এটি দৰিদ্ৰ কণমানিৰ কৰুণ কাহিনী : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 6, 2021

এটি দৰিদ্ৰ কণমানিৰ কৰুণ কাহিনী : Assames story

 

Assames story

আজি মোৰ বহু ৰাতিলৈকে তোপনি অহা নাই | কিয় যানো মনটো বাৰে বাৰে উৰি গৈ আছে দুপৰীয়া হোৱা ঘটনাতিলৈ | সচাঁকৈ মানুহৰ জীৱন বোৰ বৰ আচৰিত  ( Assamese story )| আমি এসাজ খাই বিচনাত পৰিছো কিন্তু কিচুমানে আকৌ,,,,

বিচিত্র পৃথিৱীৰ বিচিত্র জীৱন শৈলী |

পানী এগিলাছ খাবলৈ বৰ মন গ'ল সেয়েহে বিচনাৰ পৰা নামি আহিলো |

- কি হ'ল তোমাৰ,,

মোৰ পত্নী নিশিতা সাৰ পালে,,,,

- পানী এগিলাছ খাওঁ,,,,

তেওঁ মোৰ বহুত যত্ন লয় | তেওঁ নিজে আহি মোক পানী দিলে |

- আহা শুবা,,,,

- নিশি , আজি মোৰ তোপনি অহা নাই !

- কিয়, শুই যোৱা |

তেওঁ মোৰ মূৰত তেওঁৰ কোমল হাতেৰে আলফুলাই দিলে |তেওঁ যানে যে মোক তেনেকে মৰম কৰিলে তোপনি সোনকালে আহে |

চকু দুটা মুদি দিওঁ কিন্তু নাই চকুৰ পৰ্দাত আকৌ সেই ভাৱনাবোৰে আমনি কৰে |

- কি হ'ল তুমি তোপনি যোৱাই নাই ?

- নাই নিশি আজি মোৰ তোপনি নাহে

- কিন্তু কিয় ?

- আজি এটা নিষ্ঠুৰ বাস্তৱ ৰ মুখামুখি হ'লো |

- কি বাস্তৱ ?

- থাকক দিয়া,তুমি শুৱা,,,,

- না মোক কব লাগিব,কোৱা না,,,

মই কব বিচৰা নাছিলো যদিওঁ তেওঁৰ একান্ত দাবীত মই কবলৈ বাধ্য হ'লো |

শুনা তেন্তে | আজি মই অফিচৰ পৰা ফিল্ডৰ কামত বাহিৰত আহিব লগীয়া হ'ল | আহোতে চন্দ্রপুৰৰ হোটেল এখনত চাহ খাওঁ বুলি সোমালো |

- দাদা কি খাব ?

- গাখীৰ চাহ একাপ দিব !

- ঐ পোৱালী দাদাক চাহ একাপ দে,,,,

হোটেলত কাম কৰা সৰু ল'ৰাটিক মালিকে নিৰ্দেশ দিলে |

মই লক্ষ্য কৰিছিলো কলেজৰ প্রেমিক-প্রেমিকাৰে ভৰি আছে হোটেল খন | কিছু সময় পাছত ল'ৰাজনে চাহ কাপ লৈ আহিল |তেনেতে মোৰ আগত বহি থকা প্রেমিক যুগলৰ ভৰিত খুন্দা খাই ল'ৰাটো বাগৰি পৰিল | লগতে চাহ কাপ ছোবালী জনীৰ কাপোৰত পৰিল |

- ঐ পোৱালী চকুৰে নেদেখা নেকি ?

প্রেমিক জনে সেই সৰু ল'ৰাজনৰ গালত এটা প্রচণ্ড চৰ সোধালে | তাৰ পাছতে হোটেলৰ মালিকজনে তাক চোচৰাই তানি লৈ গ'ল | আৰু আৰম্ভ কৰিলে তাৰ ওপৰত শাৰীৰিক নিৰ্যাতন |

- দাদা মোক নামাৰিব ! মই মৰি থাকিম দাদা |মোক নামাৰিব | আজিৰ পৰা মই নেপেলাওঁ|

ল'ৰা জনে মাৰ খোৱাৰ ভয়ত কান্দি কান্দি মালিকৰ ভৰিত পৰিছিল | মই লক্ষ্য কৰিছিলো হোটেল খনৰ প্রায় বোৰ মানুহে সেই দৃশ্যটি চাই বৰ ৰস পাইছিল | মই আৰু ধৰ্য্য ধৰি থাকিব নোবাৰিলো | 

- আপুনি তাক কিয় পিটিছে ?

- দাদা এই পোৱালীবোৰ বদমাছ | সিহতে আমাৰ কাষ্টমাৰ নোহোৱা কৰিব !

মোৰ যে বহুত খং উঠিল |

- আৰু আপোনালোক কিমান ভাল ? আপোনালোকে এই সৰু শ্রমিক বোৰ খটুৱাই কম পইচাঁত নিয়োজিত কৰে ? শুনক আপুনি অপৰাধ কৰিছে | এজন চধ্য বছৰীয়া ল'ৰাক আপুনি শ্রমিক হিচাপে ব্যৱহাৰ কৰিছে | তাৰ ওপৰি তাক কৰিছে শাৰীৰিক ,মানসিক অত্যাচাৰ | আপোনাৰ জেইল হব |

কথা খিনি কৈ মই ল'ৰাজনৰ কাষত আহিলো |বেচেৰাই ফেকুৰী ফেকুৰী কান্দি আছিল | মই তাৰ মূৰত হাতবুলাই ক'লো ,,,,

- ভাইটি, তোমাৰ ঘৰত কোন কোন আছে ? তোমাৰ ঘৰ কত নো ? মোক তোমাৰ কথা অকমান কোৱাচোন |

- যদি আপুনি শুনিব বিচাৰে মই কম |

- নিশ্চয় কোৱা,,,,,,

সি আৰম্ভ কৰিলে তাৰ জীৱনৰ বিষাদৰ পৃষ্ঠাবোৰ |

মই এখন দুখীয়া ঘৰৰ সন্তান | মোৰ ঘৰ আছিল এখন ভিতৰুৱা গাওঁত | মোৰ ঘৰত মা ,দেউতা, মই আৰু মোৰ কনমানি ভন্টি  | মই ডাঙৰ সন্তান | মোৰ দেউতা আছিল এজন মদাহী | সদায় আমাৰ ঘৰত চলিছিল মা আৰু দেউতাৰ মাজত কাঁজিয়া |

- ঐ ৰঞ্জু দৰ্জা খোল |

- আপুনি, ইমান কিয় মদ খাই |

- ঐ তোৰ বাপেৰৰ খাইছো নেকি ? 

সেই বুলি মোৰ দেউতাই মাৰ চুলি খিনিত খামুছি ধৰিলে | আৰু গতিয়াই দিলে| আমি মাত্র নিৰৱ শ্রোতা হৈ সকলো চাই থাকো |

- ঐ ভাত হ'ল নাই !

- হৈছে |

দেউতাৰ আদেশত মাই দেউতাক ভাত দিয়ে|দেউতাৰ তেনেকুৱা আচৰনত আমাৰ বকু কপি থাকে | কিন্তু আমি নিৰুপায় |

- ঐ খাবলৈ একো বেলেগ নাই নেকি ?

- ঘৰত কিবা আছে নে খবৰ লৈছে যানো ? ল'ৰা ছোৱালীয়ে কি খাইছে খবৰ ৰাখিছে নে? মই অকলে কি কৰিম |

- ঐ তই কাক গৰম কথা কৈছ হা ?

দেউতাই ভাতৰ কাহী দলিয়াই দিছিল |

- নাখাওঁ | নিমখ তেল ভাত | 

মাই মাত্র কান্দিছিল | আমি আটায়ে আহি মাৰ কোচত সোমাইছিলো | সিমানতে দেউতা শান্ত হৈ থকা নাছিল | দেউতাই পাকঘৰত প্রবেশ কৰি আমালৈ থকা গোটেই ভাতবোৰ বাহিৰত দলিয়াই দিছিল | মাই আকৌ দেউতাক বাধা দিবলৈ দৌৰ মাৰিছিল |

- আপুনি ইমান নিষ্ঠুৰ কিয় হ'ল | চাওঁকচোন সেই কনমানি ল'ৰা ছোৱালী কেইটাৰ মুখলৈ |সিহতৰ ভাত কেইটা আপুনি কিয় অনিষ্ট কৰিছে ? কিয় ?

- তই মোৰ ঘৰত আছ ! মোৰ সম্পওি মই যি কৰো মোৰ নিজৰ ইচ্ছা |

- আপুনি ও এটা কথা মনত ৰাখিব মই আপোনাৰ ঘৰত এনে সোমোৱা নাই | দস্তুৰমত আপুনি মোক বিয়া পাতি আনিছে |

- বাহ ! তোৰ ইমান সাহস | মোৰ মুখে মুখে কাজিয়া কৰিছ নহয় !

দেউতাই কেৰাহিটো মাৰ মূৰত মাৰি দিলে | আৰু লগে লগে মাৰ মূৰৰ পৰা তেজ বৈ আহিল | মাৰ কোচত থকা সৰু ভন্টিয়ে চিঞৰি চিঞৰি কান্দিছিল ! কিন্তু নিষ্ঠুৰ দেউতাৰ সেইবোৰ  লক্ষ্য নাছিল | মই মাক হাতত ধৰি বিচনালৈ লৈ গৈছিলো | বিচনাত বহাই দি মাৰ মূৰত কাপোৰ এখন বান্ধি দিছিলো | তেতিয়া দেউতা আহি মোৰ ডিঙিত চেপি ধৰিছিল |

- ঐ তোৰ মাৰ ভাল নে মই ভাল ?

মই দেউতাক বহুত ভয় কৰিছিলো | কিন্তু সেইখিনি সময়ত মই বকুত শাহস বান্ধি কৈছিলো ,,,,,

- মোৰ মাৰ দৰে ভাল কোনো হব নোবাৰে |

তেতিয়াই দেউতাই মোক প্রচণ্ড জোৰত চৰ সোধাইছিল |

- আপুনি তাক কিয় মাৰিছে ?

- মাই দেউতাক বাধা দিছিল | কিন্তু দেউতাই তাৰ পাছত যি কৰিলে কল্পনাৰ বাহিৰত | ( Assamese story )

দেউতাই মাৰ কোচৰ পৰা তিনি বছৰীয়া ভন্টিক আজুৰি আনি ডিঙিত চেপি ধৰিছিল | মা আৰু মই বহুত চেষ্টা কৰিছিলো তাইক সেই পাষণ্ডৰ হাতৰ পৰা আজুৰি আনিবলৈ | কিন্তু আমি যেতিয়া তাইক আজুৰি আনিলো তাৰ আগতে তাইৰ মৃত্যু হ'ল | দেউতাই মা আৰু মোক কৈছিল |

- এই কথা যদি তহতে কাৰোবাক যানিৱ দিয় তেতিয়া হ'লে তহত দুটাৰ ও মৃত্যু সমাগত |

মৃত্যু ভয়ত মা আৰু মই সমাজৰ আগত ভন্টিৰ মৃত্যু জ্বৰত হোৱা বুলি প্রচাৰ কৰিলো|কিন্তু মাৰ বকুৰ মাজৰ পৰা নোহোৱা হ'ল কনমানি ভন্টি |

তেনেকে ভয়ংকৰ ৰাতি একোটা পাছত আমাৰ জীৱনত দিন আহে | মা ই বেলেগৰ ঘৰত কাম কৰি ঘৰ পোহপাল দি থাকিল | পাষণ্ড দেউতাৰ আচৰন পৰিবৰ্তন নহ'ল |

এদিনা খন ৰাতিৰ কথা | মই পঢ়ি আছিলো |মা ই সেমেকা দুচকু লৈ মোৰ কাষত বহি আছিলে | তেনেতে কৰাবাৰ পৰা মোৰ পাষণ্ড মদাহী দেউতা আহি পালে |

- ৰঞ্জু দৰ্জা খোল |

মাই দৰ্জাখন খুলি দিছিলে | 

- ঐ তই পঢ়ি আছ !

মোক সুধিছিলে | আচলতে মোৰ মনত দেউতালৈ ঘৃনা উপজিছিল |

- দেখা নাই নেকি ?

এক বিৰক্তি ভাৱত মই দেউতাক উওৰ দিছিলো |

- বাহ ! চাহাবৰ ল'ৰাৰ কি উওৰ |

দেউতাৰ আঁচৰন বোৰ অইন দিনাত কৈ অকমান বেলেগ আছিল | তেওঁ আহি মাৰ ওচৰত বহি লৈছিল |

- ৰঞ্জু ভাত হ'ল ?

- অ' হ'ল |

- সোঁণ তই আৰু পঢ়িব নালাগে ! 

বাহ ! আজি মোক সোঁণ বুলি মাতিছে |কি আচৰিত পৰিবৰ্তন |

- কিয় পঢ়িব নালাগে ?

মাই দেউতাক প্রশ্ন কৰিছিল !

- আৰে অকনৰ ল'ৰা দেখা নাই | কাম কৰি দেউতাকক খুৱাই আছে | আৰু ই পঢ়ি কি কৰিব ? 

- কি কথা কৈছে আপুনি !

- অ মই থিক কথাই কৈছো | মই তাৰ কাৰনে হোটেল এখনত কাম থিক কৰিছো | বাবা কালি ওলাবি |

- মই কাম নকৰো | মই পঢ়িম |

- মই যি কৈছো তাকে শুন | কাৰন মই তোৰ দেউতাৰা |

- আপুনি যিমানে নকয় কিয় ! মই তাক কতো কাম কৰিব নিদিওঁ | যেতিয়ালৈ মই কাম কৰিব পাৰিম তাক পঢ়াম |

- ৰঞ্জু | এইখন মোৰ ঘৰ | গতিকে মোৰ মতে চলিব |

- নচলিব |

- ৰঞ্জু !

- শুনক বেছি কৰিব এই ঘৰ এৰি আমি গুছি যাম | আৰু সয্য নকৰো ইমান অত্যাচাৰ | বহুত হ'ল |

- সোঁণ কিতাপ সামৰি থ' | ভাত বাঢ়ো |

মই মাৰ কথামতে কিতাপ বোৰ সামৰি থলো | আৰু মায়ে ভাত দিলে | ভাত খাই মই বিচনাত উঠিলো | তাৰ পাছত মোৰ কানত অলপ অলপ মা আৰু দেউতাৰ তৰ্ক বিতৰ্ক কানত পৰিছিল | কিন্তু কেতিয়া তোপনি আহিল মোৰ গম নাপালো |

মাজৰাতি মই কাৰোবাৰ ভৰি খুন্দাত সাৰ পালো | মই যি দেখিলো মোৰ বকু কপি গৈছিল | মই যে চিঞৰিব খুজিও থমকি ৰলো | মোৰ পাষণ্ড দেউতা মাৰ ডিঙিত চেপি ধৰিছিল | মাই হাত ভৰি বোৰ ল'ৰাই আছিল | মৃত্যু যন্ত্রনাত মাই চতফতাইছিল | আৰু দেউতাই মোক কৈছিল |

- শুন ! তই যদি চিঞৰি দিয় ! মই তোক ও ডিঙি চেপি মাৰি পেলাম |

মই মৃত্যু ভয়ত সকলো দৃশ্য চাই থাকিলো | মোৰ মৰমৰ মা আৰু জীয়াই থকা নাই | মই মাতৃ হাৰা হ'লো | এজন পাষণ্ড পিতৃৰ নিৰ্মম অত্যাচাৰ বোৰ মাত্র সহি থাকিব ল'গা হ'ল |

দেউতাই সেই ৰাতিয়ে মাৰ মৃতদেহটো এটা বস্তাত ভৰালে | আৰু কান্ধত তুলি ললে | আৰু মোক পাছে পাছে আহিব কলে | মই মাত্র বাধ্যত পৰি এজন অপৰাধীৰ পাছে পাছে গৈ থাকিলো | সেই ৰাতিখন পাষণ্ডই মাৰ মৃতদেহটো নৈৰ ঘাটলৈ লৈ গৈছিল | আৰু তেতিয়া নৈৰ সোত কম আছিলে | সেয়েহে মাৰ মৃতদেহটো নৈত পেলাই মোক লৈ গুছি আহিছিল |

আৰু পিছদিনা খন গাওঁৰ মহিলাই নৈত গা ধুৱ গৈ মাৰ মৃতদেহ দেখি হুলস্থুল লগালে | কিন্তু দেউতাই কলে মাৰ নদীত গা ধুৱ গৈ মৃত্যু হ'ল | মই তেতিয়া সমাজৰ আগত অকমান চিঞৰি কান্দিব সুবিধা পাইছিলো |কিন্তু মই আঁচল কথা কাকো কব পৰা নাছিলো | 

তাৰে কিছুদিন পাছত মোক পাষণ্ড দেউতাই এইখন হোটেললৈ লৈ আহিছিল | মই হয়টো মোৰ সেই পাষণ্ড দেউতাত কৈ এতিয়া ইয়াতে সুখী | প্রতি মাহে দেউতা আহি মোৰ বেতন লৈ যায় আৰু মদ খাই নিজে ফুৰ্ওি কৰি থাকে |

ল'ৰাজনে কান্দিছিল মই সান্তনাৰ ভাষা বিছাৰি পোৱা নাছিলো |

- আপুনি কিন্তু মোৰ পাষণ্ড দেউতাৰ কথা কতো নকব ! নহ'লে মোক ও মাৰি পেলাব|

ল'ৰাজনৰ ভয়ৰ কথা শুনি বহুত বেয়া লাগিছিল | মই তাৰ ওচৰত ভাষাই হেৰাই পেলাইছিলো | আৰু মই গুছি আহিছিলো |

কথাবোৰ শুনি মোৰ পত্নীয়ে চকুলো তুকিছিল | 


এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


- তুমি এতিয়া কি কৰিবা ?

- মই ল'ৰাজনক উদ্ধাৰ কৰিম | আৰু তাৰ দেউতাকক আইনৰ জৰিয়তে দোষী সাৱস্ত্য কৰি হে এৰিম |

- মই আছো তোমাৰ লগত |

মোৰ নিশিৰ শাহস পাই মই আনন্দিত হ'লো | আৰু তাইক বুকুৰ মাজত তানি আনিলো |||


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages