উৰ্মি আৰু অনিমেষ পদূলিত ঠিয় হোৱাৰ লগে লগেই দীপু দৌৰি আহিল...., বা , ভিনদেউ পালেহি...., আহক আমাৰ ঘৰলৈকে ।Assamese story
: পালোঁহি দীপু..., উৰ্মিহঁত খুড়াকৰ ঘৰলৈ সোমাই গ'ল । ড্ৰয়িং ৰূমতে বহিবলৈ দি সাউৎকৰি ভিতৰলৈ সোমাই গৈ পানী দুগিলাচ আনি ভিনীয়েকহঁতলৈ আগবঢ়াই দিলে । ......ভিনদেউ পানী লওঁক.....
: দীপু , বহচোন...! খুড়া খুড়ী নাই নেকি...! উৰ্মিয়ে প্ৰশ্ন কৰিলে । দীপু উৰ্মিৰ কাষতে বহিলে ।
: মা আইসবাহ এভাগ ভাঙিবলৈ গৈছে , দেউতা বাৰীতে আছে...
: মাহঁত যাওঁতে তোক কিবা কৈছিল নেকি...?
: নাই কোৱা বা, মাত্ৰ চাবিপাত দি থৈ গৈছে ।
: শুন...! মই কথা এটা ভাবিছোঁ...! দেউতা যদি সোনকালে ঘূৰি নাহে আৰু দেউতাক যদি চেন্নাই লৈ নিয়াটো হয়.. তেতিয়া তয়ো লগত যাব লাগিব ।
: কিন্তু বা....?
: তই চিন্তা কৰিব নালাগে...! সকলো খৰচ মই বহন কৰিম । তই মাত্ৰ মা দেউতাক সহায় কৰিলেই হ'ল ...! মাহঁত গুৱাহাটী পাই লওঁক গৈ । ডাক্তৰে কি কয় সকলো মাৰ পৰা জানি ল'ব লাগিব । যদি গুৱাহাটীতে ভাল হয় তই নগ'লেও হ'ব ।
: নহয় উৰ্মি , দীপু গুৱাহাটীলৈকে যাওঁক , দেউতাক ক'ত এডমিট কৰে মাক সুধি দীপুক জনাই দিলেই হ'ব , দীপু থাকিলে অন্ততঃ মাৰ সুবিধা হ'ব । অনিমেষে লাহেকৈ ক'লে ।
: কথাটো বৰ ভাল ন'হব নেকি ভিনদেউ...!
: কিয় দীপু..?
: মানে ভিনদেউ... বৰমায়ে মোক লগত নিবলৈ বিচৰা নাই । ৰাতিপুৱা মই বৰমাক লগত যাম বুলি কৈছিলোঁ । কিন্তু বৰমায়ে মোৰ কথাত গুৰুত্বই নিদিলে.....।
: আচলতে কি জানা অনি...! মায়ে কাৰোবাৰ পৰা সহায় ললে আত্মসন্মান হানি হ'ব বুলি ভাবে । এইটো মাৰ বৰ বেয়া স্বভাৱ । শুনিবলৈ বেয়া যদিও এটা কথা ক'বই লাগিব , মায়ে দীপুহঁতক নিজৰ বুলি ভাবিবই নোৱাৰে..... । বৰ দুখেৰে উৰ্মিয়ে কলে...,
: বা , সেইবোৰ কথা বাদ দেচোন....! ময়টো বৰমা বর্তাক পৰ বুলি নাভাবোঁ । কিবা এটা বিপদ হলে মই জানো ভিতৰত সোমাই থাকিব পাৰিম ।
: তোৰ কথা মই বুজি পাওঁ দীপু...! তই কেতিয়াও আমাক পৰ বুলি নাভাব......, কিন্তু মাৰ মনটো তোৰ মোৰ দৰে নহয় । চাবিপাত দে ...! আমি যাওঁ ।
: অকণমান বহ...! মই চাহ কৰোগৈ...
: তই নালাগে দীপু , ময়ে চাহ কৰোগৈ । তই ভিনিহিয়েৰৰ লগত কথা পাত...., কথাষাৰ কৈ উৰ্মি পাকঘৰলৈ সোমাই গ'ল ।
: ভিনদেউ , মাহঁতৰ ভাল নে....
: ভালেই আছে দীপু ,
: আপুনি কেইদিনমান থাকিব নহয় ভিনদেউ...?
: চাই লওচোন পৰিস্থিতি কি হয় ..., দেউতা ঘূৰি নহালৈকে থাকিবই লাগিব । দীপু ... তোমাক যদি উৰ্মিয়ে বাগানৰ কামবোৰ বুজাই দিয়ে তুমি কামবোৰ কৰিব পাৰিবা নহয়....!
: পাৰিম ভিনদেউ ,
: মই এই বিষয়ে উৰ্মিৰ লগত কথা পাতি তোমাক জনাম । জানাই নহয় , প্ৰাইভেট চাকৰি বেছিকৈ চুটি নাপাওঁ । সেয়ে চিন্তা হৈছে ।
....... অ'....সেউতি..! চাহ একাপ দে চোন..., ডিঙিটো একেবাৰে শুকাই গৈছে । গামোচাখনেৰে মুখখন মোহাৰি খুড়াক ভিতৰলৈ সোমাই আহিল ।
: দেউতা , মা নাই ঘৰত । উৰ্মি বা আহিছে ।
উৰ্মি অহাৰ খবৰ পাই খৰখেদাকৈ খুড়াক ড্ৰয়িং ৰূমলৈ সোমাই আহিল । .....অনি বোপা ...! ভালে আছা নে....? হাতৰ গামোচাখন কান্ধত থৈ মজিয়াতে বহিল খুড়াক ।
: আপোনালোকৰ আৰ্শীবাদত ভালেই আছোঁ খুড়া । আপোনাৰ ভাল...
: কিনো ভাল বুলি কম...! ককাইদেউ বোলে গাটো বেয়া , ৰাতি উৰ্মিয়ে ফোন কৰিলতহে গম পাইছোঁ । ভায়েটোক বাৰু কথাটো কব পাৰে নে নাই সি...? ৰাতিপুৱাই গুৱাহাটীলৈ গৈছে । বুজিছা বোপাই , আমাক খবৰ দি কি লাভ । টকা পইচা নাই যে মাতষাৰৰ বাহিৰে আমিনো কি দি সহায় কৰিম । কথাবোৰ ভাবিলে কেতিয়াবা বৰ দুখ লাগে ....... বৰ দুখেৰে কথা কেইটা ক'লে খুড়াকে ।
: দুখ নকৰিব খুড়া , পাঁচটা আঙুলি কেতিয়াও সমান নহয়....। আপুনি চিন্তা কৰিব বুলি ভাবিয়ে হয়টো দেউতাই আপোনাক গা বেয়া হোৱা কথাটো নজনালে ।
: খুড়া... ভালনে ...? মাতষাৰ দি হাতত চাহৰ ট্রেখন লৈ উৰ্মি ড্ৰয়িং ৰূমলৈ ওলাই আহিল ।
: ভালেই আঁচো আই , দেউতাৰ কথাকে পাতি আছোঁ...।
: উম..., চাহ লওঁক খুড়া । লৰালৰিকৈ আহিব লগা হোৱাৰ বাবে একো এটা অনাই নহ'ল ....।
: হ'ব দে আই...., তই মানুহক খুৱাই বোৱাই সন্তষ্ঠ কৰিব নোৱাৰ । মুখৰ মাতষাৰহে আচল ।
: ভিনদেউ চাহ খাওঁক , আপুনি বেয়া নাপাব । দেউতা বৰ আবেগিক । লাহেকৈ ক'লে দীপুৱে । চাহৰ কাপতটো হাতত তুলি লওঁতেই অনিমেষৰ ফোনটো বাজিল । অনিৰ্বাণে ফোন কৰিছে । চাহৰ কাপটো লাহেকৈ টেবুলত থৈ ফোনটো ৰিচিভ কৰিলে অনিমেষে .....
: হেল্ল' ...!
: তহঁত ভালে ভালে পালিগৈ নে...?
: পালোঁহি , চাহ খাবলৈ লৈছোঁ । কচোন ...!
: তহঁত ওলাই যোৱাৰ পাছতেই এইজনীয়ে মাৰ লগত কাজিয়া কৰি ককায়েকক মাতি আনিলে । মায়ে বোলে তাইক যৌতুক লৈ গালি পাৰি থাকে আৰু আমি হেনো তাইক অত্যাচাৰ কৰোঁ , মিছা বদনাম এগাল জাপি দিছে ককায়েকে..., আমাকহেনো থানালৈ নিব । এইজনীয়ে ঘৰখন খাম বুলি লাগিছে । তই আকৌ মোক জগৰীয়া কৰিবি যে , মই কাজিয়া কৰিছোঁ বুলি , সেয়ে তোক কলো...।
: ককায়েক আছে নে গ'ল ।
: গ'ল , ভনীয়েকক লগত লৈ গৈছে ।
: ঠিক আছে , মই তোক ৰাতি ফোন কৰিম । ফোনটো কাটি দিলে অনিয়ে ।
: অনি.. কোনে ফোন কৰিছিল..?
: দাদাই ফোন কৰিছিল , আমি পালোঁহি নাই খবৰ এটা ললে...
: বোপাই চাহকন খাই লোৱা... ঠাণ্ডা হ'ব ।
চাহকাপ খাই হোৱাৰ পাছতেই দীপুৱে চাবিপাত গতাই দিলে উৰ্মিক । ...... খুড়া আমি আহিছোঁ । দীপু তোৰ কিবা কাম আছে নেকি...?
: নাই বা , কিয় সুধিলি...?
: তোৰ যদি কিবা কাম আছে তই কামবোৰ কৰি আজৰি হৈ ল... আবেলিকৈ বাগানলৈ যাব লাগিব ।
: ঠিক আছে বা , তই ৰেডী হোৱাৰ আগতে মোক চিঞৰ এটা মাৰি দিবি মই বাৰীতে থাকিম ।
: হ'ব দে..., খুড়ী আহিলে এপাক যাবলৈ কবি ।
চাবিপাত হাতত লৈ খুড়াকৰ ঘৰৰ পৰা উৰ্মিহঁত ওলাই আহিল । গেটৰ তলাটো খুলি দুৱাৰখন খুলি দিলে উৰ্মিয়ে ।
: ......অনি.., তুমি ফ্ৰেচ হৈ লোৱা । মই কাপোৰযোৰ সলাই সাউৎকৰি ভাতকেইটা ৰান্ধি লওঁ ।
: উৰ্মি বৰ ডাঙৰ কথা এটা হ'ল...!
: কি হ'ল অনি...? বৌয়ে....?
: বৌয়ে আমাৰ ওপৰত বৰ ডাঙৰ অপবাদ এটা জাপি দি ককায়েক মাতি আনিলে আমাৰ ঘৰলৈ । ককায়েক বৌক ঘৰলৈ লৈ গ'ল বোলে ।
: কি...? দাদাই কি ক'লে...?
: কি ক'ব আৰু...! বৌৰ লগত দাদা জানো জিকিব পাৰিব । কি যে হৈছে ঘৰখনত .....? বৰ অশান্তি পাইছোঁ আৰু...
: সকলো ঠিক যাব অনি..., তুমি চিন্তা কৰি নাথাকিবা...। তুমি এইদৰে মন মাৰি থাকিলে মোৰ ভাল নালাগে ।
: হ'ব যোৱা । মোক কিবা এটা দিয়া মুখ হাত কেইটা ধুই লওঁ ।
বেগটো খুলি উৰ্মিয়ে কাপোৰ এযোৰ উলিয়াই দিলে অনিমেষক । .....লোৱা , ফ্ৰেচ হৈ অলপ ৰেষ্ট কৰিবা । মই পাকঘৰলৈ যাওঁ । শুনা , এতিয়া আৰু বিধ বিধ কৰি নাথাকোঁ । দাইলতে আলু দিম আৰু খাম । নে তোমাৰ কিবা আপত্তি আছে...?
: কি যে কথাবোৰ কোৱা তুমি...! কোনদিনানো মই আপত্তি কৰিছোঁ ।
: ঠিক আছে ,
ফোনটো হাতত লৈ উৰ্মি পাকঘৰলৈ সোমাই গল । খৰখেদাকৈ ভাত কেইটা ৰান্ধি উৰ্মিয়ে দীপুক এবাৰ মাত দিলে । উৰ্মিয়ে ভাতকেইটা ৰেডী কৰে মানে অনি পাকঘৰলৈ সোমাই আহি ডাইনিং টেবুলতে বহিল । ..... ভাত হ'ল যদি দিয়া । তিনটা বাজিলেই । পে'মেণ্ট কৰিব নালাগিব জানোঁ..!
: উম, হলেই ৰবা , অমলেটটো হ'লে ভাত বাঢ়িমেই ।
ভাতকেইটা খাই ড্ৰাইভাৰ ল'ৰাজনক ফোন কৰি মাতিলে উৰ্মিয়ে । সিহঁত ৰেডী হয় মানে ড্ৰাইভাৰজন আহি গাড়ীখন ৰাস্তালৈ উলিয়াই নিলে... বাইদেউ হ'ল যদি আহক ...!
: গৈছোঁ হৰিকাই...., দীপু...! অ'...দীপু , তোৰ হ'ল নে...? আমাৰ হৈ গ'ল তই ৰাস্তালৈ ওলাই আহ....
: গৈছোঁ বা..... ঘৰৰ পৰাই চিঞৰিলে দীপুৱে ।
দুৱাৰখনত তলাটো লগাই গেটখন বন্ধ কৰি গাড়ীত উঠিল উৰ্মি .... অনি , তুমি আগতে বহা । দীপু পাছলৈকে আহ ।
লাহে লাহে গাড়ীখন ধূলি উৰুৱাই আগুৱাই যাব ধৰিলে ,
ক্ৰমশঃ....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment