: ..... অনি ....!
: কোৱা.....,
: দুদিন ধৰি দেউতাৰ যদি গা বেয়া দীপুৱে কিয় খবৰটো পোৱা নাই .... সেই কথাটোতহে মই আচৰিত হৈছোঁ ...!Assames story খুড়ী দিনটোত আমাৰ ঘৰলৈ দুবাৰ তিনিবাৰ আহে ....., অথচ খুড়ীয়েও নাজানে দেউতাৰ গা বেয়া বুলি....! তুমিয়ে কোৱাচোন অনি সেয়া সম্ভৱ নে.....?
: উৰ্মি , তুমি কথাবোৰ কিয় ইমান পাক লগাই পেলোৱা...? হয়টো খুড়ী এই দুদিন নাজাবও পাৰে ....!
: সেইটো মই কেতিয়াও মানি ল'ব নোৱাৰো অনি..., যি গৰাকী খুড়ীয়ে দুপালপিটা বৰষুণ দিলেও আমাৰ ঘৰলৈ এপাক মাৰে , সেই গৰাকী খুড়ী আমাৰ ঘৰলৈ দুদিন নোযোৱা কৈ থাকিবই নোৱাৰে....! মায়ে কিবা নতুন পৰিকল্পনা কৰিছে যেন হে লাগিছে...... ?
: তুমি আচলতে পুলিচ হ'ব লাগিছিল উৰ্মি ...., প্ৰতিটো কথাতেই কেৱল সন্দেহ ...! আনকি ঘৰৰ মানুহকো ইমান সন্দেহ কৰা নে....?
: তুমি কি বুজিবা অনি ...., নিজৰ স্বাৰ্থৰ বাবে মানুহে যি কোনো কামেই কৰিব পাৰে...., সেয়া লাগিলে পিতৃয়ে হওঁক বা মাতৃয়েই হওঁক...! গতিকে প্ৰতিটো কথা সন্দেহৰ দৃষ্টিৰে চোৱা মোৰ অভ্যাস.......
: তুমি মোকো সন্দেহ কৰা নেকি উৰ্মি....?
: তোমাক কিয় সন্দেহ কৰিম....,
: চোৱা উৰ্মি ....! মায়ে আমাক যেতিয়া খবৰ দিছে আমি এবাৰ গৈ অহাটো ভাল হ'ব । তোমাৰ আৰু মোৰ বাহিৰে মা দেউতাৰ আপোন বুলিবলৈ কোন আছে....!
: অৱশ্যে সেইটো হয়...., ঠিক আছে দিয়া । মই ভাত ৰান্ধোঁগৈ । সোনকালে খাই বৈ শুই থাকিব লাগিব , নহলে ৰাতিপুৱা সাৰেই নাপাম....
: হ'ব দিয়া, বেয়া নোপোৱা যদি ৰঙা চাহ একাপ খোৱাবা নেকি.... ?
: চাহ খোৱা কাপ ধুৱাই নাই..., তোমাৰ আকৌ চাহ খাব হ'লেই .... ! হাঁহি এটা মাৰি ওলাই গ'ল উৰ্মি.....
: উৰ্মি..., উৰ্মি এইফালে আহিবাচোন....! শেহাই শেহাই মাতিলে মৃণালিনীয়ে । মৃণালিনীৰ মাতষাৰ শুনি উৰ্মি লাহেকৈ মৃণালিনীৰ ৰূমলৈ সোমাই গ'ল ........ বৌ , মোক মাতিছিল নেকি....?
: উম...., অকণমান ধৰি দিয়াচোন..., বাহিৰলৈ যাম , গাটো বৰ দুৰ্বল দুৰ্বল লাগি আছে ।
: উঠক বৌ....., মই আপোনাক বাহিৰলৈ লৈ যাম ।
উৰ্মিৰ কথাষাৰ শুনি মৃণালিনীয়ে লাহেকৈ বিচনাৰ পৰা ভৰি দুখন মাটিত নমাই হাত এখন আগবঢ়াই দিলে উৰ্মিলৈ..... উৰ্মি...
: বৌ ...., পাৰিবনে বাহিৰলৈ ওলাই যাব....?
: পাৰিম, তুমি মোক ধৰি দিয়া , মই লাহে লাহে ওলাই যাব পাৰিম....
: ঠিক আছে বৌ..., ধৰি ধৰি মৃণালিনীক বাহিৰলৈ উলিয়াই আনিলে উৰ্মিয়ে । মুখ হাটকেইটা ধুই মৃণালিনীয়ে কেৰাহীকৈ চালে উৰ্মিলৈ...., উৰ্মি শুনাচোন......!
: কওঁক বৌ....
: জয়শ্ৰী বৌক তুমি ফোন কৰিছিলা নি.....?
: নাই কৰা বৌ...., কিয় সুধিলে...?
: হঠাৎ ওলালহি যে আজি.....! মই আচৰিত হৈছোঁ, যি গৰাকী বৌয়ে মোক প্ৰতিটো কথাই কয় , সেইগৰাকী বৌ একো খবৰ নিদিয়াকৈ কিয় আহিল , মোৰ ভয় হৈছে.... এই ঘৰখনে মোৰ লগত একো ষড়যন্ত্ৰ কৰা নাইটো উৰ্মি......?
: বৌ....! আপুনি কিয় তেনেকৈ ভাবিছে...। আপোনাৰ লগত কোনে ষড়যন্ত্ৰ কৰিব । সেইবোৰ কথা নাভাবিব বৌ , আপুনি বহুত দুৰ্বল হৈ আছে । অদৰকাৰী কথাবোৰ চিন্তা কৰি থাকিলে আপুনি আৰু দুৰ্বল হৈ যাব...., ব'লক এতিয়া শুই দিয়কগৈ...,
: ঠিকেই কৈছা উৰ্মি..., ময়ো যে আৰু...! কি যে কথাবোৰ ভাবি থাকোঁ নহয়....! কথাবোৰ তুমি ঘৰৰ কাকো নজনাবা , হঠাৎ মুখৰ পৰা ওলাই গ'ল....,
মৃণালিনীক বিচনাত উঠাই উৰ্মি পাকঘৰলৈ যাব লওঁতেই ধুনুৱে কান্দি উঠিলে। ....উৰ্মি , ইয়াক অকণমান বাহিৰলৈ উলিয়াই লৈ যোৱাচোন । বেয়া নাপাবা আকৌ দেই , নোৱাৰাতহে তোমাক কৈছোঁ .... .। একো উত্তৰ নিদি উৰ্মিয়ে ধুনুক বিচনাৰ পৰা দাঙি আনি কোলাত তুলি ললে , আধা টোপনিত সাৰ পাই যোৱাৰ বাবেই ধুনুৱে বৰকৈ কান্দিছিল , কান্ধত মূৰটো পেলাই পিঠিত লাহেকৈ ধকীয়াই ধকীয়াই উৰ্মিয়ে এটি মিঠা গীত জুৰিলে......
" দোকমালিত সাৰ পালোঁ তোমাৰ ওঠৰ হাঁহি..
এধানী এধানী তোমাৰ হাঁহিত আশাও
জিলিকে তোমাৰ হাঁহিত .....
তোমাৰ আগমণিত জীৱন ফুলিলে
উমাল উমাল বুকুতে .....
তুমি যেন আকাশৰ জোনাক
জনাওঁ.... জনাওঁ... মনে মনে ,
তুমি যেন বুকুৰ পাৰিজাত
জনাওঁ জনাওঁ মনে মনে...........
সুমধুৰ গীতটি শুনাৰ লগে লগেই ধুনুৰ টোপনি গ'ল । অনিমেষক আঁঠুৱাটো লগাবলৈ কৈ লাহেকৈ ধুনুক বিচনাত শুৱাই দিলে উৰ্মিয়ে .....
: অনি..., তুমি ধুনুৰ লগতে শুই থাকা , মই চাহ কৰোগৈ ।
অনিমেষৰ লগত ভতিজাকক থৈ উৰ্মি আকৌ মৃণালিনীৰ ওচৰলৈ গ'ল । .....বৌ , চাহ অকণ খাব নেকি....?
: বনোৱা যদি একাপ দিবা , আদা আৰু জালুক অকণ দি দিবা ।
: ঠিক আছে বৌ । উৰ্মি ওলাই গ'ল পাকঘৰলৈ । আদা অকণ চুৰুকি বেলনাখনতে জালুক কেইটাৰ সৈতে থেতেলীয়াই ল'লে...., অলপ কাঢ়া কৈ চাহকন বনাই মৃণা আৰু অনিমেষক ৰূমতে চাহকাপ দি থৈ আহিল উৰ্মিয়ে । ভাত - ডাইলৰ প্ৰেচাৰ দুটা তুলি দি মিহি মিহিকৈ ঢেৰুৱা কেইডাল কাটি ললে ......, মৃণালিনীৰ কথাষাৰ উৰ্মিয়ে এবাৰ দকৈ ভাবিলে....... বৌয়ে বাৰু আওপকীয়াকৈ কথাবোৰ মোকেই কৈ দিলে নেকি....? নে জয়শ্ৰী বৌয়ে কথাবোৰ মৃণা বৌক কৈ দিলে ....? যি হয় হওঁক বুলি কথাবোৰ এৰি দিবও নোৱাৰো...! ঘৰখন দুফাল হ'লে সকলোৱে মোকেই দোষাৰোপ কৰিব.....! কি কৰিলে ঘৰখন ঘৰ হৈ থাকিব...., হে ভগৱান.....! মোক কিবা এটা উপায় দিয়া ...., কথাবোৰ ভাবি থাকোতেই প্ৰেচাৰটোৱে চিটি মৰাত ভাতকেইটা নমাই দিলে উৰ্মিয়ে আৰু কেৰাহীখন পাতি ঢেৰুৱাখিনি বঢ়াই দিলে......, ধুনুক বিচনাতে এৰি অনিমেষ পাকঘৰলৈ আহিল....
: ভাত হ'লেই নেকি....?
: নাই হোৱা..., কিয় সুধিলা...?
: দহটা বাজিল..., সেয়ে .....
: অনি...., মইতো বহি থকা নাই , বৌৰ লগত লাগি থাকোঁতেই বহু সময় গ'ল , ধুনুক শোৱাবলৈও পোন্ধৰ বিশ মিনিট লাগিছে...
: মই বুজি পাইছোঁ উৰ্মি , কেতিয়া কলো মই , তুমি বহি আছা বুলি....! কিবা এটা কৰি সহায় কৰি দিওঁ বুলিহে সুধিছিলোঁ ।
: তিয়ঁহ এটা আছে , চালাড অকণ কৰিব পাৰা....., দাদাক দেখা নাই যে অনি....?
: দাদাই আজি মনত বহুত আঘাট পাইছে , মনৰ দুখত খুড়াৰ ঘৰত বহি আছে ।
: অনি , আমি কালিলৈ দুয়ো ঘৰলৈ গ'লে বৌয়ে দাদাৰ লগত আকৌ কাজিয়া নকৰেটো....!
: সেইটো কথা ময়ো ভাবিছোঁ....! তুমি অকলে গলেও কথাটো বেয়া হ'ব । তোমাক নিনিয়াকৈ মই গলেও কথাটো ইমান ভাল নহ'ব.....,
: এতিয়া পিছে কি কৰিম বুলি ভাবিছা....?
: যি হয় হ'ব , দেউতাৰ যদি অৱস্থাটো অলপ ভাল দেখোঁ তেন্তে মই ৰাতিটো কটাই ৰাতিপুৱাই ঘূৰি আহিম । যদি বৰ বেয়া দেখোঁ তেতিয়া দীপুৰ লগত দেউতাক চেন্নাইলৈকে পঠিয়াই দিব লাগিব ।
: ময়ো তাকেই ভাবিছোঁ ...! মা অকলে গলে বহুত অসুবিধা হ'ব , দীপু লগত থাকিলে আমি অন্ততঃ অলপ নিশ্চিন্তকৈ থাকিব পাৰিম ।
: তুমি শোৱাৰ আগতে দীপুক ফোন এটা কৰি জনাই থবা....,
: মই ফোন কৰালৈ দীপু শোবই..., তুমিয়ে ফোন কৰি কথাটো তাক কৈ দিয়া ....। মই ভাত বাঢ়ো...
উৰ্মিৰ কথামতেই অনিয়ে দীপুলৈ ফোন কৰি কথাবোৰ কলে... আৰু ভাত খাই শুই থাকিল । দেউতাকৰ চিন্তাত উৰ্মিৰ টোপনি নাহিল.....! কি সঁচা ....কি মিছা..... ভাবি থাকোতেই ৰাতি পুৱাল...., খৰখেদাকৈ উৰ্মিহঁত ওলাই গ'ল । আধা ৰাস্তামান পাওঁতেই উৰ্মিৰ ফোনটো বাজিল । ধৰোঁ নধৰোঁকৈ উৰ্মিয়ে ফোনটো ৰিচিভ কৰিলে.....
: হেল্ল' ... মাজনী.... তহঁত আহি আছ নে...!
: হয় মা..., গৈ আছোঁ । কোৱাচোন...?
: দেউতাৰ আৰু মই ওলায়ে আহিলোঁ , মানে...! দেউতাৰৰ বন্ধু এজন গুৱাহাটীলৈ যোৱাৰ কথা আছিল সেয়ে আমি তেওঁৰ লগতে গুচি আহিলোঁ । ঘৰৰ চাবিপাত দীপুক গতাই দি আহিছোঁ...
: কিন্তু মা...., অনিয়েতো তোমালোকক টিকট কৰি দিম কৈছিল , আৰু দীপুকো তোমালোকৰ লগত পঠোৱাৰ কথা ভাবিছিলোঁ । তুমি অকলে অকলে চম্ভালিব পাৰিবা জানো.......?
: পাৰিম পাৰিম , তহঁতে চিন্তা কৰিব নালাগে । মাজে মাজে ফোন কৰি থাকিবি । অনিক বাগানৰ কামবোৰ তয়ে শিকাই দিবি....., ফোনটো কাটি দিছিল নিৰাই....
: হেল্ল' ... ! হেল্ল'.....! উৰ্মিয়ে মাকলৈ আকৌ ফোন লগালে ...... আপুনি যোগাযোগ কৰিব বিচৰা নম্বৰটো বন্ধ হৈ আছে নাইবা সংযোগ সিমাৰ বাহিৰত আছে.... কি আচৰিত..., হঠাৎ মাৰ ফোনটো অফ হৈ গ'ল যে....? তোমাৰটোৰ পৰা লগাই চোৱাচোন.....
: গাড়ীত গৈ আছে যে নেটৱৰ্ক পোৱা নাই চাগৈ...! আমি আহিম বুলি কোৱাৰ পাছতো মাহঁত কিয় গুচি গ'ল উৰ্মি....., খুড়া - খুড়ী চুবুৰীয়া সকলোৱে আমাক দায়িত্বহীন বুলি নাভাবিব নে.....? চেহ: ....
বৰ ডাঙৰ কথা হ'ল....
: ময়ো তাকেই ভাবিছোঁ, মায়ে কিয় এনেকুৱা কৰিলে...! ক'ৰবাত কিবা এটা কেনা নিশ্চয় লাগিছে অনি.....! মাহঁত গুৱাহাটী পাই লওঁক , ক'ত আছে ভালকৈ সুধি দীপুক পঠিয়াই দিব লাগিব....।
: আইডিয়াটো বেয়া নহয়...! কিন্তু কথাটো মাক জানিবলৈ নিদিবা ।
গাড়ীৰ গ্লাছখন অলপ খুলি দিলে উৰ্মিয়ে , বাহিৰৰ চেঁচা বতাহজাকে দুয়োকে কোবাবলৈ ধৰিলে..., চিটটোতে আউজি উৰ্মিয়ে চকুহাল জপাই দিলে....., লিহিৰি চুলিকোচা বতাহজাকে কোবাবলৈ ধৰিলে ।
ক্ৰমশঃ.....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment