আকাশত কলীয়া ডাৱৰ , পাতলীয়া বতাহ..., হঠাৎ যেন প্ৰকৃতিৰ খং উঠিল , বৰষুণজাক দিয়াৰ আগতেই উৰ্মিহঁত ঘৰ সোমালহি ...., দুৱাৰখন খুলি লৰালৰিকৈ গাটো তিয়াই গোসাঁইঘৰত সোমাল উৰ্মি...। দীপু আৰু অনিমেষ বাৰাণ্ডাতে বহিল । .....ভিনদেউ কেনেকুৱা লাগিল বাগানৰ পৰিৱেশটো ।
: ভাল লাগিল দীপু , দেউতাৰ লগত এদিন গৈছিলোঁ বাগানলৈ , মোৰ কি ভাল লাগে জানা....! যেতিয়া মুৰত টুকুৰীলৈ শাৰী শাৰী কৈ মানুহবোৰ ওলাই আহে আৰু লিহিৰি লিহিৰি আঙুলিৰে কুমলীয়া পাতবোৰ চিঙি টুকুৰীত ভৰাই সেইবোৰ দেখিলে মনটো বৰ ভাল লাগে ।
: ময়ো সেইবোৰ চাই খুব ভাল পাওঁ ভিনদেউ । আগতে উৰ্মি বাৰ লগত মই মাজে মাজে যাওঁ । আজি বহু দিনৰ মূৰত গলো মনটো ভাল লাগিল ।
কথা পাতি থাকোঁতেই দুপালপিটা বৰষুণ এজাক আহিল । কাৰো মাত ক'তো নুশুনি । চাকিগছ দি হাতত ধূপডাল লৈ ওলাই আহিল উৰ্মি , দুৱাৰৰ চৌকাঠটোতে ধূপডাল গুজি উৰ্মিয়ো বাৰাণ্ডাতে বহিল ।
: উৰ্মি মায়ে ফোন কৰিছিল নেকি...?
: নাই কৰা , ৰবা মই ফোন এটা লগাই চাওঁ । "...আপুনি যোগাযোগ কৰিব বিচৰা নাম্বাৰটো বৰ্তমান বন্ধ হৈ আছে " .... অনি মাৰ ফোনটো বন্ধ হৈ আছে যে....!
: মাৰ ফোনটোত চার্জ নাথাকিবও পাৰে , দেউতালৈ এবাৰ লগাই চোৱাচোন...!
দেউতাকৰ নাম্বাৰটো ডাইল কৰিলে উৰ্মিয়ে .....
"...আপুনি যোগাযোগ কৰিব বিচৰা নাম্বাৰটো বৰ্তমান বন্ধ হৈ আছে " অনি দেউতাৰ নাম্বাৰটোও দেখুন বন্ধ হৈ আছে ...! ক'ৰবাত কিবা অঘটন হোৱা নাইটো ..?
: কি যে অমংগলীয়া কথাবোৰ কোৱা তুমি..., এনেকুৱাওটো হ'ব পাৰে দেউতাহঁতে ডাক্তৰৰ লগত কথা পাতি আছো সেইবাবেই হয়টো ফোনটো বন্ধ কৰি থৈছে ...।
: ভিনদেউৱে ঠিকেই কৈছে বা ..। তই চিন্তা নকৰিবি বা বর্তা বৰমা ভালেই আছে । ভগৱানৰ ওপৰত বিশ্বাস ৰাখ ।
: ভগৱানৰ ওপৰত ভৰসা কৰাৰ বাহিৰে আন কোনো উপায় নাই । ৰহ মই চাহ কৰোগৈ....। বৰষুণ জাকো নেৰা হ'ল নহয় ...! উৰ্মি লাহেকৈ উঠি গল । কিছু সময় দুয়ো নীৰৱে বহি থাকিলে । মৌনতা ভংগ কৰি অনিয়ে মাত লগালে ...... দীপু , মোৰো কিবা ভয় হে লাগিছে...! দুয়োটা ফোন বন্ধ হৈ আছে ।
: ভিনদেউ চিন্তা নকৰিবচোন...! লৰালৰিকৈ যাব লগা হোৱাৰ বাবে হয়টো ফোনত চার্জ দিবলৈও পাহৰিব পাৰে...।
: সেইটো অৱশ্যে হয়...! অলপ দেৰিকৈ আকৌ চেষ্টা এটা কৰি চাম ।
: ভিনদেউ , আপুনি দুৰ্বল হৈ নপৰিব । আপুনি ভাগি পৰিলে , বাৰ কি হ'ব...?
: কাৰ কি হোৱাৰ কথা কৈছা দীপু....? হাতত চাহৰ ট্রেখন লৈ উৰ্মি বাৰাণ্ডালৈ ওলাই আহিল ।
: নাই বা , আমি বেলেগ কথা এটাহে ভাৱি আছিলোঁ ।
: উম..., অনি , তুমি বাগানৰ হিচাপবোৰ ভালকৈ লিখি থবা , দেউতা আহিলে দেউতাক দেখুৱাব লাগিব ।
: চাহ কাপ খাই সকলো হিচাপ ধুনীয়া কৈ মিলাই থম । হ'ব নে.....!
: হ'ব , তুমি যেতিয়াই সময় পোৱা কামটো কৰি থবা ।
: বা..., ভিনদেউ , বৰষুণজাক পাতল হৈছে । মই গৈ থাকোঁ । বৰমায়ে যদি তোলৈ ফোন কৰে মোক জনাবি ।
বৰষুণজাক পাতল হোৱা দেখি দীপু গ'লগৈ । উৰ্মি আৰু অনি ভিতৰলৈ সোমাই গ'ল । বিচনাখনত পৰি অলপ আৰাম কৰো বুলি ভাবোঁতেই অনিৰ ফোনটো বাজি উঠিল
....এনেকৈয়ে ভাগেনে সপোন , এনেকৈয়ে চিগেনে বান্ধোন , কোনে ক'ব মোক আজি গোপনে কাষলৈ আহি ...... অনিয়ে ফোনটো ৰিচিভ কৰিলে .......হেল্ল' , মা , কেতিয়া পালেগৈ ...? ফোন দুটা যে বন্ধ হৈ আছিল ...?
: অনি আমি তিনিমান বজাতে পালোঁহি , বাহিৰে বাহিৰে দেউতাৰক আদিত্য হস্পিতাললৈ লৈ গলো , ডাক্তৰৰ লগত কথা পাতি থকাৰ বাবেই ফোন অফ কৰি থৈছিলো ।
: ডাক্তৰে কি কলে মা....?
: কি ক'ব আৰু ....! এসোপামান পৰীক্ষা কৰিবলৈ দিছে , সেইবোৰৰ ৰিপৰ্ট চাইহে দেউতাৰাৰ চিকিৎসা কৰিব ।
: এতিয়া আপোনালোক ক'ত আছে মা...?
: চান্দমাৰী কলনীৰ ডি. কে. মুক্তা ল'জতে আছো ।
: দেউতা ঠিকেই আছে নহয় মা.…?
: উম.., গাটো অলপ দুৰ্বল দুৰ্বল লাগিছে সেয়ে শুই আছে । উৰ্মি ওচৰতে আছে যদি তাইক ফোনটো দিয়াচোন....!
: ৰ'ব মা , উৰ্মি পাকঘৰত আছে মই ফোনটো দিছোঁ গৈ ।। বিচনাৰ পৰা উঠি অনিমেষে পাকঘৰলৈ গৈ উৰ্মিলৈ ফোনটো আগবঢ়াই দিলে .... উৰ্মি মায়ে ফোন কৰিছে , লাইনত আছে কথা পাতা ....,
ফোনত কাণত লৈ উৰ্মি বাহিৰলৈ ওলাই আহিল ।
: মা, ফোন দুটা কিয় অফ কৰি থৈছিলা....? কিমান চিন্তা হৈছিল জানানে .....!
: জকজকাই নুথিবীচোন , মোৰ কথাখিনি শুনি লচোন...!
: কোৱা....
: ডাক্তৰৰ লগত কথা পাতি থাকিলে ফোনটো বাজি থাকিলে ডাক্তৰে বেয়া পায় । সেয়ে ফোনটো অফ কৰি থৈছিলোঁ ।
: দেউতাই ভাল পাইছেনে...? ডাক্তৰে কি ক'লে ...?
: ইমান সহজতে ভাল হ'ব নে... তয়ো যে কথা কিছুমান কওঁ ...., ইটো সিটো পৰীক্ষা কৰিছে আজি...., ৰিপৰ্টবোৰ পালেই চিকিৎসা আৰম্ভ কৰিব....।
: এতিয়া তোমালোক ক'ত আছা মা..?
: চান্দমাৰী হোটেল এখনতে আছোঁ । তই চিন্তা কৰিব নালাগে । দেউতাৰলৈ ফোন নকৰিবি , ডাক্তৰে দেউতাক কথা পাতিবলৈ আৰু চিন্তা কৰিবলৈ মানা কৰিছে...। তই কথাবোৰ বুজি পোৱা হ'লে দেউতাৰৰ আজি এই অৱস্থা নহ'লে হেঁতেন ...!
: মা..., তুমি কথাবোৰ কিয় তেনেকৈ কৈছা..? মই কি ভুল কৰিলোঁ । মই ভাবিছিলোঁ অনিয়ে বাগানৰ দায়িত্ব নললে দেউতাই বাগানৰ দায়িত্ব দীপুক দি দিব , কিন্তু তোমালোকে সেইটো নকৰিলা । এতিয়া মোৰ ওপৰত কিয় দোষ জাপি দিছা...!
: তই কথাবোৰ বৰ বেলেগ ধৰণে চিন্তা কৰ..., দেউতাই বৰ কষ্ট কৰি বাগান দুখন গঢ় দিছিল , তাত দেউতাৰ আৱেগ জড়িত হৈ আছে ।
: মা , আজি আমি বাগানলৈ গৈছিলো , দীপুকো লগত লৈ গৈছিলো । অনিয়ে চাই থকাতে থাকিলে দীপুৱে হাজিৰা বহিখন হাতত লৈ এজন এজনকৈ নাম মাতি বৰ নিয়াৰিকৈ কামবোৰ কৰিলে । দীপুক লগ পাই সকলো কৰ্মচাৰীয়ে ভাল পাইছে...। মিছাকৈয়ে ক'লে উৰ্মিয়ে ।
: তোৰ মূৰৰ বিকৃতি ঘটিছে নেকি....? দীপুক কিয় লগত লৈ গৈছিলি...? কাম শিকাবলৈ কলো অনিক আৰু তই....? দেউতাৰে গম পালে বৰ ডাঙৰ কথা হ'ব...!
: দীপুৱে কমাৰ্চ পঢ়িছিল মা , গতিকে দীপুক এইবোৰ কাম নিশিকালেও হ'ব । সেয়ে বাগান দুখনৰ দায়িত্ব ল'বৰ বাবে দীপুক মই উপযুক্ত বুলি ভাবোঁ । আৰু তুমি যে কলা দেউতাই গম পালে ডাঙৰ কথা হ'ব , মই তোমাৰ লগতহে কথা পাতি আছো তুমি নজনালে দেউতাই কথাবোৰ কেনেকৈ জানিব । যদি দেউতা সোনকালে আৰোগ্য হোৱাটো বিচাৰিছা তুমি কথাবোৰ গোপনে ৰাখিবা । দীপুটো আমাৰ পৰ নহয় , তাক এটা সুযোগ দিয়া মা...। মোৰ বিশ্বাস সি বাগান দুখন আৰু আগুৱাই নিব পাৰিব ।
: উৰ্মি.....! তই , সকলো শেষ কৰি পেলালি ...। দেউতাৰ আৰু কেতিয়াও সুস্থ হৈ নুঠিব । কান্দি কান্দি কথাটো কৈ ফোনটো কাটি দিলে নিৰাই...
: হেল্ল'....! হেল্ল'....মা শুনিছানে...? ছেঃ...! কথাবোৰ মাক কৈ বেয়াই কৰিলোঁ নেকি...! যদি দেউতাৰ চিকিৎসা নকৰাকৈ মা উভতি আহে... তেতিয়া কি হ'ব..? ......উৰ্মি কি কৰি আছা বাৰাণ্ডাত....?
: মাৰ লগত কথা পাতি আছিলোঁ ।
: এতিয়া পিছে কি কৰিম বুলি ভাবিছা , দীপুক গুৱাহাটীলৈ পঠিয়াবা নে....?
: ৰাতি পুৱাওকচোন , অ'...! দীপুক ফোন কৰিছিলা নেকি...?
: মোৰ ফোনটোত তুমি দেখুন কথা পাতি আছিলা ।
: অ' পাহৰিছিলোঁৱেই , মই কৈ দিম বাৰু তাক..., ঘৰলৈ ফোন এটা কৰিবা । বৌও নাই , তুমি ফোন এটা কৰিলে দাদাৰ মনটো ভাল লাগিব ।
: ফোনটো দিয়া , ফোন এটা কৰিয়েই লওঁ ।
উৰ্মিয়ে ফোনটো অনিৰ হাতত তুলি দিলে , ...তুমি কথা পাতা , মই ভাত ৰান্ধোঁগৈ । অনিয়ে অনিৰ্বাণলৈ ফোন লগালে
: ... হেল্ল", কি কৰি আছিলি...,
: কি কৰিবি মাৰ ওচৰতে বহি টিভি চাই আছিলোঁ , তই ফোন কৰিলি ভালেই কৰিলি ,
: কি হ'ল...? আকৌ কিবা হ'ল নেকি..?
: সন্ধিয়া হোৱাৰ আগতেই পুলিচ আহিছিল...
: পুলিচ....? পুলিচ কিয় আহিছিল....?
: আমাক সোধা পোছা কৰিবলৈ , কালিলৈ থানালৈ মাতি থৈ গৈছে ....।
: বৰ ডাঙৰ কথা হ'ল দেখুন ..., কিহৰ পৰা যে কি হৈ গ'ল । তোলৈ ফোন কৰিছিল নেকি ককায়েকে..?
: তই ফোন কৰাৰ আগতে ফোন কৰিছিল । কথাবোৰ বোলে কালিলৈ পেপাৰত দিব...।
: তই কি কলি...? পেপাৰত ওলালে নাক কাণ সকলো যাব । তই নবৌক ফোন কৰি মেনেজ কৰ...
: ফোনটো কৰিয়ে আছোঁ , ৰিচিভ নকৰিলে কি কৰিম এতিয়া .....,
: ভিনদেউক কথাবোৰ কৈছিলি নেকি..?
: নাই কোৱা, কি বুলি নো কম ।
: মায়ে চাগৈ বৰ দুখ পাইছে , মাক টেবলেট কেইটা সময়মতে খুৱাবি ।
: পুলিচ অহাৰ পাছৰে পৰা মায়ে পানী অকণো খোৱা নাই , মোৰ কিবা ভয়হে লাগিছে ।
: কি...? তই জোৰ কৰি হ'লেও মাক কিবা এটা খুৱাবি , বেমাৰী মানুহ হঠাৎ কিবা এটা হবলৈ হলে
বৰ ডাঙৰ বিপদ হ'ব , এইফালে এইয়া আৰু ঘৰত সেইখন । মোৰ মূৰটোৱেই কাম নকৰা হৈছে ।
: উৰ্মিৰ দেউতাকৰ কেনেকুৱা এতিয়া ...?
: ভালেই , ডাক্তৰে পৰীক্ষা অলপ কৰিব দিছে , ৰিপৰ্ট আহিলেহে চিকিৎসা আৰম্ভ কৰিব...।
: তাৰমানে তহঁত কিছুদিন থাকিব লাগিব ,
: দেউতাহঁত নহালৈকে থাকিব লাগিব যেন পাইছোঁ ।
: কি কৰিবি , উৰ্মি আৰু তোৰ বাহিৰে তেওঁলোকৰনো কোন আছে , হ'ব দে , এতিয়া ৰাখিছোঁ ।
: ঠিক আছে বাৰু , আৰু শুন মাক ভাত কেইটামান খোৱাই দিবি । কথাষাৰ কৈয়ে ফোনটো কাটি দিছিল অনিমেষে । বৰ উদাস মনেৰে সি এবাৰ আকাশখনলৈ চালে ডাৱৰৰ মাজে মাজে জোনটিয়ে লুকাভাকু খেলিছে তাৰ জীৱনটোৰ দৰেই ।
ক্ৰমশঃ .....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment