ৰাতিটো কোনোৰকম পাৰ হৈ গ'ল , পানী ছটিয়াই তুলিকেইখন আগফালৰ দাৰডালতে তুলি দি তলত পৰিদিয়া খেৰবোৰ বাৰীৰ পাছফালে নি জ্বলাই দিলে উৰ্মিয়ে , পানীত জুবুৰীয়াই জুবুৰীয়াই বেদকভাৰ কেইখন টানকৈ চেপি আগফালে ৰছী এডাল টানি আঁচাৰী মেলি দিলে মৃণালিনীয়ে , গা ধোৱাৰ আগতেই ৰূমকেইটা মোহাৰি গোবৰ পানী অকণ ছটিয়াই দিলে উৰ্মিয়ে । অনিৰ্বাণে গা ধুই আহে মানে পিৰালিতে গজি থকা বনকেইডাল হাতেৰে উভালি গোবৰ মাটি অলপ লৈ মোহাৰি পেলালে উৰ্মিয়ে । মৃণালিনীয়েও নিজৰ ৰূমৰ পৰ্দা আৰু আলনাত ওলাই থকা কাপোৰবোৰ পানী ছটিয়াই ঢাপৰ জেউৰাখনতে মেলি দিলে । গোটেই কাপোৰ কানিবোৰ বাহিৰলৈ উলিয়াই দিয়া দেখি অনিমেষে মাত লগালে.... কালিলৈ টিলানি বুলি কাপোৰবোৰ আকৌ তিয়াবই লাগিব । আজি নুলিয়া হ'লেও হয় কাপোৰবোৰ ..।
: নহয় অনি..., আজি ধোৱা কাপোৰবোৰ আমি নুচুলেই হ'ল , বাটো বিয়া দিয়া ছোৱালী , বাৰ গাত চুৱা নাই নহয়... বায়ে সামৰি থব দিয়া । কালিলৈ তেতিয়া আমি ব্যৱহাৰ কৰা কাপোৰ কেইটা তিয়ালেই হ'ব ।
: ঠিক আছে তেন্তে.., চাহ অকণ খাবলৈ বৰ মন গৈছে । বায়েও গা ধোৱা নাই নহয় ।
: তৃনাকে মাতি দিয়া নহলে , গাখীৰখিনি গৰম কৰি চাহ অকণ বনাই দিয়ক ,
: ৰ'বা , তৃনাকে মাতি আনো...। অনি ওলাই গ'ল তৃনাক মাতিবলৈ । ইফালে মৃণালিনী গা ধুবলৈ সোমাল , ধুনুৱে সাৰ পাই কান্দিবলৈ ধৰিলে । বায়েকো কিবা কামত ব্যস্ত হৈ আছে । বোকা হাতখন ধুই উৰ্মিয়ে লাহেকৈ ধুনুক উঠাই আনিলে । ...... উঠিলা , অঃ.... , মোৰ গোঁসাইটো । মায়ে গা ধুইছে , নাকান্দিবা মই আঁচো নহয়..., কি হ'ল....! সৌটো চোৱা শালিকী ..., ধৰ শালিকী ..., ধৰ..., ধৰ ধৰ কৰা শুনি শালিকীটো উৰি গুচি গ'ল । ধুনুৰ কান্দোন শুনি গামোচা খনেৰে তিতা চুলিকোচা মোহাৰি খৰখেদাকৈ ওলাই আহিল মৃণালিনী.., ....ধুনু, উঠিলা । খুড়ীয়েহে লৈছে.... কিয় কান্দিছা....? ... উৰ্মি.., আমি এতিয়া ফোঁট ল'ব পাৰিম নে নাই..?
: আমাৰ তাত ঘৰৰ মূল মানুহজন ঢুকালে দহদিনলৈকে মূৰত ফণীও নলগায় ফোটো নলয়.., ইয়াত বা কি নিয়ম ...! দাদাক সোধকচোন বৌ ...
: মই নুসুধো দেই , খেচকৈ কিবা এটা কৈ দিলে বৰ লাজ পাব লাগিব....। তুমিয়ে সুধি আহাচোন..
: ৰ'ব মই সুধি আহোঁ । দাদা ক'ত আছে নো.....?
: জপনা মুখতে ৰৈ আছে , ধুনুক মোক দিয়া ।
মৃণালিনীৰ হাতত ধুনুক তুলি দি অনিৰ্বাণৰ কাষ পালেগৈ উৰ্মি.... দাদা , কি চাই আছে..? লাহেকৈ মাত লগালে উৰ্মিয়ে ।
: একো নাই , এনেয়ে ৰৈ আছোঁ ।
: দাদা , আমি ফোঁট ল'ব পাৰিম নে....!
: নিয়ম মতে নাপায় , তোমালোকে জানা...!
: আমাৰ ফালেও ঘৰৰ মূল মানুহ ঢুকালে দহ দিনলৈকে মূৰত ফণী নলগায় আৰু ফোঁট নলয় । ইয়াৰ নিয়ম নীতিবোৰ ভালকৈ নাজানো যে সেয়ে সুধিলোঁ ...! আপুনি গা ধুলে নাই দাদা ..?
: ধুলো , কাপোৰ উলিয়াই দিয়া মানুহ নাই বাবেই তিতা কাপোৰেই ৰ'দত ৰৈ আছোঁ ।
: বৌ , গা ধুই আহিল দাদা , আপোনালৈ কাপোৰ উলিয়াই দিবলৈ কওঁ.., সলাই লওঁকহি তিতা কাপোৰবোৰ....,
: গৈ আছোঁ । কাপোৰ কেইটা চকীএখনত বাহিৰলৈকে উলিয়াই দিবলৈ ক'বা ।
: ঠিক আছে দাদা , মই বৌক কওঁগৈ ।
: অ'.. বৌ..., বৌ ... দাদাৰ চুৰিয়া চেলেংখন উলিয়াই দিবচোন চোতাললৈকে । দাদা তিতা কাপোৰেই আছে ।
: উৰ্মি... শুনাচোন...! বৰ ডাঙৰ কথা হ'ল , ওলাই থকা সকলো কাপোৰ তিয়াই দিলোঁ নহয় । আলমিৰাত চুৰিয়া আছে খুলিব পাৰিম জানোঁ....!
: আলমিৰা খুলিব নালাগে বৌ , মোৰ ৰূমতে চাওঁকচোন অনিলৈ বুলি কালি তৃনাৰ হতুৱাই দুযোৰ উলিয়াই ঠোৱা আছে , তাৰ পৰাই দাদাক চুৰিয়া চেলেং এযোৰ দি দিয়ক ।
: ৰক্ষা দেই উৰ্মি...! নহলে গালি খালোঁ হেঁতেন এতিয়া ।
সুৰুঙা বুজি উৰ্মিয়ো গা ধুবলৈ সোমাল , লৰালৰিকৈ গাটো ধুই গামোচা এখনেৰে তিতা চুলিকোচা ভালকৈ বান্ধি খেৰঘৰৰ পৰা খেৰ অলপ আনি অনি আৰু অনিৰ্বাণৰ বাবে খেৰবোৰ মেলি বিচনা দুখন ঠিক কৰিলে... উৰ্মি খেৰবোৰ কিয় দিছা ...?
: নিয়ম মতে খেৰতেই শুব লাগে , কিন্তু আজিকালি নিয়মবোৰ অলপ সলনি হৈছে, সকলোৱে তুলি পাৰিয়ে লয় ।
: অঃ..., আজিলৈকে এইবোৰ কৰি পোৱাই নাই যে..., একো নাজানো সেয়ে...
: ময়ো ইমান নাজানো বৌ , দেখি দেখিহে শিকিছোঁ এইবোৰ ।
উৰ্মি..., গা ধুই আহিলা নে...! চাহ খাই লোৱাহি...., দাদা আৰু বৌক মাতি দিয়া , বাইদেউ ভিনদেউ তৃনাহঁতৰ ঘৰতে আছে । চাহ খাই আছে... , হাতত চাহৰ ম'গটো লৈ উৰ্মিক মাতষাৰ দি অনিমেষ বাৰাণ্ডালৈ সোমাই আহিল । অনিৰ্বাণক মাতষাৰ দি উৰ্মি আৰু মৃণালিনী বাৰাণ্ডালৈকে ওলাই আহি মাটিতে লেপেটা খাই বহি ললে , হাততে বাতিটো লৈ অনিৰ্বানো আহি মাটিতে বহিল । ..... অনি , চাহখিনি তুমিয়ে ভগাই দিয়া । লাহেকৈ কলে উৰ্মিয়ে ।
: ঠিক আছে দিয়া , দাদা তোৰ বাতিটো দে..., উৰ্মি মায়ে ফোন কৰিছিল নেকি...?
: নাই কৰা অনি..., ময়ো পাহৰিয়ে আছো , মাক খবৰটো দিয়া হোৱাই নাই নহয়...,
: অ' হয়নেকি...! চাহকন খাই মালৈ ফোন কৰিবা ।
: উম, টিলানীৰ বাবে ভকত নিমন্ত্ৰণ কৰিব নালাগিব জানো...!
: লাগিব , ভিনদেউ আহিলেই মই যাম বুলি ভাবি থৈছোঁ ।
চাহকন খাই অনিৰ্বাণ আৰু অনিমেষ উঠি গ'ল , উৰ্মিয়ো লাহেকৈ ভিতৰলৈ সোমাই গৈ মাকলৈ ফোন লগালে...
: হেল্ল'..., মা , কি কৰিছা ।
: কি কৰিম আৰু , ৰিপৰ্টবোৰ দেখুৱাবলৈ ডাক্তৰৰ ওচৰলৈ যাবলৈ ওলাইছোঁ । তুমি কি কৰি আছিলা ।
: চাহ খাই বহি আছিলোঁ । মা বেয়া খবৰ এটা আছে...!
: কি বেয়া খবৰ উৰ্মি...?
: মানে মা , অনিৰ মাক কালি ঢুকাল...,
: কি....? তুমি সঁচাকৈ কৈছা নে....!
: মা, কিয় মিছাকৈ কম বাৰু..., আমি আহি পোৱাৰ অলপ পাছতেই মা ঢুকাই থাকিল....
: তুমি তাৰমানে অনিৰ লগতে গ'লা...,
: অ' মা, দাদাই ফোন কৰি মাৰ গাটো বেচিকৈ বেয়া বুলি কলে । অনিয়ে মোক লগত আনিবলৈ বিচৰা নাছিল কিন্তু মইহে জোৰ কৰি গুচি আহিলোঁ মা , অনিৰ লগতে নহা হলে মই মাক নেদেখিলোঁ হেঁতেন....।
: হ'ব দে..., কি যে কপাল...,! বিপদৰ ওপৰতে বিপদ ।
: সচাঁকৈ মা , দেউতাই কি কৰি আছে...?
: হস্পিতাল যাবলৈ কাপোৰ পিন্ধি আছে..
: মা , তুমি দেউতাক কথাটো নকবা , দেউতাই গম পালে চিকিৎসা নকৰাকৈ উভতি আহিব ।
: তই সেইবোৰ চিন্তা কৰিব নালাগে , মই কিবা এটা কৰিম । হ'ব , এতিয়া ৰাখিছোঁ ।
ফোনটো টেবুলতে থৈ তুলি কেইখন ভিতৰলৈ আনি খেৰৰ ওপৰত তুলি কেইখন পাৰি বেদকভাৰ খন পাৰি দিলে । খাওঁ খাওঁ মূৰ্তি ধৰি বেলিটো উঠি মূৰৰ ওপৰ পাইছিল , লঘোণে ভোকে থকাৰ বাবে সকলোৱে গাবোৰ দুৰ্বল দুৰ্বল লাগিছিল । তুলিখন পাৰি দিয়া দেখি অনিৰ্বাণ সোমাই আহিল ঘটিটোৰ পৰা পানী এবাতি বাকী খাই তুলিখনতে অলপ দীঘল দিলে..., পদূলিতে গাড়ী এখন ৰখোৱা শুনি খিৰিকীৰে এবাৰ বাহিৰলৈ চালে উৰ্মিয়ে । গাড়ীখনৰ পৰা হাতত বেগ এটা লৈ নামি আহিল দীপু আৰু খুড়াক । বাৰাণ্ডাতে জোতাযোৰ খুলি বা... বুলি মাতষাৰ দি দীপু সোমাই আহিল ।
: আহ দীপু , খুড়া আহক , বহকচোন...।
: বা, এইটো লৈ যাচোন ...! বেগটো আগবঢ়াই দিলে উৰ্মিলৈ । দীপুহঁত সোমাই অহা দেখি শোৱাৰ পৰা উঠিল অনিৰ্বাণ...
: দাদা , এইয়া খুড়া আৰু ই মোৰ ভাইটি দীপু.. , হাঁহো নাহাহোঁকৈ হাঁহি এটা মাৰিলে অনিৰ্বাণে ।
.... দীপু , এইফালে আহচোন ...! খুড়া দাদাৰ লগত কথা পাতক , মই অনিক মাতি দিছোঁ । দীপু উৰ্মিৰ লগতে ভিতৰলৈ সোমাই গ'ল ।
: বা , মোক কিয় মাতিছিলি...?
: মই তোক সকলো দেখুৱাই দিম তই নিজে চাহ অকণ বনাই খা আৰু খুড়াকো দে....
: নালাগে বা , চাহ নাখাওঁ দে...
: আজি বায়েৰৰ ঘৰলৈ প্ৰথম আহিছ , নিজে দি হ'লেও চাহ অকণ খাই যা....,
: নবৌ নাই নেকি বা...?
: আছে , ধুনুক কিবা খুৱাইছে নেকি...! তই চকীখনতে বহ , মই বৌক মাতি দিছোঁ । ....বৌ , শুই আছে নেকি..., খুড়া আৰু ভাইটি আহিছে । বাৰাণ্ডাৰ পৰাই মাত লগালে উৰ্মিয়ে । উৰ্মিৰ মাতষাৰ শুনি ওলাই আহিল মৃণালিনী ।
: বহিছা , মই ধুনুক শোৱাই আছিলোঁ । ভাইটি ন উৰ্মিৰ...
: হয় বৌ ।
: কি নাম তোমাৰ ....?
: দীপু ,
: উৰ্মি খুড়া ক'ত....?
: খুড়া দাদাৰ ওচৰতে আছে । বৌ দীপুৰ লগত কথা পাতকচোন , মই অনিলৈ ফোন এটা কৰি খুড়া আহিছে বুলি কৈ দিওঁ ।
: ঠিক আছে যোৱা..., কি কৰি আছা তুমি..., পঢ়ি আছা নে কিবা ব্যৱসায় ...?
: এম.কম. কৰি ঘৰতে বহি আছোঁ । দেউতাৰ লগত খেতিত ব্যস্ত হৈ আছোঁ এতিয়া ।
: ভালেই কৰিছা , আজিকালি চাকৰি এটা পোৱাটো বৰ টান ।
: হয় বৌ...
: তহঁতে গা-পা ধুই আজৰি হ'লি নে....? চোতালৰ পৰাই মাতষাৰ দি অনিৰ্বাণৰ বায়েক সোমাই আহিল..., বহিছা নে...?
: হয় , বায়েকক চিনি নোপোৱাৰ বাবেই একো নুসুধিলে দীপুৱে ।
: বা , উৰ্মিৰ ভায়েক , দীপুক চিনাকি কৰাই দিলে মৃণালিনীয়ে ।
: অ'.. হয়নেকি...! কেতিয়া আহিলা ...?
: বেছি সময় হোৱা নাই...
: অকলে আহিছা নে ...! আৰু কোনোবা আহিছে ..?
: দেউতা আহিছে , দাদাৰ লগত কথা পাতি আছে ।
: বহাচোন ভাইটি , মই তোমাৰ দেউতাক মাত এষাৰ দি আহোঁ ।
: বা , আহিলে । ইমান সময় কৰিলে যে...! উৰ্মিয়ে কলে
: কাম বন নায়ে , তৃনাৰ মাকৰ লগতে বহি কথা পাতি আছিলোঁ ।
: বা , খুড়া আৰু ভাইটিৰ বাবে চাহ অকণ কৰিবচোন ।
: ৰহ..., খুড়াক মাতষাৰ দি আহি লওঁ । বায়েকৰ পাছে পাছে মৃণালিনীয়ো মাজৰ ৰূমটোলৈ সোমাই গ'ল । ..... দীপু , তেৰ দিনত সকাম , খুড়ীক কবি । ভিনিহিয়েৰ যাব নোৱাৰিলেও বেয়া নাপাবি...!
: হ'ব বা , তই সেইবোৰ চিন্তা নকৰিবি । মই মাহঁতক কম ।
ভাইটি চাহ খোৱা...., তয়ো খাবি নেকি...!
: দিয়ে যদি দিয়ক বাইদেউ , কিয় নাখাম নো...!
: সকলোলৈকে চাহ বনাইছোঁ , তোক এনেই সুধিহে চাইছোঁ...., তই যে চাহ খাই ভাল পাওঁ সেই কথা মোক অনিয়ে কলে , সেয়ে তই ভালপোৱা গাখীৰ চাহকে বনাইছোঁ ।
: অ'...., বা , আপোনাক যে কি বুলি ধন্যবাদ দিম , ফিকা চাহসোপা খাই খাই মুখখনেই ফিকা হৈ গৈছিল.... । গাখীৰ চাহকাপ খাই দিলেহে মনটো ভাল লাগিব ।
: হ'ব , খাই গেছ হ'লে মোক নকবি আকৌ খালি পেটে আছ , দয়োজনীয়ে ঠাণ্ডা পানী অলপ খাই লগৈ যা...
চাহকন খায়ে দীপু আৰু খুড়াক যাবলৈ ওলাল , ....আমি গৈ থাকোঁ উৰ্মি , আহিছোঁ দেই সকলোকে কৈছোঁ দেই ...! অনিমেষকহে লগ নাপালোঁ ।
: খুড়া , নিমন্ত্ৰণ কৰিবলৈ পাৰিলে অনি যাব , তেৰ দিনত কাজ । দেখা পালে ভাল পাম ।। হাতজোৰ কৰি অনিৰ্বাণে ক'লে ।
: আমাক নিমন্ত্ৰণ কৰিবলৈ যাব নালাগে বোপাই , ঘৰৰ মানুহ , দেহাটো ভালে থাকিলে নিশ্চয় আহিম । আহিছোঁ দেই বোৱাৰী , উৰ্মি আহিছোঁ ।
: ঠিক আছে খুড়া , দীপু বাগান দুখন ভালকৈ চাবি । কিবা অসুবিধা হ'লে মোক ফোন কৰিবি ।
: হ'ব বা , তই সেইবোৰ মোৰ ওপৰত এৰি দি ।
দীপু আৰু খুড়াক গাড়ীত উঠি গ'লগৈ , খুড়াকহঁত ওলাই যোৱাৰ পাছতেই ঘৰখনত আকৌ মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰিলে ।
ক্ৰমশঃ....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment