“জীয়াই তুলিলা...মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে ....বাসনা ঢালিলা
মোৰ তেজে তেজে শিৰে শিৰে
বোৱালা প্ৰেমৰ অলকানন্দা”
গান পাগল লৰাটোৱে মাকৰ পৰা প্ৰায়ে গালি খায়৷পঢ়াৰ সময়তো গান বজাই থয়৷অনবৰতে হেডফোনদাল ডিঙিত ( Assamese story )৷সৰুতেই পিতৃহাৰা লৰাটোৰ ভৱিষ্যতটো লৈ মাক খুবেই চিন্তিত৷
হওঁতেও সি মাকক কেতিয়াও বিমুখ কৰা নাই৷ঘৰখনত মাক-পুতেক বুলিবলৈ দুটাই৷দেউতাক নোহোৱা ঘৰখনত মাকৰ কোনো কথাতেই লৰাটো আজিলৈকে অবাধ্য হোৱা নাই৷বয়সে তাই বুজাইছে দেউতাকৰ অবিহনে মাকে কিদৰে ঘৰখন চলাইছে৷ছয় মহলীয়া এপাৰ্টমেণ্টতোৰ সিহঁত থকা প্ৰায় ১২ বছৰেই হ'ল৷দেউতাক জীয়াই থাকোতেই লোৱা৷লগৰ সমনীয়া আছে যদি মাকক এৰি সি কোনোদিন যোৱা নাই৷ঈশান...দেউতাকে মৰমতে দিয়া নাম৷তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই দেউতাকক হেৰুৱা ল’ৰাটো এতিয়া একাদশ মানৰ ছাত্ৰ৷
কলিং বেলটোৰ মাত শুনি সি দুৱাৰখন খুলি দিলে৷দুপৰীয়া ভাত কেইটা খাই উঠি এই সময়খিনি মাকে জিৰণি লয়৷দুৱাৰৰ মুখত ছোৱালী এজনী ৰৈ আছে৷কলিংবেলৰ মাত শুনি ইতিমধ্যে মাকো উঠি আহিল৷মাক অহা দেখি ঈশান ভিতৰলে সোমাই গ'ল৷নতুনকৈ ফ্লেটটোলে অহা ছোৱালীজনীক হাতুৰী এটাৰ প্ৰয়োজন৷ঈশানহতঁৰ ঘৰত আছে নিকি সুধিব আহিছে৷সাধাৰণতে মানুহ লগ নোপোৱা মাকে কথা পাতিব লগ পালে ভালেই পাই৷তাতে লগৰীও ভাল হলেতো কথাই নাই৷ছোৱালীজনী বেছ কথা চহকী যেনেকৈ লাগিল ঈশানৰ৷মাকে ঈশানক হাতুৰীটো আনিব ক’লে৷ঈশানে হাতুৰিটো আনি মাকক দিয়াত মাকে ছোৱালীজনীক চিনাকি কৰাই তাইৰ হাতত দিব দিলে৷এওঁ মনিকা বা,নতুনকৈ সন্মুখৰ ফ্লেটটোত ভাড়া আহিছে৷সেইয়াই প্ৰথম চিনাকি মনিকাৰ লগত ঈশানৰ৷তাৰ পাছৰ পৰাই মনিকাৰ সিহঁতৰ ঘৰত আহ-যাহ৷
মাল্টিনেচনেল কোম্পানী এটাত চাকৰি কৰা মনিকায়ে বদলি হৈ নতুনকৈ এই চহৰখনলৈ আহিছে৷অফিচৰ পৰা আহি পাওঁতে গধূলি হয়৷সেইদিনাও তাই অফিচৰ পৰা আহি দৰ্জাখন খুলিব লওঁতেই মাকে ঈশানক গালি পাৰি থকা তাইৰ কাণত পৰিল৷তাই গৈ কথাটো কিনো জানিব বিচাৰিলে৷মাকে তাক বকি আছে গান শুনি শুনি পঢ়াত মন কমি গৈছে৷গতিকে পৰীক্ষাত অংক বিষয়ত নম্বৰ কম পাইছে৷মনিকায়ে মাকক ক’লে একো নাই অংক বিষয়টো তাই ভালকে চাই দিব৷
মনিকায়ে অফিচৰ পৰা অহাৰ পিছত অলপ সময় ঈশানক অংক বিষয়টো চাই দিয়ে৷তাই ইমানেই সহজভাৱে বুজাই দিয়ে ঈশানেও খুব কম সময়তে বস্তুবোৰ আয়ত্ত কৰি লয়৷ঈশানৰ পঢ়াৰ আগ্ৰহ আৰু উন্নতি দেখি মনিকাৰো ক্লাছটোৰ প্ৰতি আগ্ৰহ বাঢ়ি গৈছে৷মনিকাৰ বুজোৱাৰ ধৰণেৰে ঈশানকো ক্লাছটোৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছে৷
আজিকালি তাই ঈশানক তাৰ ঘৰত পঢ়োৱাৰ সলনি তাইৰ ঘৰত পঢ়িবলৈ মাতে৷খুব কম সময়তে দুয়োটা বেছি ঘনিষ্ঠ হৈ পৰিল৷সি তাইক মনিকা বা বুলি মতাৰ সলনি মনিকা বুলি মাতিব ক’লে৷ঈশানে আপত্তি কৰিছিল যদিও তাইৰ কথা মানি লবলৈ বাধ্য হ'ল৷লাহে লাহে মনিকায়ে যেন ঈশানৰ লগত অলপ বেছিকৈয়ে ঘনিষ্ঠ হবলৈ চেষ্টা কৰে৷পঢ়াত কিবা খেলিমেলি হ’লেই তাই ঈশানৰ গালখনত টিপি কেতিয়াবা মৰমেৰে গালখনত মোহাৰি দিয়ে৷পঢ়া চোৱাৰ চলেৰে ঈশানৰ গাত গা লগাই বহে৷ঈশান কিছু অপ্ৰস্তুত হৈ পৰে মনিকাৰ এনে কৰ্মকাণ্ডত৷সি কি কৰিব একো ভাবি নাপায়৷সি দুদিনমান মাকক বেমাৰ বুলি কৈ ক্লাছলৈ নোযোৱাকে থাকিল৷ঈশান ক্লাছলৈ নহা দেখি মনিকায়ে মাকলৈ ফোন কৰি ঈশান নহাৰ কথা সুধিলে৷মাকে জোৰ কৰাত সি আকৌ ক্লাছলৈ আহিবলৈ বাধ্য হয়৷কিন্ত মনিকাৰ এনে কৰ্মত সি সদায় অপ্ৰস্তুত হয়৷সি মাককো একো ক’ব নোৱাৰে৷পঢ়াই থাকোতে বুজোৱাৰ চলেৰে এদিন মনিকায়ে তাক পিছফালৰ পৰা হেঁচা মাৰি ধৰিল৷সি তাৰ দেহৰ সমস্ত শক্তিৰে মনিকাক ঠেলি দৌৰ মাৰিলে৷অনিচ্ছাস্বতেও পিছৰদিনা সি মনিকাৰ ওচৰত ক্লাছ কৰিব যাব লগা হ'ল৷
মনিকায়ে তাক দেখি হাহিঁ এটা মাৰি আগৰ দৰে পঢ়োৱাত লাগিল৷এইবাৰো তাই খুব সুন্দৰভাৱে ঈশানক পঢ়োৱালে৷আগৰদিনাৰ ঘটনাটোৰ বাবে যাতে সি তাইক বেয়া নাপায় তাৰ বাবে তাৰ ওচৰত ক্ষমা বিচাৰিলে৷লাহে লাহে তাই ঈশানৰ বিশ্বাসী হৈ পৰিল৷এতিয়া পঢ়াৰ মাজতে দুয়োটাই ধেমালি-চুপতি মাৰিব পৰা হ'ল৷দুয়ো বন্ধুৰ দৰে হ'ল৷ইয়াৰ অন্তৰালত যে মনিকাৰ গভীৰ লালসা লুকাই আছে ঈশানে ভুলতো গম পোৱা নাছিল৷এইদৰেই দুয়োটাৰ বন্ধুত্বৰ সম্পৰ্ক বাঢ়ি গৈ থাকিল৷
আন দিনাৰ দৰে আজিও ঈশান মনিকাৰ ঘৰলৈ আহিল৷ঈশানক দেখি মনিকায়ে হঠাতে ঈশানক জোৰেৰে সাৱতি ধৰি তাইৰ উঠটো তাৰ উঠত লগাই চুমা দি দিলে৷হঠাতে ঘটি যোৱা ঘটনাত ঈশানে কি কৰিব একো ধৰিব নোৱাৰিলে৷সি তাইৰ বাহুবন্ধনৰ পৰা মুক্ত হবলৈ আপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হ'ল৷মনিকায়ে এইবাৰ তাক বিচনাত পেলাই তাৰ কাপোৰ খুলিবলে চেষ্টা কৰোঁতেই ঈশানে তাইক এচাৰ মাৰি দৌৰি পলালে৷ঈশান এনেদৰে গুচি যোৱাত সি মাকক তাইৰ কথা কৈ দিয়ে বুলি খুব ভয় খালে৷কিন্ত ঈশান ঘৰলৈ নগৈ এপাৰ্টমেণ্টৰ তললে যোৱাহে তাই দেখা পালে৷
এই সুযোগতে তাই ঈশানৰ মাকৰ ওচৰলৈ গৈ কান্দি কান্দি ঈশানে তাইৰ লগত জবৰদস্তি কৰা বুলি কলে৷মনিকাৰ মুখেৰে এনে কথা শুনি মাকৰ ভৰিৰ তলৰ মাটি নোহোৱা যেন হ'ল৷মাকে তাক মাতি আনি মনিকাৰ সন্মুখতে এটা চৰ দিলে৷কিন্ত ঈশানে মাকক কি হ'ল তাক কিয় মাৰিলে বুলি সুধিলে৷মাকে তাক বায়েকৰ সমনীয়া ছোৱালীজনীৰ লগত এনে কৰিবলৈ লাজ নালাগিল বুলি কোৱাত সি কলে..মা মইতো একো কৰা নাই৷তাইহে মোৰ লগত জবৰদস্তি কৰিছে৷তাই মোক বলাৎকাৰ কৰিবলৈ চেষ্টা কৰিছিল৷এইবাৰেই নহয়,আগতেও মোৰ লগত এনেকুৱা কৰিছে৷ঈশানৰ কথাত মাকে আচৰিত হৈ ক’লে..ঈশান ল’ৰাৰ লগত বলাৎকাৰ নহয়৷বলাৎকাৰ ছোৱালীৰ লগতহে হয়৷মাকে তাক কোনোপধ্যেই বিশ্বাস নকৰিলে৷মাকৰ এনে কাৰ্য্যত ঈশান মানসিকভাৱে ভাগি পৰিল৷মাকে তাক অবিশ্বাস কৰা কথাটোৱে তাক ভিতৰি ভিতৰি খুলি খুলি খাই থাকিল৷অৱশেষত সি এটা পৰিকল্পনা কৰিলে ( Assamese story )৷
সি মনিকালে ফোন কৰি তাইৰ ওচৰত সিদিনা পৰিস্থিতিৰ বাবে ক্ষমা খুজিলে৷ঈশানৰ কথাত মনিকাও আচৰিত হ'ল৷সি তাইৰ লগত খুব ভালকে কথা পাতি পিছদিনা তাৰ ঘৰলে মাতিলে৷মাক বজাৰলৈ যোৱাৰ সময়ত৷সুযোগলৈ বাট চাই থকা মনিকায়ে এবাৰতে সন্মতি দিলে৷কথামতেই সময়মতে মনিকা আহি ঈশানৰ ঘৰত উপস্থিত হ'ল৷ইতিমধ্যে ঈশানে নিজৰ ৰোমৰ কম্পিউটাৰত কিবা এটা কামত ব্যস্ত আছিল৷ ঈশানে তাইক ভালদৰে বুজালে যাতে মাকৰ আগত তাই সকলো সচাঁ কথা কৈ দিয়ে৷নহলে মাকে তাইৰ বাবে তাক ভুল বুজি আছে৷কিন্ত মনিকায়ে তাৰ একো কথা নুশুনি তাক সাৱটি ধৰি বিচনাত পেলাই দিলে৷সি বাৰে বাৰে তাইক কাকূতিমিনতি কৰিলে তাৰ লগত এনে ব্যৱহাৰ নকৰিবলৈ৷কিন্ত মনিকায়ে এইবাৰ তাৰ কাপোৰ খুলিবলৈ হাত দিলে৷দুইটাৰ মাজত টনাআঁজোৰা চলি থাকোঁতেই ঈশানৰ মাক আহি দুয়োটাক তেনে অৱস্থাত প্ৰতক্ষ্য কৰিলে৷মাকক দেখি মনিকায়ে কান্দি কান্দি ঈশানে তাইক মাতি আনি বলাৎকাৰৰ চেষ্টা কৰিছে বুলি কলে৷ঈশানে মাকক বুজাবলৈ বহুত চেষ্টা কৰিলে যদিও মাকে ওলোটাই তাৰ গাতহে দোষ দিলে৷ঈশানে মাকৰ ওচৰত লাজে-অপমানে ৰোমত সোমাই থাকিল৷ৰাতি দেৰিলৈকে ঈশান ৰোমৰ পৰা নোলোৱাত মাকে তাৰ ৰোমৰ দৰ্জাখন ঠেলি চাই দেখে ঈশানৰ শৰীৰটো ফেনত উলমি আছে৷মাকে চিঞৰবাখৰ কৰাত এপাৰ্টমেণ্টৰ মানুহ গোট খালে৷পুলিচকো খবৰ দিয়া হ'ল৷কিন্ত ইতিমধ্যে বহুত পলম হৈ গ'ল৷
মাকে তাৰ ভুলৰ বাবে লাজ পাই সি এনে কাম কৰিলে বুলি ভাবিলে৷মনিকায়ো আহি মাকক বহুত শান্তনা দিলে৷ওচৰচুবুৰীয়াই তাৰ আত্মহত্যাৰ বেলেগ বেলেগ কাৰণ উলিয়ালে৷স্বামী বিহীন ঘৰখনত এইবাৰ পুত্ৰকো হেৰুৱাই মাক একেবাৰে অকলশৰীয়া হৈ পৰিল৷
সময়বোৰ তেনেদৰেই গৈ আছিল৷মাকে এদিন ঈশানৰ ৰোমটো চাফা কৰিব বুলি লওঁতে টেবুলত ড্ৰয়াৰত চি.ডি এখন পালে৷যিখনত সিদিনাৰ গোটেই ঘটনাটো সি ৰেকৰ্ড কৰি ৰাখিছিল৷চি.ডি খন টিভিত লগাই তেওঁ নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে৷
চি.ডি খনৰ লগতে এখন কাগজত মাকলৈ বুলি সি লিখি গৈছিল৷য'ত লিখা আছিল...সৰু থাকোতেই মই এদিন তোমাক সুধিছিলো, বলাৎকাৰ মানে কি?তেতিয়া তুমি কৈছিলা..কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে যেতিয়া বেলেগ এজনে জবৰদস্তি সমন্ধ কৰিবলৈ চেষ্টা কৰে তাকে বলাৎকাৰ কৰা বুলি কয়৷কিন্তু মা...মই যেতিয়া তোমাক শিৱানীয়ে মোৰ লগত বলাৎকাৰ কৰিব বিচাৰিছে বুলি কলো,তেতিয়া তুমি কলা..কেৱল ছোৱালীৰ লগতহে বলাৎকাৰ হয়৷ল’ৰাৰ লগত নহয়৷শিৱানীয়ে মোক জবৰদস্তি কৰাটো কি বলাৎকাৰ নহয় মা?ল’ৰা হলো বাবে কি মোৰ লগত বলাৎকাৰ হ'ব নোৱাৰে৷ল’ৰাৰ লগত বলাৎকাৰ হ'লে সমাজে কিয় মানি নলয়৷সমাজে সদায় কিয় ছোৱালীৰ পক্ষহে লয়৷সমাজৰ এই ভুল ধাৰণাৰ বাবে মোৰ দৰে বহুজন ল’ৰা সমাজে হেৰুৱাব লগা হ'ব৷
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
সচাঁকৈয়ে যে ঈশান নিৰ্দোষী আছিল গম পাই অনুশোচনাত ভুগি মাকে চিঞৰি চিঞৰি কান্দিলে৷আৰু তেওঁ এতিয়া মৃত সন্তানক ন্যায় দিবৰ বাবে লগে লগে চি.ডি খন লৈ থানালে গৈ মনিকাৰ বিৰুদ্ধে গোচৰ তৰিলে৷মনিকাক লগে লগে এৰেষ্ট কৰা হ'ল৷মাকে ঈশানক ন্যায় দিলে যদিও চিৰদিনৰ বাবে তাক হেৰুৱাব লগা হ'ল৷
বিঃদ্ৰঃ কিছু দিনৰ পূৰ্বে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা "য'মাটো"( Zomato ) কাণ্ডৰ বিষয়ে আমি সকলোৱে জানো ( Assamese story )।প্ৰথম অৱস্থাত য 'মাটোৰ দেলিভাৰী বয় জনক সকলোৱে দোষ দিছিল যদিও পিছলৈহে প্ৰকৃত সত্যটো পোহৰলৈ আহে।সেয়ে উল্লেখ কৰিব পাৰি যে, এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত যেতিয়া দোষী-নিৰ্দোষী বিছাৰ কৰিব লগা হয় তেতিয়া আমাৰ সমাজে বিষয়টো ভালদৰে চালি জাৰি নোচোৱাকে পুৰুষ জনকহে দোষাৰূপ কৰে।কিন্তু প্ৰকৃততে এনে কৰাটো যে ভুল,তাৰেই কিছু আভাষ দিবলৈ প্ৰয়াস কৰা হৈছে উক্ত কাহীনিটোৰ যোগে।যদি কাহীনিটো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন,ধন্যবাদ।
মনিকা...শিবানী???
ReplyDelete