"আজিকালি প্ৰায়েই এটা প্ৰশ্ন মোক সকলোৱে সোধে , যে "মাক" হোৱাৰ পিছতেই ইমান সোনকালে কামলৈ ঘুৰি অহাটো মোৰ বাবে কেনেদৰে সম্ভৱ হ'ল । মোৰ inbox ত বিভিন্ন জনৰ শুভেচ্ছা আশীৰ্বাদৰ লগতে এই প্ৰশ্নটো প্ৰায়েই পাও,প্ৰায়েই পঢ়ো ।
ইয়াৰ উত্তৰটো হৈছে ফটোখনত থকা সেই বিশেষ ব্যক্তিজন ।
যিজনে মোক মানসিক আৰু শাৰীৰিক ভাৱে ভীষণ শক্তিশালী কৰি প্ৰতিটো দিনৰ বাবে মোক প্ৰস্তুত কৰি তোলে । এইজনেই হৈছে মোৰ "উত্তৰ"❤❤তুমি মোক "মই" হৈ থাকিবলৈ দিয়া🙂 আজি মোৰ এই জীৱনটো তোমাৰ বাবেই হৈ পৰিছে ইমান সহজ, ইমান মসৃন
ফটোখন যোৰহাটৰ এটা photoshoot ৰ সময়ত আমি গম নোপোৱাকৈ @rahul এ তোলা,ডেৰমহীয়া ৰিধিক চম্ভালি থকা অৱস্থাত মোৰ মানুহটো ।"- অমৃতা গগৈ
অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী অমৃতা গগৈ আজি নিজৰ ফেচবুক একাউণ্টত এই কথা প্ৰকাশ কৰে।
No comments:
Post a Comment