৰ বাবেই মই আজি কর্মফল ভোগ কৰিছোঁ , বৌ'ক বহুত কষ্ট দিলোঁ মই..., এতিয়া সেই একেই কষ্ট মই ভোগ কৰিব লগা হৈছে , কথাবোৰ কৈ দিলেও বিপদ হ'ব... কি কৰো মই ....! উৰ্মিয়ো ঘৰত নাই কাজিয়া হ'লে মুখ পাতি ধৰিবলৈ...., অনিৰ্বাণৰ যিহে মুখ সঁচা কথাবোৰ কৈ দিলে গোটেইতো জকজকাই উঠিব..., যি হয় হ'ব উৰ্মি আহিলে সঁচা কথাবোৰ মই নিজেই কম । তাৰ পাছত মোক যি শাস্তিয়ে দিয়ে দিয়ক... ঘৰৰপৰা উলিয়াই দিলেও গুচি যাম ক'ৰবালৈ । কাৰোবাৰ ঘৰত বন কৰা মানুহ হিচাপে থাকি পাপৰ প্ৰায়চিত্ত কৰিম....., মই বাৰু সেইদৰেই জীৱনটো পাৰ কৰি দিম ..... কিন্তু ধুনুৰ জীৱনলৈ অন্ধকাৰ নামি নাহিবনে....., কথাবোৰ ভাবি ভাবি উচুপি উচুপি কান্দিবলৈ ধৰিলে মৃণালিনীয়ে.....
.......মৃণালিনী, মৃণালিনী....., চিঞৰি চিঞৰি খঙত অগ্নিশর্মা হৈ ভিতৰলৈ সোমাই আহিল অনিৰ্বাণ....., ইমান সময়ে মই জুইশলা এটা বিচাৰি চিঞৰি আছিলোঁ তুমি শুনিছিলা নে নাই....? সন্ধিয়া লগা কোনো বোৱাৰী ছোৱালী তোমাৰ দৰে বিচনাত শুই নাথাকে..., ধূপ - ধূনা জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে...,
অনিৰ্বাণৰ চিঞৰ বাখৰ শুনি চকুপানী মোহাৰি মোহাৰি মৃণালিনী বাহিৰলৈ ওলাই আহিল , ...... কিয় মাতিছিলে মোক...?
: ফুৰ্টি লাগিছিল , গোসাঁইঘৰত সোমাই জুইশলাটো বিচাৰি ইমান চিঞৰি আছিলোঁ শুনা নাছিলা নেকি....? ফোনত কথা পাতিবলৈ পালে একো নালাগে....! কিবা খং উঠিব ফোনটোকে ভাঙি পেলাম দুটুকুৰা কৰি.....,
অনিৰ্বাণৰ কথাবোৰ নীৰৱে সহ্য কৰিছিল মৃণালিনীয়ে..., ভুৰভোৰাই জুইশলাটো হাতত লৈ অনিৰ্বাণ গোসাঁইঘৰলৈ গ'ল আৰু মৃণালিনী পাকঘৰলৈ । গাখীৰতে ভজা পিঠাগুৰি কেইটামান সিজাই ধুনুলৈ জলপান ঠিক কৰিলে মৃণালিনীয়ে..., জলপানকণ ঠাণ্ডা হয় মানে চাহৰ চচটো তুলি দি চাহ দুকাপ বাকিলে , অনিৰ্বাণ গোসাঁইঘৰৰ পৰা ওলাই চুৰিয়াখন সলায় ধুনুৰ কাষতে বাগৰ দিলে ....., অনিৰ্বাণ ক'ত আছে আপুনি ....? চাহ খাই লওঁক হি....
: ধুনুৰ ওচৰতে আছোঁ লৈ আহাঁ...
প্লেটএখনত চাহৰ কাপ দুটা তুলি এহাতে জলপানৰ বাতিটো লৈ মৃণা ৰূমলৈ সোমাই গ'ল । ...... চাহ লওঁক..,
: উম..., থোৱা.., উৰ্মিলৈ ফোন কৰিছিলা নেকি..?
: নাই কৰা ,
: ভালেই কৰিছা , বিপদৰ সময়তহে আপোন মানুহবোৰ লাগে মনত ৰাখিবা...।
দুয়ো কথা পাতি থাকোঁতেই ধুনুৱে সাৰ পাই গ'ল , মৃণালিনীয়ে বিচনাৰ পৰা দাঙি আনি কোলাত ললে , লাহে লাহে ঘোৰ আন্ধাৰ নামি আহিছিল পৃথিৱীলৈ..., ফেঁচাৰ কুৰুলিয়ে পৰিৱেশটো জয়াল কৰি তুলিলে । বতাহত ক'ৰবাৰ পৰা ভাঁহি আহিছে বনৰীয়া ফুলৰ সুমধুৰ সুবাস । চাহৰ কাপটো হাতত লৈ অনিৰ্বাণ বাৰাণ্ডালৈ ওলাই আহিল ....., ঢিমিক ঢিমিক কৰি জ্বলি থকা জোনাকী পৰুৱাৰ জাকটোৱে আন্ধাৰৰ মাজতো পোহৰ বিলাইছে । জোনাকিজাকৰ দৰেই সিহঁতৰ ঘৰখনলৈ পোহৰ অহা হ'লে কিমান যে ভাল লাগিল হেঁতেন .....! কথাবোৰ ভাবি অনিৰ্বাণৰ মুখত হাঁহি বিৰিঙি উঠিল । ঘৰখনত সকলো ঠিকেই আছিল কিন্তু মৃণাই গোটেইখন খেলিমেলি লগাই দিলে । কথাবোৰ ভাবি পাৰাপাৰ বিচাৰি নাপায় ভিতৰলৈ সোমাই আহি অনিমেষলৈ ফোন লগালে.... হেল্ল' , ভাইটি
: উম..., দাদা ,
: কি কৰিছ...?
: কি কৰিবি আৰু ...., বহি আছোঁ । তই...?
: চাহকন খাই বাৰাণ্ডাতে বহি আছিলো । উৰ্মি ঠিকেই আছে নহয়..
: ঠিকেই আছে , মোৰ ওচৰতে বহি আছে ।
: হ'ব তেন্তে , ৰাখিছোঁ এতিয়া.... ফোনটো কাটি দিলে অনিৰ্বাণে....,
...... অনি..., দাদাই ফোন কৰিছিলে নেকি...?
: উম, দাদাই ফোন কৰিছিল ।
: দীপুৱে ফোন কৰিছিল নেকি...?
: কৰিছিল , মায়ে চকু মেলিছে বুলি কৈছে কিন্তু দীপুকে চিনি পোৱা নাই বোলে...,
: দীপুলৈহে বেয়া লাগিছে , বৰ কষ্ট হৈছে তাৰ....., ভৰিয়ে হাতে দুখ পোৱাৰ পাছতো বেচেৰাই অকণো আৰাম কৰিবলৈ পোৱা নাই....
: সচাকৈয়ে , আজিৰ দিনত দীপুৰ দৰে লৰা এজন পোৱাটো বৰ ভাগ্যৰ কথা...,
: ভগৱানে মা আৰু দীপুক কুশলে ৰাখিলেই হ'ল....
: ভগৱানৰ ওপৰত বিশ্বাস কৰাৰ বাহিৰে আমাৰ উপায়ো নাই ।
: অনি..., খুড়া খুড়ীক ইয়াতে থাকিবলৈ মাতি দিওঁ নেকি.....!
: কিয়....?
: মোৰ বৰ ভয় লাগিছে...,
: ঘৰখন অৱশ্যে বৰ গহীন গহীন লাগিছে , খুড়া খুড়ীক মাতি দিয়া । অলপ সাহস পাম মনত....,
আগফালৰ বাৰাণ্ডাৰ পৰাই চিঞৰিলে উৰ্মিয়ে , উৰ্মিৰ চিঞৰ শুনি উধাতু খাই আহিল খুড়ীয়েক । ...... কি হ'ল অ' উৰ্মি....?
: খুড়ী, আপোনালোক আমাৰ ঘৰলৈকে গুচি আহক । ঘৰখন বৰ গহীন লাগিছে ।
: আমি যাম বুলি ভাবিছিলোঁৱেই । দুৱাৰখন বন্ধ কৰি গৈ আছোঁ ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
খুড়ীয়েকৰ লগত কথা পাতি থাকোঁতেই পাছফালৰ বাৰাণ্ডাতখনতে ঢমৰকৈ প্ৰকাণ্ড শব্দ এটা কৰি কিবা এটা পৰিল....., শব্দটো শুনি উৰ্মি দৌৰ মাৰি ভিতৰলৈ সোমাই গ'ল ।
ক্ৰমশঃ.....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment