আজি বতৰটোৰ আচৰিত পৰিবৰ্তন | দিনত ৰ'দ ,আবেলি নো বৰষুণ জাক কৰ পৰা আহি পালে ! বৰষুণ মানে বৰ ডাঙৰ বৰষুণ ( Assamese story )| একেবাৰে গাজনি,শিলাবৃষ্টি | এনেকুৱা বৰষুণ আহিলে অজান আশংকাত বকুখন কপি উঠে | কিন্তু কেতিয়াবা আবেলিৰ বৰষুণ জাক খুৱ ভাল লাগে | তিতিব মন যায় |
মই বাহিৰলৈ মানে বাৰাণ্ডালৈ ওলাই আহিলো,পাছে পাছে মোৰ পত্নী ৰেখা |
প্রানভৰি প্রত্যক্ষ কৰিছো চঞ্চলা বৰষুণ জাক|
- বৰষুণৰ প্রেমত পৰিলা নেকি ?
পত্নীৰ প্রশ্নত মিচিকিয়া হাঁহি এটা মাৰি কলো,,,,,,
- বৰষুণৰ প্রেমত কোনে নপৰে ! বৰষুণৰ অনুভৱত মানুহৰ লগতে গছ-লতিকাই ও চঞ্চলা হয় |
তেওঁ মোৰ কান্ধত মূৰটো থৈ বৰষুণৰ অনুভৱী পৃথিৱীত যাত্রা কৰিলে |
তেনেতে মোৰ চকুত পৰিল আমাৰ চৌহদত এজনী কনমানি ছোৱালীয়ে বৰষুণত তিতি আছে | কিয় তিতিছে তাই তেনেকে ! কোন ছোৱালী সেইজনী ! মই তাইৰ কাষলৈ যাবলৈ ওলালো,,,,,,
পত্নীয়ে মোৰ হাতখনত খামোছি ধৰি কলে ,,,
- কত যোৱা ?
- সেই ছোৱালীজনী দেখিছা নে ! তাই এই প্রচণ্ড বৰষুণ জাকত কেনেকে তিতি আছে,,,
- হেই ! বাদ দিয়া কৰ ছোৱালী কি কথা,পাগলী ও হব পাৰে !
- ৰেখা ! পাগলী যদিহে হয় তাই জানো মানুহ নহয় !
- বাদ দিয়া না,মই তোমাক বৰষুণত তিতিব নিদিওঁ,যদি তোমাৰ বেমাৰ হয়,,,,,
মই ৰেখাৰ হাতখনৰ বান্ধোনৰ পৰা একপ্রকাৰ জোৰকৈ মুক্ত হৈ ছোৱালীজনীৰ কাষলৈ খোজ ল'লো |
- প্রবাল,তুমি উভতি আহা প্রবাল,,,,
ৰেখাৰ কথাত মই গুৰুত্ব নিদি আগুৱাই গ'লো | এজনী কনমানি ছোৱালী ,তাইৰ বয়স প্রায় দহ-বাৰ বছৰ মান হব | মই লাহে লাহে তাইৰ কাষলৈ আগবাঢ়িলো,,,,,
- ভন্টি,,,,,,
নাই তাইৰ মোৰ কথাত কোনো গুৰুত্ব নাই,মাত্র তাই মেঘাছন্না আকাশ খনলৈ চাই দুহাত মেলি প্রান ভৰি তিতিছে |
- তুমি বৰষুণত কিয় তিতি আছা,এই হেন বৰষুণ জাকত তিতাৰ পাছত তুমি বেমাৰক পৰিবা,,,,,
আচৰিত তাই আকাশৰ ফালে চাই চিঞৰি চিঞৰি মোৰ উত্তৰ দিলে,,,,
- নাই বেমাৰত নপৰো,মোৰ দেহৰ ডাঙৰ বেমাৰটিৰ বিজানু ধুই নিয়া বাবে হে তিতিছো|
ডাঙৰ বেমাৰ,কি ডাঙৰ বেমাৰ ! বৰষুণত জানো বেমাৰৰ বিজানু নোহোৱা হয় |
- ভন্টি তোমাৰ কথাৰ অৰ্থ মই বুজা নাই,,,,
তাই এক ভয়ানক চাৱনিৰে মোৰ ফালে চালে,
- মই এচাম পুৰুষক ঘৃনা কৰো |বিশ্বাস নকৰো,,,,
কি ! কি কৈছে তাই,,,,
- কিন্তু কিয় !
- কাৰন এচাম পুৰুষে জন্তুতকৈ অধম হ'ল,প্রয়োজনত সিহতে নিজৰ জিয়াৰীকওঁ নিজৰ কামনাৰ সংগী কৰিব !
তাইৰ কথা কেইটা মোৰ কানত ঘৰ্ষন হ'ল |
- তুমি,,,,,,
- মই এজনী ধৰ্ষিতা,,,,
হে ভগৱান মই ক'ত আছো ! মই সচাঁকৈ এইখন পৃথিৱীতে আছো নে | এজনী কনমানি ছোৱালী ধৰ্ষিতা,,,,,,
- মোৰ অপবিত্র দেহটো বৰষুণৰ পানীত ধুইছো,,,,,,
ইয়াৰ ৰহস্য কি ! মই ছোৱালীজনীক মোৰ ঘৰলৈ লৈ আনিলো |
- ৰেখা,তুমি কৈছিলা এইজনী ছোৱালী পাগলী,নহয় তাই ধৰ্ষিতা হে,,,,,,
মই লক্ষ্য কৰিছিলো তাই কান্দিছিল,আৰু বৰষুণৰ পানীত তিতা কাৰনে থৰ্ থৰ্ কৈ কপিছিল |( Assamese story )
ৰেখাই তাইক কাপোৰ সলনি কৰিবলৈ দিলে,আৰু তাইৰ খোৱা ব্যৱস্থা কৰিলে,কিছু সময় পাছত তাইক মোৰ কাষলৈ লৈ আহিলো |
এক নিদাৰুন বাস্তৱ |
- ভন্টি কি হ'ল মোক বুজাই কবা নে তুমি !
- কম,আপোনাক মোৰ সকলো কথাই কম |
মই এখন সাধাৰণ ঘৰৰ জিয়ৰী,ঘৰখনত মা,মই আৰু কনমানি ভাইটি,আমি সৰু থাকোতে আমাৰ দেউতাৰ এক দূৰাৰোগ্য ৰোগত মৃত্যু হৈছিল | মা হ'ল বেমাৰী ,,,,
কিছুদিন মায়ে ঘৰখন থিকে চলালে | কিন্তু মাৰ বেমাৰী দেহাটোলৈ চালে মোৰ বৰ দুখ লাগে,সেয়েহে মই পঢ়াপাতি সামৰি কাম কৰাৰ সিদ্ধান্ত গ্রহন কৰিলো | মাৰ আপত্তি সত্বেওঁ মাৰ কষ্ট নহক বুলি মই এই চহৰৰ এঘৰ মানুহৰ ঘৰত কাম কৰা ছোৱালী হিচাপে থাকিলো |
ঘৰখনত মানুহজন আৰু তেওঁৰ পত্নী | বাইদেউজনী এখন স্কুলৰ শিক্ষয়এী |আৰু মানুহজন এইচহৰৰ এজন প্রখ্যাত ব্যৱসায়ী |সময়বোৰ থিকে গৈছিল | এদিনাখন মই সিহতৰ ঘৰতে গাভৰু হ'লো |
কিছুদিন যোৱাৰ পাছত লক্ষ্য কৰিছিলো মানুহজনৰ চকুবোৰ মোৰ দেহৰ বিভিন্ন অংগত | মই ভাৱিছিলো হয়টো তেখেতে নিজৰ ছোৱালীৰ দৰে মোক লক্ষ্য কৰে |
আজিৰ কথা,,,,,,
- তুমি ওলাই নোযোৱা ?
মানুহজনীয়ে স্বামীক প্রশ্ন কৰিছিল |
- মোৰ আজি গাটো সিমান থিক নহয় ! তুমি যোৱা,,,,,
মানুহজনে পত্নীক কৈছিল |
- তৃষ্ণা ঐ তৃষ্ণা,,,,
- কওঁক বাইদেউ,,,,,,
- ছাৰৰ গা বেয়া ওলাই নাযায়,তই অকমান কেয়াৰ লবি ,,,,,
কথাখিনি কৈ মানুহজনী ওলাই গৈছিল |
কিছু সময় পাছত
- তৃষ্ণা ,,,,,,
- হয় ছাৰ,,,,
- একাপ ধুনীয়াকৈ চাহ বনোৱা,,,,
- হব ছাৰ,,,,,
মই একান্ত মনে পাকঘৰত সোমাই চাহ বনোৱাত ব্যস্ত হ'লো | তেনেতে অনুভৱ কৰিলো মোৰ কান্ধত কাৰোবাৰ কঠিন হাতৰ স্পৰ্ষ |মোৰ গোটেই দেহটো শিয়ৰি উঠিল |মই ভয় ভয় কৈ পাছলৈ চালো ,মানুহজনে মোৰ ফালে চাই এক অসভ্য হাঁহি এৰিছিল | মোৰ বকুখন কপিছিল,লাহে লাহে সেই কঠিন হাতদুখন মোৰ শৰীৰৰ বিভিন্ন অংগত অনুভৱ কৰিলো | সেই মূহুৰ্ত্তত লাজ ভয় সকলোৱে মোক আগছি ধৰিছিল |
- ছাৰ কি কৰিছে,,,,
- তৃষ্ণা আহা আমি ভিতৰৰ কোঠাত যাওঁ,,,
- কিন্তু
- কোনো কিন্তু নাই,,,,,
মই তাৰ পৰা পলাব চেষ্টা কৰিছিলো কিন্তু নোৱাৰিলো | সেই অসভ্য মানুহজনে মোক জোৰদাবস্তি ডাঙি লৈ গৈছিল |
এক বুজাৱ নোবাৰা ভয় লগা মূহুৰ্ত্ত | মানুহজনে লেপটপত মোক যি দেখাইছিল ,তাৰ পাছত আৰু মই জীৱনৰ আশা বাদ দিছিলো ,,,,,,,,,,,
হিংস্র জন্তুৰ দৰে এটা সময়ত মোৰ ওপৰত জপিয়াই পৰিল | কিছু সময় পাছত মই সংজ্ঞাহীন হৈ বিচনাতে পৰি ৰ'লো |
যেতিয়া মই সংজ্ঞা ঘূৰাই পাইছিলো,তেতিয়া নিজকে সম্পূৰ্ণ উলংগ অৱস্থাত আৱিস্কাৰ কৰিছিলো |
মই আৰু একমিনিট সময় ও ৰোৱা নাছিলো,চিধাই সিহতৰ ঘৰৰ পৰা ওলাই আহিছিলো,,,,,,,,
ছোৱালীজনীয়ে কান্দিছিলে,কি বুলিনো সান্তনা দিম | ভাষাই হেৰাই পেলালো,নিজৰ পত্নী থকাৰ পাছতো,নিজৰ সন্তানৰ বয়সৰ এজনী ছোৱালীৰ ওপৰত ,,,,,,,,
- তুমি বাইদেউ জনীক সকলো কথা কিয় নকলা,,,,,
- মোৰ কথাত জানো নিজৰ স্বামীৰ চৰিত্রত দাগ দিব,,,,,
- হয়,থিকেই এইখনে আমাৰ সমাজ |
মই তাইক লৈ সিহতৰ ঘৰ ওলালো,তাই ভিতৰত সোমাৱ ভয় কৰিছিল যদিওঁ মই তাইক জোৰকৈ লৈ গ'লো,,,,,
তাইক দেখি মানুহজনীয়ে প্রশ্ন কৰিছিল,,,,
- তই ! তই কত গৈছিলি,,,,
মই মানুহজনীক সকলো কথা খুলি ক'লো |কিন্তু নাই মানুহজনীয়ে প্রথমতে বিশ্বাস নকৰে | তাইৰ ওপৰতে সকলো দোষ জাপি দিলে,,,,,,,
কিছু সময় পাছত সেই ধৰ্ষণকাৰী পৰুষজন ওলাই আহিল | আৰু তাইক দেখিয়ে,,,,
- তই ! হেৰা তাইক খেদি পঠিওঁৱা,তাই মোক ব্লেকমেইলিং কৰিব আহিছে ,,,,
- কি ! ডাঙৰীয়া এইজনী ছোৱালীয়ে ব্লেকমেইলিং,হানিট্রেপিংৰ দৰে শব্দ নুবুজে |
কিছু বাক বিতণ্ডাৰ অন্তত মই ক'লো,হব মই যি কৰিব লাগে কৰিম,আজিয়ে মই তাইৰ ডি.এন.এে টেষ্ট কৰিম | সকলো ৰহস্য ওলাই পৰিব|
তেতিয়া কিছু সংকিত হৈ মানুহজনে ক'লে, ,
- হয় মই ধৰ্ষণ কৰিছো তাইক ,মোক ক্ষমা কৰক | তাইৰ ক্ষতিপূৰন মই দিম |
- দেখিলে ,আপোনাৰ স্বামীৰ চৰিত্র,,,,,
মানুহজনী লাজ অপমানত চিঞৰি উঠিল,
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
- মোৰ স্বামী হ'লেওঁ ধৰ্ষণ কৰিছে যেতিয়া ধৰ্ষণকাৰী হয় | মই বিছাৰো এইজন মানুহৰ ফাঁচী হওঁক | অপৰাধীক প্রশ্রয় কেতিয়াওঁ দিব নালাগে | তাইৰ সম্পূৰ্ণ দায়িত্ব মই লম | বলক আমি আইনৰ ওচৰত যাওঁ |
- তুমি নিজৰ স্বামীৰ ফাঁচীৰ দাবী কৰিবা ?
- স্বামী ! এজন ধৰ্ষণকাৰী মোৰ স্বামী কেতিয়াওঁ হব নোবাৰে,তোৰ এতিয়া ফাঁচী হব |
মানুহজনীৰ সিদ্ধান্তত মই সন্তোষ পালো,আৰু কনমানি ভন্টি জনীৰ ন্যায়ৰ বাবে ,তাইৰ মুখৰ হাঁহি ঘূৰাই অনাৰ বাবে আমি সাজু হ'লো |
আৰু যেন তেনেকুৱাকৈ কোনো মহিলা ধৰ্ষিতা নহয় তেনে শাস্তি এটা কামনা কৰিলো|||
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page,. .
No comments:
Post a Comment