হেৰী..., এতিয়া পিছে কি কৰিম বুলি ভাবিছে...?
: তুমি হে জানা কি কৰা , মই তোমাক কৈছিলোঁৱেই যে অযথা টকা খৰচ হ'ব..., তোমাৰ আকৌ ততেই নাই নহয়( Assames story )। এতিয়া ভুৱা ৰিপৰ্ট কেইটামান লিখাই ঘৰলৈ ঘূৰি যোৱাৰ বাহিৰে উপায় নাই....
: আপোনাৰ কোনোবা চিনাকি ডাক্তৰ আছে যদি ফোন কৰকচোন...
: চিনাকি অচিনাকি বুলি কথা নাই টকা দিলে সকলোৱে কৰিব ।
: তেন্তে কিবা এটা কৰক , পাৰিলে আজিয়ে ঘৰলৈ ঘূৰি যাব লাগিব ।
: তুমি এটা কাম কৰা , উৰ্মিক ফোন কৰি কৈ দিয়া ডাক্তৰজন এমাহৰ চুটিত আছে বুলি...।
: উম..., তাকেই ভাবিছোঁ...! আপুনি ৰিপৰ্ট কেইটা যোগাৰ কৰক । মই উৰ্মিৰ লগত কথা পাতোঁ ।
মানুহজন ওলাই যোৱাৰ পাছতেই নিৰাই উৰ্মিলৈ ফোন কৰিলে...
: হেল্ল'...., মাজনী , কি কৰি আছা...?
: মা , কোৱা..., ইজন সিজনকৈ ভকত আহি আছে তেওঁলোকৰ লগতে কথা পাতি আছোঁ ।
: অঃ..., আমি ঘূৰি যাবগৈ লাগিব বুজিছনে...!
: কিয় মা..?
: ডাক্তৰজনে এমাহৰ ছুটি লৈছে , এনেই গুৱাহাটীত থকাতকৈ ঘৰলৈকে যাওঁ বুলি ভাবিছোঁ ।
: উম..., ঘৰলৈকে ঘূৰি আহাঁ , এনেয়ে হোটেলত থাকি টকাবোৰ খৰচ কৰিব নালাগে ।
: ৰিপৰ্ট কেইটা পালে ৰাতিয়েই যামগৈ ,
: দেউতাই কি কৰিছে মা..?
: কি কৰিব আৰু শুই আছে । হ'ব দে । ঘৰ পাই তোক ফোন কৰিম ।
: ঠিক আছে মা, ৰাখিছোঁ এতিয়া ।
ফোনটো কাটি দিলে উৰ্মিয়ে , ..... মায়ে ফোন কৰিছিল নেকি উৰ্মি...? অনিমেষে প্ৰশ্ন কৰিলে ।
: হয় , মায়ে ফোন কৰিছিল অনি, ডাক্তৰজন বোলে এমাহৰ চুটীত আছে , মাহঁত ঘৰলৈকে আহিব আজি ।
: ইস:..! ৰাম , এনেয়ে কষ্ট হল মাহঁতৰ ।
: কি কৰিবা আৰু.....,
অক...., অক...., উসঃ..., ৰূমতে সোমাই অক অকাই আছিল মৃণালিনীয়ে । হঠাৎ অনিৰ কাণত পৰিল মৃণালিনীৰ অক-অকনি । ....উৰ্মি নবৌ ক'ত আছে .....?
: ৰূমতে আছে...,
: চাই আহাচোন এবাৰ ,
: কিয় অনি...?
: নবৌৰ মূৰ ঘূৰাইছে হ'বলা , অক অকাই আছে ।
উধাতু খাই গল উৰ্মি , পকাতে পৰি বমি কৰি আছে মৃণালিনীয়ে..., কাষতে পৰি আছে ধুনু..., অনি...., এইফালে আহাচোন ...! বৌৰ কিবা এটা হৈছে..., তুমি ধুনুক লৈ যোৱাহিচোন...! উৰ্মিয়ে চিঞৰা শুনি অনিয়ো সোমাই আহিল ৰূমটোলৈ , ......বৌয়ে সঁচা কথাবোৰ কৈ দিয়া হলেই এনেকুৱা নহয় , ইমান কলো , সঁচা কথাবোৰ কৈ দিয়ক আমি চিকিৎসা কৰিম , নাই অসুখটো হ'লেই ঘৰলৈ দৌৰ মাৰিব । ঘৰৰ মানুহবোৰে সঁচা কথাবোৰ কিয় এতিয়াও কৈ দিয়া নাই সেইটোহে বুজি পোৱা নাই ....!
: অনি..., এতিয়া সেইবোৰ বন্ধ কৰাচোন । তুমি ধুনুক লৈ বাহিৰলৈ যোৱাচোন..., মই বৌৰ লগত আছোঁ ।
উৰ্মিৰ কথামতেই ধুনুক কোলাত তুলি বাহিৰলৈ ওলাই গ'ল অনিমেষ। মৃণালিনীক লাহেকৈ দাঙি ধৰিলে উৰ্মিয়ে ... বৌ..., বৌ... কি হৈছে আপোনাৰ...? একো মাতবোল নাই মৃণালিনীৰ , গা ধোৱাৰ দৰে ঘামত গাটো তিতি গৈছে । কি কৰিব , কি নকৰিব একো ভাবি পোৱা নাই উৰ্মিয়ে । চাঁদৰৰ পিংটো লাহেকৈ খুলি দিলে উৰ্মিয়ে । চাঁদৰৰ আচলটোৰে কপালৰ ঘামখিনি লাহে লাহে মচি দি ওচৰতে বহি থাকিল উৰ্মি । হঠাৎ মৃণালিনীয়ে দাঁত কৰচি জিকাৰ মাৰি উঠিল , ....বৌ.., বৌ... কিয় এনেকুৱা কৰিছে ...?
উৰ্মিৰ মাতষাৰ শুনি লাহেকৈ চকুহাল মেলি এবাৰ চালে মৃণালিনীয়ে...., পা.., পানী..., শেহাই শেহাই কলে ।
: পানী খাব নেকি বৌ...? বৌ ভালকৈ কওকচোন কি কৈছে ....., অনি..., অনি...এইফালে আহাচোন ।
অনিয়ে হয়টো উৰ্মিৰ চিঞৰ শুনা নাপালে , লাহেকৈ গাৰুটোতে মৃণালিনীৰ মূৰটো থৈ উৰ্মি পাকঘৰলৈ গৈ পানী এগিলাচ আনি চামুচ এখনেৰে পানী দুচামুচমান খুৱাই দিলে মৃণালিনীক । পানীকন খাই দিয়াৰ কিছু সময় পাছতেই মৃণালিনী শোৱাৰ পৰা উঠি বহিল..., বৌ..., কি হৈছিল আপোনাৰ...?
: জানো উৰ্মি.., কি যে হৈ গ'ল ....! ইমান মূৰটো ঘূৰালে , তোমাক মাত লগাইছিলোঁ , ধুনুক লৈ যাবলৈ । ( Assamese Story )।
: মই মাৰ লগত কথা পাতি আছিলোঁ বৌ , সেয়ে নুশুনিলোঁ । ... বৌ , কথা এটা সুধো বেয়া নাপাব....!
: কোৱা উৰ্মি...
: আপোনাৰ এই মূৰ ঘূৰণীটো আগৰ পৰাই আছিল নেকি বৌ....?
: উৰ্মি, তোমাক আজি এটা সঁচা কথা কম..., তুমি মোক কথা দিয়া, কথাবোৰ তোমাৰ আৰু মোৰ বাহিৰে যাতে আন কোনেও নাজানে...।
: আপুনি চিন্তা নকৰিব বৌ..., মই কাকো নকওঁ...
: আচলতে এই মূৰ ঘূৰণী বেমাৰটো ঘৰতেই হৈছিল , ক্লাছ নাইন মানতেই আৰম্ভ হৈছিল । বহুতে মৃগী বেমাৰ বুলি কৈছিল , বহুতে কৈছিল সাধাৰণ বেমাৰ ভাল হৈ যাব । চিকিৎসাও কৰি আছিলোঁ ভাল হ'ব বুলি , কিন্তু দিনক দিনে বেমাৰটো ভাল হোৱাৰ পৰিৱৰ্তে বেছিহে হ'বলৈ ধৰিলে ..., বেমাৰৰ কথাটো কৈ দিয়াৰ বাবেই আঙুঠি পিন্ধোৱাৰ পাছতো প্ৰথমখন বিয়া ভাগিছিল , তাৰ পাছত শিৱসাগৰ ল'ৰা এজনে চাবলৈ আহিছিল , বিয়াৰ দিন-বাৰ পৰ্যন্ত ঠিক হৈছিল কিন্তু সেইদিনা ল'ৰা জনৰ লগত বিয়াৰ কাপোৰ বজাৰ কৰিবলৈ যাওঁতে হঠাৎ মূৰ ঘূৰাই মই ৰাস্তাত মাজতে পৰি গৈছিলোঁ , মোক হস্পিতালত ভৰ্তি কৰি ঘৰত খবৰ দিছিল আৰু তাৰ পাছতেই ফোন কৰি মোক বিয়া নকৰাও বুলি কৈছিল , তাৰ পাছত আৰু এজন লৰা আহিছিল মোক চাবলৈ , সকলো ঠিকেই আছিল কিন্তু টোপোলা পেলাবলৈ আহিবৰ দিনা লৰাজনৰ দেউতাকক মায়ে সকলো কথা কৈ দিলে , কথাবোৰ শুনাৰ পিছত মোক অমংগলীয়া বুলি ভাবিলে , তেনেকৈয়ে তিনিখনকৈ বিয়া ভাগিছিল.., সেয়ে অনিৰ্বাণে চাবলৈ যাওঁতে মাহঁতে বেমাৰৰ কথাটো লুকুৱাই ৰাখিছিল ..., কথাবোৰ কৈ উচুপি উঠিল মৃণালিনী ।
: মই আপোনাৰ মনৰ কথা বুজি পাইছোঁ । কিন্তু...! বৌ মই ভাবোঁ..., আপুনি এতিয়া সঁচা কথাবোৰ দাদাক কৈ দিব লাগিছিল....! প্ৰয়োজন হলে আপোনাক বাহিৰলৈ লৈ যাম চিকিৎসা কৰিবলৈ ।
: এতিয়া সেইবোৰ একো কৰিব নালাগে উৰ্মি..., মাৰ সকামটো ভালে ভালে হৈ যাবলৈ দিয়া । এতিয়া এইবোৰ কথা কবলৈ হ'লে জ্বলা জুইত ঘিঁউ ঢলাৰ দৰে হ'ব...,
: বৌ..., আপুনি ডাক্তৰী চিকিৎসা কৰিছে নে গাঁওলিয়া চিকিৎসা কৰিছে...
: কবিৰাজ এজনক দেখুৱাই আছোঁ , বৌৰ ভাল চিনাকি, ঔষদখিনি খাই থাকিলে অলপ আৰাম পাওঁ । এইকেইদিন ঔষধো খোৱা নাই ।
: বৰ ডাঙৰ ভুল কৰিলে বৌ । ভাল এজন ডাক্তৰক দেখুৱাব লাগিব । এনেকৈ বেমাৰ ভাল নহয় , আপুনি অলপ শুই দিয়ক বৌ..., কিবা প্ৰয়োজন হ'লে মোক মাতি দিব ...,
: ঠিক আছে উৰ্মি..., কথাবোৰ যাতে ৰাজহুৱা নকৰা । নিজৰ বুলি বিশ্বাসত তোমাক কথাবোৰ কলো ।
: আপুনি চিন্তা নকৰিব বৌ ...., ৰ'ব মই বমিখিনী চাফা কৰি লওঁ , দাদা আহি দেখিব লাগিলে বৰ ডাঙৰ কথা হ'ব ।
: তুমি সেইবোৰ চাফা কৰিব নালাগে উৰ্মি , অলপ শুই দিলেই মই আৰাম পাম । কাপোৰ এখন পেলাই থোৱা ওপৰতে মই পাছত চাফা কৰিম ...।
: একো নহয় বৌ , মাখি পৰিব , আপুনি শুয়ো অশান্তি পাব ।
মৃণালিনীৰ বাধা নামানি..., উৰ্মিয়ে কাপোৰ এখনেৰে লেতেৰাবোৰ চাফা কৰি আনিলে আৰু ডেটল অলপ দি ৰূমটো ভালকৈ মচি দিলে । হাতখন ভালদৰে ধুই চাদৰৰ আচলেৰে হাতখন মোহাৰি মোহাৰি উৰ্মিয়ে ভাবিবলৈ ধৰিলে ...... বৌয়ে কথাবোৰ সঁচাকৈয়ে কৈছে...? নে নতুন কিবা পৰিকল্পনা কৰিছে....? কিন্তু বৌৰ মুখখন দেখি কথাবোৰ মিছা যেনো লগা নাই....! যদি কথাবোৰ বৌয়ে সঁচাকৈয়ে কৈছে..., তেতিয়া ভালেই হ'ব , ভাল ডাক্তৰ এজনৰ লগত কথা পাতি বৌক চিকিৎসা কৰাব লাগিব .....। কথাবোৰ ভাবি ভাবি বাৰাণ্ডাতে বহি থাকোঁতেই অনিৰ্বাণ ওলালহি ......ইমান কৈ চিঞৰি আছোঁ কাৰো মাত এটা নাই যে.....? অনিৰ্বাণৰ মাতটো শুনি উচপ খাই উঠিল উৰ্মি ।
: ....দাদা , কিবা কৈছিল নেকি...? প্ৰশ্নবোধক দৃষ্টিৰে চালে অনিৰ্বাণলৈ ।
: তাৰমানে তুমি মই কি কলো শুনাই নাই...., কি যে ভাবি থাকা আৰু তোমালোকে... বাহিৰত ভকত বহি আছে । এজনী বোৱাৰী ওলাই যোৱা নাই ।
: মানে... দাদা...!
: এতিয়া একো ক'ব নালাগে । ভকত কেইজনক মাত এষাৰ দিয়াগৈ ।
: গৈছোঁ দাদা ....
মূৰলৈ ওৰণীখন টানি উৰ্মি বাহিৰলৈ ওলাই গ'ল । চাৰি পাঁচজন ভকত বহি কথা পাতি আছে । লাহেকৈ মাত এষাৰ দি , দুই এটা কথা পাতি উৰ্মি আকৌ ভিতৰলৈ সোমাই আহিল । ধুনুক কোলাত লৈ অনিমেষ আহি উৰ্মিৰ ওচৰ পালেহি.... তুমি মানুহ মাৰিবা দেই উৰ্মি....
: কিয়...? কি হ'ল অনি...? মইতো এনেই থকা নাই..! ইটো সিটো কাম কৰিয়ে আছোঁ ।
: ধুনুক মই লৈ থকা কিমান সময় হ'ল তোমাৰ মনত আছেনে....? কিবা এটা খুৱাই দিয়া । নবৌৰ কেনেকুৱা এতিয়া...?
: অনি.....! তুমি জানিবা অলপ সময় ধুনুক কোলাত ল'লাই সেইটো নো কি ডাঙৰ কথা হ'ল...? বৌৰ ভাল এতিয়া, শুই আছে । দিয়া দিয়া বিস্কুট আৰু গাখীৰ অকনকে খুৱাই দিওঁ ।
অনিৰ কোলাৰ পৰা ধুনুক লৈ উৰ্মিয়ে তাক বিস্কুট আৰু গাখীৰ অকণ খুৱাই দিলে , ......মই আজি সঁচা কথাবোৰ উৰ্মিক কৈ দিলোঁ বৌ....... এতিয়া মই কি কৰিম কথাবোৰ মিছা বুলি কৈ দিম নেকি....!
ধুনুক মাকক দিবলৈ গৈ দুৱাৰমুখৰ পৰাই জয়শ্ৰীৰ লগত মৃণালিনীয়ে কথা পাতি থকা শুনিলে উৰ্মিয়ে...., মনে মনে আৰু কি কথা পাতে শুনিবলৈ দুৱাৰখনৰ ওচৰতে থিয় দি ৰ'ল উৰ্মি.... মই একো নজনাৰ দৰেই থাকিম , উৰ্মিক এই বিষয়ে একোৱেই নকওঁ.....। এতিয়া ৰাখিছোঁ দিয়া .....
বৌ..., গাটো ভাল পাইছে নে...... মাতষাৰ দি উৰ্মি সোমাই গল ভিতৰলৈ
: অলপ ভাল পাইছোঁ , বৌয়ে ফোন কৰিছিল সকামৰ যা- যোগাৰ হ'ল নাই তাকে সুধিবলৈ ।
: বৌ , জয়শ্ৰী বৌক সকামত থকাকৈ আহিবলৈ ক'ব ।
: ৰবাচোন ...! সময় আহকচোন..., ধুনু শুলে নেকি....?
: নাই শোৱা..., মনটো মাৰি আছে কিয় জানো....?
: গাটো গৰম হৈ আছে নেকি....,
: নাই , ঠিকেই আছে ।
: দিয়া , অকণমান শুৱাই দিওঁ ।
ধুনুক মৃণালিনীৰ হাতত দি উৰ্মি ওলাই আহিল বাহিৰলৈ , বাৰাণ্ডাৰ চুকটোতে বহি উৰ্মিয়ে ভাবিবলৈ ধৰিলে
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
.... বৌয়ে সঁচা কথাবোৰ কোৱাৰ পাছতো জয়শ্ৰী বৌয়ে কিয় কথাবোৰ লুকুৱাই ৰাখিবলৈ বিচাৰিছে...? নে দাদা বৌৰ সংসাৰ খনত আঁউল লগাবলৈকে জয়শ্ৰী বৌয়ে এইবোৰ কৰি আছে ......? জয়শ্ৰী বৌয়ে যদি জানি বুজি এইবোৰ কৰি আছে তেন্তে কাৰ কি লাভ হ'ব...? দাদা বৌৰ সংসাৰখন ভাগি যাব.....? কি কৰো ..., কিবা এটা উপায় উলিয়াব লাগিব । মাক মই কথা দিছিলোঁ ঘৰখন ঘৰ কৰি ৰাখিম ...., মাক দিয়া কথা মই ৰাখিবই লাগিব......। বৌয়ে যিহেতু সঁচা কথাবোৰ কলেই ...., এতিয়া আৰু বহি থকাৰ প্ৰশ্নই নুঠে । মাৰ সকামটো হৈ যোৱাৰ পাছতেই অনিৰ লগত কথা পাতি বৌক ভাল ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব । দাদা বৌৰ আঁউল লগা সংসাৰখন জোৰা দিব লাগিব ......
ক্ৰমশঃ ....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment