জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ২) : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 30, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ২) : Assamese love story

  

Assamese love story

-ৰখোৱাচোন।
জোনাকৰ কথা মতে হিল্লোলে গাড়ী ৰখালে । সি গ্লাচখন খুলি এবাৰ বাহিৰলৈ চালে । কিছু সময় পিছত তাৰ মুখত অস্ফুট হাঁহি এটা ঢৌ খেলি গল ।( Assamese love story )
-বাৰু বলা ।
তাৰ কথা মতে দেউতাকে আকৌ গাড়ী ষ্টাৰ্ট কৰিলে ।কিন্তু নুবুজিলে তাৰ কথাৰ অৰ্থ । জোনাকৰ মানস পটত খেলি মেলি লগাই গল এটা দৃশ্যই ।হয়তো দৃশ্য নহয় তাৰ বাবে এটা জীৱন্ত কাহিনী ।আজিৰ পৰা প্ৰায় ৯-১০ বছৰ আগৰ কথা । আগফালৰ পৰা এজনী ছোৱালীয়ে চাইকেল চলাই আহি আছে আৰু বিপৰীত ফালৰপৰা জোনাকে বাইক চলাই গৈ আছে । অজানিতে তাৰ বাইকৰ আগৰ চকাটো গৈ তাইৰ চাইকেলখনত খুন্দা মাৰে । তাই চাইকেলৰ পৰা বেয়াকৈ পৰিল ।কোনোমতে নিজক চম্ভালি ললে ।চকু মুখত তাইৰ বিষন্নতাৰ চাপ । হয়তো তাই দুখ পাইছে । তথাপিও তাই নিজেই ছৰি বুলি কৈ আকৌ চাইকেল চলাই যাব চেষ্টা কৰিলে যদিও নোৱাৰিলে । 

-তুমি বহুত দুখ পালা নেকি? বাৰু মোৰ বাইকতে উঠা । মইয়ে তোমাক থৈ আহিম গৈ ।( Assamese love story )
-নালাগে মই পাৰিম । আগত আপুনি নিজক চম্ভালি লওক ।
তাই চাইকেলখন ঠেলি ঠেলি লাহে লাহে খোজ ললে । এপলক দৃষ্টিৰে সি মাথোঁ চাই ৰল তাই যোৱাৰ ফালে ।
গাওঁখনত প্ৰৱেশ কৰাৰ লগে লগে তাৰ মনৰ অন্ধকূপত লুকাই থকা প্ৰতিতো কথাই তাৰ দুচকুত স্পষ্ট ৰূপত ধৰা দিছে । তাৰ ভিতৰত তাৰ হৃদয়ৰ মোহনাত স্থান দখল কৰা নিশাও ব্যতিক্ৰম নহয় । যাৰ বোজা তাৰ হৃদয়ে আজি ৯-১০ বছৰে অকলে কঢ়িয়াই লৈ ফুৰিছে । কিন্তু আজি সি যিমানেই ঘৰৰ ফালে আগবাঢ়িছে সিমানেই তাৰ বুকুখন কঁপি উঠিছে । নিশাই বাৰু তাক চিনি পাৱনে?? তাই আগৰ দৰেই আছে নে?? নে সি দিল্লীলৈ যোৱাৰ পাছত মাক দেউতাকে তাইক আন কাৰোবাৰ সৈতে বিয়া দি দিলে?

 তাই যদি আন কাৰোবাৰ আলহী তথাপিও সি তাইক দোষ দিব নোৱাৰে । কাৰণ তাৰ মনৰ মাজত থুপ খাই থকা অনাখৰী কথাবোৰ আজিলৈ তাইক কোৱাই নহ'ল । মাত্ৰ এটা কথাই যুগে যুগে সঁচা হৈ ৰব নিশা অবিহনে সি যেন মানিবেগৰ অচল টকা । কথাবোৰ ভাবি ভাবি গৈ থাকোতে হঠাতে হিল্লোলে গাড়ী ব্ৰেক মাৰিলে । জোনাক উচপ খাই উঠিল ।
-দেউতা? 
(ক্ৰমশঃ) 
( শৈশৱৰ কি বা লাগিল জোনাকৰ গাত??)

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages