এগৰাকী দন্দুৰী পত্নীৰ স্বভাবত অস্বস্ত এগৰাকী স্বামী : Assamese story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 27, 2021

এগৰাকী দন্দুৰী পত্নীৰ স্বভাবত অস্বস্ত এগৰাকী স্বামী : Assamese story

Assamese story

    ঘৰখনত কিবা নহয় কিবা এটা খুট্-খাট লাগিয়ে থকা হ'ল সদায়। এইবোৰ দেখি -শুনি প্ৰতীমে  ঘৰলৈ অলপ দেৰিকৈয়ে অহা কৰিছিল মাজে মাজে । Assamese story

   মানসীৰ মুখখন কম নে ! কথা ক'বই নোৱাৰি ! তাইৰ লগত কথা পতা মানে এখন কন্দলৰ সৃষ্টি কৰি লোৱা । সেয়ে প্ৰতীমে এতিয়া ড্ৰইং ৰূমটোতে, নিজে বনাই লোৱা মাছৰ একুৰিয়ামটোৰ ওচৰতে বহি থাকি মানসীৰ

চিঞৰ-বাখৰবোৰৰ পৰা সকাহ পোৱাদি পায় ...। 

  

ড্ৰইং ৰূমটো এটা সৰু-সুৰা চিনেমা হলৰ দৰেই 

হৈ উঠিছে  তাৰ বাবে এতিয়া । এতিয়া সি  তাৰ অফিচৰ সময়খিনিৰ বাহিৰে, দিনটোৰ বাকীখিনি  সময় এই একুৰিয়ামটোৰ ওচৰতেই কটায় । 

    

 এঞ্জেল,গাপ্পী,নিয়ন টেট্ৰা,ফাইটাৰ, ব্লু গ'ৰামি , বটিয়া, টাইগাৰ বাৰ্ব, ব্লেক মলী, ক্ৰক'ডাইল ফিছ,গল্ড ফিছকে আদি কৰি ধুনীয়া ধুনীয়া 

ৰঙ-বিৰঙী কেইটামান দেশী-বিদেশী মাছ আৰু 

সৰু সৰু  জলজ উদ্ভিদেৰে তাৰ এই একুৰিয়ামটো , সাগৰতলিৰ মোহময় পৃথিৱীখনৰ দৰেই লাগে  !

      

 মুঠতে ঘৰখনত মানসীৰ কাৰ্য্যকলাপ আৰু হূলস্থুলৰ পৰা পৰিত্ৰাণ পাবলৈ, এই একুৰিয়ামটো প্ৰতীমৰ বাবে যথেষ্ট সহায়ক হৈছে বুলিয়ে ভাবে সি । 

   একুৰিয়ামটো বনাই লোৱাৰ আগতে , ঘৰলৈ অলপ দেৰিকৈয়ে সোমোৱা কৰিছিল প্ৰতীমে । তাতো মানসীৰ হাজাৰটা প্ৰশ্ন ! টিভিটোৰ 

ওচৰতো বেছি সময় বহি থাকিব নোৱাৰি । কোনোমতে নিউজটোহে চায় সি । মানসীয়ে চিৰিয়েলবোৰ চাবলৈ নাপালে, তাৰ ফালে 

শেষেই ! সেয়েহে সি আজি-কালি টিভি চোৱাও কমাইছে । একান্তমনে একুৰিয়ামটোৰ ওচৰতে 

বহি সময়বোৰ কটায় । 


  কেইদিনমান আগতে কাম কৰা সৰু ছোৱালী এজনীও আনি ৰাখিছিল প্ৰতীমে । কিন্তু মানসীৰ দাবী-ধমকি আৰু মাৰৰ কোবত ছোৱালীজনী ঘৰলৈ যাওঁ যাওঁ লগালত,  প্ৰতীমে 

ছোৱালীজনীক ঘৰলৈ পঠিয়াই দিলে । আজি-কালি সৰু সৰু ল'ৰা-ছোৱালী মানুহৰ ঘৰত কাম কৰিবলৈ ৰখাটো অপৰাধ । তথাপিও প্ৰতীমে  লগৰ এজনক কোৱাই-মেলি, মানসীৰ সহায় হ'ব  বুলিয়েই আনিছিল ছোৱালীজনী । কিন্তু অৱশেষত মানসীৰ কাৰণে হ'ব পৰা ভয়ংকৰ বিপদৰ কথা ভাবিয়েই প্ৰতীমে ছোৱালীজনী ঘৰলৈ পঠিয়াই দিয়াটোৱেই মঙ্গল হ'ব বুলি  ভাবিলে । 


   প্ৰতীমহঁতৰ ঘৰৰ লগতে লাগি থকা ওচৰৰে ৰঞ্জন বৰুৱাৰ মানুহজনীৰ লগত মানসীৰ সৈতে হোৱা ঘটনাটোৰ কথা ভাবিলে প্ৰতীমৰ বৰ লাজ 

লাগে । প্ৰতীম আৰু ৰঞ্জন বৰুৱাহঁতৰ ঘৰৰ মাজত থকা দেৱালখনৰ গাতে লাগি থকা ৰঞ্জন বৰুৱাহঁতৰ  কঁঠালৰ গছজোপাৰ কেইটামান ডাল, দেৱালৰ ইটো পাৰে থকা  প্ৰতীমহঁতৰ ঘৰৰ ফালে অলপ  আগবাঢ়ি আহিছে । গছজোপাৰ পৰা 

ডাল -পাত দুটামান কেতিয়াবা বতাহে সৰুৱাই আনি প্ৰতীমহঁতৰ ঘৰৰ চোতালত পেলায়হি । তাকে লৈ মানসীৰ সদায় অশান্তি । ইয়াকে লৈ ৰঞ্জনৰ পত্নী দিপালীৰ লগত ভালকৈয়ে এখুন্দা লাগি লৈ প্ৰতীমকো কথাটো কাণ চোৱালেহি 

এদিন মানসীয়ে । 

" হেৰা, মই সদায় সদায় এই জাবৰবোৰ চাফা 

কৰি থাকিব নোৱাৰোঁ কিন্তু ! বৰুৱাক গছজোপা কাটি পেলাবলৈ  ক'বা । চোতাল আমাৰহে

লেতেৰা হয়! তেওঁলোকৰতো নহয় ! নহ'লে আমাৰ ফালে অহা ডালকেইটা কাটি দিবলৈ ক'বা বৰুৱাক !"

" ডাল-পাতকেইটা পৰোঁতে চোতালখন সাৰিবলৈ ইমান টান পালা ! কিন্তু  আমাৰ পিনে অহা কঁঠালকেইটাচোন  হাঁকুটি লৈ পাৰোঁতে সৰি পৰা পাতবোৰ মনে মনে সাৰি  চাফা কৰি পেলোৱা !"

" তেওঁলোকৰ ঘৰলৈ গৈ চুৰ কৰি আনি খোৱা নাই নহয় কঁঠালকেইটা ! আমাৰ ফালে অহাকেইটাহে খাওঁ !"

" কথা একেটাই ! এনেকৈ খালেও,চুৰ কৰাটোকেই বুজায় । ডালকেইটা কাটি দিলে আৰু কঁঠাল কিন্তু খাবলৈ নাপাবা !"--প্ৰতীমে হাঁহে । 

মানসী মনে মনে থকা হ'ল তাৰ পিছৰ পৰা । 


 মিছাকৈয়ে লাগি ল'লে মানসীয়ে দিপালীৰ লগত । ৰঞ্জনহঁতে কেতিয়াও প্ৰতীমহঁতৰ ফালে যোৱা কঁঠালকেইটা পাৰি লৈ নাযায় । কঁঠাল পাৰিলে, সিহঁতকো দুটা কঁঠাল সদায় দি থৈ যায় ।  অথচ, মানসীয়ে আগ-পিছ নাভাবি-নিচিন্তি  লাগি ল'লে মানুহঘৰৰ লগত ! 

 

 মানসীৰ কাৰণে নিজৰ  মানুহবোৰকো  ঘৰলৈ মাতিবলৈ ভয় কৰে  প্ৰতীমে--মানসীৰ কিবা কথাত বেয়া পায় বুলি । কিয় জানো মানুহজনী এনেকুৱা হ'ল !--প্ৰতীমে ভাবে । 

 মানসীক বহুত বুজায় সি । কিন্তু তাৰ কথা শুনিবলৈ,তাইৰ সেইখিনি ধৈৰ্য নাই ! দিনটোত মানসী আৰু প্ৰতীমৰ মাজত কিবা নহয় কিবা

এটা কথাত লাগেই । 

 

এতিয়া আকৌ প্ৰতীমক একুৰিয়ামটোৰ ওচৰত বহি থকাটোও মানসীৰ কিবা সহ্য নোহোৱা হ'ল । 

"হেৰা, এই পানীৰ টেংকীটো ইয়াত  থ'লেহে হয় নেকি ? ড্ৰইং ৰূমটোত  কিমান ঠাই লৈছে এইটোৱে, দেখিছানে ? এইটো আন ক'ৰবাত থ'বা!"

" এই পানীৰ টেংকীটোৱেহে মোক ৰক্ষা কৰি আছে বুজিছা !"

" মানে ?" --মানসীৰ প্ৰশ্ন । 

" মানে তুমি নুবুজিবা !"

" কি নুবুজিবা ? ক'লেহে বুজিম !"

" আজিলৈকে জানো কিবা এটা কথা বুজিবলৈ

 চেষ্টা কৰিছা?"

" হ'ব ,হ'ব । মুঠতে এইটো ড্ৰইং ৰূমৰ পৰা আঁতৰাবা ! বাৰাণ্ডাত থ'বা !"

" ইয়াতেই থাকিব এইটো ! এইটো ড্ৰইং ৰূমতেই থয় ! এদিন বহি চাবা একুৰিয়ামটোৰ মাছবোৰ, বুজিছা ! শান্তি পাবা অলপ মনটোত !"

" নালাগে ,নাচাওঁ ! মই শান্তিতে আছোঁ ! "

" ওঁ , তুমিহে আছা ! বাকীবোৰতো নাই !"

" মানে ?"

" মানে ছব কথা বুজাই ক'ব নোৱাৰি ! নিজেই বুজিবলৈ চেষ্টা কৰাচোন !"

   মানসীয়ে কিবা  এটা কৌতূহলভাৱে প্ৰতীমলৈ চাই আঁতৰি যায় । 


  প্ৰতীম অফিচলৈ ওলাই যোৱাৰ পিছত মানসীয়ে কেতিয়াবা একুৰিয়ামটোৰ ওচৰত বহি মাছবোৰ চায়গৈ । ৰঙ-বিৰঙ্গী দেশী-বিদেশী মাছবোৰ দেখি তাইৰো মনটো ভাল লাগে । কিন্তু সেই কথা প্ৰতীমক তাই  কেতিয়াও জানিবলৈ দিয়া নাই । Assamese story


এইকেইদিন প্ৰতীমে দুদিনমানৰ আগতে অনা 

মাছ কেইটামানৰ  লগত খুব ব্যস্ত হৈ পৰিছে । মাছকেইটাৰ কাৰণে প্ৰতীমে বেলেগ এটা একুৰিয়ামৰ ব্যৱস্থা কৰিছে । এইটো একুৰিয়ামো প্ৰতীমে ড্ৰইং ৰূমতে ৰাখিছে । ড্ৰইং ৰূমটোত এতিয়া একুৰিয়াম হ'ল দুটা । আগতকৈ সি এতিয়া  বেছিকৈহে ব্যস্ত হৈ পৰিছে এই একুৰিয়াম দুটাৰ লগত । একুৰিয়াম দুটাৰ ওচৰত বহি থাকিলে 

তাৰ নিজকে সাগৰৰ তলৰ পৃথিৱীখনত বিচৰণ কৰি ফুৰা যেন লাগে ... । মানসীয়েও কথাটো লক্ষ্য নকৰাকৈ থকা নাই । কি ভাল  পায় বাৰু প্ৰতীমে এই একুৰিয়াম দুটাৰ ওচৰত ঘণ্টাৰ পিছত ঘণ্টা বহি ? কিন্তু এটা কথা ঠিক যে, প্ৰতীমে একুৰিয়াম দুটাত থোৱা মাছকেইটা সঁচাই বহুত ধুনীয়া ! প্ৰতীমে এনেয়ে ইয়াত বহি নাথাকেহি !--মানসীয়ে ভাবে । 

 

এদিন থাকিব নোৱাৰি মানসীয়ে একুৰিয়াম দুটাৰ  ওচৰত বহি থকা দেখি  সুধিয়ে দিলে প্ৰতীমক--

" হেৰা, এই পানী টেংকী দুটাৰ ওচৰত বহি বহি তোমাৰ অলপো আমনি নালাগেনে ? কি চাই থাকা এইকেইটাৰ পিনে ইমানকৈ একান্তমনে ?"

" মাছবোৰ চাই থাকিলে মনটো ভাল লাগে । ইমানেই!"

" মাছ চাই মন ভাল লগাবৰ কিটো  আছে ?"

" আছে । তুমি নুবুজিবা !"

" কোৱাচোন ! কিজানিবা বুজোঁৱেই !"

" ওঁ, ইয়াত তুমিও থাকা যে ! সেয়ে ভাল লাগে !"


 প্ৰতীমৰ এই কথাকেইটাত মানসীৰ কিবা এটা 

ভাল লাগি গ'ল । প্ৰতীমে সেই ধুনীয়া ধুনীয়া মাছকেইটাৰ লগত তাইক তুলনা কৰিছে ! সঁচাকৈয়ে তাই প্ৰতীমৰ চকুত ধুনীয়াই  চাগৈ!মানুহটোৱে মুখ ফুটাই নক'লে কি হ'ব ! নিজৰ মানুহটোৰ চকুত কেৱল তায়েই নহয় , প্ৰত্যেকজনী পত্নীয়েই ধুনীয়া ! -- মানসীয়ে ভাবিবলৈ ধৰিলে । 

" আহাচোন , চোৱাহি এবাৰ ! তোমাৰো ভাল 

লাগিব !"--প্ৰতীমে তাইক একুৰিয়াম দুটাৰ 

ওচৰলৈ মাতিলে । 


মানসী ওচৰ চাপি আহিল প্ৰতীমৰ । প্ৰতীমে 

কেঁচুৰ সৰু সৰু পোৱালি কিছুমান বিভিন্ন 

প্ৰজাতিৰ ভিন্নৰঙ্গী মাছ থকা একুৰিয়ামটোত   পেলাই দি মাছবোৰক খুৱাবলৈ ধৰিলে । মানসীয়ে একান্তমনে চাই থাকিল । তেনেতে প্ৰতীমে এটুকুৰা সৰু তেজ লগা কেঁচা মাংসৰ টুকুৰা প্লাষ্টিকৰ ৰচী এডালত ভালকৈ বান্ধি লৈ, আনটো একুৰিয়ামৰ মাছকেইটাৰ ওচৰলৈ নি পানীত ধৰিলেগৈ । মাছকেইটাই মাংসৰ টুকুৰাটো যি ধৰণে চকুৰ পলকতে তীব্ৰ গতিত আহি  আক্ৰমণাত্মকভাৱে  টানি-আজুৰি খাই শেষ কৰি পেলালে ,মানসীয়ে দেখি অবাক হৈ ৰ'ল কিছুসময় !

" এইকেইটা  মাছ নে কি ??" --মানসীয়ে প্ৰতীমৰ পিনে চাই আচৰিত হৈ সুধিলে । 

" এইবোৰ পিৰানহা । ইহঁত খুব হিংস্ৰ আৰু  ভয়ংকৰ মাছ ! ইহঁতবোৰে এটা মানুহ বা আন 

জীৱ, কেইটামান মিনিটৰ ভিতৰতে  খাই শেষ 

কৰি দিব পাৰে ! ইহঁততকৈ ভয়ংকৰ আৰু হিংস্ৰ মাছ চাগৈ একোৱে নাই! সেয়েহে ইহঁতক বেলেগে থ'ব লগা হৈছে । তুমি কিন্তু ভুলতো কেতিয়াও পানীত হাতখন সুমুৱাই নিদিবা দেই! ইহঁতে তোমাৰ  হাতৰ আঙুলি চিঙি লৈ যাব !" -- কথাটো কৈ প্ৰতীমে মানসীৰ পিনে চালে । 


  পিৰানহা !!! --এই শব্দটো তাই সিদিনা প্ৰতীমৰ মুখত তাৰ সৈতে কাজিয়া লাগোঁতে শুনিছিল ! প্ৰতীমে কৈছিল তাইক--

"হেৰা, তুমি পিৰানহাটোৰ নিচিনা কেলেই হ'লা হাঁ ?"

" পিৰানহা ?? মানে?" --তাই প্ৰতীমৰ ওচৰ পাইছিলহি । 

" একো নহয় ।"-- কথাটো কৈ প্ৰতীম আঁতৰি গৈছিল তাইৰ ওচৰৰ পৰা সিদিনা ... ।  

 

  তাই সঁচাকৈয়ে ইমান ভয়ংকৰ নে ! তাই কেতিয়াও নিজৰ পিনে মূৰ তুলি চোৱাই নাছিল ইমানদিনে ! আজি প্ৰতীমে তাইৰ স্বভাৱটোৰ

কথা তাইক বুজাই দিলে ! ভিতৰি ভিতৰি  অনুশোচনাৰ একুৰা জ্বলা জুইত তাই দগ্ধ হ'ব ধৰিছে এই মুহূর্তত  ... ! সঁচাকৈয়ে তাই এটা পিৰানহাৰ দৰেই হৈ পৰিছে সকলোৰে মনত ! আক্ৰমণাত্মক ! ভয়াবহ ... ! তাই কিছু সময় মৌন হৈ ৰ'ল ...। 

  

হঠাৎ মানসীৰ ভিতৰৰ মানুহজনীৰ যেন কিবা 

এটা সলনি হৈছে ! --তাইলৈ চাই  প্ৰতীমে বুজিব 

পাৰিছে । 

মানসীয়ে  লাহে লাহে প্ৰতীমৰ ওচৰৰ পৰা 

আঁতৰি আহি, কিবা এটা চিন্তা কৰি কৰি ড্ৰইং ৰূমটোৰ পৰা ওলাই গ'ল ...। 

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


প্ৰতীমে মানসী যোৱাৰ পিনে চালে --মানসীৰ বিবেকৰ কোনোবাখিনিত এটা প্ৰচণ্ড আঘাত লাগিছে ! লাগক ! ইয়াৰ বাহিৰে মানসীক তাইৰ  স্বভাৱটোৰ কথা বুজাই দেখুৱাবলৈ তাৰ আন উপায় নাছিল ... ।Assamese story


Assamese story
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় অঞ্জনা দত্তৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( ( Assamese story ) )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages