ফাগুনৰ ৰঙে কেনেদৰে পূজাৰ জীৱনলৈ কঢ়িয়াই আনিছিল অমানিশা ? Assamese Love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 28, 2021

ফাগুনৰ ৰঙে কেনেদৰে পূজাৰ জীৱনলৈ কঢ়িয়াই আনিছিল অমানিশা ? Assamese Love story

Assamese love story

বহু বছৰৰ মূৰত আজি ফাকুৱাত ঘৰলৈ আহিছো | গাঁৱত ফাকুৱা ল'ৰালিতে খেলিলো | কিন্তু ব্যস্ত জীৱনত ফাকু খেলা মোৰ মনত নাই( Assamese love story )| মনটো বহুত ভাল লাগিছে | নিজৰ ব্যস্ততাৰ বাবে ন-কইনা মোৰ জীৱন সংগিনী পূজাক সময় দিৱ পৰা নাই ! মোক দেখাৰ পাছত চাগে তাই আপোন পাহৰা হব| কি ভাল লাগিব |

মোবাইলৰ ৰিংটো বাজি উঠিল | অ পূজাই ফোন কৰিছে |

- হেল্ল' পূজা

- কি পালা ?

- ঘৰ পাম আৰু কি কৰিছা ?

- নাই এনে,,,,

পূজাৰ উত্তৰটো শুনি মোৰ মনটো অকমান বেয়া লাগিল | ভাবিছিলো তাই কব আহা তোমালৈ ৰৈ আছো |

কিছু সময়ৰ পাছত মই বকুলীগাওঁৰ বাছষ্টেণ্ড আহি পালো | দেখিলো মোক আগবঢ়াই নিবলৈ ভাইটি ৰৈ আছে | সি মোক দেখি এটা মিঠা হাঁহিৰে সম্ভাষন জনালে | তাৰ হাঁহিৰ আৰৰ ৰহস্য মই বুজিলো | মই আহিলে সি মোৰ পৰা পইচাঁ অকমান পাই লগতে মোৰ কাপোৰ বোৰ কবই নালাগে একেবাৰে কানসমনীয়া হ'ল |

- দাদা,,,,

- উম, ঐ চুলিৰ ষ্টাইল সলনি কৰিলি যে,,,

- নাই এনে,,,,

- একেবাৰে যেন হানি সিং | বেগটো ল ! পৰীক্ষা বেয়া হ'লে হে তোৰ মই পিঠি বহল কৰিম বুজিলি ?

সি মাত্র মূৰদোৱালে,,,,

কিছু সময় পাছত আহি ঘৰ পালো | মা পদূলি মূৰত ৰৈ আছিলে |

- তই একেবাৰে শুকাই গলি যে,,,,

মাৰ কথাটো শুনি মনত পৰিল অসমীয়া এষাৰ কথা | " মাকে চাই মুখলৈ,পত্নীয়ে চাই হাতলৈ " |

- নাই মা অকমান কষ্ট হৈ আছিল যে,,,

মাই মোৰ হাতত থকা বেগটো ল'লে |

মোক দেখাৰ লগে লগে ভন্টিৰ মুখ খন একেবাৰে অন্ধকাৰ হৈ গ'ল |

- মাইনা

তাই মোক নামাতিলে,বুজিলো সেয়া তাইৰ অভিমান |

ভন্টিলৈ মোৰ বহুত মৰম লাগে | কাৰন তাই মোৰ প্রতিটো খোজতে চকু দিয়ে |

- মাইনা তই কিয় এনেকুৱা কৰিছ ? তোৰ কাৰনে মই কাপোৰ আনিছো,একেবাৰে ধুনীয়া !

- নামাতিবা মোক,,,,

তাইৰ মূৰত মই হাতখন বুলাই দিলো |

- কি হ'ল মাইনা কিয় খং কৰিছ ?

- তুমি মোক জিঅ' ৰ এই মাহৰ পেকটো ভৰাই নিদিলা ইমান কোৱাৰ পাছটো,,,

মনত পৰিল তাই দুদিন আগত ফোন কৰাৰ লগে লগে কৈছিল ,মই ব্যস্ততাৰ বাবে পাহৰি থাকিলো |

- মাইনা মই পাহৰি গৈছিলো,আজি ভৰাই দিম দে,,,,,,

- নালাগে যোৱা তুমি নবৌক পাই আমাক পাহৰিলা |

তাই আতৰি যাব খুজিছিল,মই তাইক জোৰকৈ বুকুৰ মাজত তানি আনিলো |আচলতে ভাতৃ-ভগ্নীৰ সম্পৰ্ক বৰ মধুৰ | কিন্তু বৰ্তমান সময়তহে মানুহবোৰৰ সম্পৰ্কবোৰ ঠুনুকা হ'ল | কিন্তু মই হব দিব নোৱাৰো,ইহতৰ মৰম অবিহনে মই চলিব নোবাৰো |

মোৰ বাবে মা,ভন্টি,ভাইটি সকলোৱে ৰৈ আছিলে,কিন্তু পূজা তাই মোৰ মাত টি শুনি ও এবাৰ কোঠাৰ বাহিৰ হোৱা নাই |মই আমাৰ কোঠাত সোমালো | দেখিলো পূজা শুই আছে| 

- পূজা,মই আহিলো,,,,

তাই মোলে চালে,

- আহিলা !ৰ'বা মই তোমাৰ খোৱাৰ যোগাৰ কৰো |

তাই কথাষাৰ কৈ ওলাই গ'ল | দেখিলো পূজাই মোক যেন সিমান গুৰুত্ব নিদিলে | মনটো বেয়া লাগিল মোৰ | যি ভাৱিছিলো সকলো বিপৰিত | আকৌ ঘূৰি যাবলৈ মন গ'ল | কিয় আহিছিলো বাৰু!ফাগুনৰ ৰংবোৰ মোৰ কাৰনে বিবৰ্ণ হব নেকি ?সময়বোৰ গ'ল | ৰাতি মই বিচনাত পৰিলো |দেখিলো পূজাই মোৰ ফালে পাছ দি শুই আছে | কিয় বাৰু তেনে কৰিছে তাই ! মই কিবা ভূল কৰিলো নেকি ?নাই নাই মই ইমান দিন আতৰি থকা কাৰনে তাই অভিমান কৰিছে | তাইৰ অভিমান ভাঙিবলৈ মই চেষ্টা কৰিলো | মই তাইক জোৰকৈ মোৰ বকুৰ মাজত তানি আনিব বিচাৰিলো | কিন্তু তাই তাইৰ দেহৰ সমস্ত শক্তি প্রয়োগ কৰি মোক আতৰাই দিলে |

- প্লিজ,মোক ডিষ্টাৰ্ব নকৰিবা,শুই থাকা,,,,

কি ! ইমান দিন দূৰত থকাৰ পাছত এয়াই পত্নীৰ ব্যৱহাৰ | মই বিচনা খনৰ পৰা উঠি আহিলো | বাহিৰলৈ ওলাই আহিলো | চৌদিশ এন্ধাৰ,আকাশত জিলিকি আছে মাত্র উজ্বল তৰাবোৰ,এচাটি চেচা চঞ্চলা বতাহে মোক চুই গ'ল | অকমান ঠাণ্ডাৰ অনুভৱ কৰিলো মই | ভিতৰত সোমাই আহিলো | চোফাখনতে শুৱলৈ চেষ্টা কৰিলো | বহুসময় তোপনি অহা নাছিল | আজি পত্নী থাকি ও নাই | তাইৰ যদি মোক পচণ্ড হোৱা নাছিল আহিব নালাগিছিল | কিন্তু আগতে তেনেকুৱা কৰা নাছিল,কিন্তু আজি কিয় ? কথাবোৰ ভাবি ভাবি মোৰ তোপনি আহিছিল |

ৰাতিপুৱা মই সাৰপাই দেখিলো মোৰ গাৰ ওপৰত গৰম কাপোৰ এখন | তাই তেতিয়া গা ধুই আহি দ্রেছিংৰ সন্মুখত বহি আছিল |

- এইখন মোৰ ওপৰত কোনে দিছিলে,,,

- মই ,তুমি ঠাণ্ডা পাবা বুলি |

- মই ঠাণ্ডা পালে কাৰ কি হয়,,,কি দৰকাৰ আছিল দিব !

তাই মুখেৰে এটা শব্দও কোৱা নাছিলে | মই উঠি আহিলো | আজি ফাকুৱা ভাবিলো আজি তাইক যেনেকে নহক সন্তুষ্ট কৰিম | মই সাজু হ'লো তাইৰ মুখত ফাকুগুৰি সানিবলৈ |মই আমাৰ কোঠাত সোমালো | দেখিলো তাই বহি আছিলে | আজি তাইৰ আৰু মোৰ জীৱনত প্রথমটো ফাকুৱা !

- পূজা চাওঁ এইফালে ঘূৰি দিয়া,,,,

তাই মুখখন মোৰ ফালে ঘূৰালে,তেনেতে মই তাইৰ মুখত ফাকু সানি দিলো |

কিন্তু তাই এটা বিকত চিঞৰ মাৰিলে,,,

- ৰাগ,অভদ্রামিৰ এটা সীমা আছে !

কি ! পত্নীৰ সন্মুখত ৰং সানি দিয়াটো অভদ্রামি | নহব আৰু সহ্য কৰা নহব |মই বিৰক্তিত তাইৰ গালত এটা পচণ্ড চৰ সোধালো,,,,,

- শুনা পূজা তুমি বহুত অশান্তি দি আছা,মৰম কৰা অধিকাৰ কন ও মোৰ নোহোৱা হ'ল নেকি ? কোন দিনাৰ পৰা নিজৰ স্বামীয়ে নিজৰ পত্নীৰ গালত ৰং সনাটো অভদ্রামি হ'ল |

কথা খিনি কৈ মই খং আৰু মনৰ দুখত ওলাই আহিব ধৰোতে তাই মোৰ হাতখনত খামোছি ধৰিলে |মই ঘূৰি চালো তাইৰ ফালে,তাই কান্দিছিলে,মোৰ হৃদয় খন ভাঙি গৈছিল | মোক বাধ্য কৰালে তাই এনে পৰিস্থিতি কৰাৰ কাৰনে | ইমান হেপাঁহ লৈ আহিছিলো ফাকুৱাত তাইৰ কাষত |

- ৰাগ আৰু মাৰা মোক,মাৰি মাৰি শেষ কৰি পেলোৱা | কিন্তু মই ফাগুন বেয়া পাওঁ ৰাগ,মই ফাকুৱা বেয়া পাওঁ ( Assamese love story )|

- ফাগুন বেয়া পোৱা !ফাকুৱা বেয়া পোৱা,কিন্তু কিয় ?

তাই মোক বিচনাত বহাই দিছিলে,আৰু মোৰ কোচত তাইৰ মূৰটো থৈ কান্দি কান্দি কৈছিল | সেয়া আজিৰ পৰা তিনিবছৰ আগৰ কথা |ফাকুৱাত চৌদিশ উখল মাখল | আমাৰ গাওঁটো , আমাৰ গাওঁৰ ডেকা ল'ৰা বোৰে ঘৰে ঘৰে গাওঁৰ জিয়াৰী বোৱৰীক ফাকু সানিবলৈ আহিছিল | সিহত বোৰ আহি আমাৰ ঘৰটো সোমাইছিল | আমাৰ গাওঁৰ প্রিয়াংকু নামৰ ল'ৰা জনে মোৰ গালত ফাকু সনাৰ লগে লগে তাৰ প্রতি মোৰ কিবা দুৰ্বলতা জাগিল | দুয়োৰো দুচকুৰ মিলন হ'ল | চাগে তাৰ প্রেমত পৰি গ'লো ফাগুনৰ এটি মধুৰ দিন ফাকুৱাত | কিন্তু আমি ইজনে সিজনক মনৰ কথাবোৰ প্রকাশ কৰিব পৰা নাই | কিবা এটা  ভয়, কিবা এটা লাজ |

প্রিয়াংকু আছিল একদম দুখীয়া ঘৰৰ এজন খুব শান্ত ল'ৰা,সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী |সেয়েহে মোৰ বহুত ভাল লাগিছিল তাক |

কিন্তু এদিনা খন সি মোৰ বান্ধবি জিতাৰ হাতত এখন চিঠি পঠাই দিছিল | মই তাৰ চিঠি খন খুলিছিলো ,,,,

   

মৰমৰ 

         পূজা

          

          মই তোমাক ভালপাওঁ,তুমি মোৰ প্রেমত পৰিবানে ? নপৰিলে বন্ধুত্ব কৰিবানে মোৰ লগত ? মই ৰৈ আছো তোমাৰ উত্তৰৰ বাবে !

                                                ইতি -

                                      তোমাৰ দুৰন্ত প্রেমিক

                                                   প্রিয়াংকু


তাৰ কথাখিনি মোৰ মনটো আনন্দত আত্মাহাৰা হ'ল | মই হৈ পৰিলো ৰঙিলি পখিলি | এনেকৈ চলি থাকিল আমাৰ মাজত প্রেম | কিন্তু আমাৰ প্রেম ইমানে গভীৰ হ'ল যে আমাৰ প্রেমৰ কথা ইকান সিকান বাগৰিল |

তেনেকে আমাৰ দেউতাৰ কানত ও কথাটো পৰিল | এদিনা খন দেউতাই প্রিয়াংকুক আমাৰ ঘৰলৈ মাতি পঠালে | আৰু সি আহিল | মই দেউতাৰ খঙাল মুখ খন দেখি কপিছিলো,,,,,,সি আহি পাইছিল আৰু দেউতাৰ মুখামুখি হৈছিল |

- তোৰ পূজাৰ লগত কি সম্পৰ্ক ?

দেউতাৰ প্রশ্ন,সি নিৰ্ভয়ে উত্তৰ দিছিল

- মই তাইক ভালপাওঁ |

- আজিৰ পৰা তই তাইক পাহৰি যা,,,

- মই নোৱাৰো,,,

সি তাৰ উত্তৰ জনাইছিল |

- শুন তোৰ দৰে খাব নোপোৱা ভিকহুৰ জাতৰ তাত মই মোৰ ছোৱালী কেতিয়াওঁ নিদিওঁ অসম্ভৱ |

দেউতাৰ কথাত সি ভাগি পৰিছিল |

- আগতে নিজৰ ভৰিত থিয় দিবলৈ শিক ,তাৰ পাছত অনন্ত হাজৰিকাৰ ছোৱালী ভিক্ষা কৰিবি |

সি চকুলো তুকি আমাৰ ঘৰৰ পৰা ওলাই গৈছিল | আৰু সেইদিনা গধূলি জিতাৰ হাতত এখন পত্র দিছিলে মোৰ বাবে | কাগজ খন খোলোতে মোৰ বকুখন কপিছিল |


" এটা ফাগুনত আমাৰ প্রেম হৈছিল,আৰু এটা ফাগুনত আমাৰ প্রেম শেষ হ'ল "


মই কান্দিছিলো সেইদিনা  হেপাঁহ পলাই |তাৰ পিছদিনা ফাকুৱা আছিলে | মনটো ভাগি গৈছিল এদিন ফাকু দিব আহোতে মই তাৰ আৰু সি মোৰ প্রেমত পৰিছিল | কিন্তু আজি,,,,,,,,,

ৰাতিপুৱা বিচনাতে আছো,আমাৰ কাষৰ নিজৰা বাৰ মুখত শুনিব পালো প্রিয়াংকুই বোলে আত্মাহত্যা কৰিছে |মাত্র দেউতাৰ এটা কথাৰ বাবে সি নিৰবে গুছি গ'ল | মই নিৰুপায় হৈ মাত্র কান্দিছিলো আৰু ঘৃনা কৰিব শিকিছিলো ফাগুনক ,ফাকুৱাক আৰু ফাকুৱাৰ ৰং বিৰংবোৰক |

মোৰ দুখ প্রিয়াংকু আৰু মোৰ মাজত থকা প্রেমৰ বাবে নহয় | দুখ হ'ল দেউতাই কোৱা কথাৰ বাবে,,,দেউতাই প্রিয়াংকুক বুজাব পাৰিলে হয়, আমাৰ প্রেম ভাঙি বন্ধুত্ব কৰি দিব পাৰিলে হয়,কিন্তু কাৰোবাৰ মানসিকতাত আঘাট দি সেই প্রেম বিষাক্ত হব দিব নালাগিছিল | প্রেমত ধনী-দুখীয়া নিৰূপন কৰি কাৰো মানসিকতাত আঘাট হানিব নালাগিছিল, ই অপৰাধ | মই দেউতাক ঘৃনা কৰিছিলো |

মই তাইৰ মুখেৰে সকলো শুনিলো,শব্দ নোহোৱা হ'ল মোৰ,মই তাইৰ কাষৰ পৰা উঠি আহি খিৰিকি খনৰে বাহিৰলৈ চালো |

ফাগুন চঞ্চলা হৈ নাচিছে ,বতাহত ফাগুনৰ ৰং বিবৰ্ণ হৈছে | 

মই অনুভৱ কৰিলো পূজাই মোক পাছফালৰ পৰা আলিংগন কৰিছিল |উফ ! পত্নীক সুকোমল মৰমৰ বন্ধন |

- ৰাগ,ফাগুন মই বেয়া পাওঁ,তোমাক মই ভালপাওঁ | তুমি মোক বেয়া পাই আছা ?

এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

মই তাইৰ ফালে ঘূৰিলো | আৰু তাইৰ দুচকুত চকু থৈ বুজাই দিলো যে এতিয়া এই ফাগুন আমাৰ পবিত্র ফাগুন ! আমাৰ জীৱনৰ ৰং,,,,

মই তাইক জোৰকৈ সাৱতি ধৰিলো |||

Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages