এগৰাকী শিক্ষয়ত্ৰীৰ হৃদয়স্পৰ্শী প্ৰেম কাহিনী : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 21, 2021

এগৰাকী শিক্ষয়ত্ৰীৰ হৃদয়স্পৰ্শী প্ৰেম কাহিনী : Assamese love story

Assamese love story

স্কুলৰ পৰা উভতি আইনাৰ সন্মুখত ৰোৱাটো তাইৰ অভ্যাস। স্কুলীয়া সপোনজাকৰ লগত পাৰ কৰা সময়ৰ অন্তত এই সময়ৰ পৰা আৰম্ভ হয় তাইৰ একাকীকত্ব( Assamese love story )। ভীষণ আমনিদায়ক যদিও আজিকালি সহজ হৈ উঠিছে সকলো।

দাপোণত নিজে নিজৰ চকুযুৰিলৈ চালে তাই,এখন মুখে খেলি গ'ল হঠাতে। আচৰিত হৈ চাৰিওফালে চালে, নাই তাইৰ বাদে চাগে পৰুৱা এটাও নাই ইয়াত। মনলৈ আহিল স্কুলৰ এখন চিনাকি মুখ, হয় , হয় সেয়া তেওঁৱেই। আকৌ চালে তাই, সেই একেযুৰি চকুৱে তাইৰ চকুত জিলিকি উঠিল। কিয়? কিয় দেখিছে তাই সেইযুৰি চকু? দেখাৰ কথাটো নাছিল কাহানিও। চাকৰিটোৰ অতিমাত্ৰা আৱশ্যক নহ'লে তাই হয়তো কাহানিবাই আঁতৰি  আহিলহেঁতেন সেই দুচকুৰ পৰা।নীলাই দাপোণৰ সন্মুখৰ পৰা আঁতৰি আহিল।


          ৰাতিপুৱা স্কুললৈ গৈ প্ৰাতঃসভাৰ বাবে ছাত্ৰ- ছাত্ৰীখিনিক শাৰীত থিয় হোৱাত সহায় কৰি আছিল নীলাই,এযুৰি চকু এইখিনি সময়ত তাইৰ ওপৰতে নিবদ্ধ হৈ থাকে,জানে তাই। কোনোফালে মন নিদি তাই সদায়ৰ দৰে নিজৰ কাম কৰি থাকিল। শৰ্মা ছাৰৰ কথা তাইৰ কাণত পৰিল,

: "ডেকা ল'ৰা, মনৰ কথা মনতে ৰৈ যাব চাবা আকৌ"

লগে লগে নিৰ্মালী বাইদেউৰ মিচিকিয়া কণ্ঠ

: শিলক গলাব নোৱাৰি শৰ্মা ছাৰ।

তাৰ পিছত সেই দুচকুৰ বাক্যবাণ

তাইলৈ,

: গলিব বাইদেউ,শিলো গলিব, আৰাধনা অব্যাহত থাকিব নগলালৈ।

কাণ- মূৰ গৰম হৈ আহে তাইৰ সদায়ে এনেকুৱা কথাবোৰত, কিন্তু নকয় কাকো একো,ক'ব নোৱাৰে।

    বৰ সমস্যা হয়, এনেকৈ কাম কৰিবলৈ তাইৰ,নুবুজে কোনেও,আকাশে বুজিও নুবুজে,বুজাবও নোৱাৰে তাই।  তাই থকা গাওঁখনলৈ যোৱা কেঁচা আলিটোতে স্কুটীখন ৰখাই দিলে তাই। ভাগৰুৱা মনটোৱে শান্তি ক'তোৱেই পোৱা নাই,কি কৰে বাৰু তাই, কিয়েই বা কৰিব পাৰে।

প্ৰকাণ্ড গছ এজোপাৰ তলত ৰৈছিল তাই,  এজন দুজন পাতলীয়াকে মানুহ অহা-যোৱা কৰি আছে। হঠাতে বাইক এখন আহি তাইৰ ওচৰতে ৰ'ল, হেলমেট নমাই তাইৰ কাষলৈকে আহিছে তাইৰ প্ৰেমিকখ্যাত সেই দুচকুৰ অধিকাৰী।

তাইৰ খঙত ৰঙা পৰা মুখখন দেখি সেইজনাই হাঁহি হাঁহি কৈ উঠিল,

: হ'ব হ'ব খং কৰি মিছামিছি গাল-মুখ ৰঙা কৰিব নালাগে, মই এইটোহে দিব আহিছিলো।

তাইলৈ তাইৰ ৰুমৰ চাবি পাত আগবঢ়াই দিলে আকাশে।

তাই খঙত তাৰ ফালে তুলিলোৱা দুচকু তললৈ নমাই ল'লে ততাতৈয়াকৈ। এৰা আহিবৰ সময়ত তাইৰ বেগটো পৰিছিল কমনৰুমতে।

সামান্য সৌজন্যতাও নেদেখুওৱাকৈ তাই চাবিপাত লৈ গাড়ী চলাই গুচি আহিল।

আকাশে সদায় হঁহাৰ দৰে তাই যোৱালৈ চাই হাঁহি ৰ'ল। সি নিজে নিজে কৈ উঠিল,

: গোঁসানীজনী!

.

.

চাৰি বছৰ কম সময়টো নহয়, একেই কথা, একেই চাৱনি,একেই দিন,একেই দূৰ। নীলাও শিল নহয়,তায়ো তেজ মঙহৰেই মানুহ, তেনেহ'লে কিয় বাৰু আকাশৰ মনটো বুজা নাই তাই। কথা কাৰো লগতে প্ৰয়োজনতকৈ অধিক নাপাতে তাই,সেইবুলি অহংকাৰীও নহয়। সকলোৱে ভালপায় তাইক, সমীহ কৰে তাইৰ গাম্ভীৰ্যতাক। আকাশে নাজানে তাইৰ কোনো কথা, মাথো জানে তাই সঁচা,তাই ধুনীয়া মন এটিৰ অধিকাৰী। নাভাবে তাই বাৰে বাৰে তাক উপেক্ষা কৰাৰ কথা,তাইৰ চকুৰ ভাষা বিচাৰি হাবাথুৰি খায়,তথাপিও তাতেই তাৰ জীৱনটোৰ অৰ্থ বিচাৰি পায়।

আজি দুদিনৰ মূৰত স্কুললৈ আহিছে নীলা,আহিয়েই সদায় দেখাৰ দৰে সেইযুৰি চকুক দেখোন দেখা নাই। তাই বাৰে বাৰেই আকাশ বহা চকীখনলৈ চাইছে,ন বাজি পোন্ধৰ মিনিট,বিছ মিনিট..... এয়া চাৰে নটা হ'ল,আনদিনা তাই আহি নাপাওতেই আহে সি। আজি জানো কি হ'ল,তাই তাতোকৈ বেছি আচৰিত হৈছে কিয় বিচাৰি ফুৰিছে তাই আকাশক? সি আহে নাহে তাৰ কথা, কিয় মূৰ ঘমাইছে বাৰু তাই? নিজকে নিজে প্ৰবোধ দিও বাৰে বাৰে গেটৰ ফালেই চকু ৰাখিছে তাই। প্ৰথম ক্লাচলৈ ওলাওতেই লৰালৰিকৈ আকাশ সোমাই আহিল।

: আকাশ প্ৰিণ্চিপাল ছাৰে কামটো হ'লনে,সুধিছিল,যোৱা ছাৰৰ ৰুমলৈকে।

নিৰ্মালী বাইদেউৱে ক্লাচলৈ যাওতে কৈ গ'ল। গম নোপোৱাকৈয়ে নীলা ৰৈ আছিল তাৰ ফালে চাই,সি এবাৰো তাইলৈ নাচাই ক্লাচলৈ ওলাই গ'ল।

এয়া প্ৰথমবাৰৰ বাবে নীলাৰ বুকুখন কঁপিল। বেয়া লগা ভাব এটাই শেলি ধৰিলে তাইক।


গধূলি সময়। দশম শ্ৰেণীক পিছদিনা পঢ়াবলগা পাঠটো পুনৰ এবাৰ চাই লও বুলি বহিছিল তাই। আকাশৰ অৱজ্ঞাই অস্থিৰ কৰি আছে এইকেইদিন তাইক। সাংঘাটিক ধেমেলীয়া ল'ৰাটো গহীন হৈ থকা হৈছে। তাই নিজক বুজাব পৰা নাই, কিয় হৈছে তাইৰ লগত এনেকুৱা? তাইতো কাৰো কথা ভাবিব নিবিচাৰে জীৱনত,কিয় আজিকালি আকাশে বেৰি থাকে দিন ৰাতি...সপোন দিঠক সকলোতে। দাপোণৰ ফালে চোৱাও বাদ দিছে তাই আকাশৰ দুচকু তাইৰ দুচকুত দেখাৰে পৰা। চাৰি বছৰে অৱজ্ঞাইতো কৰি আহিছে তাই,তাৰ পিছতো কেতিয়া আকাশ তাইৰ হৃদয়ত সোমাল তাই ধৰিব পৰা নাই। "উস্ নোৱাৰি আৰু"  অস্ফূটস্বৰে ওলাই আহিল তাইৰ মুখৰ পৰা। তাইৰ কথাবোৰ জানিলে জানো কোনোবাই তাইক ভালপাব? তাইৰ পৰা ঘৰৰ মানুহবোৰ আঁতৰি যোৱাৰ দৰে সকলোৱে আঁতৰি যাব। কাৰো ওচৰ নাচাপে তাই, তাই কাৰো হ'ব নোৱাৰে,তাই কলূষিত,কলূষিত তাই। দুহাতে মূৰটো চেপি ধৰি বহি থাকিল তাই। 

         কালি ৰাতি ডায়েৰীত নিজকে আঁকি আজি সুস্থিৰ হৈছে তাই। নিৰ্মালী বাইদেউৰ লগত পাঠৰ ইটো সিটো আলোচনা কৰি থাকোতে আকাশ আহি বহিল সিহঁতৰ কাষত। শৰ্মা ছাৰে তাক দেখিয়েই কৈ উঠিল,

: কি ডেকাল'ৰা, গা পা ভালে আছে নহয়?

: অহ মোৰ আকৌ কি হ'ব ছাৰ,ভালেইতো দেখিছে।

: ওহো দেখা নাই ভালে,সেইকাৰণেই সুধিছো।

: শৰ্মাদা, ডেকা ল'ৰা সলনি হৈছে নেকিহে?

নিৰ্মালী বাইদেউৱেও যোগ দিলে।

: সলনি হ'ব লাগিবই বাইদেউ, তাতেই যদি আনৰ সুখ, মোৰ আপত্তি নাই।

সদায় এনেকৈয়ে কথা কয় সি তাইলৈ কাড় এৰি।

তাই চালে আকাশলৈ,সি কিতাপ এখনত এনেয়ে চকু ফুৰাই আছিল।

: সুখ নহয় আনৰ মহাসুখ হৈছে বাইদেউ।

অজানিতে নীলাৰ মুখেৰে ওলাই আহিল, কথাষাৰ কৈয়ে আৰু নৰ'ল তাই। ক্লাচলৈ ওলাই গ'ল। সকলোৱে আচৰিত হৈ তাই যোৱালৈ চায়েই থাকিল। নিৰ্মালী বাইদেউৱে মাত লগালে

: আকাশ,বৰফ গলিছে।

.

.

জিৰণিৰ সময়ত চাবলৈ অনা নোটবুক কেইটা চাই আছিল নীলাই, ৰাতিপুৱাৰ কথাষাৰৰ বাবে সাংঘাটিক লাজ পাইছে তাই, তলমূৰকৈ নিজৰ কাম কৰি গৈছে, কাৰো ফালে চোৱা নাই। এনেতে আকাশ ওচৰতে আহি বহিলহি। তাই চাৰিও ফালে চালে, নাই কোনোৱে চোৱা নাই সিহঁতৰ ফালে,সকলো ব্যস্ত। তাৰ পিছত আকাশলৈ চালে,সি তাইৰ ফালেই চাই আছিল,

: কি-কিবা কাম আছিলে?

কোনোমতে সুধিলে তাই,

সি হাঁহিলে,একো নক'লে তাইৰ চকুলৈয়ে চাই থাকিল।

তাই বৰ অশান্তি পাইছে,

: প্লিজ গ'

: কিয়? তোমাৰ মনত কি আছে চাৰিটা বছৰে চকুত বিচাৰি বিচাৰি আজি দেখা পাইছো,তাকো চাব নিদিয়ানে?

তাই তলমূৰ কৰিলে,

: অসম্ভৱ কথাত সময় নষ্ট কিয় কৰিছে,একো নাপাব

: মই দেখিছো নীলা যি পাব লাগে পাইছো

: মই কষ্ট পাওঁ,প্লিজ গ'

: চুটীৰ সময়ত পাঁচ মিনিট ৰ'বা, কথা আছে মোৰ।

আকাশ উঠি গ'ল তাইৰ ওচৰৰ পৰা।

আজি এসপ্তাহে হ'ল,তাই আঁতৰি ফুৰিছে সকলোৰে পৰা,চুটীৰ পিছত এক মিনিটলৈও ৰোৱা নাই। মনত যিখন ধুমুহা বলি আছে তাইৰ,কোনোৱে উমান পোৱা নাই,তাই নিজৰ পৰায়ে পলাই আছে যেন।

স্কুলৰো সকলোৱে যেন আকাশৰ পক্ষতেই আছে,নতুবা তাইৰ অৱস্থাৰ আমেজহে লয় নাজানে তাই। হাতত বেগটো লৈ তাই স্কুলৰ পৰা ওলাব খুজিছিলহে স্কুলৰ পিয়নজন লৰালৰিকৈ তাইৰ ওচৰলৈ আহিল,

: নীলা বাইদেউ,আপোনাৰ স্কুটীখনৰ টায়াৰ এটি পাম্পচাৰ হৈ আছে।

নীলা উদ্বিগ্ন হৈ পৰিল,নিৰ্মালী বাইদেউও গ'ল,তাই এতিয়া কি কৰিব...

বাহিৰলৈ ওলাই আহি খন্তেক ৰ'ল তাই,সন্মুখত বৰ চিন্তিত হৈ আকাশ আৰু পিয়নজন থিয় হৈ আছিল। বহুদিন নোকোৱাতে সহায় কৰিছে আকাশে,এনেকুৱা সময়ত তাই অসহায় হৈ পৰে।

: মৃণাল কি কৰিব এতিয়া, মেকানিক পোৱা যাবনে কৰবাত ওচৰত?

: নীলা বাইদেউ,মোৰ ঘৰৰ ওচৰত সৰু মেকানিক এজন আছে,তালৈ লৈ যাব পাৰিলে কিবা এটা হ'লহৈ।

: মৃণাল চৰকাৰে পাৰ্মিশ্বন দিলে এই নাচীজে কিবা এটা কৰিব পাৰো।

: কোন চৰকাৰ ছাৰ?

আকাশ সংযত হ'ল,

: নহয় মানে তুমি নীলা বাইদেউৰাৰ লগত ৰোৱা, মই কৰবাত পাৰোনে চাই আহো

: নালাগে ছাৰ ময়েই পাৰিম,আপোনালোক ৰওক,নীলা বাইদেউৱে কত উপকাৰ কৰি থৈছে মোৰ বিপদত,এইখিনিতো কৰিব পালে মোৰ ভালহে লাগিব।

বাৰাণ্ডাৰ বেঞ্চখনত আকাশ বহিল,নীলা অলপ দূৰত থিয় হৈ থাকিল।

আকাশে হঠাতে হাঁহিব ধৰিলে, নীলাই আচৰিত হৈ চালে,

: এষাৰ কথাৰ বাবে এই শিক্ষকজনে কি কি যে কৰিব নালাগে আৰু   --আকাশে হাঁহি হাঁহিয়ে নিজে নিজক কৈ উঠিল।

নীলা আৰু বেছি আচৰিত হ'ল,তাই প্ৰশ্নভৰা চকুযুৰি তুলি তালৈ তীক্ষ্ণ ভাৱে চালে, আৰু মূহূৰ্ততে উত্তৰ পাই গ'ল।

আৰু অলপ আঁতৰি থিয় হ'ল তাই,

: ছিঃ শিক্ষক এজন হৈ এনে কাম কৰিব পাৰে কোনোবাই

আকাশ উঠি গৈ তাইৰ সন্মুখত থিয় হ'ল

: কিয় শিক্ষকবোৰ মানুহ নহয় নেকি মিচ নীলা? তাই দুখোজ পিচুৱাই আহিল আৰু আকাশ দুখোজ আগুৱাই,আকৌ তাই দুখোজ পিচুৱাই গ'ল, আকৌ আকাশ দুখোজ আগুৱাই আহিল,

: কথা এষাৰ পাতিবলৈ  কিমান কাকূতি মিনতি কৰিব লাগে তোমাক,কিয়?

কৰবাৰ মহাৰাণী তুমি? অন্তৰ নাই তোমাৰ? দেখিও নেদেখা যে মোক?  নে....

নীলাই আকাশৰ ক্ৰোধত উজ্বলি উঠা চকুহাললৈ চাই থাকিল,তাইতো কাহানিবাই বন্দী হৈছে এই চকুযুৰিৰ,হিয়া উজাৰি মনৰ কথা ক'বলৈ তাইৰো মন যায়,কিন্তু....দুচকু পানীৰে ভৰি পৰিল তাইৰ।

 আকাশ পিছুৱাই আহিল,নিজৰ প্ৰিয় নাৰীৰ চকুত চকুপানী সি কোন সতে চায়।

আঁতৰি আহি বেঞ্চখনত বহি পৰিল তাই।

মৌন দুয়ো...

আকাশ তাইৰ ওচৰলৈ আহিল তাই তলমূৰকৈ বহি  আছিল,চকুৰ পৰা নিগৰি অহা চকুলোবোৰ তাইৰ বেঞ্চত থোৱা বাওহাতখনতে পৰি আছিল( Assamese love story )।

তাইৰ হাতখন নিজৰ হাতৰ মাজত তুলি ল'লে সি, প্ৰিয়পুৰুষৰ স্পৰ্শ নাজানে তাই কেনেকুৱা,কিন্তু এক শিহৰণে কঁপাই তুলিলে তাইক। তাইৰ ওচৰত আঁঠু কাঢ়ি বহিল সি,

: নীলা, মই কি বিচাৰো জানানে?

তাই তাৰ মুখলৈ চালে,

: নীলা এই তোমাৰ আয়ত চকুযুৰিত থকা বিষাদবোৰ,চকুপানীবোৰ মোক ভগাই দিয়া এবাৰ, তোমাক মোৰ ভালপোৱাৰে সজীৱ কৰিব দিয়া

কান্দোনখিনি আৰু বেছি তীব্ৰ হৈ উঠিল,কোনোমতে চেপি ৰাখিলে তাই,

: প্লিজ নীলা, তুমিতো জানাই এই কবিৰ আৰু একো নাই,এটাই মাথো কামিজ তাৰো চিগো চিগো চিলাই...বিদ্যা শপত শব্দবোৰেও ধৌকা দি যায়...

আকাশে এখন হাতেৰে কাণত ধৰি ক'লে।

নীলাৰ হাঁহি উঠি গ'ল, পিছ মুহূৰ্ততে গহীন হৈ ক'লে,

: বৰ কঠুৱা মোৰ কাহিনী,শুনিব পাৰিব,কিন্তু সহিব পাৰিবনে নাজানো।

হাতখন আকাশৰ হাতৰ পৰা এৰাই থিয় হ'ল তাই।

: মই চব সহিব পাৰো,তিতা মিঠা চব।

: মই ক'ম,পিছত যি সিদ্ধান্ত লয় ল'ব আপুনি

এনেতে মৃণাল মানে পিয়নজন আহি পালে,

: বাইদেউ,হৈ গ'ল, একদম চকাচক কৰি আনিছো।


সৰু চহৰখনৰ কফিশ্বপ এখনৰ এটা মূৰত দুয়ো বহি আছিল,বহু কথাই ক'লে তাই আকাশক। কাকো কাহানিও নোকোৱা। আকাশ আশ্চৰ্যত মূক হৈ গৈছিল।

তাৰ নীলাজনীয়ে ইমানবোৰ যন্ত্ৰণাৰ পাহাৰ কেনেদৰে বুকুত কঢ়িয়াই আছিল বাৰু?

: নীলা,তাতেই জানো তোমাৰ জীৱন শেষ?

: মই ধৰ্ষিতা পত্নী আকাশ,এতিয়াও কিবা বাকী আছেনে বাৰু?

: তাত তোমাৰ ভুল কোনখিনিত নীলা?

কি কয় আকাশে,সকলোৰে পৰা সদায়ে তাই পুতৌ আৰু লাঞ্ছনাৰ সন্মুখীনহে হৈ আহিছিল আজিলৈ।

: নীলা তোমাৰ অপৰাধী তোমাৰ বিচ্ছেদিত পতি,যাৰ বৰ্তমানত কতো স্থান নাই। তেওঁ তোমাৰ সন্তানৰ হত্যাকাৰী,যাৰ শাস্তি তেওঁ ভুগি আছে।

: কম বয়সতে বিয়া দি মোৰ জীৱনটো ধ্বংস কৰা বুলি মা- দেউতা সেই শোকতে ঢুকাল আকাশ,দাদাৰ মোলৈ ঘূৰি চাবলৈ আহৰি নাই। আৰু নজন্মোতে মোৰ সন্তানক সেই অসুৰে মাৰিলে,মই যদি তাৰ বিৰুদ্ধে আইনৰ কাষ নাচাপিলো হৈ,মোৰ সন্তান বাচি থাকিলহেঁতেন আজি। মই শান্তি নাপাও আকাশ, মোৰ লগত আপুনিও মিছাতে কিয় ভুগিব কওক।

: নীলা,নীলা শান্ত হোৱা তুমি।

যি ঘটিল সেয়া অতীত নীলা,বৰ্তমানত জীবলৈ শিকিছা তুমি,তথাপিও তুমি যেন হেৰাই গৈছা,তোমাক হেৰাব দিব নোৱাৰি। মা- দেউতাই তোমাৰ সুখেইতো চাব বিচাৰিছিল,কিয় সুখ নিদিবা তুমি তেওঁলোকক? কাৰোবাৰ অপৰাধৰ শাস্তি কি যুক্তিত তুমি নিজকে দিছা নীলা? কোৱা।

নীলাই তাৰ চকুলৈ চালে,ভৰষাৰ অজস্ৰ ৰং বিয়পি আছিল সেই দুচকুত সদায়ৰ দৰেই।


এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

: এই আকাশক নীলা লাগে,কোৱা হ'বানে তুমি আকাশী নীলা?

হাত এখন তাইৰ আগত মেলি সুধিলে আকাশে। তাইৰ দুচকু প্ৰাপ্তিৰ ৰঙত উজলি উঠিছে, তাৰ চকুত চকু ৰাখি নিজৰ হাতখন আলফুলে আকাশৰ হাতত দিলে তাই।


বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় অংকিতা কলিতাৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( ( Assamese love story ) )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages