ইমান সুন্দৰ পূৰ্ণিমাৰ জোনটো.…., আৰু সৰু সৰু তৰাবোৰ...., জোন তৰা অবিহনে নিশাৰ আকাশখনৰ কোনো সৌন্দৰ্যই নাই..., আউসীৰ আন্ধাৰ মোৰ ভাল নালাগে..., ক্ষীণ পোহৰেই হওঁক তথাপিও ভাল লাগে অনি....!( Assamese Story ) উৰ্মিয়ে অনর্গল কথা কৈ আছে ...., পাতল গুলপীয়া কাপোৰ এযোৰ পিন্ধিছে উৰ্মিয়ে..., ওঁঠত অলপ ৰঙাকৈ গাঢ় লিপষ্টিক আৰু কপালত জিলিকি আছে সেন্দুৰৰ ৰঙা ফোঁট । জোনৰ কোমল পোহৰত উৰ্মিৰ মুখখন পূৰ্ণিমাৰ জোনটিৰ দৰে জিলিকি উঠিছে , উৰ্মি বিভোৰ হৈ পৰিছে নৈসৰ্গিক শোভা সৌন্দৰ্য বৰ্ণনাত । অনিয়ে নিবিড় ভাবে লক্ষ্য কৰিলে উৰ্মিক..., কোনো দিনেই এইদৰে কথা কোৱা নাই উৰ্মিয়ে...., অনি আচৰিত হৈছে উৰ্মিৰ কথাবোৰত , সেয়ে সি সুধিয়ে পেলালে.... উৰ্মি, আজি দেখুন তুমি নৈসৰ্গিক শোভা সৌন্দৰ্য বৰ্ণনাত একেবাৰে উটি ভাঁহি গৈছা ,
: অনি...., তুমি মোৰ কথাবোৰৰ পৰা একো অনুমান কৰিব পৰা নাই নেকি....?
: তোমাৰ এই কবিতা কবিতা লগা কথাবোৰৰ অৰ্থ মই একো বুজি পোৱা নাই উৰ্মি ....!
: অনি..., জীৱনটো এইদৰেই পাৰ কৰি দিম বুলি ভাবিছা নেকি...?
: উম..., এইদৰে তুমি বেয়া পাইছা নেকি....!
: নাই পোৱা অনি..., তথাপিও মই বিচাৰোঁ আমাৰ মৰমবোৰে পোখা মেলক .....
: তাৰমানে তুমি.....?
: বুজি পাইছা....! মই আমাৰ জীৱনলৈ তৃতীয়জন আলহী অহাটো বিচাৰিছোঁ....!
: কিন্তু উৰ্মি .... মই এতিয়াই জীৱনৰ জটিল অংকটো সমাধান কৰিব বিচৰা নাই ....! ধুনু অলপ ডাঙৰ হৈ লওঁক..., লাহেকৈ উৰ্মিক সাৱটি ললে অনিয়ে....,
: চাওঁ..., এৰি দিয়া..! দাদাই দেখিব ....,
: দেখক..., সকলোৱে দেখক..., তেতিয়া বৌ'ৰ ঈৰ্ষা হ'ব ,
: কিন্তু কিয় উৰ্মি...?
: সময়ত মই সকলো কম , অনি....., আকাশৰ নীলাবোৰৰ মাজত কেতিয়াবা নিজক বিলীন কৰি দিবলৈ মন নাযায় নে....?
: নাযায়..., নীলাবোৰৰ মাজত বিলীন হৈ যোৱাৰ পাছত জীৱনৰ জানো কিবা অৰ্থ থাকিব....?
: অ' ...! তাৰমানে তুমি কাব্যিক ভাষা বুজি পোৱা..,
: হ'ব, এতিয়া সেইবোৰ বাদ দিয়া...., উৰ্মি কথা এটা কোৱাচোন মাৰ সকামত মা-দেউতা কোনো এজন নাহিল কিয়...? মা দেউতাই আমাক কিবা কথাত বেয়া পাই আছে নেকি...?
: কিয় বেয়া পাবনো....! দেউতাক এৰি মা কেনেকৈ আহিব তুমিয়ে কোৱাচোন...?
: ফোন এটাও কৰিব পাৰে..., তুমি বাগানৰ দায়িত্ব দীপুক দিয়াৰ বাবে হয়তো দেউতাই আমাক বেয়া পাইছে....,
: হ'ব দিয়া..., মই মাক ফোন কৰিম ৰাতি..., চাহ কৰোগৈ মই.... তুমিয়ো ভিতৰলৈ আহাঁ...,
দুৱাৰখন খুলি উৰ্মি লাহেকৈ ভিতৰলৈ সোমাই আহিল..., পাকঘৰতে সোমাই মৃণালিনীয়ে কিবা ভোৰভোৰাই আছে..., বৌ..., চাহ কৰিছে নেকি....!
: চাহ কৰা নাই..., ধুনুৰ বাবে জলপান অকণ বনাইছোঁ...., উৰ্মি, মই এইবোৰ কি শুনিছোঁ....., চোৰ স্বভাৱৰ মানুহ মই একেবাৰে ভাল নাপাওঁ...
: বৌ...., মই একো বুজি পোৱা নাই....
: চোৰে যদি নিজেই চোৰ চোৰ বুলি চিঞৰে , মানুহে জানো চোৰ বিচাৰি পাব ...?
: তাৰমানে আপুনি...?
: তোমাৰ কথাই কৈছোঁ.., তোমাৰ যদি বেলেগ কাম নাই তেন্তে শুই নাথাকা কিয়..., নিজক সতী সজাবলৈ কোনে কাৰ লগত কি কথা পাতে সেইবোৰ মনে মনে শুনি থাকিবলৈ লাজ নালাগে নে....! মই তোমাক শেষ বাৰৰ বাবে কৈছোঁ.. মোৰ লগত লাগি থকাতকৈ নিজৰ সংসাৰখনত গুৰুত্ব দিয়া..., অনিলৈ অহা ইমান দিন হ'ল আজিলৈকে সন্তান এটা জন্ম দিব নোৱাৰিলা....! তোমাৰ মুখ চাব নাপাই....
: বৌ...., অনিৰ লগত বিয়া হোৱা এবছৰেই হোৱা নাই । আপুনি এইবোৰ কি কৈছে.... মৃণালিনীৰ কথাষাৰে উৰ্মিক বৰ বেয়াকৈ আঘাত কৰিলে.., দুখত উচুপি উঠিল উৰ্মি..,
: হ'ব , এতিয়া কান্দি কাটি নতুন নাটক ৰচনা কৰিব নালাগে...., কথাষাৰ কৈ উচাত মাৰি ওলাই গল মৃণালিনী....
..... জয়শ্ৰী বৌ সচাকৈ বৰ আচৰিত মানুহ ..., বিশ্বাসত মই কথাটো কলো সেই কথাটোকে আকৌ বৌ'ক কৈ দিলে..., ভুল মোৰেই , যি যেনেকৈ থাকে থাকক... মই ভাবিছিলোঁ ঘৰখন ঘৰ হৈ থাকক , মাৰ আত্মাই শান্তি পাওঁক..., কিন্তু সেয়া নহ'ল...! যিয়ে যি ভাবে ভাবক মই ঘৰখন কেতিয়াও ভাগি যাবলৈ নিদিওঁ...., প্ৰয়োজন হলে মই সকলোবোৰ কথা দাদাক কৈ দিম..., কথাবোৰ ভাবি থাকোতেই অনি পাকঘৰলৈ সোমাই আহিল.... উৰ্মি..., চাহকাপ কৰোতেই ইমান সময় লাগে নে....? ( Assamese Story )
: অনি...., অনিৰ বুকুৰ মাজত সোমাই উৰ্মিয়ে হুকহুকাই কান্দিলে...,
: কান্দিছা কিয়..?
: মালৈ মনত পৰিছে...., মা'য়ে যে কিমান আশাৰে সন্ধিয়াৰ চাহকাপ খাবলৈ বাট চাই থাকে , অনি ... মা বাৰু কিয় ইমান সোনকালে আমাৰ মাজৰ পৰা গুচি গ'ল...... মিছাকৈয়ে কলে উৰ্মিয়ে ।
: জন্ম _মৃত্যু _বিবাহ কেতিয়া হয় কোনেও নাজানে উৰ্মি....! মোৰো মনত পৰে কেতিয়াবা...., কিমান যে চেষ্টা কৰিছিল ঘৰখন ধৰি ৰাখিবলৈ , কিন্তু কি কৰিবা উৰ্মি..., মৃত্যুৱে জীৱনৰ চৰম সত্য । গতিকে সত্যক স্বীকাৰ কৰাৰ বাহিৰে একো উপায় নাই । যোৱা মন মাৰি নাথাকিবা ..., চাওঁ চকুপানীবোৰ মচি লোৱা..... অনিমেষে উৰ্মিৰ চকুৰপানীবোৰ মচি দিলে....,
: তুমি মোক বহুত ভাল পোৱা ন অনি....?
: বহুত ভাল পাওঁ তোমাক..., তুমি জানো মোক ভাল নোপোৱা....!
: অনি নিজতকৈ বহুত বেছি ভাল পাওঁ তোমাক..., সময় সলনি হ'লেও তুমি সলনি হৈ নাযাবা অনি..., হাজাৰ বাধা আহিলেও তুমি মোৰ কাষৰ পৰা আতঁৰহৈ নাযাবা অনি...,
: চুপ...! প্লীজ উৰ্মি..., তেনেকুৱা কথা কেতিয়াও নকবা..., তোমাক এৰি মই ক'তো নাযাওঁ...., উৰ্মি
চাহ কাপ ময়ে কৰোঁ দিয়া , তুমি দাদাক মাতি দিয়া...
: নালাগে অনি, চাহকাপ ময়ে কৰোঁ.., তুমি দাদাক মাতি দিয়া..
: ঠিক আছে উৰ্মি..., মই বাৰাণ্ডাতে আছোঁ..., অনি পাকঘৰৰ পৰা ওলাই গৈ বাৰাণ্ডাতে বহিল , আমন জীমনকৈ আহি অনিৰ্বানো অনিমেষৰ ওচৰতে বহিল.....,
: ঘৰখন বৰ উৰুঙা উৰুঙা হৈ পৰিল অ' , সন্ধিয়া সময়ছোৱাত মালৈ বৰ মনত পৰে অ'...!
: দাদা , দুখ নকৰিবি ,আমিয়ে যদি ভাগি পৰো উৰ্মি আৰু ভাগি পৰিব । বৰ দুখ কৰিছে তাই...,
: কিয় নকৰিব অ'....! তাই মাক বৰ যত্ন লৈছিল , নিজৰ ছোৱালীৰ দৰে মাক পতিপাল কৰিছিল, উৰ্মিতকৈ আগত অহাজনীয়ে কি কৰিলে...? মাক এষাৰো মৰমৰ মাত নিদিলে..., তিয়নী এখনো ধুই নাপালে..., উৰ্মি সচাকৈ ঘৰৰ লখিমী..., তই তাইক কেতিয়াও কষ্ট নিদিবি ।
: দাদা , চাহ লওঁক..., অনি চাহ লোৱা...,
: তুমি নোখোৱা নেকি...? অনিৰ্বাণে প্ৰশ্ন কৰিলে
: খাম দাদা , বৌক চাহকাপ দি আহি লওঁ...
: নালাগে উৰ্মি, এইখিনি আমি চাহখোৱা সময়, গতিকে জানি বুজি , ইচ্ছা কৰিয়ে যদি কোনোবা ৰূমত সোমাই থাকে থাকক ।
: বৌ'য়ে ধুনুক জলপান খুৱাই আছে..,
: মই তোমাক দিব নালাগে বুলি কৈছোঁ নহয়..., অলপ কঠোৰ ভাৱে কলে অনিৰ্বাণে ।
: ঠিক আছে দাদা ,
: যোৱা তোমাৰ চাহকাপ লৈ আহাঁ...! তোমাৰ লগত কথা কেইটামান পাতিবলগা আছে...।। অনিৰ্বাণৰ কথাটো শুনি উৰ্মিৰ বুকুখন চিৰিং কৰি উঠিল , অনিয়েও প্ৰশ্নবোধক দৃষ্টিৰে চালে ককায়েকলৈ...., হাতত চাহৰ কাপটো লৈ ভয়ে ভয়ে আহি চকীখনতে বহিল উৰ্মি ..., চাহৰ কাপটো মুখলৈ নিব লওঁতেই অনিৰ্বাণে মাত লগালে...
:.... উৰ্মি , মই কথা এটা ভাবিছোঁ...!
: কি কথা দাদা...?
: দেউতাৰ গাটো ভাল নহয় , গতিকে তুমি কেইদিনমান ঘৰত থাকি আহিবাগৈ..., মায়ে অলপ সাহস পাব , দেউতাৰো মনটো ভাল লাগিব ।
: এতিয়া নাযাওঁ দাদা , দেউতাক আকৌ গুৱাহাটী লৈ নিব লাগিব , তেতিয়াই যাম কিছুদিন থকাকৈ...,
: অ'..., হয়নেকি...! মই ভাবিছিলোঁ দুদিনমান ঘৰত থাকি আহিলে তোমাৰ মনটো ভাল লাগিব ...,
কথা পাতি থাকোঁতেই মৃণালিনী ওলাই আহিল .... উৰ্মি, মোৰ চাহ ক'ত থলা...?
: এইখন ঘৰত কোনো চাকৰ নাই ৰূমে ৰূমে চাহ দিবলৈ..., উৰ্মিয়ে উত্তৰ দিয়াৰ আগতেই অনিৰ্বাণে মাত লগালে ।
: মই উৰ্মিক সুধিছো...?
: ময়ে উৰ্মিক চাহ দিবলৈ মানা কৰিলোঁ ।
: কিয়...? মইতো ৰূমত এনেয়ে সোমায় থকা নাছিলোঁ...! ধুনুক জলপান খুৱাই আছিলোঁ ।
: আজি বুলিয়েই নহয় , মই বহু দিন লক্ষ্য কৰিছোঁ , চাহ খোৱা সময়খিনিত তুমি সদায় ৰূমটোত সোমাই থকা । তুমি যিদৰে এইখন ঘৰৰ বোৱাৰী , উৰ্মিয়ো এইখন ঘৰৰ বোৱাৰী, বন কৰা ছোৱালী নহয়..... কথাষাৰ মনত ৰাখিবা ।
: দাদা ....,
: তুমি মনে মনে থাকা উৰ্মি....., এইৰ অতপালি দিনক দিনে বাঢ়ি গৈছে ।
কথাষাৰ কৈয়ে অনিৰ্বাণ উঠি গল ভিতৰলৈ... বৌ মই সাউৎকৈ চাহ কাপ গৰম কৰি আনো , আপুনি ৰূমলৈকে যাওঁক , উৰ্মিয়ে লাহেকৈ কলে মৃণালিনীক ।
: নালাগে উৰ্মি..., মোৰ হাতদুখন এতিয়াও ভাল হৈ আছে । সাপ হৈ খুটি এতিয়া বেজ হৈ জাৰিব নালাগে....!
: বৌ..., আপুনি মোক ভুল বুজিছে...
: হ'ব , তোমাক বুজিবলৈ আৰু একো বাকী নাই । তোমাৰ মাতষাৰ যিমান মিঠা পেটটো সিমান মিঠা নহয় , মোৰ বিৰুদ্ধে অনিৰ্বাণক কথা লগাই নিজকে মহান সজাব নালাগে ।
: বিশ্বাস কৰক বৌ, মই দাদাক একো কোৱা নাই ।
: উৰ্মি , মই একো শুনিব নিবিচাৰোঁ । আতঁৰহৈ যোৱা মোৰ সন্মুখৰ পৰা ।
: যাম , কিন্তু এটা কথা মনত ৰাখিব বৌ বিপদৰ সময়ত আপোনাক এই উৰ্মিয়েহে উদ্ধাৰ কৰিব । আপুনি নিজকে বৰ টেঙৰ বুলি ভাবে নহয় ..., চাই থাকক বৌ, মই কেনেকৈ সঁচা কথাবোৰ পোহৰলৈ আনো ....,
: সঁচা কথাবোৰ পোহৰলৈ আনিবলৈ কি প্ৰমাণ আছে তোমাৰ হাতত ....?
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
: সেয়া সময়ত গম পাব..., এই উৰ্মিয়ে কাৰো অহিত চিন্তা নকৰে সকলোৰে মুখত হাঁহি বিৰিঙাব হে জানে....! কথাষাৰ কৈ উৰ্মিয়ো কো কোৱাই ভিতৰলৈ সোমাই গ'ল.....
ক্ৰমশঃ.....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment