দিনৰ দিনটো কাম কৰি কৰি ভাগৰি পৰিছিল মৃণালিনী..., মাজে মাজে উৰ্মিয়ে বৌয়েকক অলপ আৰাম কৰিবলৈ কৈছিল যদিও কামবোৰ দেখি মৃণালিনীয়ে উৰ্মিৰ কথা আওকাণ কৰিছিল , কলপাত ধুৱাৰে পৰা আৰম্ভ কৰি শৰাই বঁটা ধোৱালৈকে , দীপুৱেই দিনটো ধুনুক কোলাত লৈ ইফালে সিফালে ঘূৰাই ফুৰিছিল ( Assamese Story )। মৃণালিনীৰ কামবোৰ দেখি উৰ্মি আৰু অনিমেষ আচৰিত হৈছিল....
: উৰ্মি..., বৌয়ে কামবোৰ খঙত কৰিছে নে ৰঙত কৰিছে বাৰু....!
: একো ধৰিব পৰা নাই অনি...! বৌৰ কথা বতৰাবোৰ দেখি শুনি মোৰ কিন্তু বৌ সলনি হোৱা যেন অনুভৱ হৈছে ।
: বৌ সলনি হোৱাটো ময়ো বিচাৰোঁ উৰ্মি..., কিন্তু ইমান সহজতে বৌ যে সলনি হ'ব সেইটো মোৰ মনে নধৰে ।
: অনি..., তুমি সকলো কথা কিয় নিগেটিভকৈ ভাবা...…...! অলপ পজিটিভকৈ ভাবিবলৈ চেষ্টা কৰিবাচোন , পজিটিভকৈ ভাবিলেহে পজিটিভ ৰিজাল্ট এটা পোৱা যায়...।
: তহঁত ইয়াতে আছ , মৃণাৰ গাটো বেয়া কৰিছে উৰ্মি , কথাষাৰ কৈ লাহে লাহে নিৰা ৰূমটোলৈ সোমাই আহিল ।
: বৌ ক'ত আছে মা...?
: মোৰ ৰূমতে আছে মাজনী..., দিনটো কাম কৰি আছে , সেয়ে চাগৈ গাটো বেয়া কৰিছে...
......নিৰাৰ কথাটো শুনি উৰ্মি উধাতু খাই গ'ল মাকৰ ৰূমলৈ , বিচনাতে পৰি মৃণালিনীয়ে চাটিফুটি কৰি আছিল.... বৌ , গাটো বেয়া লাগিছে নেকি...!
: উম..., মূৰটো ঘূৰাইছে ..
: মই আপোনাক কৈছিলোঁ নহয় অকণমান ৰেষ্ট কৰি লওঁক , আপুনি মোৰ কথা গুৰুত্বই নিদিলে , এতিয়া আপুনিহে কষ্ট পাইছে...,
: তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে উৰ্মি...! অলপ শুই দিলেই আৰাম পাই যাম..., তুমি বাহিৰত কাম কৰি থকা মানুহবোৰক মাত এষাৰ দিয়াগৈ ।
: অনি আৰু মা আছে...,
হঠাৎ মৃণালিনীৰ হাত ভৰিবোৰ কপিবলৈ ধৰিলে , দাত কৰচি কৰচি মৃণালিনী অচেতন হৈ পৰিল , গোতেইজনী ঘামি জুৰুলি জুপুৰি হৈ পৰা দেখি উৰ্মিৰ বুজিবলৈ একো বাকী নাথাকিল যে মৃণালিনীৰ পুৰণি বেমাৰটো ওক দিছে....., মূৰ ঘূৰালে বমি কৰাটো মৃণালিনীৰ স্বভাৱ......, সেয়ে উৰ্মিয়ে আগতীয়াকৈ চৰিয়া এটা যোগাৰ কৰি থলে...। তেনেতে আকৌ মৃণালিনীৰ ফোনটো বাজি উঠিল......, জয়শ্ৰীয়ে ফোন কৰিছে , দুই তিনিবাৰ ফোনটো বজাৰ পাছত ধৰোঁ নধৰোকৈ উৰ্মিয়ে ফোনটো ৰিচিভ কৰিলে ....>
: হেল্ল' বৌ ,
: হেল্ল'...., হেল্ল'... , উৰ্মি , তুমি ঘৰত আছা নেকি..?
: নাই বৌ , কালি মৃণা বৌ আমাৰ ঘৰলৈ আহিলে...
: অ'... হয়নেকি...! বৰ ভাল লাগিল কথাটো শুনি..., মৃণা কিবা কামত ব্যস্ত নেকি....?
: মানে .....! মৃণা বৌৰ মূৰটো ঘূৰাই আছে , সেয়ে শুই আছে এতিয়া...
: ধুনুৱে কি কৰিছে...?
: ধুনু ভাইতিৰ লগত ঘূৰি ফুৰিছে..., বৰ ভাল পাইছে ধুনুৱে .....,
: উৰ্মি তোমালোকৰ ঘৰৰ ঠিকনাটো মোক msg কৰি দিবাচোন , এওঁ আৰু মই যাম বুলি ভাবিছোঁ ।
: ঠিক আছে বৌ..., দাদাও কালিলৈ অহাৰ কথা আছে , একেলগে আহিব পাৰিব , আপুনি ফোন এটা কৰি সুধিবচোন...,
: ঠিক আছে উৰ্মি , মই অনিৰ্বাণক ফোন কৰিম বাৰু...! এতিয়া ৰাখিছোঁ দিয়া । তুমি কামত লাগা , কালিলৈ লগ পাম ।
: ঠিক আছে বৌ..., ফোনটো কাটি দিলে উৰ্মিয়ে , তাৰমানে মৃণা বৌ স্ব-ইচ্ছাই অহা নাই ...! জয়শ্ৰী বৌয়েহে মৃণা বৌক জোৰ কৰি পঠাই দিছে......, কিন্তু কিয়.....? দুয়োগৰাকী মিলিজুলি নতুন নাটক ৰচনা নকৰেটো....? কথাবোৰ ভাবি থাকোতেই মৃণালিনীয়ে অক-অকাই থকা দেখি চৰিয়াতো ওচৰলৈ চপাই দি মৃণালিনীক লাহেকৈ ধৰি বিচনাতে বহুৱাই দিলে..... হুলোকা হুলোকে বমি কৰিলে মৃণালিনীয়ে...., অক-অকাই থকা শুনি নিৰায়ো ৰূমটোলৈ সোমাই আহিল ।
: .....উৰ্মি , বৌয়েৰাৰ গেছ হৈছে যেন পাইছোঁ..! খোৱা-বোৱা খেলিমেলি হৈছে যে....! বেয়াই লাগিছে ছোৱালীজনীলৈ , ঘৰৰ দৰেই কামবোৰ ইমান নিয়াৰিকৈ কৰিছে । যা..., যা..., উৰ্মি সোনকালে ভাত কেইটা ৰান্ধগৈ । মৃণা... কি হৈছে নো....( Assamese Story )?
: মূৰটো ঘূৰাইছে মা.., শেহাই শেহাই মৃণালিনীয়ে কলে....
: সেই বাবেই তোমাক মই কৈছিলোঁ , কিবা অলপ খাই লোৱা । কিবা খালা জানো তুমি...?
: বৌ আৰু মই ৰুটি খালোঁ মা...., মৃণালিনীয়ে মাত লগোৱাৰ আগতেই উৰ্মিয়ে মাত লগালে ।
: উৰ্মি.., মই অকণমান আৰাম পাইছোঁ । পানী এগিলাচ দিবাচোন...?
: উৰ্মি ফ্ৰীজতে ORS আছে , তাকে আনি দিয়াচোন এগিলাচ , নিৰাই কলে...
: ঠিক আছে মা.... ফ্ৰীজটো খুলি ORS এগিলাচ উলিয়াই আনি দিলে উৰ্মিয়ে । ধীৰে ধীৰে ৰাঙলী বেলি পশ্চিমলৈ গতি কৰিলে , ঘৰমুৱা পক্ষীজাকেও আনন্দ মনেৰে গীত গাই সজালৈ ঢাপলি মেলিছে , পথাৰৰ বকিয়াটোৱে ধূলি উৰুৱাই গৰুজাকো ঘৰমুৱা হ'ল । হাতত টৌতো লৈ লেও দিবৰ বাবে খৰখেদাকৈ ৰঙা মাটি অকণ বিচাৰি উৰ্মি বাহিৰলৈ ওলাই গ'ল । তেনেতে আকৌ উধাতু খাই উৰ্মিৰ খুড়ীয়েক সোমাই আহিল ।
: ....উৰ্মি , অ'.. উৰ্মি...., ক'ত গ'ল নো এইজনী...! নবৌ.., উৰ্মি নাই নেকি...? চিঞৰি চিঞৰি খুড়ীয়েক নিৰাৰ ৰূম পালেগৈ....
: আছে চাগৈ কিবা কাম কৰি ক'ত যাব নো...!
: মই কথা এটা ক'বলৈহে আহিলোঁ নবৌ ...,
: কি কথা নো...! কোৱাচোন...
: আজি আকৌ অনিক ভাত খাবলৈ নিদিব , কাইলৈ পৰাচিত কৰিব লাগিব নহয়..., মোক আকৌ কথাটো এওঁ মনত পেলাই দিলে , সেয়ে লৰালৰিকৈ আহিলোঁ । উৰ্মি আৰু মৃণাই ভাতকেইটা আমাৰ ঘৰতে খাব । মই সোনকালে ৰান্ধিম । আপোনালৈ ভাত কেইটামান দি পঠাম...., মই আহিছোঁ নবৌ , ধুনু ভাত কেইটামান নোখোৱাকৈ শুলে বেয়া লাগিব নহয়....! অনর্গল কৈ গ'ল খুড়ীয়েকে...,
: ঠিক আছে , তুমি ৰান্ধাগৈ..., অনিয়ে একো খাব নোৱাৰিব নেকি...?
: আজি একো খাবলৈ নিদিব । পৰাচিত কৰাৰ পাছত একেবাৰে জ্ঞাতালি জলপান কেইটাহে খাব পাৰিব...,
: মই এইবোৰ নীতি নিয়ম সকলো পাহৰিলোঁ দেই...,
: ময়ো পাহৰিলোঁ নবৌ , এওঁ মনত পেলাই দিলে বুলিহে....
: খুড়ী , আজিয়ো ভাতকেইটা আপুনিয়ে ৰান্ধিব..., চাদৰৰ আচলেৰে হাতখন মোহাৰি মোহাৰি উৰ্মি মাকৰ কোথাটোলৈ সোমাই আহিল ।
: উৰ্মি আজি ঘৰত ভাত ৰান্ধিব নাপায় , ভাতকেইটা আজি তহঁতে আমাৰ ঘৰতে খাবি । অনিক একো নিদিবি আজি...
কথাষাৰ কৈ খুড়ীয়েক গ'লগৈ , মৃণালিনীয়ো শোৱাৰ পৰা লাহেকৈ উঠি বহিলে । ....মা , উৰ্মি বেয়া নাপাবা দেই , মিছাতেই হাৰাশাস্তি হ'ল তোমালোকৰ । নামঘৰৰ পৰা ভাঁহি আহিল সন্ধ্যাৰ আৰতি , সেয়ে সকলো বাহিৰলৈ ওলাই গ'ল । দীপুৱেও ধুনুক আনি মৃণালিনীৰ হাতত দিলেহি....,
ক্ৰমশঃ...
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment