নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩১) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 29, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩১) : Assames story

       

Assamese Story

 সন্ধিয়া হোৱাৰ অলপ পাছতেই জয়শ্ৰী , মৃণালিনী আৰু সৰোজে অনিৰ্বাণহঁতৰ ঘৰ পালেহি , গাড়ীৰ পৰা নামিয়ে চোতালৰ মাজত খুটি চাৰিটা পুতি বগা সূতা বান্ধি থোৱা দেখি মৃণালিনীয়ে চিঞৰি চিঞৰি মা..., মা... বুলি কান্দিবলৈ ধৰিলে । মৃণালিনীৰ কান্দোন শুনি উৰ্মি বাহিৰলৈ ওলাই আহিল , .... অ' উৰ্মি....!
 ...তোমালোকে মা ঢুকাল বুলি মোক কিয় খবৰ নিদিলা , আজিৰ পৰা কাক মা বুলি মাতিম অ'....., 

: ধৈৰ্য ধৰক বৌ , যি হ'ব লগা আছিল সেয়া হৈ গ'ল । এতিয়া কন্দা কটা কৰি কি লাভ । দাদাই আপোনালৈ ফোন কৰিছিল কিন্তু ফোনটো আপুনি ৰিচিভ নকৰিলে । আপুনি আহিব আহিব বুলি ৰাইজে বহু সময় চোতালতে মাৰ মৃতদেহ থৈ দিছিল । বাইদেউহঁত আহি পোৱাৰ পাছতো এঘন্টা মান সময় বাট চালে আপোনালৈ ....।

: কিবা কামত ব্যস্ত থকাৰ বাবেই ফোনটো ৰিচিভ কৰিব নোৱাৰিলো চাগৈ । মেচেজ এটা কৰি থোৱা হলেও হয় । 

: বৌ , দাদা , আহক ভিতৰলৈ । ধুনু... আহাঁ আমাৰ আইতা আৰু নাই , জয়শ্ৰীৰ কোলাৰ পৰা ভতিজাকক আনি একোলা ললে উৰ্মিয়ে । 

 মাজৰ ৰূমটোতে মাটিত তুলি এখন পাৰি বগা বেদকভাৰ এখন ধুনীয়াকৈ পাৰি  দিছিল উৰ্মিয়ে , গা ধুই আহি অনিমেষ আৰু অনিৰ্বাণে মাটিত পাৰি দিয়া তুলিখনতে অলপ বাগৰ দি আছিল । জয়শ্ৰী আৰু সৰোজক উৰ্মিয়ে মাজৰ ৰূমটোতে বহিবলৈ দিলে , সৰোজে লাজ লাজ কৰি মোবাইলটো হাতত লৈ তললৈ মূৰ কৰি পাৰি ঠোৱা চকীখনতে বহিল । পৰিবেশটো বৰ নিজান হৈ আছিল , সকলোৱে দুখ মনেৰে বহি আছিল , সেই নীৰৱতা ভংগ কৰি জয়শ্ৰীয়ে লাহেকৈ মাত লগালে ..... ইমান সোনকালে যে মাৰ কিবা এটা হ'ব আমি ভবাই নাছিলোঁ অনিমেষ...! অনিৰ্বাণে ফোন কৰি মাৰ গা বেয়া বুলি কৈছিল , কিন্তু ইমান বেছি বুলি কোৱা নাছিল । 

: কি কৰিব আৰু..., যাৰ যিমান দিনলৈ আয়ুস সিমান দিনহে জীয়াই থাকিব , তাতে মা বেমাৰী মানুহ পৰিবেশ পৰিস্থিতিয়ে মাৰ মৃত্যুৰ কাৰণ ।  বৰ দুখেৰে কলে অনিমেষে । 

: উম..., এতিয়া পিছে কাজ কেইদিনত কৰিবা তোমালোকে ...?

: তেৰ দিনত কাজ হ'ব । 

: অ'..., শহু দেউতাৰ গা বেয়া বুলি শুনিছিলোঁ , এতিয়া কেনে দেউতাৰ ...? 

: দেউতাক মায়ে গুৱাহাটীলৈ লৈ গৈছে । 

: তোমাৰ হে বিপদ হ'ব এতিয়া ঘৰত এইয়া সেইফালে সেয়া । 

: কি কৰিব আৰু....! উপায় নাই ।

        কথা পাতি থাকোঁতেই অনিমেষৰ বায়েক আহি অনিৰ কাষতে বহিলে । বায়েকক দেখি জয়শ্ৰীৰ বুকুখন চিৰিং কৰি উঠিল । মিচিকিয়া হাঁহি এটা মাৰি বায়েকক মাত এষাৰ দিলে জয়শ্ৰীয়ে ... বাইদেউ কেতিয়া পালেহি...? 

: মই তিনিটামান বজাত পালোঁহি , মই পোৱালৈ মাক বাহিৰলৈ উলিয়ালে , মাত এষাৰো নাপালোঁ , বৰ দুখ লাগিল । 

: অকলে আহিলে নে ..? ভিনদেউ আহিছে ..?

: এওঁ আহিছে , খুড়াৰ ঘৰলৈ গৈছে । 

: আমি গৈ থাকোঁ অনিমেছ.., অনিৰ্বাণ তোমালোক বহা আমি যাওঁ ।  লাজ লাজ কৈ কথাকেইটা কলে সৰোজে । 

: যায়গৈ নেকি...! বহক অকণমান । অনিমেষে কলে ।

: নহয় অনি আমি গৈ থাকোঁ , দেউতাৰ সকাম এভাগ আছে , লৰাটোক এৰি থৈ আহিছোঁ যে মায়ে অকলে তাক চম্ভালিব নোৱাৰিব ।  বৰ মিঠাকৈ কলে জয়শ্ৰীয়ে ।

: ঠিক আছে তেন্তে যাওঁক নবৌ । 

: উৰ্মি , মৃণা আমি যাওঁ দেই , বাইদেউ আহিছোঁ । সকলোকে মাতষাৰ দি জয়শ্ৰীহঁত যাবলৈ ওলাল । জয়শ্ৰীৰ মাতষাৰ শুনি উৰ্মি ওলাই আহিল বাহিৰলৈ...   বৌ যায় গৈ নেকি...?

: হয় , আমি গৈ থাকোঁ । দুয়োজনী মিলিজুলি থাকিবা উৰ্মি  । কথাবোৰ ধৰি নাথাকিবা ।  

: ঠিক আছে বৌ আপুনি চিন্তা নকৰিব । 

          জয়শ্ৰীহঁত ওলাই যোৱাৰ পাছতেই অনিৰ্বাণ গৰজি উঠিল ...... সেই ঘৰখনৰ বাবেই মা আজি গ'লগৈ...., এতিয়া লেন চেলাবলৈ আহিছে । ঘৰখনলৈ পুলিচ নহা হ'লে , মিছাকৈ মাক বদনাম জাপি নিদিয়া হেঁতেন মা আৰু কেইদিনমান জীয়াই থাকিলে হেঁতেন ....! কুলক্ষনি জনী আহি ঘৰখন শেষ কৰি পেলালে....। 

: তই মনে মনে থাকচোন দাদা , এতিয়া হুলস্থুল নকৰিবিচোন...! এনেয়ে মনটো বেয়া লাগি আছে । 
সকামটো ভালে ভালে পাৰ হৈ লবলৈ দে..., 

: নিজৰ গাত দোষ আছে যে... দেখিলি নাই মুখৰ মাত এটাও নাই । 

: হ'ব ..., এতিয়া সেইবোৰ বাদ দে..., 

: অনি..., কথাটো নো কি...? মই একো বুজিয়ে পোৱা নাই.....,   বায়েকে অনিমেষক প্ৰশ্ন কৰিলে ।

: সেইবোৰ বহুত কথা বা , মই তোক পাছত কম...। 

          ....এনেকৈয়ে ভাগেনে সপোন , এনেকৈয়ে চিগেনে বান্ধোন , কোনে ক'ব মোক আজি গোপনে কাষলৈ আহি ......,    তোৰ ফোনটো বাজি আছে অনি....., বায়েকে কলে ।

: হেল্ল' দীপু...! কোৱা...., 

: ভিনদেউ মাৰ গাটো ভাল নে এতিয়া...

: দীপু , আমি আহি পোৱাৰ অলপ পাছতেই মা ঢুকাল.., 

: অঃ...., বৰ বেয়া লাগিল কথাটো শুনি.., 

: কি কৰিবা দীপু , মানুহৰ জীৱনটোৱেই তেনেকুৱা , একো ভৰসা নাই ,  বৰমায়ে তোমালৈ ফোন কৰিছিল নেকি..?

: নাই কৰা ভিনদেউ , আপোনালৈ ফোন কৰিছিল নেকি....?

: মোৰলৈ ফোন কৰা নাই , উৰ্মিলৈ কৰিলে চাগৈ ।। তুমি খবৰটো খুড়া খুড়ীক জনাবা । 

: ঠিক আছে ভিনদেউ.... এতিয়া ৰাখিছোঁ দিয়ক ।
ফোনটো কাটি দিলে দীপুৱে । 

          ধুনুক কোলাত লৈ এখোজ দুখোজ কৈ আহি উৰ্মিয়ো অনিমেষৰ কাষতে বহিলে...., অ' অনি...! উৰ্মি.... শুলীয়ে নেকি...., চোতালৰ পৰাই চিঞৰি চিঞৰি হাতত ৰঙা চাহৰ ম'গ এটা লৈ ওচৰৰে খুড়ীয়েক এজনী সোমাই আহিল । ......খুড়ী, আহক । 

: তহঁতলৈ চাহ অকণ লৈ আহিছোঁ , যাচোন উৰ্মি কাপ বাতি কেইটা লৈ আন ...। ডাঙৰ বোৱাৰী আহিল নে নাই...? 

: আহিল খুড়ী , নবৌ ভিতৰতে আছে । ৰ'ব , মই মাতি দিওঁ ,   ধুনুক অনিমেষৰ কোলাত দি লাহেকৈ উৰ্মি উঠি গ'ল ভিতৰলৈ , দুৱাৰখন জপাই মজিয়াতে কাপোৰ এখন পাৰি মৃণালিনী শুই আছে , লাহেকৈ দুৱাৰখন খুলি  মৃণালিনীক মাত লগালে উৰ্মিয়ে ... বৌ, খুড়ীয়ে চাহ আনিছে , বাহিৰলৈকে ওলায় আহক , 

: গৈছোঁ , তুমি ব'লা ।

         হাতত কাপ কেইটা লৈ উৰ্মি আকৌ ওলাই আহিল , দিয়ক খুড়ী , আপুনিয়ে ভাগ কৰি দিয়ক 

: অনিমেষ আৰু অনিৰ্বাণলৈ কাঁহৰ বাতি এটাকে আনা , কাপত খাব নালাগে । 

: বৌ..., আহোঁতে কাঁহৰ বাতি দুটা লৈ আহিবচোন.., মৃণালিনী সহজ হ'বৰ বাবেই উৰ্মিয়ে বাতি দুটা লৈ আহিবলৈ কলে । হাতত বাতি দুটা লৈ মৃণালিনী লাহেকৈ ওলাই আহিল আৰু চাহৰ কাপটো হাতত লৈ খুড়ীয়েকক মাতষাৰ দি ভিতৰলৈ সোমাই গ'ল ।  উৰ্মিয়ো মৃণালিনীৰ পাছে পাছে গ'ল ।

: বৌ , কিয় আঁতৰি আঁতৰি আছে আমাৰ পৰা , 

: মনটো ভাল লগা নাই , মোক অকলে থাকিবলৈ দিয়া ...।

: অকলে থাকিলে আপোনাৰ মনটো আৰু বেয়া লাগিব বৌ ..., 

: উৰ্মি , নিজকে দোষী দোষী লাগিছে মোৰ...। 

: বৌ , এতিয়া সেইবোৰ কথা ভাবি মনটো বেয়া কৰি নাথাকিব । যি হ'ব লগা আছিল সেইবোৰ হৈ গল , কোনেও জানি বুজি ভুল নকৰে বৌ । বেয়া সপোন বুলি হৈ যোৱা কথাবোৰ পাহৰি যাওঁক বৌ । মনটোৱে শান্তি পাব । 

: অনিৰ্বাণৰ দৰে তুমিয়ো মোক ভুল বুজি আছা নেকি উৰ্মি.....?

: কিয় ভুল বুজিম বাৰু .....! 

: তেন্তে অনিমেষে মোক কিয় মাত দিয়া নাই ।

: অনি বহু চিন্তাত আছে বৌ । তাক বেয়া নাপাব , দেউতাৰ গা ভাল নহয় , গুৱাহাটীলৈ নিছে , আৰু হঠাৎ মাৱো ঢুকাই থাকিল , অনি ভিতৰি ভিতৰি ভাগি পৰিছে বৌ...

: উৰ্মি..., অনিৰ্বাণে দাদা আৰু বৌক কিবা ক'লে নেকি...? ইমান সোনকালে গুচি গ'ল যে....!

: মই ভিতৰত আছিলোঁ , সেইবোৰ মই একো নাজানো বৌ...

: ঠিক আছে , মই বৌক ফোন এটা কৰি লওঁ.., তুমি ধুনুক কিবা এটা খুৱাই দিবা ।    উৰ্মি ওলাই আহিল বাহিৰলৈ , উৰ্মি ওলাই অহাৰ পাছতেই মৃণালিনীয়ে বৌয়েকলৈ ফোন লগালে । 

: হেল্ল' বৌ...! সৰুকৈ কলে মৃণালিনীয়ে

: কোৱা মৃণা , 

: ঘৰ পালেগৈ নে..! ইমান লৰালৰিকৈ গুচি গ'ল যে....?

: গুচি নাহি কি কৰিম আৰু..., কিমান ভয়ে ভয়ে আছিলোঁ মইহে জানো...! ভাগ্য ভাল কোনেও কথাবোৰ নুলিয়ালে....

: তোমালোকক একো কোৱা নাইটো ...!

: নাই , একো কোৱা নাই , তুমি এইকেইদিন অলপ সাৱধান হৈ চলিবা । পৰিবেশ পৰিস্থিতি চাই লৈ কথা কবা । নহলে বিপদ সকলোৰে হ'ব ।

: ঠিক আছে বৌ , তুমি চিন্তা নকৰিবা । উৰ্মিৰ বাহিৰে মই কাকো মাতবোল কৰা নাই ।

: তেনেকুৱা নকৰিবা মৃণা , একো নজনাৰ দৰে সকলোৱে লগত সহজ হৈ থাকিবা । আলহী আহিলে মাত এষাৰ দিবা । অনিৰ্বাণৰ ওচৰতে বহি থাকিবা । 

: ঠিক আছে বৌ , মাহঁতক এইকেইদিনত নপঠিয়াব । সকামৰ দুদিনমান আগত পঠিয়ালেও হ'ব । 

: হ'ব দিয়া, এতিয়া তুমি ফোনত কথা পাতি থাকিব নালাগে । মাজৰ ৰূমটোতে তুলি এখন পাৰি অনিৰ্বাণহঁতৰ ওচৰতে শুই থাকিবা , আৰু উৰ্মিক তোমাৰ লগতে শুৱাই লবা । 

: ঠিক আছে বৌ এতিয়া ৰাখিছোঁ তেন্তে ....

       বৌয়েকৰ কথামতেই মৃণাই বিচনাৰ পৰা তুলিখন নমাই মাজৰ ৰূমটোলৈ লৈ গ'ল । .....উৰ্মি তুমি আৰু মই ইয়াতে শুম । মই তুলিখন আনিছোঁ , তুমি বেদকভাৰ এখন লৈ আহা । 

: বৌ , আপুনি বিচনাতে শুৱক নহলে । ধুনুৰ সৈতে মাতিত শুলে বেয়া হ'ব নেকী....! 

: একো নহয় উৰ্মি , মাৰ কাৰণে এইকন কষ্ট কৰিব পাৰিম দিয়া ।

: তেন্তে চকীকেইখন আঁতৰাই সেইকনতে বিচনাখন ঠিক কৰক । মই বাইদেউ ভিনদেউক বিচনাখন ঠিক কৰি দিওঁ । 

       চকীকেইখন আঁতৰাই তুলিখন পাৰি উৰ্মিৰ পৰা বেদকভাৰখন নি ধুনীয়াকৈ পাৰি ললে । ....বা শুই থাকক গৈ আৰু যাওঁক । ভিনদেউ শুবলৈ গ'ল । উৰ্মিয়ে বিচনা ঠিক কৰি দিলে ।  মৃণালিনীয়ে কলে....

: ময়ো তিনিদিন মাটিতে শুম অনিমেষৰ কাষতে , উৰ্মি..., ময়ো ইয়াতে শুম আহ ....! পানীৰ বটল দুটা লৈ আহিবি.... 

       হাতত পানীৰ বটল দুটা লৈ ওলাই আহিল উৰ্মি । এটা বায়েকক দিলে আৰু এটা নিজৰ বিচনাখনৰ ওচৰতে থৈ দিলে । .....দাদা আপোনাৰ পানী আছে নাই চাই লওঁকচোন.., নাই যদি মই আনি দিওঁ...

: আছে , আছে উৰ্মি । শুই থাকা । 

       লাইটো অফ কৰি উৰ্মি বিচনাত উঠিল । লাহেকৈ চকুহাল জপাই টোপনি যাবলৈ চেষ্টা কৰিছিল , চকুহাল জপাই দিয়াৰ লগে লগেই দুচকুত ভাঁহি আহিল মাকৰ মিঠা হাঁহিটো , । ....কিমান যত্ন কৰিছিল ঘৰখন ঘৰ কৰি ৰাখিবলৈ...., কিন্তু বৌৰ কাৰণেই ঘৰখন শেষ হৈ গ'ল...., এইবাৰ যদি বৌ সলনি হয় হ'ব .., আৰু যদি সলনি নহয় ... বৌ কেতিয়াও সলনি হ'ব নোৱাৰে..., কথাবোৰ ভাবি থাকোতেই কেতিয়া যে টোপনি আহিল উৰ্মিয়ে গমেই নাপালে...........

      ক্ৰমশঃ
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages