ৰাতিপুৱা শুই উঠি হাতত বাতৰিখন ললো | ৰাতিপুৱাই দেশবিদেশৰ বাতৰি খিনি চোৱা মোৰ এয়া সৰুকালৰ অভ্যাস | কিছুমান বাতৰিয়ে মনটো সেমেকাই তোলে ( Assamese story )| আকৌ কিছুমান বাতৰি দেখিলে প্রচণ্ড খং উঠে |
- চাহ লোৱা,,,,
ৰিনিৰ মাতত তাইলৈ ঘূৰি চালো | বাহ : বিয়া হোৱাৰ আজি চয় বছৰ হ'ল | তাই কিন্তু এতিয়া ও ষোড়শী গাভৰু জনীয়ে হৈ আছে | মই হে বুঢ়া হ'লো নেকি ! যদি লাহে লাহে বেলেগ ডেকা ল'ৰাৰ,,,,,,
ধেত কি যে ভাবিছো | নাই নাই মোৰ পত্নী তেনে নহয় আৰু হব নোৱাৰে |
- ৰিনি
- কোৱা,,,,,
- আজি এপাক মন্দিৰৰ পৰা আহো ব'লা
- কৰ মন্দিৰত ?
- কিয় আহতগুৰিৰ থানত |
- হব বাৰু দিয়া,,,,
ৰিনিৰ সন্মতি পালো | আজিৰ ৰবিবাৰটো তেওঁৰ লগতে উদযাপন কৰো তেন্তে |
- মই সন্তান বিক্ৰী কৰিম | লাগিব নেকি ?
ডিঙিটো ডাঙি চালো | বিভিন্ন ধৰনৰ বেপাৰী দেখিছো | কিন্তু সন্তান বিক্ৰী কৰা বেপাৰী ! হে ভগবান মই ক'ত আছো বাৰু |
- দাদা ,হেৰি দাদা
কোন বাৰু | এজনী মহিলা দেখোন | আৰু কোচত এটি খুব মৰম লগা ছোৱালী |
- হয় হয় আপোনাকে শুধিছো | মই সন্তান বিক্ৰী কৰিম | আপোনাক লাগিব নেকি ?
কি যে কৈ আছে মহিলাজনীয়ে | মূৰৰ গণ্ডগোল টো নাই |
- চাওঁ এইফালে আহকচোন |
মানুহজনী আমাৰ জপনা খুলি সোমাই আহিল |
- দাদা ,মই ছোৱালী জনী বিক্ৰী কৰিম আপোনাক লাগিব নেকি ?
- আপুনি পাগল হৈছে নেকি ?
- অ দাদা মই পাগল হৈছো | কিন্তু কোনোবাই মোৰ ছোবালীজনী যদি হে ক্ৰয় কৰে মোৰ মংগল হব|
তেনেতে ৰিনি ভিতৰৰ পৰা ওলাই আহিল |
মই লক্ষ্য কৰিছিলো | ছোৱালীজনী খুব মৰম ল'গা | যেন আকাশৰ পৰী | আমাৰ ৰিনিৰ কোচত থাকিলে তাইক সকলোৱে ৰিনিৰ সন্তান বুলি কব | বেচেৰীয়ে নিজৰ হাতখন মুখত ভৰাই আছে |তাইক দেখি ৰিনিয়ে মাকৰ কোচৰ পৰা লৈ ল'লে |
- বহকচোন আপুনি |
মই মহিলাজনীক উদ্দেশ্যী ক'লো |
মহিলাজনীয়ে বহিলে |
- এতিয়া কওঁক | এই মৰম লগা ছোৱালীজনী আপুনি কিয় বিক্ৰী কৰিব ওলাইছে ?
মহিলাজনীয়ে চকুপানী খিনি চাদৰৰ আছলৰে মছিলে | আৰু ছোৱালী জনীলৈ এবাৰ চালে |(Assamese story)
- চাওঁকচোন কিমান মৰম লগা তাই | ভগবানৰ দান | তাই যিদিনা আমাৰ জীৱনত আহিছিল আমি ও বহুত সপোন দেখিছিলো তাইক লৈ | তাই আমাৰ সপোনৰ ৰাজকুমাৰী আছিলে | কিন্তু আজি মই নিৰূপায় ,,,,,,
মানুহজনীৰ কথাখিনি শুনি মোৰ দচকুৰ নিগৰি বৈছে মাত্র চকুপানী |
ৰিনিয়ে ছোৱালীজনীক লৈ ভিতৰত সোমাল | তাই সৰু ল'ৰা-ছোৱালী বহুত ভাল পায় | আজি ইমান দিন হ'ল আমাৰ সন্তান এটা ও নাই | হয়টো তাইৰ কোচত এটা সন্তান লবলৈ বহুত মন যায় | হয়টো কোনোবাই তাইক মা বুলি মাতিলে তাই কিমান আনন্দ পালে হেতেন | এয়াই ভাগ্য আমাৰ |
- আপুনি তাইক বিক্ৰী কৰিব বিচাৰিলে ?
মোৰ প্রশ্নত মানুহজনীয়ে এটা হুমুনিয়াহ এৰিলে |
- এখন সুখৰ ঘৰ | দুখীয়া হ'লেওঁ আমি মনৰ দুখীয়া কেতিয়াওঁ নাছিলো | এসাজ লঘোন নপৰাকৈ সুখত খাই আছিলো |
মই ,মোৰ স্বামী আৰু মোৰ এই ছোৱালীজনী | কিন্তু এদিনা খন এজাক ধুমুহা আহিল |
মোৰ স্বামী অসুস্থ হ'ল | আমাৰ সাচতীয়া পইচাঁ নাই | সেয়েহে তেখেতৰ অসুস্থতাত বৰ অসুবিধাত পৰিলো | ক্ৰমান্বয়ে তেওঁৰ বেমাৰ বাঢ়ি গ'ল | অসহ্যকৰ যন্ত্রনাত বিচনাত চতফটাই থাকে | মই নো কেনেকে সহ্য কৰো কওঁক | মাটি বিক্ৰী কৰিবলৈ ও আমাৰ নাই |এদিনা খন তেখেতক মেডিকেলত ভৰ্ত্তি কৰালো | সকলো পৰীক্ষা নিৰিক্ষা কৰাৰ অন্তত ডাক্তৰে ক'লে তেওঁৰ হেনো ব্রেইন টিউমাৰ হৈছে | এতিয়া অপাৰেচন কৰিব লাগিব | তেওঁক সুস্থ কৰাৰ স্বাৰ্থত মই আজি মোৰ ছোৱালীজনী বিক্ৰী কৰিবলৈ লৈ আহিছো |
মানুহজনীৰ চকুপানীবোৰে মোৰ অন্তৰখনক কন্দুৱাই দিলে |
কিন্তু ! এতিয়া মই কি কৰিম | যদিহে মই ছোৱালীজনীক পইচাঁ দিয়াৰ বিনিময়ত কিনি লওঁ তেতিয়া হ'লে মই স্বাৰ্থপৰ নহম নে ! আৰু যদি মানুহজনীক সহায় নকৰো ভগবানে মোৰ ওপৰত অসন্তুষ্ট নহব নে ?
- আপুনি মোক ৰক্ষা কৰক | মই আপোনাৰ ভৰিত ধৰিছো |
মানুহজনীয়ে মোৰ ভৰি দুখনত অজানিতে সাৱতি ধৰিছিল |
- হেই ! কি কৰে | নাপায় নাপায় | হব মই আপোনাক প্রয়োজনীয় পইচাঁ খিনি সহায় কৰিম |
- কি !
মানুহজনীৰ মুখত হাঁহি বিৰিঙি উঠিছিল |
- আপুনি মানুহ নহয় | আপুনি ভগৱান ,,,,
- নহয় | মানুহ কেতিয়াওঁ ভগৱান হৱ নোৱাৰে | আমি মাত্র ভগৱানৰ সন্তান হে,,,,,
- আপুনি মোৰ সন্তানটো গ্রহন কৰক |
- কিন্তু !
- কোনো কিন্তু নাই | ধৰি লওঁক ভগৱানে তাইৰ দায়িত্ব আপোনালোকৰ হাতত দিছে |
আজিৰ পৰা তাই আপোনালোকৰ সন্তান | মোৰ মানুহজন সুস্থ হ'লে আমাৰ জীৱনত সন্তান আকৌ আহিব| মাত্র আপুনি কেতিয়াবা মোক তাইক চাই যোৱাৰ সুযোগকন দিব |
ৰিনি তাইক লৈ ওলাই আহিছিল |
- ৰিনি
- হু
- আজিৰ পৰা তাই আমাৰ সন্তান |
- কি !
ৰিনিয়ে আনন্দতে তাইক জোৰকৈ সাৱতি বহুত চুমা উপচায় দিলে | এয়া তাইৰ এজনী মাতৃ হোৱাৰ হাবিয়াস |মহিলাজনীয়ে ৰিনিৰ কোচৰ পৰা ছোৱালীজনী লৈ তাইৰ গাল খনত চুমা দিলে |
- আই তোক জন্ম হে দিলো | পালন কৰিব নোবাৰিলো | তই আমাক ক্ষমা কৰিবি | তোক বিক্ৰী কৰি মই ,,,,,
- আপুনি তাইক বিক্ৰী কৰা বুলি যেন নকয় | আমাক দায়িত্ব দিয়া বুলি হে যেন কয় ,,,,,
মহিলাজনীয়ে মোৰ দুপুয়িয়াই তাইক ৰিনিৰ হাতত তুলি দিলে |
আৰু মই মহিলাজনীক লৈ মেডিকেললৈ গ'লো |
মানুহগৰাকীৰ স্বামী ডাক্তৰৰ অসীম কষ্টৰ ফলত সুস্থ হ'ল | আৰু তেওঁক ঘৰলৈ আনিলে|
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
এতিয়া তেওঁলোকৰ আৰু আমাৰ বৰ মধুৰ সম্পৰ্ক গঢ়ি উঠিল | তেওঁলোকৰ জীৱনত আকৌ এটা ল'ৰা সন্তান আহিল |
আৰু আমাৰ ছোৱালীজনী মানে ময়ূৰিক লৈ এতিয়া ৰিনি আৰু মোৰ সুখৰ সংসাৰ | | |
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment