ভালে ভালেই সকলোবোৰ কাম হৈ গল , নিজৰ নিজৰ কামত সকলো ব্যস্ত । ( Assamese Story ) মৃণালিনীৰ ৰূমতে সোমাই জয়শ্ৰী বিচনাতে পৰি হাতত মোবাইল ফোনটো লৈ কিবা কিবি চাই আছিল , উৰ্মিয়ে এবাৰ পৰ্দাৰ ফাঁকেৰে জুমি চালে , মৃণালিনী ৰূমত নাই , কিবা কামত ব্যস্ত হৈ আছে । গতিকে সুৰুঙা বুজি পৰ্দাখন দাঙি লাহেকৈ উৰ্মি সোমাই গ'ল .....,
: বৌ, শুই আছে নেকি.....!
: নাই শোৱা উৰ্মি...., এনেয়ে মোবাইলটোকে চাই আছোঁ......, আহাঁ...!
: বৌ...., কথা এটা সুধো...! সচাঁকৈ ক'ব কিন্তু ...,
: কোৱা উৰ্মি... কিয় মিছা কথা কম নো...!
: মানে বৌ , আজিকালি নাৰীয়ে নাৰীৰ শত্ৰু হৈ পৰিছে..., সেয়ে কেতিয়াবা মোৰ মনলৈ বহুত প্ৰশ্ন আহে......! মৃণালিনী বৌৰ জীৱনটোৰ লগতো কোনোবাই খেলা কৰি থকা নাইটো ......?
: উৰ্মি , তুমি এইবোৰ কথা মোক কিয় শুনাইছা...?
: বৌ..., আপুনি মোক ভুল নুবুজিব..., সেইদিনা বৌয়ে মোক বহু কথাই কৈছিল...., বৰ বেয়া লাগিল শুনি...., তাৰ পাছতেই বৌয়ে কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিছিলোঁ..., কথাকেইটা মই স্পষ্ট কৈ শুনিছিলোঁ...., মৃণালিনী বৌ'ৰটো নবৌয়েক আপুনিয়ে, নহয় জানো....!
: হয় , মৃণালিনীৰ নবৌয়েক বুলিবলৈ ময়ে আছো..,
: মই ঠিকেই অনুমান কৰিছিলোঁ বৌ..., মৃণালিনী বৌয়ে আপোনাৰ লগতেই কথা পাতি আছিল... বৌয়ে আপোনাক কৈছিল.....
" ...মই আজি সঁচা কথাবোৰ উৰ্মিক কৈ দিলোঁ বৌ....... এতিয়া মই কি কৰিম কথাবোৰ মিছা বুলি কৈ দিম নেকি....! "
: উৰ্মি....! উৰ্মিৰ কথাবোৰ শুনি ভয় খাইছিল জয়শ্রীয়ে , কপালত ঘাম বিৰিঙি উঠিছিল...,
: বৌ , কথাবোৰ যদি সঁচা , মৃণালিনী বৌক কথাবোৰ লুকুৱাই ৰাখিবলৈ কিয় কৈছিল আপুনি...? মৃণালিনী বৌৰ সংসাৰখন সুখৰ হোৱাটো নিবিচাৰে নেকি.....?
: .... কি....! কিয়... নিবিচাৰিম বাৰু...! মৃণালিনী মোৰ ভনীৰ দৰে.....,
: সঁচাকৈয়ে যদি আপুনি বৌৰ সংসাৰখন সুখৰ হোৱাটো বিচাৰিছে তেন্তে আপুনি মৃণালিনী বৌ'ক সঁচা কথাবোৰ সকলোৰে আগত কৈ দিবলৈ কওঁক । নহলে বৌৰে বিপদ হ'ব । আপোনালোকৰ ভাগ্য ভাল..., ইমানবোৰ হৈ যোৱাৰ পাছতো বৌক এইখন ঘৰত সোমাই থাকিবলৈ দিছে...., কিয় জানে....., বৌক দাদাই ভাল পায়...। দাদাৰ ঠাইত আপুনি থিয় হৈ কথাবোৰ এবাৰ ভাবি চাওঁক...., যি জনী ছোৱালীয়ে মাৰ ওপৰত জাপি দিয়া এটা মিছা অপবাদৰ বাবেই মাৰ মৃত্যু হৈছে...., সেইজনী ছোৱালীক আপুনি আঁকোৱালি ললে হেঁতেন নে....?
: উৰ্মি...! তুমি সীমা চেৰাই গৈছা...।
: নিচিঞৰিব বৌ..., আপুনি নিজৰ ল'ৰাটোৰ গাত ধৰি শপত খাই ক'ব পাৰিব নে....! আপুনি যিবোৰ কাম কৰি আছে সেইবোৰ শুদ্ধ ....?
উৰ্মিৰ কথাবোৰে জয়শ্ৰীক শেলে বিন্ধাদি বিন্ধিছিল...., আবেগিক হৈ পৰিছিল জয়শ্ৰী...
....... অ'.....! মই জানি বুজিয়ে এইবোৰ কৰি আছোঁ উৰ্মি........! মই কেতিয়াও বিচৰা নাছিলোঁ মৃণালিনী সুখত থকাটো...,
: কিন্তু....! কিয়...?
: বিয়াৰ আগতে তাই মোক বহুত কষ্ট দিলে উৰ্মি..., সৰু কথা এটাকে ৰহণ সানি দাদা আৰু মোৰ মাজত কাজিয়া লগাইছিল ...., মই কৰা প্ৰতিটো কামতেই আসোঁৱাহ উলিয়াই মোক বৰ কটু কথা শুনাইছিল...., প্ৰতিটো দিন কান্দি কান্দি পাৰ কৰিছিলো......, প্ৰথমতে এওঁ মোক ভুল বুজিছিল..., কিন্তু মোৰ জীৱনলৈ দেহা অহাৰ পৰাই এওঁ মোক বুজিবলৈ যত্ন কৰিছিল ...., কথাবোৰ কৈ উচুপি উচুপি কান্দিছিল জয়শ্ৰীয়ে.....
: বৌ...! ধৈৰ্য ধৰকচোন......! শান্তনাৰ সুৰত কলে উৰ্মিয়ে
: মই আজি তোমাক সকলো কথা কম উৰ্মি..., কথাবোৰ শুনাৰ পাছত হয়টো তোমাৰ মৃণালিনীৰ প্ৰতি ঘৃণা উপজিব...., হ'লেও আজি তোমাক সকলো কথাই ক'ম ...., তুমি দুৱাৰখন বন্ধ কৰি খিলিটো লগাই দিয়া , মৃণালিনী আহিলে কথাবোৰ ক'ব নোৱাৰিম....,
: ঠিক আছে বৌ......, জয়শ্ৰীৰ কথামতেই উৰ্মিয়ে দুৱাৰখন বন্ধ কৰি খিলিটো লগাই দিলে আৰু মোবাইলটো পিটিকি ৰেকৰ্ডিং opstionটো অন কৰি ললে... বৌ এতিয়া কওঁক....,
: শুনা..., মই এওঁক ভাল পাইছিলোঁ ঘৰৰ মত নোহোৱাকৈ এওঁ মোক মন্দিৰত বিয়া কৰাইছিল , ঘৰত প্ৰথম খোজ দিওঁতেই মৃণালিনী জাঙুৰ খাই উঠিছিল.... " অ' ....., তুমিয়ে তাৰমানে তেজপিঁয়াজনী....! " কথাষাৰ মোৰ কাণত আজিও বাজি আছে । প্ৰথমতে ভাবিছিলোঁ ... ভুল কৰিছোঁ যেতিয়া শাস্তি ভোক কৰিবই লাগিব.., সেয়ে সকলো নীৰৱে সহ্য কৰিছিলোঁ..., ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে ঘৰৰ গোটেই কামবোৰ কৰিছিলোঁ..., বায়েক ভনীয়েক দুয়োজনী মিলি ৰাজ ৰাণীৰ দৰে হাত তিয়াই ভাত খাইছিল..., নিজৰ তিয়নী কেইটাও মোলৈ এৰি থৈ আহিছিল । নিজৰ বুলি ভাবিয়েই সকলো কৰিছিলোঁ । কিন্তু মই যেতিয়া ঋতুমতী হৈছিলোঁ চাহ একাপৰ বাবে হাতে ভৰিয়ে ধৰিব লগা হৈছিল...!
: বৌ....!
: এইয়া আৰম্ভণিহে উৰ্মি আৰু আছে...., চাঁদৰৰ আচলেৰে চকুৰ পানীখিনি মোহাৰি ললে জয়শ্ৰীয়ে ।। ...... মই কথাবোৰ এওঁক কৈছিলোঁ কিন্তু মোৰ কথাবোৰ বিশ্বাস কৰা নাছিল...., আৰু বিশ্বাস কৰিব কেনেকৈ এওঁ ঘৰত থকা সময়খিনি মোক বৰ মৰম কৰে .... ওলাই যোৱাৰ পাছতেই আৰম্ভ হয় মানসিক অত্যাচাৰ । বহুত সহ্য কৰিলোঁ উৰ্মি । যেতিয়া দেহা মোৰ গাত আছিল তেতিয়ায়ো মই সকলো কামেই কৰিব লাগিছিল..., মাটিত ভেজা দি ভেজা দি প্ৰতিটো ৰূম সদায় মোহাৰিব লাগিছিল । আৰু কি জানা...! এওঁ মোলৈ বুলি আনি দিয়া গাখীৰখিনি সকলোৱে ভগাই খাই পেলাইছিল..., দেউতা যদি মোৰ সপক্ষে কিবা এষাৰ কয় তেতিয়া মৃণালিনী জাঙুৰ খাই উঠে..., তেতিয়াই মই সংকল্প লৈছিলোঁ .... মই মৃণালিনীৰ ওপৰত প্ৰতিশোধ লম.. !
: আপুনি এইবোৰ প্ৰতিশোধ পূৰণৰ বাবেই কৰি আছে..?
: হয় উৰ্মি , মই জানো এইবোৰ কৰি মোৰ একো লাভ নহয়...! তথাপিও মই চাব বিচাৰিছিলো মৃণালিনীৰ চকুত চকুপানী । সেয়ে মই সঁচাই মিছাই বহু কথাই কৈছিলোঁ । যাতে ঘৰৰ মানুহবোৰে তাইক ভুল বুজে ...., জানি বুজিয়ে মই ধুনু জন্ম হোৱাৰ পাছতেই তাইক ঘৰলৈ লৈ গৈছিলোঁ.., মই জানিছিলো অনিৰ্বাণ আৰু ঘৰৰ মানুহে কথাটো ভাল নাপাব ...,
: আপোনাৰ লগত ইমানবোৰ হৈ যোৱাৰ পাছতো আপুনি মৃণালিনী বৌক কেনেকৈ আপোন কৰি ল'ব পাৰিলে....? আৰু আপোনাক কিয় ইমান বিশ্বাসত ললে....?
: সেইবোৰ বহুত কথা উৰ্মি....,, মাত্ৰ এটা কথা জানি থোৱা নাৰীয়ে ইচ্ছা কৰিলে এখন ঘৰ সুন্দৰকৈ সজাব পাৰে আৰু যদি ইচ্ছা নকৰে এখন সুন্দৰ ঘৰ ভাঙি থানবান কৰি দিব পাৰে...। বিশ্বাস.....? এওঁ যেতিয়া মোৰ লগত হোৱা সকলো অন্যায়ৰ কথা জানিব পাৰিলে তেতিয়া ঘৰ চলোৱাৰ দায়িত্ব এওঁ মোক গতাই দিলে...., মোৰ বাবে আছিল সেইটো এটা সোণালী সুযোগ..., এওঁ দৰমহাৰ আটাইখিনি টকা মোৰ হাতত দিছিল গতিকে বায়েক ভনীয়েক দুয়োজনীয়ে মোৰ ওচৰত হাত পাতিব লগা হৈছিল । এওঁ ভনীয়েক হঁতক যিবোৰ কামত বাধা দিছিল মই সেইবোৰ কামত সিহঁতক সহায় কৰিছিলো....., তেনেকৈয়ে মোৰ প্ৰতি মৰম আৰু বিশ্বাস বাঢ়ি গৈছিল...., সাপে যিদৰে আচাৰীৰ কোব নাপাহৰে ময়ো সেইদৰে পাহৰি যোৱা নাছিলোঁ প্ৰতিশোধৰ কথা...,
....... বৌ...., দুৱাৰখন খুলি দিয়াচোন..., মৃণালিনীয়ে দুৱাৰত টুকুৰীয়ালে...,
: বৌ, মৃণা বৌ আহিছে , আপুনি শুই দিয়ক । আপোনাৰ মূৰ বিষ হৈছে বুলি ক'ব । লাহেকৈ কথাষাৰ কৈ উৰ্মিয়ে দুৱাৰখন খুলি দিলে ।
: উৰ্মি.., তুমি ইয়াত কি কৰি আছিলা...?
: বৌ..., জয়শ্ৰী বৌ'ৰ মূৰ বিষাইছে , অলপ মূৰটো পিটিকি দিছিলোঁ । আৰাম পাইছে অলপ..
: বৌ..., ভিক্স লগাবা নেকি....? ( Assamese Story )
: নালাগে মৃণা , উৰ্মিয়ে অলপ মালিচ কৰি দিলে আৰাম পাইছোঁ...। তুমি চাহ একাপ আনি দিবা নেকি....!
: উম..., ৰবা , আদা দি ৰঙা চাহ একাপ লৈ আহিছোঁ...। উৰ্মি তুমি খাবা নেকি...?
: দিয়ে যদি একাপ দিব । মৃণালিনী ওলাই গ'ল পাকঘৰলৈ । .....বৌ, বাহিৰতে আছো , সুবিধা পালে আধৰুৱা কথাবোৰ আকৌ পাতিম । এতিয়া আপুনি শুই থাকক । নহলে বৌয়ে সন্দেহ কৰিব ।
: ঠিক আছে উৰ্মি, তুমি চিন্তা নকৰিবা ।
উৰ্মি ওলাই আহিল বাহিৰলৈ , মৃণালিনীৰ গতি বিধি লক্ষ্য কৰিবলৈ..., পাকঘৰত সোমাই চাহৰ চচটো হাতত লৈ মৃণালিনীয়ে ভাবিবলৈ ধৰিলে .... উৰ্মিয়ে বাৰু মিঠা মিঠা কথা কৈ বৌ মুখৰ পৰা সঁচা কথাবোৰ উলিয়াই ললে নেকি...? নাই... নাই ... বৌ ইমান অঁকৰা নহয় ...! বৌ'ৰ যদি মূৰ বিষাই আছিল মোক কিয় মাত নিদিলে...! নে বৌ উৰ্মিৰ জালত পৰিল...! বৌয়ে যদি সঁচা কথাবোৰ উৰ্মিক কৈ দিলে মই দেখুন শেষ হৈ যাম....! বৌ'ক কিবা এটা বুদ্ধি কৰি কথাবোৰ সুধিব লাগিব ....! কিন্তু কি বুলি সুধিম.....! বৌয়ে যদি মোক ভুল বুজে.....! ভাল বিপদখন হ'ল ...! মোকনো কিহে পাইছিলে আগফালে বহি ঠাকিবলৈ.....? কথাবোৰ ভাবি থাকোতেই উৰ্মি সোমাই আহিল.... বৌ..., চাহ হ'ল নেকি....?
: নাই , বনাবলৈ লৈছোঁ ।
: দাদা আৰু অনিয়েও ইটো সিটো কৰিয়ে আছে , সেয়ে ভাবিলোঁ আৰু দুকাপ চাহ বনাবলৈ কওঁ...
: ঠিক আছে উৰ্মি...., মই বনাই লৈ গৈছোঁ । বেয়া নোপোৱা যদি তিতা কাপোৰবোৰ বাহিৰলৈ উলিয়াই দিয়াচোন.....,
এনেধৰনক আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
ৰাতিপুৱাৰে পৰা আন্ধাৰ হৈ থকা আকাশখনৰ পৰা যেন ডাৱৰবোৰ ক'ৰবালৈ ঢাপলি মেলিছে , লাহে লাহে সূৰ্যৰ পোহৰ বিৰিঙি উঠিছে , সেমেকা সেমেকা হৈ থকা পৰিবেশবোৰ পুনৰ যেন আগৰ অৱস্থালৈ ঘূৰি আহিছে ।
ক্ৰমশঃ.....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment