৯৯ নং মাজুলী অনুসূচীত জনজাতি বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনত পোষ্টেল বেলটৰ সুবিধা গ্ৰহণ কৰিবলৈ জিলা নিৰ্বাচনী বিষয়াৰ আহ্বান মৰ্ম্মে সমগ্ৰ মাজুলী জিলাৰ ৮০ বছৰ বয়সৰ উৰ্ধৰ মুঠ ৩৮৯ গৰাকী ভোটাৰৰ, ৩৭২ টা ভোট পোষ্টেল বেলট যোগে সাব্যস্ত হয় | ৰৈ যোৱা ১৭ গৰাকী বয়োজ্যেষ্ঠ ভোটাৰ সকলৰ ভিতৰত ৭ গৰাকীহে জীৱিত আৰু তেওঁলোক জিলাত উপস্থিত নথকাৰ বাবে পোষ্টেল বেলটৰ সুবিধা গ্ৰহণ কৰিবলৈ পুনৰ ২৪ মাৰ্চ, ২০২১ ৰ দিনটি নিৰ্ধাৰণ কৰা হৈছে |>
মাজুলী জিলাৰ বিশেষভাৱে সক্ষম ভোটাৰ সকলৰ মুঠ ২৫ গৰাকী ভোটাৰৰ, ২৪ টা ভোট পোষ্টেল বেলট যোগে প্ৰদান কৰা হয় | যি গৰাকী দিব্যাংগ ভোটাৰ জিলাত উপস্থিত নথকাৰ বাবে ভোট দিব নোৱাৰিলে, তেওঁৰ বাবে পুনৰ ২৪ মাৰ্চ, ২০২১ ৰ দিনটি ভোট দানৰ দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে |
লগতে, অত্যাৱশ্যকীয় সেৱাত নিয়োজিত লোক, নিৰ্বাচনত নিয়োজিত পুলিং বিষয়া সকল আৰু ছাৰ্ভিচ ভোটাৰ সকলেও পোষ্টেল বেলট যোগে ভোট সব্যস্ত কৰে।
No comments:
Post a Comment