অসমত অনুষ্ঠিত হব লগীয়া প্ৰথম পৰ্য্যয়ৰ বিধান সভা নিৰ্বাচনৰ আগদিনা অৰ্থাৎ শুক্ৰৰবাৰে ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে( Assamese news )। পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ আহ্বান জনোৱা দীৰ্ঘদিন ধৰি কৃষি আইন বাতিলৰ দাবী উত্থাপন কৰি অহা কৃষক সংগঠনসমূহে।
ইফালে পঞ্জাবত কৃষকসকলে শুক্ৰৰবাৰে ৰে’ল অৱৰোধৰ কাৰ্যসূচীও ঘোষণা কৰিছে।সেয়ে এই সময়ছোৱাত দেশজুৰি ৰে’লৰ চলাচল বন্ধ থাকাৰ লগতে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, বজাৰ, বাহনৰ চলাচল আদি বন্ধ থকাৰ সম্ভাৱনা আছে।অৱশ্যে অসমৰ ৰাইজে এই বন্ধৰ কিমান সমৰ্থন জনাব সেয়া কালিলৈহে জানিব পৰা যাব।( Assamese news )
No comments:
Post a Comment