নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩০) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 28, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৩০) : Assames story

       

Assamese Story

বন শালিকাৰ মাতত ৰাতিপুৱাল , দেওবাৰ কাম বৰ বিশেষ নাই , বৰ ভাগৰুৱা ভাগৰুৱা লাগি আছে আৰু অলপ শুই লওঁ বুলি ভাবি পাতল কাপোৰ এখন গাত লৈ উৰ্মি আকৌ শুই পৰিল , পূৱৰ আকাশত ৰাঙলী বেলি লাহে লাহে উঠি আহিল , পৰ্দাৰ ফাকেৰে বেলিৰ পোহৰ আহি উৰ্মিৰ মুখত পৰিল । চকুহাল মোহাৰি বেৰত ওলোমাই থোৱা ঘড়ীটো লৈ চালে , আঠ বাজি পঞ্চলিছ মিনিট পাৰ হৈ গ'ল । ......অনি..., উঠা , ন বাজিবৰ হ'ল ।  অনিক মাতষাৰ দি চুলিকোচা বান্ধি খিৰিকীকেইখন মেলি হাতত চাবিদুটা লৈ বাহিৰলৈ উলিয়াই গৈ গ্ৰীলখনৰ তলাটো আৰু গেটৰ তলাটো খুলি , হাতত বাঢ়নীটাৰ ললে । বতাহত সৰি পৰা গছ পাতবোৰ সাৰি সাৰি পদূলিমুখত দৌম কৰি  দিলে । বাহিৰে বাহিৰে গাটো তিয়াই তিতা তিঁয়নীয়ে উৰ্মি ভিতৰলৈ আহিল । অনিমেষ তেতিয়াও শুয়ে আছিল । কাপোৰসাঁজ পিন্ধি কপালত সেন্দুৰৰ ফোঁটটো আঁকি ললে আৰু কান্ধত গামোচাখন লৈ গোসাঁইঘৰত সোমাল । চাকিগছি জ্বলাবলৈ জুইশলা মাৰি মাৰি উৰ্মি ভাগৰী পৰিল , ন দহটামান কাঠিৰেও চাকিগছ জ্বলাব নোৱাৰি উৰ্মি বৰ চিন্তাত পৰিল...নিশ্চয় কৰবাত কিবা অঘটন ঘটিছে , কোনোদিনেইটো এনেকুৱা হোৱা নাই..., হে প্ৰভু দয়াময় অজানিতে যদি কিবা দোষ কৰিছোঁ মাৰ্জনা কৰা প্ৰভু ... বুলি দীঘল দি পৰি থাপনালৈ চাই সেৱা জনালে উৰ্মিয়ে । শলিতাডাল লাহেকৈ চেপি কোনোৰকম চাকিগছ জ্বলালে । তথাপিও যেন মনত এক শংকা ...! গামোচাখন চোতালত বান্ধি থোৱা ৰছীডালতে মেলি দি ভিতৰলৈ সোমাই গ'ল উৰ্মি । তেতিয়া লৈকে অনি শুই থকা দেখি উৰ্মিয়ে গাৰ কাপোৰখন লাহেকৈ আঁতৰাই দিলে.... হে'ৰা ডাঙৰীয়া.... আজি শুয়ে থাকিবা নেকি....? উঠা মই চাহ কৰোগৈ ...., 

: বৰ চিঞৰ বাখৰ কৰি থাকা তুমি.., কেইটা বাজিলনো ইমানকৈ চিঞৰি আছা যে....!

: দহটা বাজীবৰ হ'ল , খিৰিকীৰে এবাৰ বাহিৰলৈ চোৱাচোন..., 

: ফোনটো চার্জত লগালা নেকি উৰ্মি...? 

: নাই লগোৱা..., মই সেইবোৰ কৰিব নোৱাৰোঁ দেই নিজেই উঠি চার্জত লগাই দিয়া , মোৰটোতো চার্জ নাই অফ হৈ আছে , দুয়োটা চার্জত লগাই দিয়া ।  

কথাষাৰ কৈ উৰ্মি ওলাই গ'ল । অনিমেষো বিচনাতে বহি চকুহাল মোহাৰি আঁঠুৱাটো খুলি ভালকৈ জাপি থলে , বিচনাৰ কাপোৰখন ভালদৰে জাৰি জোকাৰি হাতত বাৰ্চডাল লৈ বাহিৰলৈ ওলাই গ'ল । মুখখন ভালকৈ ধুই আলনাৰ পৰা গামোচা এখন লৈ মুখখন মোহাৰি  বাৰাণ্ডাতে বহিল । হাতত চাহৰ কাপ দুটা লৈ উৰ্মিয়ো বাৰাণ্ডালৈ ওলাই আহিল । 

: চাহ লোৱা , চার্জত লগালা নে মোৰ মোবাইলটো...?

: লগালোঁ , চাহকাপ খাই অলপ চার্জ হলে অন কৰি দিবা । 

: উম...,  দীপুৰ লগতে বজাৰৰ পৰা আহিবাগৈচোন ...! পাচলি অলপ আনিব লাগিব । 

: ঠিক আছে । কি কি আনিব লাগিব লিখি দিবা । 

: দাদালৈ ফোন কৰিলা নে কালি......?

: কৰিছিলোঁ , 

: মায়ে কিবা কৈছে নেকি..? 

: নাই কোৱা , কি ক'ব নো...

: তোমাৰ ফোনটোত চার্জ একেবাৰে নাই নেকি..?

: অলপ আছে , কিয়...?

: মাৰ লগত কথা পাতোঁ বুলি ভাবিছিলোঁ । 

: যোৱা, লৈ আহাগৈ....  মিচিকিয়া হাঁহি এটা মাৰি লাহেকৈ উঠি গল উৰ্মি...., অনিৰ্বাণলৈ ফোনটো লগাই উৰ্মি বাহিৰলৈ ওলাই আহিল .......হেল্ল'...! দাদা ..., কি কৰিছে..?

: মাৰ ওচৰতে বহি আছোঁ , সন্ধিয়াৰে পৰা পানী অকণো খোৱা নাই । এইবাৰ আৰু মাৰ ভাল হোৱাৰ আশা নাই....। 

: দাদা , মাৰ গাটো বেচিকৈ বেয়া নেকি....? 

: কি বুলিনো কওঁ , মাতবোল একো কৰা নাই , কান্দি আছে কেৱল....., ডিঙিটো ঘেৰঘেৰাই আছে । অনি ওচৰত আছে নেকি....? তাক ফোনটো দিয়াচোন ।

:  .....দিছোঁ ৰব....,  উৰ্মিয়ে ফোনটো আগবঢ়াই দিলে অনিলৈ ।  ..... লোৱা , দাদাই কথা পাতে তোমাৰ লগত । 

: উম..., কচোন...!

: মাৰ অৱস্থাটো বৰ ভাল দেখা নাই , হয়টো দুদিনমান থাকিব আৰু..., মাতবোল একো নাই , কেৱল চকুদুটা মেলি পিৰিক পাৰাককৈ চাই কান্দি আছে । মই ৰাতিপুৱাৰে পৰা ফোন লগাই আঁচো , পোৱা নাছিলোঁ । 

: বৰ ডাঙৰ বিপদ হ'ল ...., ভিনদেউহঁতক মাতি দে ফোন কৰি , মাক মেডিকেললৈকে লৈ যা নহলে , ঘৰত থাকিলে বৰ কষ্ট পাব । এনেয়ো মাৰ হার্ডৰ প্ৰব্লেম , চুগাৰটো আছেই , কেনেবাকৈ চুগাৰটো কমিব লাগিলে  বৰ ডাঙৰ কথা হ'ব । তই যিমান পাৰ সোনকালে মাক মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰ , আমিয়ো গৈ আছোঁ । 

: ৰাতিপুৱা দিলীপ ডাক্তৰ আহিছিল মাক চাবলৈ , তেওঁ কোৱা মতে মা আৰু বেছিদিন নাথাকে , মই মেডিকেললৈ  নিয়াৰ কথা কৈছিলোঁ , তেওঁ নিব নালাগে বুলিয়েই কৈছে । 

: তথাপিও মুখৰ আগত জানো চাই থাকিব পাৰিবি মাৰ কষ্টবোৰ ...? যি হয় হ'ব । মই ৰাজু দাক ফোন কৰি গাড়ীখন লৈ যাবলৈ কম । তই ৰেডী হৈ থাকিবি । নবৌক খবৰ দিলি নে নাই....

: সেইজনীক একো খবৰেই নিদিও বুলি ভাবিছোঁ , তাইৰ বাবেই মাৰ এই দশা ...। জাঙুৰ খাই উঠিল অনিৰ্বাণ ।

: সেইটো ভুল তই কেতিয়াও নকৰিবি । গৰুৱে ঘাঁহ খালে বুলিয়েই তয়ো ঘাঁহ খাবি নেকি...! হঠাৎ কিবা এটা হৈ গলে সকলোৱে তোকেই জগৰীয়া কৰিব ।

: তই খবৰ দিবলৈ কোৱাৰ বাবে মই খবৰটো দিম । পাছত যদি মোৰ লগত কাজিয়া কৰে মই কিন্তু বহি নাথাকিম । 

: পাছৰ কথা পাছত চিন্তা কৰিম । তই এতিয়া জয়শ্ৰী বৌক ফোনটো কৰি কথাটো জনাই দে । হ'ব দে এতিয়া ৰাখিছোঁ ।  ফোনটো কাটি দিলে অনিমেষে । অনিমেষৰ মুখখনলৈ একেথৰে চাই আছিল উৰ্মিয়ে । .….. অনি , দাদাৰ কথাবোৰ শুনি মাৰ গাটো বেচিকৈয়ে বেয়া যেন পাইছো...! 

: উম , মা আৰু জীয়াই নাথাকে....!  নবৌয়ে সকলো শেষ কৰি দিলে .... কথাষাৰ কৈ উচুপি উঠিল অনিমেষ...

: অনি....! ধৈৰ্য ধৰাচোন..., মাৰ একো নহয় তুমি চিন্তা নকৰিবা । মই ড্ৰাইভাৰ লৰাটোক মাতি দিওঁ লাইন গাড়ীত গ'লে বহুত সময় লাগিব , দেউতাৰ গাড়ীখন লৈয়ে গুচি যাওঁ....,

: ইয়াত কোন থাকিব উৰ্মি...

: ইয়াৰ দায়িত্ব দীপুক গতাই দিম , দুয়োগৰাকীয়ে মোৰ মা , গতিকে মই কাকো দুখ দিব নোৱাৰোঁ অনি..., যোৱা তুমি ফ্ৰেচ হৈ লোৱা । মই দীপুক কথাবোৰ ভালকৈ বুজাই থৈ আঁহোগৈ । 

: আগতে ড্ৰাইভাৰ জনলৈ ফোন কৰি লোৱা নেকি..?

: মই ফোন কৰিম অনি , তুমি অলপ খৰধৰ কৰা , ফোন কৰাৰ অলপ পাছতেই সি পাবহি । তুমি গা ধুই লোৱা , মই ফোন কৰিম ..... আগদুৱাৰ খন বন্ধ কৰি উৰ্মি ওলাই গল খুড়াকৰ ঘৰলৈ ...., অনিয়েও খৰখেদাকৈ গাটো ধুই ৰেডী হৈ শাহুৱেকলৈ ফোন লগালে ..... হেল্ল' ...মা..

: অনি ...., কোৱা , 

: মা , আপোনালোক থাকিব লাগিব নেকি কেইদিনমান...? 

: থাকিব লাগিব । কিয় সুধিলা অনি.....?

: মাৰ গা বেয়া কৰিছে , কালি সন্ধিয়াৰে পৰা পানী অকণো খোৱা নাই , মাতবোল একো নাই , কেৱল কান্দি আছে । অলপ আগতে দাদাই ফোন কৰি জনাইছে । 

: বৰ ডাঙৰ কথা হ'ল দেখুন ....! এতিয়া তুমি কি কৰিম বুলি ভাবিছা অনি...!

: আমি যাবলৈ ওলাইছোঁ মা..., 

: কিন্তু ঘৰখন এৰি থৈ....? 

: তলাটো বন্ধ কৰি দীপুক ঘৰখন গতাই থৈ যাম...।

: উম...,  এটা কাম কৰিলে কেনে হয় অনি..! মানে উৰ্মিক লগত লৈ যাব নালাগে । তুমি অকলে গৈ মাক চাই আহিবাগৈ....। 

: উৰ্মি জানো মান্তি হ'ব মা...,

: উৰ্মিক মান্তি কৰাটো তোমাৰ দায়িত্ব, কেনেকৈ মান্তি কৰা সেইটো তোমাৰ কথা । 

: মা ..., হেল্ল' মা..., ফোনটো কাটি দিলে নীৰাই ।

         মায়ে উৰ্মিক লগত নিবলৈ কিয় মানা কৰিলে...? মায়ে কথাটো মিছা বুলি ভাবিছে নেকি....!  কথাবোৰ ভাবি থাকোতেই উৰ্মিয়ে মাত লগালে ........ কি ভাবি আছা অনি..., তুমি ৰেডী হ'লা...। ৰবা মই সাউৎকৰি কাপোৰযোৰ পিন্ধি লওঁ....।

: তুমি যাব নালাগে উৰ্মি । মই অকলে যাম , 

: অনি, তোমাৰ কি হ'ল আকৌ...?

: একো হোৱা নাই , তুমি যাব নালাগে বুলি কৈছোঁ নহয়.., 

: কিন্তু কিয় অনি...?

: সেই কিয়টোৰ উত্তৰ মই দিব নোৱাৰিম ।  কথাষাৰ কৈ ভিতৰলৈ সোমাই যাব লৈছিল অনি , হাতখন ধৰি অনিমেষক ৰখাই দিলে উৰ্মিয়ে 

: ..... এই কিয়টোৰ উত্তৰ মোক দিবই লাগিব অনি..., মায়ে তোমাক ফোন কৰিছিল নিশ্চয়...! সঁচা কথা কোৱা অনি...  হাতদুখনত ধৰি উৰ্মিয়ে অনিমেষক জোকাৰি পেলালে...

: অ'....! মালৈ মই ফোন কৰিছিলো কথাবোৰ কবলৈ..., কথাবোৰ শুনি মায়ে তোমাক লগত নিবলৈ মানা কৰিছে উৰ্মি...। গতিকে মই অকলে যাম....।

: ....মায়ে মানা কৰিলে বুলিয়েই মই নোযোৱাকৈ থাকিম ....! ই অসম্ভৱ অনি...., মই যামেই । তুমি কাপোৰৰ বেগটো গাড়ীত তুলি দিয়া । ড্ৰাইভাৰ পাবহিয়ে এতিয়া । 

: উৰ্মি , মায়ে কিবা এটা চিন্তা কৰিহে তোমাক যাবলৈ মানা কৰিছে..,  সেয়ে তুমি নোযোৱাই ভাল হ'ব ।

: অনি....., মাৰ দৰে তুমিয়ো বিচাৰা নেকি মই তোমাৰ লগত নোযোৱাটো...! 

  একো উত্তৰ নিদি মাথোঁ উচুপি উঠিল অনি..., ... একো নক'লা যে অনি....! কোৱা...? নিমাত কিয়....? মই জানো তুমি মোক এৰি কেতিয়াও যাব নোৱাৰা...., সেইকণ বিশ্বাস মোৰ আছে অনি.....,

: উৰ্মি...,  বুলি কৈ উৰ্মিক বুকুত সাৱটি ললে । ৰাতিপুৱাৰে পৰা ৰ'দজাক বৰ প্ৰখৰ কৈ ওলাইছিল , কলীয়া ডাৱৰবোৰ বহু দূৰলৈ আতঁৰহৈ গৈছিল ।  ..... বাইদেউ আপোনালোকৰ হ'ল নে....? হ'ল যদি চাবিপাত লৈ আহক । 

: গৈছোঁ হৰিকাই , ভিতৰৰ পৰাই চিঞৰিলে উৰ্মিয়ে । .... অনি দীপুক মাতি দিয়াচোন..., ঘৰৰ চাবিকেইটা তাক গতাই থৈ যাব লাগিব ।

: ঠিক আছে ,    অনিমেষে দীপুক মাতি দিলে গেটৰ ওচৰলৈ । খৰখেদাকৈ তলা দুটা লগাই উৰ্মিয়ে চাবিপাত গতাই দিলে দীপুক.... এই দুটা ঘৰৰ চাবি , ঘৰখন ভালকৈ চোৱা চিতা কৰিবি । মই গৈ পায় ফোন কৰিম । তই মালৈ ফোন নকৰিবি , মই ফোন কৰি তোক সকলো জনাই থাকিম... এতিয়া আহিছোঁ দে.....

        দীপুক চাবিপাত গতাই উৰ্মি গাড়ীত উঠিল । ....অনি গ্লাছখন তুলি দিয়া , হৰিকাই এ.চি.টো অন কৰি দিয়া ....। পাৰিলে অলপ স্পীডত চলাওকচোন.....।   তীব্ৰ বেগেৰে গাড়ীখন আগুৱাই গৈছিল , দুই তিনিঘণ্টাৰ ৰাস্তা মাত্ৰ ডেৰ ঘণ্টাত অতিক্ৰম কৰি অনিমেষৰ ঘৰ পোৱাই দিলে অনিমেষে , পদূলিত গাড়ীখন ৰখোৱা শব্দ শুনি উচুপি উচুপি অনিৰ্বাণ ওলাই আহিল । পালাহি উৰ্মি.....! যোৱাচোন মাক মাত এষাৰ দিয়াগৈ ..., চকু দুটাও জপাই দিলে , অথনিৰে পৰা মই , খুড়া , খুড়ী সকলোৱে মাতি আছোঁ , চকু মেলা নাই...

: দাদা..... উধাতু খাই উৰ্মি ভিতৰলৈ সোমাই আহিল , চুবুৰীয়া সকলোৱে মাকক বেৰী ধৰি চাইছে , মা... বুলি মাতষাৰ দি শিতানতে বহি উৰ্মিয়ে মূৰত হাত বুলাই দিলে...। মা...মই আহিলোঁ, এবাৰ চকু মেলি চাওঁক....! মই উৰ্মি মা...., হুকহুকাই কান্দিলে উৰ্মিয়ে । উৰ্মিৰ মাতষাৰ শুনি বৰ কষ্ট কৰি চকুহাল মেলি উৰ্মিক এবাৰ চালে..., কিবা এটা কবলৈ বৰকৈ চেষ্টা কৰিছিল যদিও একো ক'ব নোৱাৰিলে । অনিয়েও শিতানতে বহি মাকৰ মূৰত হাত বুলাই দিলে । 

: .... উৰ্মি, পাৰা যদি মাক পানী অকণ খুৱাই দিয়াচোন....! টেবুলতে আছে বাতিটোত ।     

       অনিৰ্বাণৰ কথা মতেই বাতিটো হাতত তুলি কপাহ অকণ তিয়াই ওঁঠত পানী অকণ লগাই দিলে উৰ্মিয়ে । হঠাৎ ডিঙিৰ ঘেৰঘেৰণীটো আকৌ বাঢ়ি আহিল , ঘন ঘনকৈ উশাহ লৈছে মাকে , মাজে মাজে ভৰি হাত জোকাৰি আছে । ওচৰৰে খুড়াক এজনে বাহিৰলৈ উলিয়াই আনিবলৈ ইংগিত দিলে । খুড়াক আৰু আত্মীয় মানুহ দুজনে অনিৰ মাকক ধৰি বাহিৰলৈ উলিয়াই দিলে । দীঘলকৈ উশাহ এটা এৰি সকলো মায়া-মোহ ত্যাগ কৰি মাক গ'লগৈ । .......মা...! অ'......মা...., কিয় আমাক এৰি থৈ গল আপুনি , কাৰ লগত কথা পাতিম মই...., মা.....অ'....,   উৰ্মিৰ হিয়াভঙা কান্দোন শুনি অনিমেষো ৰৈ থাকিব নোৱাৰিলে । মা...মা....কৈ চিঞৰি চিঞৰি কান্দিলে , আত্মীয় সকলোৱে শেষবাৰৰ বাবে মাকক এবাৰ চালে , কিন্তু মৃণালিনী ...! বহু সময় অপেক্ষা কৰাৰ পাছতো মৃণালিনী নাহিল । দপদপকৈ জ্বলিল চিতাৰ জুই ...., বতাহে গোটেই ধোঁৱাবোৰ ঘৰৰ ফালে উৰুৱাই আনিলে । পোৰা পোৰা গোন্ধ এটা গোটেই চুবুৰীটোত বিয়পি পৰিল........

      ক্ৰমশঃ
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages