নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩৬) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 3, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩৬) : Assames story

       

Assamese Story

 গোসাঁইঘৰত চাকিগছ জ্বলাই নিৰা বাৰাণ্ডাতে বহিল ,  হাতত হিচাপৰ বহিখন লৈ উৰ্মিৰ দেউতাকো নিৰাৰ কাষতে বহিল , 

: .....নিৰা,

: কওঁক.., ৰৈ দিলে যে....!

: উৰ্মিয়ে সঠিক সিদ্ধান্ত এটাই ললে...., এইয়া চোৱা..., দীপুৱে কামবোৰ বৰ নিয়াৰিকৈ কৰিছে.., বাগান দুখনৰ দায়িত্ব একেবাৰে দিপুকেই গতাই দিম বুলি ভাবিছোঁ...,

: আপুনি বলিয়া হৈছে নেকি.....!

: বলিয়া হোৱা নাই , মোৰ চকু মেল খাইছে , মোৰ বিশ্বাস দীপুৱে ভৱিষ্যতেও বাগান দুখন নিয়াৰিকৈ পৰিচালনা কৰিব পাৰিব...., কম দিনৰ ভিতৰতে দীপুৱে সকলোৰে মন জয় কৰিছে...., গতিকে মই এইবোৰত মিছাতেই মূৰ ঘমোৱাতকৈ ঘৰতে বহি বহি অলপ আৰাম কৰিম...

: কথাবোৰ আপুনি এবাৰ আকৌ ভাবি চাব ...., 

: ভাবিবলৈ আৰু কি টো আছে..., বহুত ভাবি চিন্তিহে মই কথাটো তোমাক কৈছোঁ । লাভৰ পঞ্চাছ শতাংশ দীপুৰ আৰু পঞ্চাছ শতাংশ মোৰ হ'ব , আৰু তাৰে আধা উৰ্মিৰ নামত আছুতীয়াকৈ জমা কৰি থম । 

: বাপেক জীয়েকৰ মূৰত যে কি পোকটো সোমালে ভগৱানহে জানে......! 

: দীপুক বাগানৰ দায়িত্ব দিয়াৰ বাবে তুমি যদি বেয়া পাইছা , তেন্তে তুমিয়ে বাগান দুখনৰ দায়িত্ব লৈ লোৱা...., 

: যি কৰে কৰক , পাছত লোকচান হ'লে মোক নকব..., 

: হ'ব , হ'ব এতিয়া যোৱা অলপ কাঢ়া কৈ গাখীৰ চাহ একাপ বনাই আনা .....

         উচাত মাৰি উঠি গল নিৰা , বহিখন লিৰিকি বিদাৰী থাকোঁতেই দীপু ওলালহি.... বৰ দেউতা মোক মাতিছিলে.... 

: হয় , মাতিছিলোঁ, বহচোন...., তোৰ লগত কথা কেইটামান পাতিব লগা আছে.....

: কওকচোন বৰদেউতা...! মোৰ কিবা হিচাপ ভুল নেকি....? 

: নাই হোৱা দীপু , তই কামবোৰ বৰ নিয়াৰিকৈ কৰিছ , তোৰ কৰ্মস্পৃহা দেখি মোৰ ভাল লাগিছে , সেয়ে মই ভাবিছোঁ বাগান দুখনৰ দায়িত্ব আজিৰ পৰা তয়ে লবি , সকলো কাম ভালদৰে চোৱা চিতা কৰিবি । টকা পইচাৰ কিবা অসুবিধা হ'লে মোক কবি । 

: কিন্তু বৰদেউতা .....!

: কোনো কিন্তু নাই...., নিৰা..., শুনিছানে...! মোৰ ড্ৰয়াৰটোতে টকা দহহাজাৰ আছে লৈ আহাচোন । দীপুলৈয়ো চাহ একাপ লৈ আহিবা ।।   বাৰাণ্ডাৰ পৰাই চিঞৰি কলে উৰ্মিৰ দেউতাকে..... দীপু , বায়েৰাই তোলৈ ফোন কৰিছিল নেকি...?

: নাইকৰা বৰদেউতা , 

: কালিলৈ তই ৰাতিপুৱা বাগানলৈ যাব নালাগে , বায়েৰৰ ঘৰৰ পৰাই আহিমগৈ ওলাবি...., 

: চাহ লওঁক , দীপু চাহ ল....., চাহৰ কাপ দুটা আগবঢ়াই দি নিৰায়ো দীপুৰ ওচৰতে বহিলে । .....ক'ৰবাত যোৱাৰ কথা শুনিলোঁ যে....! 

: কালিলৈ উৰ্মিৰ ঘৰৰ পৰাই এপাক আহোঁ বুলি ভাবিছোঁ...., কাজটো যোৱা নহ'ল , তাই চাগৈ বৰ কষ্ট পাইছে মনত...

: কথাটো ময়ো ভাবিছিলোঁ , ভালেই হ'ব দিয়ক , উৰ্মিলৈ ফোন এটা কৰি কথাটো কৈ দিওঁ ...,

: ঠিক আছে , আমি যোৱাৰ খবৰটোহে দিবা , বাগানৰ দায়িত্ব দীপুক দিয়াৰ কথাটো নকবা..., সেই কথাটো তাইক মই কম....,  উৰ্মিৰ লগত কথা পাতিবলৈ নিৰা ভিতৰলৈ সোমাই গ'ল আৰু বিচনাতে বহি উৰ্মিলৈ ফোন লগালে... 

: হেল্ল' মাজনী...., 

: হেল্ল'... মা কি খবৰ....? তোমালৈ আজি ফোন কৰিম বুলি ভাবিছিলোৱেই....,

: আমাৰ ভালেই , তহঁতৰ খবৰ কচোন...?

: আমাৰো ভালেই মা...., দেউতাৰ গাটো ভাল নে....!

: ভাল , কালিলৈ আমি তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ , তহঁতৰ কিবা অসুবিধা হ'ব নেকি ....!

: মা...., কি যে কথাবোৰ কোৱা নহয় , একো অসুবিধা নহয় আহিবা , দেউতাক ড্ৰাইভ কৰিবলৈ নিদিবা , ড্ৰাইভাৰজনক লগত লৈ আহিবা ।

: দেউতাৰে দীপুকো লগ ধৰিছে , 

: সচাঁকৈ কৈছা নে...! বৰ ভাল হ'ব , সকামত লৰালৰিকৈ আহিল আৰু গ'ল , 

: দেউতাৰৰ গাটো বেয়া হৈ থকাৰ বাবে আমি যাবই  নোৱাৰিলো...., তই চাগৈ আমাক ভুল বুজি আছ...! তহঁতক বেয়া পায় সকামলৈ নগলো বুলি.

: মা , কিয় তেনেকৈ কৈছা নো...! তোমালোকক নো মই কিয় বেয়া পাম । 

: হ'ব দে এতিয়া ৰাখিছোঁ , অনিক কথাটো কবি ...

: ঠিক আছে মা , ৰাখিছোঁ এতিয়া.....      ফোনটো কাটি দিলে উৰ্মিয়ে...., অনি..., অনি...., এইফালে আহাচোন....

: কি হ'ল উৰ্মি ইমানকৈ চিঞৰিছা যে...!

: বৰ ডাঙৰ কথা এটা হ'ল , কালিলৈ মাহঁত আহিম বুলি ফোন কৰিছে...., 

: মাহঁত সেইটোতো ভাল কথা , তাতে ইমানকৈ চিঞৰিবলৈ কিটো আছে....

: ঘৰখনৰ পৰিৱেশটো বেয়া হৈ আছে , সেয়ে ভয় লাগিছে , বৌ'কটো জানাই ...! কেতিয়া কি কৰে একো ধৰিবই নোৱাৰি..., 

: তুমি এটা কাম কৰিবা , ৰাতিপুৱাৰ পৰা বৌৰ লগত ভালকৈ কথা বতৰা পাতিবা , আজিয়ে বৌ'ক কথাটো কৈ থবা মাহঁত আহিব বুলি । 

: উম..., আইদিয়াটো বেয়া নহয় । তুমি কালিলৈ অফিচ যাব নালাগে...., ইমান দিনৰ মূৰত মাহঁত আহিব তোমাক যদি লগ নাপায় কথাটো বেয়া হ'ব ।

: সেইটো আৰু তুমি কব লাগে নেকি....! যোৱা যোৱা সোনকালে ভাত কেইটা ৰান্ধাগৈ দিনটো খোৱা খেলি মেলি । সোনকালে খাই বৈ শুই থাকোঁ । 
          অনিৰ কথামতেই উৰ্মি লাহেকৈ পাকঘৰলৈ গ'ল , পাকঘৰতে সোমাই মৃণালিনীয়ে বিয়ানাম এটি গুণগুণাই পাচলি কাটি আছিল । .....বৌ , আপুনি পাচলি কাটিলেই নেকি....! 

: হয় , কিন্তু এইয়া কেৱল মোৰ বাবেহে....,

: কি যে ধেমালিখন কৰে আপুনি....? 

: ধেমালি নহয় উৰ্মি..., মই সচাঁকৈ কৈছো...। আজিৰ পৰা মই বেলেগ কৈ খাম । মিছাতেই মোৰ বাবে তুমি কষ্ট কৰিব নালাগে..। 

: বৌ...., তেনেকুৱা নকৰিব , ঘৰখনত মানুহ বুলিবলৈ আমি চাৰিটাহে..., আপুনি যদি বেলেগ কৈ ৰান্ধি খাই আমাৰ ভাল লাগিব জানো....!

: সেইবোৰ মই একো নাজানো...., জীৱনটো মোৰ গতিকে যেনেকৈ মন যায় তেনেকৈ মই জীৱনটো সজাম..., আনৰ কথা চিন্তা কৰিবলৈ মোৰ হাতত সময় নাই....., প্লীজ উৰ্মি , মোক শান্তিত ভাত কেইটা ৰান্ধিবলৈ দিয়া । 

: বৌ , আপুনি যদি বেলেগ কৈ ৰান্ধে আমি আজি কোনেও ভাত নাখাওঁ.....

: খোৱা নোখোৱা সেয়া তোমালোকে জানা....। মই কিন্তু খামেই । 

          মৃণালিনীৰ কথা কেইটা শুনি উৰ্মি হতভম্ব হ'ল ...., বাধা দিয়ো চকুৰপানীখিনি ধৰি ৰাখিব নোৱাৰিলে , উচুপি উচুপি উৰ্মি অনিমেষৰ ওচৰ পালেগৈ , ...... অনি , বৰ ডাঙৰ কথা এটা হ'ল...! থোকা থুকি মাতেৰে কলে উৰ্মিয়ে ।

: উৰ্মি , কান্দিছা কিয়....? বৌয়ে কিবা ক'লে নেকি...?

: অনি , মাৰ সকলো আশা সপোন শেষ হৈ গ'ল অনি, ঘৰখন আৰু ঘৰ হৈ নাথাকিব । আজিৰ পৰা বৌয়ে বেলেগে ৰান্ধি খাব ....।।  কথাষাৰ কৈয়ে উৰ্মিয়ে হুকহুকাই কান্দিবলৈ ধৰিলে ...., 

: উৰ্মি , নাকান্দিবাচোন...., ধৈৰ্য ধৰা , বৌয়ে ধেমালিও কৰিব পাৰে তোমাৰ সৈতে  ।

: ধেমালি নহয় অনি...., বৌ'য়ে সচাঁকৈ কৈছে.....!

: কি......? বৰ ডাঙৰ কথা হ'ল দেখুন । মানুহে কথাবোৰ গম পালে কি বুলি ভাবিব ....? 

: সকলোৱে মোকেই জগৰীয়া কৰিব অনি...., মোৰ বৰ ভয় লাগিছে......

: তুমি চিন্তা নকৰিবা , আনে কোৱা কথাবোৰ তুমি গুৰুত্ব নিদিবা , কোন ভাল , কোন বেয়া আমি ভালকৈয়ে জানো....

: অনি..., মাহঁতক কালিলৈ আহিবলৈ মানা কৰি দিওঁ নেকি....! 

: ৰ'বা , হঠাৎ সিদ্ধান্ত নলবা , ৰাতিটো চাই লওঁ বৌৰ ৰেহ-ৰূপ....

: ঠিক আছে , অনি , বৌয়ে যদি মাহঁতৰ লগত ভাত কেইটা নাখাই নিজে ৰান্ধি খায় তেতিয়া মাহঁতে কি ভাবিব । মান সন্মান সকলো শেষ হৈ যাব । 

: এটা উপায় আছে , জয়শ্ৰী বৌ'য়ে আমাক সহায় কৰিব পাৰিব । ফোন কৰি বৌ'ক ঘৰলৈ মাতি দিবলৈ কওঁ....

: তেনেকুৱা নকৰিবা অনি , ঘৰৰ কথাবোৰ আনৰ আগত কোৱাটো মই নিবিচাৰোঁ । সমস্যাৰ পৰা আতঁৰহৈ থকাতকৈ সমস্যাটো সমাধান কৰাৰ উপায়হে চিন্তা কৰিব লাগে....! মই কিবা ভুল কৈছোঁ নেকি অনি...? 

        উৰ্মি..., মোৰ ৰন্ধা হৈ গ'ল , তোমালোকলৈ ৰান্ধিব পাৰা...,   বাৰাণ্ডাৰ পৰাই চিঞৰি ক'লে মৃণালিনীয়ে ।

: শুনিলা অনি..., এতিয়া মই কি কৰোঁ....? 

: একো কৰিব নালাগে , দাদাক মই কথাটো কম , আমি আজি ভাত নাখাও । ব্ৰেড আছে গাখীৰখিনি গৰম কৰা তাকে খাই শুই থাকিম । 

: অনি..., দাদাই দিনটো কষ্ট কৰি আছে । ভাত নোখোৱাকৈ থাকিলে দাদাই কষ্ট পাব..., 

: তেন্তে তুমি যি কৰা কৰি থাকা , মই ভাত নাখাওঁ । 

: অনি....,  আমি যদি ভাত নাখাওঁ বৌয়ে আমাক দুৰ্বল বুলি ভাবিব । তেতিয়া বৌয়ে আকৌ নতুন নাটক ৰচনা কৰিব । গতিকে আমি ভাত খাবই লাগিব । আহাঁ , মোক পাকঘৰতে অলপ সহায় কৰি দিবা...., 

        উৰ্মিৰ কথামতেই অনি পাকঘৰলৈ গৈ উৰ্মিক পাচলিখিনি কাটি সহায় কৰি দিলে...., 

      ক্ৰমশঃ.........
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages