নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩৮) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 5, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩৮) : Assames story

       

Assamese Story

ভাত কেইটা খাই নিৰাহঁত যাবলৈ ওলাল , হঠাৎ ফৰকাল আকাশখন  কলীয়া ডাৱৰে ছানি ধৰিলে , পশ্চিমৰ পৰা পূবলৈ এজাক পাতল বতাহ ব'বলৈ ধৰিলে...., আকাশত ৰামধেনু ওলাইছে , আকাশত উৰি থকা বগলীজাক বতাহে বহু দূৰলৈ আঁতৰাই লৈ গৈছে..., মা , বতৰটো বৰ বেয়া কৰি আহিছে , একো অসুবিধা নহয় যদি থাকিয়েই দিয়া ..., ( Assamese Story )

: অ'... মা , উৰ্মিয়ে ঠিকেই কৈছে , দেউতা ৰাতিটো কষ্টই মষ্টই ইয়াতে কটাই ৰাতিপুৱাই যাবগৈ.... ,  অনিমেষে ক'লে...., 

: নালাগে অনি, বেলেগ এদিন থকাকৈ আহিম দিয়া , এতিয়া যাওঁ দেই ....,  অনিৰ্বাণ ... মৃণালিনী আহিছোঁ দেই...., এদিন যাবা তোমালোক দুয়ো ।  কথাষাৰ কৈ নিৰা ওলাই গ'ল বাহিৰলৈ..., অনিৰ্বাণ , উৰ্মি আৰু অনিমেষে পদূলিলৈকে মাক দেউতাকক অলপ আগবঢ়াই দিলে ...., দীপু , তই বৰমাৰৰ লগত বঢ় , মই আগতে উঠোঁ । 

: ঠিক আছে বর্তা , বা, ভিনদেউ , দাদা আহিছোঁ দেই...

: বাই... বাই ....., দীপু, মা ঘৰ পাই ফোন কৰিবা , দেউতা ঔষধখিনি সময়মতে খাই থাকিবা...., 

         গাড়ীখন নেদেখা হোৱালৈকে উৰ্মি পদূলিতে ৰ'ল, হু - হুৱনী শব্দ এটা শুনি উৰ্মিয়ে বৰষুণ আহিব বুলি ভাবিয়ে বাহিৰত মেলি থোৱা কাপোৰখিনি চপাই ভিতৰলৈ সোমাই গ'ল .... মৃণালিনীৰ কাপোৰ কেইটা আলনাতে জাপি নিজৰ কাপোৰ কানি কেইটা বিচনাতে পেলাই অলপ আৰাম কৰিম বুলি বিচনাত বাগৰ দিলে । আকাশত ঘনে ঘনে মেঘৰ গর্জন , চকু ছাঁত মাৰি ধৰা বিজুলীৰ পোহৰ , কিছুসময়ৰ পাছতেই ধাৰাসাৰ বৰষুণ , বতাহজাকো ক্ৰমান্বয়ে বেছি হৈ আহিল , বিচনাৰ পৰা নামি উৰ্মিয়ে দুৱাৰ খিৰিকীবোৰ জপাই দিলে..., গোটেই পৃথিৱীখন  আন্ধাৰ হৈ পৰিছে , প্ৰায় এঘন্টামান সময় ধাৰাসাৰ বৰষুণ আৰু বতাহ , উৰ্মিৰ বৰ ভয় লাগিছে..., দেউতাকহঁত ওলাই যোৱা বেছি সময় হোৱা নাই , ফোন কৰিলেও বতাহৰ হু - হুৱনীত একো শুনা নাপায় , উৰ্মিৰ মনৰ ভিতৰত একুৰা জুই দপদপকৈ জ্বলিব ধৰিছে । শান্তিৰে ক'তো বহি থাকিব পৰা নাই , ইটো ৰূমৰ পৰা সিটো ৰূমলৈ অহা যোৱা কৰি আছে , চাওঁতে চাওঁতে সন্ধিয়া লাগিল...., বৰষুণজাক অলপ পাতল হৈছিল , চেগ বুজি উৰ্মিয়ে ৰূমকেইটা ঝাৰু দি গাটো তিয়াই গোসাঁইঘৰত সোমাল , কপাঁহৰ গুটি কেইটা গুচাই শলীতাডাল বতী বন্তীগছ ঠিক কৰি জুইশলা কাঠিটো মাৰি চাকিগছ জ্বলাই দিলে , ঢিমিক ঢামাক কৰি চাকিগছ নুমাই থাকিল , গোসাঁইঘৰৰ দুৱাৰখন জপাই বহু চেষ্টা কৰি চাকিগছ আকৌ জ্বলাই দিলে ,  থাপনাখনলৈ চাই সেৱা কৰি হাতত ধূনাৰ বাতিটো লৈ দুৱাৰখন জপাই উৰ্মি ওলাই আহিল...., ঘৰখনৰ প্ৰতিটো ৰূমতে ধূনাৰ বাতিটো ঘূৰাই দীঘলকৈ হুমুনিয়াহ এটা এৰি বাৰাণ্ডাৰ চকীখনতে ধমহকৈ বহি দিলে....., হাত -ভৰি কেইটা ধুই অনিয়ো ভিতৰলৈ সোমাই আহিল , চকীখনত মন মাৰি উৰ্মিক বহি থকা দেখি অনি বৰ আচৰিত হ'ল...... উৰ্মি, কি হ'ল ...? এনেকৈ আমন জীমনকৈ বহি আছা যে....! 

: অনি , বৰ ভয় লাগিছে , আজি বৰ ডাঙৰ ঘটনা এটা হ'ল...

: আকৌ কি হ'ল উৰ্মি....? 

: গোঁসাইঘৰৰ চাকিগছ হঠাৎ নুমাই থাকিল...,বহু চেষ্টা কৰি জ্বলাই থৈ আহিছোঁ ....।

: উৰ্মি  , বাহিৰত বতাহ মাৰি আছিল সেয়ে চাকিগছ নুমাই থাকিল । সেইটোনো কি ডাঙৰ কথা...

: অনি , আজিলৈকে তেনেকুৱা হোৱা নাই...!

: উৰ্মি....! তুমি মিছাতেই চিন্তা কৰিছা...., যোৱা মন মাৰি থাকিব নালাগে..., চাহ অকণ কৰি আনাগৈ..., 

: ঠিক আছে তুমি বহা , মই চাহ কৰোগৈ.....

            উৰ্মিয়ে যেন নিজৰ মনটোকে বুজাব পৰা নাই...., ক'ৰবাত নিশ্চয় কিবা এটা অমঙ্গল হৈছে......,  মাহঁতৰ কিবা বিপদ হোৱা নাইটো..! নাই , মাহঁতৰ একো হোৱা নাই..., কি যে কথাবোৰ ভাবিছোঁ নহয়....! হে ভগৱান....! মাহঁতক কুশলে ৰাখিবা....., কথাবোৰ ভাবি ভাবিয়ে উৰ্মিয়ে চাহখিনি বাকি বাৰাণ্ডালৈকে উলিয়াই আনিলে...., চাহখিনি ভগাই ফ্ৰীজৰ পৰা মিঠাই কেইটা উলিয়াই আনি মৃণালিনীক মাত লগালে...

: বৌ...., চাহ খাই লওঁকহি...., 

: গৈছোঁ উৰ্মি...,  ভিতৰৰ পৰাই চিঞৰি কলে মৃণালিনীয়ে । 

             মিঠাইটো খাই চাহ খাবলৈ লওঁতেই উৰ্মিৰ ওকালি আহিল...., অক-অকাই উৰ্মি বাহিৰলৈ ওলাই গ'ল । অনিৰ্বাণে অনিমেষলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিলে....  ৰহ লাগি কি চাই আছ...! উৰ্মি মাক হ'বলৈ ওলাইছে....। ( Assamese Story )

: দাদা , তই এইবোৰ কি কৈছ...? 

: উম..., সচাঁকৈ কৈছোঁ , বহি থাকিব নালাগে উৰ্মিৰ ওচৰলৈ যা...।     ককায়েকৰ কথামতেই উৰ্মিৰ কাষলৈ উঠি গ'ল অনিমেষ....., 

          ...... অনিৰ্বাণ , কোন মাক হ'বলৈ ওলোৱাৰ কথা কলে আপুনি...? 

: উৰ্মি , উৰ্মি মাক হবলৈ ওলাইছে....। 

: আপুনি সচাঁকৈ কৈছে নে....? 

: উম..., সঁচাকৈয়ে...,   

           টেবুলৰ পৰা চাহৰ কাপটো লৈ মৃণালিনীয়ো অনিৰ্বাণৰ কাষতে বহিল , লাজ লাজকৈ সোমাই আহিল উৰ্মি...., ..... Congratulations উৰ্মি..., ভাল লাগিল কথাটো শুনি...., 

: ধন্যবাদ বৌ ,  মিঠা হাঁহি এটা মাৰি উৰ্মিয়ে কলে.. 

: ভাইটি , এতিয়াৰ পৰা তোমাৰ দায়িত্ব বাঢ়িল..., এনেয়ে দেউতাক হ'বলৈ নোপোৱা....! যোৱা উৰ্মি তুমি অকণমান আৰাম কৰাগৈ..., 

        উৰ্মিয়ে বিচনাখনত বাগৰ দিবলৈ লওঁতেই ফোনটো বাজি উঠিল...., দীপুৱে ফোন কৰিছে... ভয়ে ভয়ে উৰ্মিয়ে ফোনটো ৰিচিভ কৰিলে... 

: হেল্ল'...! দীপু ভালে ভালে পালিগৈ নে....?

: বা...., বৰ ডাঙৰ কথা এটা হ'ল....! 

: কি হ'ল দীপু...? 

: মানে....., বা....., আমি আহি থাকোঁতে বাটতে এক্সিডেণ্ট এটা হ'ল....

: সকলো ঠিকেই আছে নে দীপু...? 

: ড্ৰাইভাৰজন থিতাতে নিহত হ'ল....., বৰদেউতাৰ কণ্ডিছনটোহে বৰ ভাল নহয় বা , চৌব্বিশ ঘন্টা সময় দিছে  ডাক্তৰে , বৰমায়ে অলপ আঘাত পাইছে , আই.চি.ইউ.ত এডমিট কৰিছে । মই হাতত আৰু ভৰিত অলপ দুখ পাইছোঁ , হলেও মই ঠিকেই আছোঁ বা...., 

: দীপু..... বুলি চিঞৰ এটা মাৰি উৰ্মি মাটিত ঢলি পৰিল....... উৰ্মিৰ চিঞৰটো শুনি অনিমেষ আৰু অনিৰ্বাণ উধাতু খাই সোমাই আহিল...., উৰ্মি...., উৰ্মি....., একো মাতবোল নাই..., দুয়োটাই ধৰি উৰ্মিক বিচনাত শুৱাই দিলে..., সাউৎকৈ পাকঘৰলৈ গৈ পানী অকণ আনি উৰ্মিৰ মুখত চটিয়াই দিলে....., পানীখিনি মুখত চটিয়াই দিয়াৰ লগে লগেই উৰ্মি উচপ খাই উঠিল...., জোৰ কৰি চকুদুটা মেলি , ৰূমটোৰ চাৰিওফালে এবাৰ চালে..., তেনেতে আকৌ উৰ্মিৰ ফোনটো বাজি উঠিল..., অনিয়ে ফোনটো ৰিচিভ কৰি বাহিৰলৈ ওলাই আহিল... হেল্ল' , দীপু কোৱা...!

: ভিনদেউ..., বৰদেউতা আৰু নাই..., অলপ আগতে ঢুকাই থাকিল..., 

: কি...? কিন্তু কেনেকৈ....? 

: বা'ক সকলো কথা কৈছোঁ ভিনদেউ...!

: অ'..., উৰ্মি সেয়ে অচেতন হৈ পৰিল চাগৈ...! বাৰু...!  মাৰ কেনে দীপু...? 

: ভিনদেউ বৰমায়ে এইবোৰ একো নাজানে , আই .চি.ইউ.ত আছে....., 

: দীপু তোমালোক ক'ত আছা এতিয়া...?

: আমি প্ৰগতিতে আছোঁ...

: ঠিক আছে দীপু, মই গৈ আছোঁ..

: এতিয়া আহিব নালাগে ভিনদেউ , ৰাতিপুৱাই আহিব..., 

: হ'ব মই ৰাতিপুৱাই যাম...., 

            কথাষাৰ কৈ অনিয়ে ফোনটো কাটি দিলে..., উৰ্মিয়ে ঠিকেই কৈছিল...! গোসাঁইঘৰৰ চাকিগছ এনেয়ে নুমাই যোৱা নাছিল...! এইয়া আছলতে বিপদৰ আগজাননী দিছিল ভগৱানে...!  কথাবোৰ ভাবি মূৰে কপালে হাত দি অনিমেষ বাৰাণ্ডাৰ চকীখনতে বহি আছিল... , তেনেকৈ বহি থকা দেখি মৃণালিনী আচৰিত হ'ল...., সুধো নুসুধো কৈ লাহেকৈ অনিক মাত লগালে.... ভাইটি...! কি হ'ল এনেকৈ বহি আছা যে....? 

: বৌ, বৰ ডাঙৰ কথা এটা হ'ল ...! উৰ্মিৰ দেউতাক এক্সিডেণ্ট হৈ ঢুকালে ..., দীপুৱে ফোন কৰিছিল ।

: কি....? খবৰটো শুনি পেটে পেটে যেন ভালেই পালে মৃণালিনীয়ে । .....ইস:.... ইস:.... খবৰটো শুনি বৰ বেয়া লাগিল , ভাল খবৰটো পোৱা কিমান সময়নো হৈছিল নো....! আহিলেই নহয় বেয়া খবৰটো...! ভাইটি তুমি অলপ সাৱধানে চলিবা....  কথাষাৰ কৈ মৃণালিনী কো কোৱাই পাকঘৰলৈ সোমাই গ'ল......,  মৃণালিনীৰ কথাষাৰে অনিক আকৌ ভাবুক কৰি তুলিলে....., বৌয়ে মোক কিয় সাৱধানে থাকিবলৈ কৈ গ'ল....! উৰ্মি মাক হ'বলৈ ওলোৱাটো বৌয়ে অমঙ্গলৰ চিন বুলি ইঙ্গিত দিয়া নাইটো.....! 

          ক্ৰমশঃ....... 
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages