পূবৰ আকাশত ৰাঙলী বেলি লাহে লাহে উঠি আহিল , খৰখেদা কৰি কামবোৰ কৰি নিৰা আইনাৰ সন্মুখত বহিল । চুটি চুলিকোচা ভালদৰে আচুৰী অলপ ওপৰলৈ তুলি একোছাকৈ বান্ধিলে ( Assames story )। মুখত ক্ৰীম অলপ ঘঁহি চকুযুৰিত সুন্দৰকৈ কাজল বুলালে , ওঁঠত পাতল লিপষ্টিক অকণ ঘঁহি কাপোৰযোৰৰ লগত মিলাকৈ নীলা ফোঁট এটা কপালত লগাই ললে । কাপোৰযোৰ পিন্ধি হাতৰ আঙুলি কেইটাত অলপ নেইলপলিচ লগাই ললে , সাজোন কাচোন কৰি থাকোঁতেই চেইনডাল পিন্ধিবলৈকে পাহৰিলে....., গাড়ীৰ গ্লাছখনত ডিঙিটো খালি হৈ থকা দেখি গাড়ীৰ পৰাই চিঞৰিলে উৰ্মিৰ দেউতাকক ....... শুনিছেনে...! মোৰ চেইনডাল টেবুলতে থাকিলে লৈ আহকচোন..., মই নামি নাযাওঁ , গাড়ীত বহিলোঁ ।
: মাইকী মানুহৰ এই স্বভাৱটোৱে বৰ বেয়া , সাজোন কাচোন কৰোতেই আধা ঘণ্টাৰ ওপৰত সময় ললা , তথাপিও কিবা এটা থাকি যাবই ।
: দীপু...., হল নে আহ , আমাৰ হৈ গল...., নিৰাই মাতলগালে দীপুক ।
মুখৰ ভিতৰতে কিবা এসোপা ভুৰভোৰাই গ্ৰীলখনত তলাটো লগাই উৰ্মিৰ দেউতাক ওলাই আহিল আৰু গেটৰ তলাটো লগাই নিৰাৰ কাষতে বহিল... লোৱা , এইডাল পিন্ধি লোৱা... নহলে মাজনীয়ে তোমাক চিনিয়ে নাপাব....!
: তোমাৰ এই ঠাট্ৰা কৰা স্বভাৱটোৰ বাবেই মোৰ খং উঠে...।
: দীপু তই আগৰ চিতটোতে বহ , ড্ৰাইভাৰ অলপ লাহে লাহে চলাব , দীপু ভাল মিঠাইৰ দোকান দেখিলে গাড়ীখন ৰখাবলৈ কবি...., গ্লাছখন অলপ খুলি দিলে দীপুৱে , ফিৰফিৰিয়া বতাহ এজাক সোমাই আহিল ভিতৰলৈ....., মোবাইলটো হাতত লৈ লিৰিকি বিদাৰী থাকোঁতেই দীপুৰ ফোনটো বাজি উঠিল ....., উৰ্মিয়ে ফোন কৰিছে । .... বৰদেউতা বায়ে ফোন কৰিছে...,
: ৰিচিভ কৰ , আমি গৈ আছোঁ বুলি কৈ দে....,
: ঠিক আছে বৰদেউতা , দীপুৱে ফোনটো ৰিচিভ কৰিলে , হেল্ল'... বা আমি আহি আছো ...,
: অ'... হয়নেকি...! ঠিক আছে আহি থাক , আহিছ নে নাই জানিবলৈ হে ফোন এটা কৰিছিলোঁ ।
: ঠিক আছে বা , অলপ সময় পাছত আমি পাই আছোঁ । তই খানা ৰেডী কৰি থৈ দে...
: হ'ব , পাইলহিছোন আগতে ..., ৰাখিছোঁ দে এতিয়া ।
ফোনটো কাটি দিলে উৰ্মিয়ে , ....বৰ ডাঙৰ কথা হ'ল , দেউতাহঁত পাবহিয়ে এতিয়া , বৌক কেনেকৈ বুজাওঁ , ইমান ভলীয়াম দি গান লগাইছে..., হে ভগৱান...! যি হয় হ'ব বৌক কথাটো এবাৰ কৈ চাওঁ......, কথাবোৰ ভাবি উৰ্মি লাহেকৈ মৃণালিনীৰ ৰূমলৈ সোমাই গ'ল .….. বৌ ,
: কোৱা উৰ্মি...?
: বৌ , মাহঁত আহি আছে , অলপ সময় পাছত পাবহি..., ইমান ডাঙৰ কৈ গান শুনাতকৈ ভলীয়ামটো অলপ কমাই লওঁক । মা ঢুকুৱাৰ এমাহেই হোৱা নাই...., এনেকৈ গান শুনিলে ওচৰৰ মানুহবোৰে কি ভাবিব ...?
: সাপৰ ভয়ত এতিয়া পুখুৰী নাখান্দিলেহে হ'ব...! মৰাবোৰ মৰি গ'ল কিন্তু মৰাবোৰৰ লগত জীয়াই থকাবোৰটো মৰি যাব নোৱাৰোঁ..., মনটো বেয়া লাগি আছে সেয়ে গান শুনি আছোঁ..., এতিয়া মই এটা কথা ভাবিছোঁ .....! আচলতে মই এইখন ঘৰৰ বোৱাৰী হয় নে নহয়........? এই ঘৰখনত মোৰ একো অধিকাৰ নাই নেকি....! প্ৰতিটো কথাতেই তুমি ভুল ধৰা যে....?
: বৌ , মই আপোনাক ভুল ধৰা নাই , মাত্ৰ ভলীয়ামটো অলপ কমাই দিবলৈহে কৈছোঁ । যাতে ওচৰৰ মানুহখিনিৰ অশান্তি নহয়...
: চিধা চিধিকৈ কৈ দিয়া যে চুবুৰীয়াৰ লগতে তোমাৰো অশান্তি হৈছে ।
: হয় , মোৰো অশান্তি হৈছে...,
: তুমি কথাষাৰ চুবুৰীয়াক লেটিয়াই কওঁতেই মই জানিছিলোঁ যে অশান্তি তোমাৰহে হৈছে চুবুৰীয়াৰ নহয় , আৰু শুনা উৰ্মি.... তোমাৰ কি ৰান্ধিব লগা আছে ৰান্ধি লোৱা , বাৰ বজাৰ পৰা পাকঘৰত মই সুমাম .....
: বৌ , আজি সকলোলৈকে ভাত ময়ে ৰান্ধিম , মাহঁতৰ লগত ভাত কেইটা একেলগে খাম ,
: নালাগে উৰ্মি , এদিন এসাঁজ একেলগে খাই কি লাভ হ'ব । বেলেগ কৈ খাম বুলি সিদ্ধান্ত ললোঁ যেতিয়া এতিয়া আৰু মই সিদ্ধান্ত সলনি কৰিব নোৱাৰো , বেয়া নাপাবা । মাহঁতক মোৰ গা ভাল নাই বুলি ক'বা....!
উৰ্মি...., উৰ্মি..., পানী এগিলাচ লৈ আহাচোন ....! বিৰাট গৰম পৰিছে দেই..., চোতালৰ পৰাই উৰ্মিক চিঞৰিলে অনিমেষে । অনিমেষৰ মাতটো শুনি উধাতু খাই ওলাই আহিল উৰ্মি..., পালাহি....! ৰ'বা মই নেমুপানী অকণ আনি দিছোঁ ।
: উৰ্মি , ইমান হাই ভলীয়াম দি কোনে গান শুনিছে...?
: বৌয়ে...., একো নকবা অনি..., যি কৰে কৰি থাকক , তুমি কাপোৰ কেইটা সলাই হাত মুখ কেইটা ধুই লোৱা , মাহঁত পাবহিয়ে ,
গছৰ পৰা কাজীনেমু এটা আনি চেপা মাৰি টেঙা পানী এগিলাচ আনি দিলে অনিক..., পদূলিত গাড়ী এখন ৰখোৱা শুনি উৰ্মি উধাতু খাই ওলাই গ'ল .....,
...... দুগালে দুধাৰী চকুলো বোৱাই
বাইদেউৱে কান্দিছে কি নো মোৰ কপাল
সৰুৰ পৰা মায়ে মোক ডাঙৰ কৰিলে
এতিয়া দেউতাই মোক লোকক দান দিলে
গছৰ ডাল ভাগিব গুটিৰে ভৰত
দেউতাৰ ঘৰ ভাগিব সৰু জীৰ লগত ।।
গাড়ীখনৰ শব্দ শুনিয়েই মৃণালিনীয়ে চিঞৰি চিঞৰি বিয়ানাম জুৰিলে , মৃণালিনীৰ কাণ্ড দেখি উৰ্মিৰ বৰ খং উঠিছিল , মাকহঁতৰ আগত লাজ পাইছিল.... , পালাহী মা, ব'লা দেউতা , দীপু আহ । জানানে মা গৰমটোৰ কাৰণে আজি ধুনু শোৱাই নাই , বৌয়ে গান গাই গাই ভাগৰি গৈছে , কিন্তু ধুনুৰ টোপনি নাই..., সেয়ে বৌয়ে বিয়ানাম গাইছে । দেউতাকহঁতৰ সন্মুখত মিছাকৈয়ে কলে উৰ্মিয়ে ।
ড্ৰয়িং ৰূমতে বহিবলৈ দি উৰ্মি ভিতৰলৈ সোমাই গৈ ঠাণ্ডা পানী তিনিগিলাছ আনি মাকহঁতলৈ আগবঢ়াই দিলে , .... উৰ্মি , ধুনু টোপনি যোৱা নাই যদি তাক এবাৰ লৈ আহাচোন...! দেখাই নাই নহয়...! উৰ্মিৰ মাকে কলে , মাকৰ কথাটো শুনি উৰ্মিৰ বুকুখন চিৰিং কৰি উঠিল , ...... কি বুলিনো কওঁ বৌ'যে খঙত অগ্নিশর্মা হৈ আছে ..., কথাটো ভাবি উৰ্মি লাহেকৈ ভিতৰলৈ সোমাই গ'ল , মৃণালিনীয়ে ৰূমতে সোমাই কাণত হেডফোন লগাই গান শুনি বিচনাতে বাগৰি আছে । ভয়ে ভয়ে উৰ্মিয়ে পৰ্দাখন লাহেকৈ দাঙি ৰূমটোলৈ সোমাই গ'ল ..... কি হ'ল চোৰৰ দৰে মনে মনে আহিছা যে...! মই তোমাক কৈছিলোঁ নে নাই , মোৰ ৰূমলৈ সোমোৱা আগতে অনুমতি ল'বলৈ...! কিয় পাহৰি গলা ....?
: sorry বৌ , আপুনি গান শুনি থকাৰ বাবেই আপোনাক মাত দিয়া নহ'ল.., মাহঁতে ধুনুক চাব বিচাৰিছে.... সেয়ে ধুনুক নিবলৈ আহিছিলো...., লাহেকৈ কলে উৰ্মিয়ে ।
: ধুনুক জলপান খোৱাব সময় হ'ল , এতিয়া উলিয়াই নিব নালাগে...., জলপানকণ খোৱাই মই নিজেই উলিয়াই নিম , তুমি যোৱা...,
: বৌ , আপোনাৰ জলপানকণ বনাই হয় মানে ধুনুক মই লৈ যাওঁ.....
: মই নালাগে বুলি কৈছোঁ নহয়..., অসমীয়াত কথা কলে তুমি বুজি নোপোৱা নেকি....?
: ঠিক আছে বৌ , ধুনুক জলপান খুৱাই মাহঁতক মাত এষাৰ দিব । আপুনি কিবা কথাত আমাক বেয়া পাইছে বা ভুল বুজি আছে , মাহঁতেটো আপোনাক একো কোৱা নাই..., মই আপোনাক হাতযোৰ কৰিছোঁ মাহঁতক মাতষাৰ দিব । কথাষাৰ কৈ চাদৰৰ আচলেৰে চকুলো মচি ওলাই গল ড্ৰয়িং ৰূমলৈ..... মা, ধুনুক জলপান খুৱাই আছে , মই অনিক মাতি দিওঁ , দীপু বহচোন দেই মই চাহ কৰোগৈ ।
উৰ্মি চাহ কৰিবলৈ পাকঘৰলৈ সোমাই গ'ল , চাহৰ চ'চটো তুলি দি তাই ভাবিবলৈ ধৰিলে ... বৌয়ে যদি মাহঁতক মাত এষাৰ নিদিয়ে বৰ ডাঙৰ কথা হ'ব ...! দাদাও ঘৰত নাই ..., ঘৰৰ মান সন্মান আজি সকলো শেষ হৈ যাব ....., কথাবোৰ ভাবি থাকোতেই মৃণালিনী সোমাই আহিল পাকঘৰলৈ ....উৰ্মি , মাহঁতক চাহ দিলা নেকি....?
: নাই দিয়া বৌ , বাকিব লৈছোঁ...
: তুমি বাকি দিয়া , মাহঁতক চাহকন ময়ে দি আহোঁ...!
....... মৃণালিনীৰ কথা শুনি উৰ্মি আচৰিত হ'ল.... হঠাৎ বৌ সলনি হ'ল যে...! একো গণ্ডগোল নকৰেটো...? ..... উৰ্মি একো নকলা যে....? নে মই চাহ দিলে তুমি বেয়া পাবা...!
: কিয় বেয়াপামনো বৌ...! ৰ'ব মই চাহখিনি বাকি দিছোঁ আপুনি দিবগৈ ।
উৰ্মিয়ে বাকি দিয়া চাহখিনি ধুনীয়াকৈ ট্রেখনত সজাই মৃণালিনী ওলাই গ'ল ড্ৰয়িং ৰূমলৈ...., বহিছে নে....? কেতিয়া আহিলে....? উৰ্মিয়ে আকৌ আপোনালোক অহাৰ কথা মোক কোৱাই নাই নহয় ... , চাহ বনাই থাকোঁতেহে কৈছে আপোনালোক অহাৰ কথাটো... , বেয়া নাপাব দেই ..., নিজৰেই লাজ লাগিছে , ইমান সময় হ'ল অথচ মই গমেই নাপাওঁ .... অনর্গল কৈ গল মৃণালিনীয়ে । দেউতাৰ গা বেয়া বুলি শুনিছিলোঁ ..., এতিয়া অলপ ভাল পাইছে নে...?
: এতিয়া ভালেই ,
: আপোনালোকে চাহ খাওকচোন..., দীপু ভালে আছা...?
: ভালেই আছোঁ বৌ.., আপোনাৰ ...?
: ভাল , ভাল , উৰ্মি ...., উৰ্মি..., ধুনুক লৈ আহাচোন...! চিঞৰি কলে মৃণালিনীয়ে । মৃণালিনীৰ মাতষাৰ শুনি উৰ্মিয়ে ধুনুক উলিয়াই আনিলে বাহিৰলৈ...., মা..., এইটো আমাৰ ধুনু..., লোৱা....! নিৰালৈ আগবঢ়াই দিলে উৰ্মিয়ে...,
: বৰ মৰম লগা দেই ....., বেগটো খুচৰি পাঁচশ টকীয়া নোট এখন হাতত গুজি দিলে নিৰাই..., আইতাৰে নো আৰু কি দিম...., এইটোকে দিছোঁ দেই ধুনু....,
আপোনালোক বহকচোন মই ভাতত লাগোগৈ.., কথাষাৰ কৈ ওলাই গল মৃণালিনী...., মাজনী বহচোন , তোক ভাল খবৰ এটা দিবলৈ আছে...
: কি খবৰ দেউতা...?
: মোৰ ছোৱালী সচাঁকৈ ডাঙৰ হ'ল , সঠিক সিদ্ধান্ত ল'ব পৰা হ'ল....,
: মই একো বুজা নাই দেউতা...!
: বাগান দুখনৰ দায়িত্ব দীপুক দি তই ভালেই কৰিলি , বৰ নিয়াৰিকৈ কামবোৰ কৰিছে । তাৰ কৰ্মস্পৃহা দেখি মোৰ ভাল লাগিছে.., সেয়ে বাগান দুখনৰ দায়িত্ব কালিৰে পৰা তাৰ ওপৰত এৰি দিলোঁ...
: তুমি সঁচাকৈয়ে কৈছা নে দেউতা...!
: সচাঁকৈ কৈছোঁ মাজনী ,
: congratulations দীপু , তই কিন্তু মোক পাৰ্টি দিব লাগিব দেই...., দেউতাকৰ কথাটো শুনি উৰ্মিৰ মুখত আনন্দৰ হাঁহি বিৰিঙি উঠিল...,
: নিশ্চয় দিম বা , তই চিন্তাই নকৰিবি..., ভিনদেউ নাই নেকি... দেখা নাই যে ...?
: ঘৰতে আছিলে ক'ত গল জানো ..., তোমালোক বহাচোন..., মা ইয়াত বেয়া পাইছা মোৰ ৰূমলৈকে যোৱা....,
: মই পাকঘৰলৈকে যাওঁ..., ভতিজাক বৰ্তাক বহি থাকক ।
উৰ্মিৰ লগতে নিৰাও পাকঘৰলৈ সোমাই গ'ল, হাতত কতাৰীখন লৈ কিবাকিবি ভাবি মৃণালিনীয়ে পাচলি কাটি আছিল , ..... মা , আপুনি ইয়াত বহিব নালাগে মোৰ ৰূমতে বহকগৈ..., বৰ মিঠাকৈ কলে মৃণালিনীয়ে । ব'লক মা মোৰ ৰূমতে বহিব , কটা বচা সকলো হ'লেই যেতিয়া উৰ্মিয়ে ভাতকেইটা ৰান্ধিব ...., 
: ব'লা, মাজনী তই কামত লাগ , মই নবৌয়াৰ লগতে কথা পাতোঁ ,
: ঠিক আছে মা যোৱা....,
অনিটো যে ক'ত গল নহয় ..., বৌয়ে এতিয়া মাক কি ক'ব একো ঠিক নাই..., বৌক কিবা এটা কামত ব্যস্ত কৰি ৰাখিব পৰা হ'লে...., কথাবোৰ ভাবি থাকোতেই উৰ্মিৰ মনত এটা বুদ্ধি খেলালে, তাই নিজৰ আঙুলিটোত চুৰিখনে সামান্য ৰেপি তেজ উলিয়াই চিঞৰি দিলে.... নবৌ..., এইফালে আহকচোন......! মোৰ আঙুলিটো কাটিলে....
উৰ্মিৰ চিঞৰ শুনি নিৰা উধাতু খাই আহিলে..., কি হ'ল মাজনী...,
: চোৱাচোন বৰ বেয়া কৈ আঙুলিটো কাটিলে , তেজ ওলায়ে আছে...,
: বেছিকৈ কাটিলে নেকি উৰ্মি...? ধুনুক কোলাত লৈ মৃণালিনী সোমাই আহিল । চাওঁ , চাওঁ... , উসঃ..! বৰ বেয়াকৈ কাটিলে দেখুন ,
: বৌ , মই দেখুন গোটেইখন ধোঁৱা ধোঁৱা দেখিছোঁ...
: মাজনী, নিৰাই ধৰি ধৰি উৰ্মিক ৰূমলৈ লৈ গ'ল....
মোৰ সকলো প্লেন বৰবাদ কৰি দিলে উৰ্মিয়ে, এতিয়া মই মৰিব লাগিব...., ইমান সুন্দৰকৈ প্লেনটো কৰিছিলোঁ , ছেঃ...! সকলো বৃথা হ'ল ,
ক্ৰমশঃ......
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment