-দেউতা??
-কি হল, আমি আহি ঘৰ পালো । আহ...
হিল্লোলে গাড়ীৰ পৰা নামি তাৰ বেগ কেইটা নমাই দিলে । জোনাকেও গাড়ীৰ পৰা নামিলে ।প্ৰভা লৰি ঢাপলি ৰুমৰ পৰা ওলাই আহিল ।
-বাবা, আহোতে ৰাস্তাত একো অসুবিধা হোৱা নাইতো?
-নাই মা, ভালে ভালে আহি পালো ।
-বাৰু ভিতৰলৈ বল । তিনিও তিনিটা বেগ লৈ ঘৰলৈ আগবাঢ়িল ।
জোনাকৰ কোঠা । সি কানি কাপোৰ সলাই খিৰিকিখনেৰে বাহিৰলৈ চালে । এজাক সপোন সপোন লগা ৰ'দে বাহিৰত চৌপাশ শোভিত কৰি তুলিছে । জোনাকে নিজক বিলীন কৰি দিলে ৰদজাকৰ মাজত
-বাবা....??
মাকৰ মাতত তাৰ সম্বিত ঘুৰি আহিল ।
-অ মা, কোৱা??
-ইমানকৈ কি ভাবি আছা নো?
-নাই মা, পৰ্দা কেইখনকে চাইছো ।
-কিয়, ভাল লগা নাই নেকি?
-নাই নাই ঠিকেই আছে । তোমাৰ পচন্দ খুবেই সুন্দৰ ।
-বাৰু আহ, দেউতাৰা ৰৈ আছে । কিবা এটা খাই ল হি ।
সি মাকৰ পিছে পিছে আগবাঢ়িল । তাৰ পিছত মাকে বনোৱা চিকেন আৰু পলাও অলপ খাই সি তাৰ ৰুমলৈ আহিল । সি বিচনাখনত তাৰ দেহটো এৰি দিলে । কিছু সময় পিছত নিদ্ৰা দেৱীয়ে তাক আকোৱালি ললে । সি হেৰাই গল সপোনৰ ৰঙীণ পৃথিৱীৰ মাজত । দুচকুত ধৰা দিছে এখন ছবি । সেই ৯-১০ বছৰ আগৰ দিনবোৰ। হাইস্কুলৰ বাকৰি । এজাক ছোৱালীৰ মাজত আহি আছে নিশা । জোনাক সাৰ পালে । ঘড়ীটোলৈ চালে তিনি বজাৰ সংকেত দিছে । সি বাইকখন লৈ আগবাঢ়িল হাইস্কুলৰ দুৱাৰ দলিলৈ । স্কুল ছুটীৰ হৈছে । জাকে জাকে লৰা ছোৱালী বোৰ আহি আছে ঠিক সেই আগৰ দৰেই যেন এক পৰম্পৰাগত ধাৰা । তাৰ মাজৰে কেইজনীমানে খিলখিলাই হাঁহি তাৰ আগৰে গুচি গল। যেন পাহাৰী ঝৰ্ণাৰ দৰে হাঁহি, ঠিক এসময়ত নিশাৰ হাঁহিটোৰ দৰে । সময়ৰ ওচৰত মানুহ কিমান অসহায় জোনাকৰ প্ৰথমবাৰৰ বাবে উপলব্ধি হল । সি কথাবোৰ ভাবি থাকোতেই তাৰ স্কুলৰ বন্ধু নয়ন আহি তাক মাত লগালে ।
-আৰে জোনাক তই, কেতিয়া আহিলি?
-মই আজি পালোহি নয়ন। তাৰ পিছত সি নয়নৰ আগত কৈ গল তাৰ হৃদয়ত থুপ খাই থকা কত যুগৰ কত কাহিনী । তাৰ কথাবোৰত নয়ন আচৰিত হল-
- জোনাক তই??
-হয় নয়ন, সেই স্কুলীয়া জীৱনৰ শৈশৱৰ বাকৰিতে তাই মোৰ হৃদয়ত ঘৰ সাজি ললে ।
-কিন্তু তই আজি ইমান বছৰে বাহিৰত কটালি । কিমান ছোৱালী লগ পালি । তথাপিও নিশাক পাহৰিব পৰা নাই নে?
-সঁচা প্ৰেমক জানো পাহৰিব পাৰি । মই বাহিৰত কটালো সঁচা কিন্তু হৃদয় খন এৰি থৈ গৈছিলো বকুলপুৰ গাঁৱৰ এজনী ছোৱালীৰ মাজত । ব্যস্ততাৰ অজুহাতত সকলো পাহৰি থকাৰ অভিনয় কৰি আছিলো । কিন্তু আজি গাওঁখনত প্ৰৱেশ কৰি ধৈৰ্য্যৰ বান্ধ চিঙি গল ।
-তোক মানিছো জোনাক । সেই গুৱাহাটী, দিল্লীৰ আধুনিক পৃথিৱীৰ মাজত থাকিও তই গাঁৱৰ এজনী সাধাৰণ ছোৱালীক মনত ৰাখিছ । এদিন জোনাকক সিয়ে কৈছিল তাইৰ নাম নিশা বুলি । হয়তো সেয়াই তাৰ তাইৰ লগত চিনাকি। জোনাকৰ কথাবোৰ শুনি নয়নৰ মনতে ভাব হল সচাকৈয়ে প্ৰেম এক ঐশ্বৰিক শক্তি, যাক দূৰত্বও হাৰ মনাব নোৱাৰে ।
- নয়ন, ইমানকৈ কি ভাবিছ?
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
-নাই মই এটা বেলেগ কথাহে ভাবিছো ।
-মানে? নিশাৰ বিয়া হল নেকি? নে তাই আন কাৰোবাক....?? জোনাক ৰৈ গল । দুচকুত সন্দেহৰ বীজ...!!!
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment