নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩৯) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 6, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩৯) : Assames story

       

Assamese Story

ইকাটি সিকাটি কৰি থাকোঁতেই ৰাতিপুৱাল , বাহিৰত  অলপ পোহৰ হৈছে , পুৱাৰ চেঁচা বতাহজাকে পৰিৱেশটো সজীৱ কৰি তুলিছে ।( Assamese Story ) দুৱাৰখন লাহেকৈ খুলি অনিমেষ বাহিৰলৈ ওলাই আহিল...., অনি উঠি অহা গম পাই উৰ্মিয়ো উঠি আহিল , এঙামূৰী এটা দি দীঘল কৈ হামি এটা মাৰিলে উৰ্মিয়ে..., ইমান সোনকালে উঠিলা যে অনি....? 

: দেউতাৰ খবৰ এটা লবলৈ যাব লাগিব নহয়...! সেয়ে সোনকালে উঠিলোঁ । 

: অ'.... হয়নেকি...! ময়ো যাম অনি.., 

: ঠিক আছে তুমি সোনকালে ৰেডী হোৱা , মই বাব্লুক ফোন কৰি দিওঁ গাড়ীখন লৈ আহিবলৈ । 

: ঠিক আছে অনি..., মই সাউৎকৈ গাটো ধুই গোসাঁইঘৰত চাকিগছ জ্বলাই ৰেডী হ'মেই..., তুমি চাহ দুকাপ ৰেডী কৰা...., 

          কথাষাৰ কৈ বাঢ়নীটাৰ লৈ লৰালৰিকৈ চোতালখন চুৰুকি ললে , গাটো ধুই তিতা তিয়নীৰে ভিতৰলৈ আহি কাপোৰযোৰ সলাই কপালত সেন্দুৰৰ ফোঁটটো লৈ গোসাঁইঘৰত সোমাল । ততাতৈয়াকৈ চাকিগছি জ্বলাই তিতা চুলিকোচা গামোচাখনেৰে ভালদৰে মোহাৰি ললে । ...... উৰ্মি , তোমাৰ হ'ল নে....? মোৰ চাহ হৈ গ'ল আহাঁ...!

: গৈছোঁ অনি, তুমি খোৱা । 

          তিতা গামোচাখন পাছফালৰ ৰছীডালতে মেলি উৰ্মি ভিতৰলৈ সোমাই আহিল..., অনি , ঘূৰি আহোঁতে কিমান সময় হয় একো ঠিক নাই । পাতলীয়া কিবা এটা খাই যাওঁ নেকি...?

: ইমান ৰাতিপুৱাই মই একো খাব নোৱাৰি দেই , তুমি কিবা এটা খাই লোৱা..., 

: তুমি নুখুৱা যদি ময়ো নাখাওঁ..

: যোৱা ৰাতি তুমি ভাত খোৱা নাই , এতিয়া কিবা এটা খাই লোৱা । নহ'লে দুৰ্বল হৈ যাবা তুমি...

: ঠিক আছে , মই লুচি কেইখনমান বনাওঁ গৰম গাখীৰৰ লগত খাম আৰু যাম । 

: উম..., তুমি লুচিকেইখন বনোৱা মানে মই গা ধুই আহোঁ..., 

          টাৱেলখন অনাৰ চলেৰে অনি ভিতৰলৈ গৈ দীপু লৈ ফোন কৰিলে...  হেল্ল' দীপু..

: কওঁক ভিনদেউ , 

: উৰ্মিয়ো মোৰ লগত যাব গতিকে তাই যদি তোমালৈ ফোন কৰে ৰিচিভ নকৰিবা.. ।

: বা আহিলে বৰ হুলস্থুল কৰিব , আপুনি নহলে বাহিৰে বাহিৰে ঘৰলৈকে গুচি যাব । দেউতাহঁত আহি আছে ন- বজাৰ আগতেই ডেডবডী ঘৰ পাই যাবগৈ । 

: বায়েৰা জানো মান্তি হ'ব..., হস্পিতালত সোমাই আই চি. ইউ. বাহিৰৰ পৰাই মাক এবাৰ দেখুৱাই আনিব লাগিব । 

: ভিনদেউ কথা এটা কওঁ বেয়া নাপাব..., 

: কোৱা দীপু,  কিয় বেয়া পামনো....!

: ভিনদেউ মোৰ হাতত একেবাৰেই পইচা নাই , দেউতাই অলপ যোগাৰ কৰি আনিছে । পাৰিলে আপুনিয়ো টকা কেইটামান লৈ আহিবচোন...!

: ঠিক আছে দীপু , তুমি চিন্তা নকৰিবা । আমি গৈ আছোঁ । এতিয়া ৰাখিছোঁ দিয়া । 

            দীপুৰ কথাটো শুনি অনিৰ মূৰত আকাশী সৰগখন খহি পৰা যেন লাগিল । মাকৰ কাজ হৈ যোৱা এমাহেই হোৱা নাই , বৰ বিপাঙত পৰিছিল অনি , কি কৰিব , কি নকৰিব একো ভাবি পোৱা নাছিল , সাঁচতীয়া বুলিবলৈ টকা বিশ হাজাৰ হাতত আছে , উৰ্মিয়ো মাক হবলৈ ওলাইছে , একেবাৰে হাতখালি কৰিবও নোৱাৰি..., ঘৰখন চলাবলৈয়োটো পইচা লাগিব ....., কথাবোৰ ভাবি থাকোতেই উৰ্মিয়ে মাত লগালে... অনি , তোমাৰ হ'ল নে...? সোনকাল কৰা মোৰ হৈ গ'ল ।

     উৰ্মিৰ মাতটো শুনি খৰখেদাকৈ গাটো ধুই  চাৰ্ট পেন্টযোৰ পিন্ধি ললে অনিয়ে... , গাখীৰ গৰম কৰি কাঁহৰ বাতি এটাত লুচিকেইখনৰ সৈতে টেবুলতে উলিয়াই দিলে উৰ্মিয়ে । .....অনি ! নাহা কিয়....? গাখীৰখিনি ঠাণ্ডা হৈ যাব...।

: গৈছোঁ উৰ্মি...,  

          জোৰকৈ মুখত মিচিকিয়া হাঁহি এটা লৈ অনি পাকঘৰলৈ সোমাই আহিল , কিন্তু উৰ্মিৰ চকুত অনি ধৰা পৰি গ'ল ......

: অনি , তোমাক বৰ চিন্তাত থকা দৰে লাগিছে যে...? দেউতাৰ কিবা হ'ল নেকি....

: নাই , সকলো ঠিকেই আছে ।  কি চিন্তা কৰিম নো মই....! চিন্তা কৰি জানো কিবা সমাধান উলিয়াব পাৰিম উৰ্মি....। 

: মোৰ এনেকুৱা লাগিছে কিয় অনি... তুমি যে মোৰ পৰা কিবা এটা লুকুৱাই ৰাখিবলৈ যত্ন কৰিছা...! 

: উৰ্মি...! তোমাৰ হাতত টকা অলপ ওলাব নেকি...?

: কিয় অনি....? 

: মাহঁতক চিকিৎসা কৰিবলৈ দীপুৰ হাতত ইমান টকা নাই , সেয়ে মোক টকা অলপ লৈ যাবলৈ কৈছে...

: সেইটো নো কি ডাঙৰ কথা অনি..., মোৰ হাতত দহহাজাৰমান আছে । দেউতাৰ ATM ৰ পিনটো মই জানো , গতিকে কাৰ্ডখন দেউতাৰ পৰা লৈ টকা অলপ উলিয়াই দীপুক দি থৈ আহিলেই হ'ল ।( Assamese Story )

: উম..., ঠিক আছে তেন্তে....! 

            পদূলিত গাড়ীখন ৰখাই বাব্লুৱে হৰ্ণটো বজাই দিলে , হৰ্ণটো শুনি অনিৰ্বাণ চকামকাকৈ শোৱাৰ পৰা উঠিল , ভিতৰলৈ পোহৰ আহিবলৈ খিৰিকী দুখন মেলি অনিৰ্বাণ বাহিৰলৈ ওলাই আহিল....., উৰ্মি, তোমালোক যাবলৈ ওলালাই নেকি...

: হয় দাদা , পাৰিলে ঘূৰি আহিম । গাড়ী আহিলেই আমি গৈ থাকোঁ দাদা ।লেও সি ফোনটো ৰিচিভ কৰি কথাটো কৈ দিলেই হ'ল.....

: উৰ্মি ,  কিয় ইমান অধৈর্য হৈছা । ধৈৰ্য ধৰা , দীপুৱে ডাক্তৰৰ লগত কথা পাতি থাকিবও পাৰে । 

: উম.... , সেইটো কথা পাহৰিছিলোঁৱেই । 

          গাড়ীৰ গ্লাছখন অলপ নমাই দিলে উৰ্মিয়ে , গছৰ সুৰুঙাইদি ৰ'দৰ ক্ষীণ পোহৰ আহি তাইৰ দুগাল চুমিবলৈ ধৰিলে...., বাহিৰৰ সেউজীয়া পৰিবেশ উপভোগ কৰি গৈ থাকোঁতেই প্ৰগতিৰ সন্মুখত গাড়ীখন ৰখাই দিলে । গাড়ীৰ পৰা নামি উধাতু খাই গৈ উৰ্মিয়ে কাউন্টাৰত দেউতাকহঁত ক'ত আছে খবৰ ললে..., তেনেতে ওলাই আহিল দীপু , ......বা , পালিহি ...., ভিনদেউ বৰমাক চাই ল'ব ব'লক...

: বলা দীপু , 

          আই. চি. ইউ.ৰ বাহিৰৰ পৰাই মাকক চালে উৰ্মিয়ে । মাকক তেনেকৈ শুই থকা দেখি উৰ্মি উচুপি উঠিল..., বা , কন্দা কটাখন নকৰিবিচোন । বৰমাৰ ভাল হৈ যাব....

: দেউতা.....! দেউতা....... ক'ত দীপু...? 

            নীৰৱে ৰ'ল দীপু , তই একো নকলি যে দীপু.... দেউতা ক'ত......? দেউতা..., দেউতা... বুলি কান্দি কান্দি অনিৰ বুকুৰ মাজত সোমাই পৰিল উৰ্মি...., পৰিস্থিতি আৰু বেয়া হয় বুলি ভাবি অনিয়ে উৰ্মিক গাড়ীত বহুৱাই দিলেহি । বাব্লুক অকণমান চাবলৈ কৈ দীপুক টকা দহ হাজাৰ টিপতে দি থৈ আহিল .... , অনি গাড়ীত উঠিবলৈ লওঁতেই খুড়াকে দেউতাকৰ ডেডবডীটো গাড়ীত উঠাবলৈ লৈ অহা দেখিলে , একো প্ৰতিক্ৰিয়া নেদেখুৱাই অনি গাড়ীত উঠিল । ......অনি..., দেউতা জীয়াই আছে নে...! তোমালোকে মোক মিছা কথা কৈ আছা নেকি....? দেউতা যদি জীয়াই আছে তেন্তে কিয় চাবলৈ দিয়া নাই.... অনর্গল কৈ গ'ল উৰ্মিয়ে । 

: উৰ্মি , দেউতাই অলপ বেছিকৈ আঘাত পাইছে সেয়ে আমাক চাবলৈ দিয়া নাই । দেউতাক দেখিলে আমি যদি কন্দা কটা কৰো দেউতাই নাৰ্ভাচ ফিল কৰিব । সেয়ে দেউতাক আছুতীয়াকৈ ৰাখিছে...., 

: মোৰ কিন্তু বৰ ভয় লাগিছে অনি...., দেউতাক মই বহুত ভাল পাওঁ....

: উৰ্মি ,তুমি এতিয়া সেইবোৰ চিন্তা নকৰিবাচোন , চকুহাল অলপ জপাই দিয়া আৰাম পাবা । 

        অনিৰ কান্ধত মূৰটো লাহেকৈ থৈ উৰ্মিয়ে চকুহাল জপাই দিলে । ফিৰফিৰীয়া বতাহজাকে উৰ্মিৰ দুচকুলৈ টোপনি নমাই আনিলে । টোপনিয়াই থাকোঁতেই উৰ্মিহঁত ঘৰ পালেহি..., কিন্তু উৰ্মিহঁত ঘৰ পোৱাৰ আগতেই চোতালত পৰি আছিল দেউতাকৰ নিথৰ দেহ ....., দৌৰি গৈ দেউতাকৰ গাৰ পৰা বগা কাপোৰখন আঁতৰাই দিলে উৰ্মিয়ে । তেজেৰে লুতুৰী পুতুৰি হৈ থকা দেউতাকৰ মুখখন দেখি ঠিৰেৰে থাকিব  নোৱাৰিলে । নিথৰ দেহাটোক সাৱটি দেউতা..... দেউতা.... বুলি কান্দি অচেতন হৈ পৰিল উৰ্মি ।
খুড়ীয়েক আৰু চুবুৰীয়া মানুহ দুগৰাকীমানে উৰ্মিক কোলাত তুলি মূৰত পানী অলপ দি কাজিনেমু অকণমান চেপি মূৰটো লাহে লাহে পিহি দিলে । ঘৰৰ চাবিকোচাও গাড়ীতে থাকিল । গ্ৰীলখনৰ তলাটো মৰিয়াই মৰিয়াই খুলি দিলে খুড়াকে...

: যোৱা অনি... চুৰিয়াখন পিন্ধি আহাগৈ...! জোঁৱাই আৰু পুত্ৰ সমতুল্য , গতিকে তুমিয়ে ককাইদেউৰ মুখাগ্নি কৰিব লাগিব...। 

: কিন্তু খুড়া , উৰ্মি মাক হবলৈ ওলাইছে । সেয়ে.....?

: মই বুজি পাইছোঁ...., শৱদাহ কৰাটো পবিত্ৰ কাম । ৰাইজে তুমি মুখাগ্নি কৰাটোহে বিচাৰিছে । ৰাইজেই ভগৱান বোপা... তুমি এবাৰ ভাবি চোৱা...
ৰাইজে নখ জোকাৰিলে নৈ বয়...

: ঠিক আছে খুড়া , ৰাইজে অনুমতি দিছে যেতিয়া ময়ে দেউতাৰ মুখাগ্নি কৰিম...., 


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
        কথাষাৰ কৈ দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'ল অনি..., দেউতাকৰ ৰূমটোলৈ সোমাই আলনাতে থৈ চুৰিয়া এখন পিন্ধি কান্ধত গামোচা এখন লৈ বাহিৰলৈ ওলাই আহিল..., গাত চেলেং কাপোৰখন নেদেখি খুড়ীয়ে দৌৰি ঘৰলৈ গৈ চেলেং এখন আনি অনিক দিলে ।অনিয়েও গাত চেলেংখন মেৰিয়াই উৰ্মিৰ কাষতে বহিল । চুবুৰীয়া ল'ৰাবোৰে বাহ কাটি চাঙীখন সাজিলে...., খুড়াকে খেৰৰ জুমুধিটো জ্বলাই অনিৰ হাতত দিলে ..... ব'লা , তুমি আগে আগে গৈ থাকা । ..... দেউতাকক দাঙি লোৱা দেখি উৰ্মি চুচা মাৰি গ'ল....., ঐ..., তহঁতে দেউতাক লৈ নাযাবি ঐ....! অ' দেউতা.... তুমি কিয় ইমান সোনকালে গুচি গলা...., দেউতা..., অঃ.....দেউতা......, আজিৰ পৰা কাক দেউতা বুলি মাতিম ঐ.......... উৰ্মিৰ কান্দোন শুনি কোনো ৰ'ব নোৱাৰিলে..., চুবুৰীয়া সকলোৱেই দুখত চকুপানী তুকিলে....

     ক্ৰমশঃ.....

Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages