"ছচিয়েল মিডিয়াত লুৰীণজ্যোতি গগৈ আৰু দেৱব্ৰত শইকীয়াৰ সম্পৰ্কত লিখা মোৰ বাৰ্তা দুটাৰ যথেষ্ট চৰ্চা চলিছে বুলি অৱগত হৈছোঁ ; আশা কৰিছোঁ এই লেখা দুটাৰ জৰিয়তে মোৰ পক্ষ আৰু স্থিতি সম্পৰ্কে ৰাইজো নিশ্চয় অৱগত হৈছে । ইতিমধ্যেই বিপক্ষত অৱস্থান কৰা সকলৰ কমেণ্টৰ বৰষুণেৰে মোৰ লেখা দুটা চপচপীয়া হৈ পৰিছে । ইয়াৰ মাজতে কেইটামান কমেণ্ট বৰ সঘনাই আহিবলৈ ধৰিছে ---- ''ককাইদেউ, আপুনি অখিল দাৰ কাৰণে একলম নিলিখে কিয় ? '' এতিয়া ৰজা হ'লো যেতিয়া, ৰাইজৰ কথাতো শুনিবই লাগিব । সেয়ে দুদিনমান পলমকৈ লিখাৰ কথা আছিল যদিও আজিয়ে লিখি দিছোঁ।
ৰাজনীতিত অংক শাস্ত্ৰৰ গুৰুত্ব অপৰিসীম আৰু সেই অংক মতে দেখা যায় যে কা-বিৰোধী একেখিনি মানুহ শিৱসাগৰত দুভাগত বিভক্ত হ'বলৈ গৈ আছে । এভাগ যদি কংগ্ৰেছৰ পক্ষত , এভাগ আকৌ অখিল গগৈৰ পক্ষত । আনহাতে কা-সমৰ্থকসকলৰ ভোট এটা পক্ষত অক্ষত । ফলত নিশ্চিতভাৱে কা-সমৰ্থনকাৰী ভাগটোৰ সংখ্যা সৰহ হ'ব আৰু জয়ী হ'ব । এইটোৱে সৰল অংক। এই অংকটো বুজিবলৈ বৰ ডাঙৰ ৰাজনৈতিক বিশেষজ্ঞ বা অংক মাষ্টৰ হোৱাৰ প্ৰয়োজন নাই । ইয়াৰ পাছতো অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছে আৰু নিজে মানুহজন জে'লত আছে । এতিয়া এটা লাখটকীয়া প্ৰশ্নৰ উত্তৰ লাগে :
অখিল গগৈ জিকিবনে ???
হয়, অখিল গগৈ হাৰিব । অংকৰ উত্তৰ মতে অখিল গগৈৰ পৰাজয় নিশ্চিত। উত্তৰটো শুনিবলৈ কেনেকুৱা লাগিছে বাৰু আপোনাৰ ?? বুকুখনৰ কোনোবা এটা চুক বিষাই যোৱা নাইনে ? হয় , এইবাবেই আমি অখিল গগৈক জিকাব লাগিব, সকলো অংক ভুল প্ৰমাণিত কৰি আমি তেখেতক জিকাব লাগিব । এইবাৰ শিৱসাগৰবাসীয়ে দায়িত্ব ল'ব লাগিব অখিল গগৈক নির্বাচিত কৰি মুকলি আকাশৰ তললৈ অনাৰ; শিৱসাগৰবাসীয়ে পণ ল'ব লাগিব কা-বিৰোধী ভোট বিভাজিত হ'বলৈ নিদিয়াৰ আৰু মোৰ বিশ্বাস, শিৱসাগৰ সমষ্টিৰ ভোটাৰে সদায়ে দি অহাৰ দৰে এইবাৰো নিশ্চয় নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব ; কাৰণ ---
১) আমি শিৱসাগৰবাসীয়ে ইমান দিনে কিবা পাম বুলিয়েই ভোট দি আহিছিলোঁ কিন্তু পালোঁ কি ? নাপালোঁ এখন মেডিকেল কলেজ, নাপালোঁ এখন ইঞ্জিনিয়াৰিং কলেজ , নাপালোঁ এখন ইউনিভাৰ্ছিটি ,নাপালোঁ এটা এয়াৰ প'ৰ্ট, আনকি তাহানিৰ ৰাজধানী হোৱা সত্ত্বেও নাপালোঁ এটা ৰাজধানী এক্সপ্ৰেছৰ ষ্ট'পেজ । গতিকে এইবাৰ আমি কিবা পাবলৈ ভোট নিদিওঁ, আমি ভোট দিম এজন স্বাভিমানী অসমীয়াক অন্ধ কুঠৰীৰ পৰা মুক্তি দিবলৈ । /p>
২) অখিল গগৈৰ প্ৰতিপক্ষ হিচাপে অৱতীৰ্ণ শিৱসাগৰৰ আটাই কেইগৰাকী প্ৰাৰ্থীলৈ আন্তৰিকতা ৰাখিও প্ৰতিজন শিৱসাগৰীয়াই নিশ্চয় এটা কথা স্বীকাৰ কৰিব লাগিব যে এইবাৰ শিৱসাগৰক প্রতিনিধিত্ব কৰিবলগীয়া প্ৰাৰ্থীসকলৰ মাজত অখিল গগৈয়ে সৰ্বোত্তম ।
৩) বিপদে- আপদে অত বছৰে ৰাইজৰ হৈ লাগি থকা মানুহজনক অকণমান সহায় কৰিবলৈ পালে শিৱসাগবাসী নিশ্চয় আনন্দিত হ'ব আৰু নিজৰ ভোটটো কামত অহা যেন অনুভৱ কৰিব
৪) অখিল গগৈ নামৰ সংগ্ৰামী সত্তা এটাৰ অপমৃত্যুৰ কাৰণ হ'বলৈ বা এই বদনামৰ ভাগ ল'বলৈ কোননো স্বাভিমানী ৰংপুৰীয়া ৰাজী হ'ব !!
মই নিজে অখিল গগৈৰ মুক্তিৰ বাবে আদালতত যুঁজ দিবলৈ ২ লাখ টকা আগবঢ়োৱা মানুহ । এতিয়া তেখেতক জয়ী কৰাই আনিবলৈ নিজৰ আঙুলিতে এটা শক্তি পাইছোঁ ; গতিকে মোৰ আঙুলিটো ক'ত পৰিব আপোনালোকে নিজে অনুমান কৰি লওক, মই নকওঁ , কাৰণ মই কাক ভোট দিম সেইয়া যে কাকোৱেই ক'ব নাপায় ।"- মানস ৰবিন
No comments:
Post a Comment