হুলস্থুলীয়া পৰিবেশটোৰ বাবেই ফোনটো বাজি থকা শব্দ শুনা নাপালে উৰ্মিয়ে Assames story। সন্ধিয়াৰ চাহকাপ খাই অকণমান আৰাম কৰো বুলি হাতত ফোনটো লৈ বিচনাত বাগৰ দিলে । ফোনটো লিৰিকি বিদাৰী থাকোঁতেই মাকৰ নাম্বাৰটোৰ পৰা অহা মিছকল কেইটা দেখা পালে । মাকৰ নামটো দেখিয়েই উৰ্মিৰ বুকুখন চিৰিং কৰি উঠিল , নানা প্ৰশ্নই উৰ্মিক আগুৰি ধৰিলে যদিও মাকলৈ ফোন লগালে .......
: হেল্ল' , মা , ফোন কৰিছিলা ।
: হয় , কি কৰি আছিলি তই ...
: আলহী আহিছিল , কথা পাতি আছিলোঁ । তুমি...
: ময়ো চাহ খাই দেউতাৰৰ ওচৰতে বহি আছিলোঁ..., তহঁতৰ ভাল নে....?
: ভাল মা , তোমালোকৰ...?
: বৰ ভাল নহয় ঐ আই , দেউতাৰ গা ভাল নহয় আজি দুদিন হ'ল একো এটা মুখত দিয়া নাই । কথাষাৰ কৈ উচুপি উঠিল নিৰা ।
: মা..., দেউতাৰ কি হৈছে .....?
: ইয়াৰ ডাক্তৰে একো ধৰিবই পৰা নাই , মোৰ কিবা ভয়হে লাগিছে ..... ! অনিমেষক কথাটো কবি .... ,
: মই কালিলৈ গৈ আছোঁ , তুমি চিন্তা নকৰিবা মা...., দেউতাৰ একো নহয় ....! দেউতাক তুমি চেন্নাইলৈকে লৈ যাবা ....,
: বাগান দুখন লৈ দেউতাৰৰ বৰ চিন্তা হৈছে ,
: সেইবোৰ চিন্তা কৰিবলৈ মানা কৰা দেউতাক , কালিলৈ মই গৈ সকলো ঠিক কৰি আছোঁ । অনিৰ লগত পাতিবা নেকি মা.....?
: দেচোন ..., অনিমেষলৈ ফোনটো আগবঢ়াই দিলে উৰ্মিয়ে , ....... অনি..., মায়ে ফোন কৰিছে । কথা পাতে তোমাৰ লগত.....
: হেল্ল' মা , ভালে আছে ।
: কিনো ভাল বুলি কম অনি...., দেউতাৰৰ গাটো ভাল নহয় । দুদিন একো এটা মুখত দিয়া নাই ...! ইয়াৰ ডাক্তৰে একো ধৰিবই পৰা নাই , বাহিৰলৈ লৈ যাবলৈ কৈছে....
: অস:....., ! কথাটো শুনিহে বেয়া লাগিল , কালিলৈ আমি গৈ আছোঁ , আপুনি দেউতাক বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰক , মানে কাপোৰ কানি খিনি ৰেডী কৰি থওক । মই ট্রেইনৰ টিকট দুটা কৰি দিম ।
: আগতে তোমালোক আহি লোৱাচোন....! দেউতাৰ কথা দেখুন জানাই , কিমান জেদী , সেয়ে তুমি টিকট এতিয়াই কৰি নিদিবা....,
: ঠিক আছে মা ,
: হ'ব দিয়া , এতিয়া ৰাখিছোঁ । ফোনটো কাটি দিছিল নিৰাই ।
........ শুনিলে ছোৱালীয়ে কি কলে...! আপোনাক বাগানৰ কথা চিন্তা কৰিবলৈ মানা কৰিছে , কালিলৈ সিহঁত আহিব । মই আপোনাক কৈছিলোঁ নহয় । উৰ্মি মোৰ ছোৱালী , তাই কেতিয়াও মোৰ কথা নেপেলায় ।
: বাদ দিয়া হে...., মোৰ ছোৱালী...., কথা কৈছে শুনা....! তোমাৰ ছোৱালীয়ে তুমি ভবাৰ দৰে একো নকৰে...., ওলোটা কিবা এটা যে কৰিব সেইটো মই নিশ্চিত......!
: আপুনি প্ৰতিটো কথাই কিয় নিগেটিভ কৈ ভাবে , অলপ পজিটিভ কৈয়ো ভাবি চাব , সময় আৰু পৰিস্থিতিয়ে মানুহক সলনি কৰে । উৰ্মিয়ো সলনি হৈছে তাই কোৱা কথাবোৰেই তাৰ প্ৰমাণ....
: অসমীয়াত এষাৰ কথা আছে নিৰা ...." গছত কঠাল ওঁঠত তেল , নৌ খাওঁতেই চেলবেল..." হা:... , হা:.....,
: আপুনি হাঁহিলে যে....?
: মই উৰ্মিক ভালকৈয়ে জানো , তাই তোমাৰ দৰে নহয় , মোৰ দৰে তায়ো বৰ জেদী । গতিকে এবাৰ নকৰোঁ বুলি কোৱাৰ পাছত তাই যে সেই কামটো পুনৰ কৰিব সেইটো মোৰ মনে নকয়...,
: উসঃ.... ৰাম ...! ছোৱালীয়ে কি কলে শুনিলে নাই আপোনাক চেন্নাইলৈ লৈ যাবলৈ কৈছে , চিকিৎসা কৰাবলৈ । গতিকে এইটো আমাৰ বাবে এটা ভাল সুযোগ , চিকিৎসাৰ নামত আমি এমাহমান ঘৰৰ পৰা আঁতৰি থাকিম । আপোনাৰ অনুপস্থিতটো বাগানৰ দায়িত্ব অনিমেষেই ল'ব লাগিব... নে কি কয়......?
: তাৰমানে জী-জোঁৱাইৰ আগত বেমাৰৰ অভিনয় কৰিব লাগিব....! তোমাৰ আৰু কাম নাই.....
: বলেৰে নোৱাৰা কিছুমান কাম বুদ্ধিৰেই কৰিব লাগিব...., এইবাৰ এইখন জালত অনিমেষ ফচিল বুলি ধৰক ।
: বুদ্ধিৰে কামটো কৰিবলৈ যাওঁতে আমাৰ কিমান টকা খৰচ হব তুমি ভাবি চাইছা নে.....?
: ভাবি জানো কিবা লাভ আছে , কিবা এটা পাবলৈ কিবা এটা হেৰুৱাবও লাগিব....। গতিকে মিছাতেই সময় খৰচ নকৰি কালিলৈ যাবৰ বাবে ৰেডী হৈ থাকক ...
: কালিলৈ....! তুমি বলিয়া হৈছা নেকি...? কালিলৈ দেখুন শনিবাৰ , pay কোনে কৰিব...?
: অনিমেষ আৰু উৰ্মিয়ে কৰিব...।
: কিন্তু একেদিনাই সি সেইবোৰ কাম কেনেকৈ চম্ভালিব .....?
: আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই..., লগত উৰ্মি থাকিবই , তাইৰটো এক্সপ্ৰিয়েন্স আছে....।
টিং টং , টিং টং..... কোন আহিল আকৌ.....? আপুনি বিচনাতে শুই থাকক ।
....কলিং বেলটো বজা শুনি , লাহেকৈ উঠি আহি দুৱাৰখন খুলি দিলে নিৰাই । .....অ' , দীপু , আহ...
: বর্তাৰ গা বেয়া নেকি বৰমা ....?
: কালিৰ পৰা গাটো অলপ বেয়া...., তই কেনেকৈ জানিলি ....?
: উৰ্মি বায়ে ফোন কৰিছিল , বায়ে কলে বর্তাৰ গা বেয়া বুলি , সেয়ে কি হৈছে খবৰ এটা কৰিবলৈ আহিলোঁ ।
: ভালেই কৰিলি , বর্তা ভিতৰতে আছে অলপ শুইছে , তই পাকঘৰলৈকে আহ.....।
: বৰমা , আপুনি মোক ৰাতিপুৱাই কোৱা হলেও হয় , ডাক্তৰৰ ওচৰলৈ লৈ যাব পাৰিলোঁ হেঁতেন ....! Assames story
: বর্তাৰে যিখনহে ৰেহ ৰূপ দেখুৱাইছে কি কৰিম , কি নকৰিম মই একো তলকীবিই নোৱাৰিলো । আহ:..., আহ:..., বহ , কথাও পাতি থাকোঁ আৰু , তোলৈ চাহ অকণ কৰো.... এনেয়েইটো পাক এটাও নামাৰ..,
: চাহ নাখাওঁ বৰমা, খায়ে আহিছোঁ ,
: ৰহ , গাখীৰ চাহ বাকিম.., দীপু , তোলৈ উৰ্মিয়ে মাজে সময়ে ফোন কৰি থাকে নেকি....!
: কেতিয়াবা কৰে বৰমা , আপোনালোকৰো খবৰ লয়....,
: মই আকৌ তোক কথাটো সোধা বাবে বেয়া নাপাবাবি....! বায়েৰ যিহে জেদী , তই যদি ফোন কৰি খবৰ খাটি লৈ নাথাক তেতিয়া তায়ো তোলৈ ফোন নকৰা হ'ব...., আমিনো কিমান দিন জীয়াই থাকিম..., তহঁতবোৰৰ যদি সম্পৰ্কবোৰ ভাল হৈ নাথাকে উৰ্মি বৰ অকলশৰীয়া হৈ যাব....
: বৰমা , কি যে কথাবোৰ কয় আপুনি , উৰ্মি বাক মই কেতিয়াও বেলেগ বুলি নাভাবো, নিজৰ বাৰ দৰেই ভাবোঁ । মই আহ জাহ নকৰিব পাৰো কিন্তু বিপদৰ সময়ত অকলশৰীয়া হ'বলৈ কেতিয়াও নিদিওঁ...
: তই চাহকাপ খাচোন..., মই বর্তাক আঁঠুৱাতো ঠিক কৰি থৈ আহোঁ ....
দীপুক চাহৰ কাপটো আগবঢ়াই দি নিৰা ভিতৰলৈ সোমাই আহিল....,
......... উৰ্মিয়ে দীপুৰ লগত যোগাযোগ কৰি থাকে...! কেনেবাকৈ তাই বাগান দুখন গতাই দিয়াৰ কথা কৈ দিয়া নাইটো....? কোৱা হ'লে অৱশ্যে দীপুৱে কথাটো উলিয়ালে হেঁতেন....! নে কথাবোৰ উৰ্মিয়ে কথাবোৰ কবলৈ মানা কৰি থৈছে... "মই আহ জাহ নকৰিব পাৰো কিন্তু বিপদৰ সময়ত অকলশৰীয়া হ'বলৈ কেতিয়াও নিদিওঁ..." কথাষাৰ দীপুৱে কি অৰ্থত কলে ...? কেনেবাকৈ সি আমাৰ লগত চেন্নাইলৈ যাবলৈ নোলায়টো....., উৰ্মিয়ে সকলো প্লেন বৰবাদ কৰি দিব....!
: কি ভোৰভোৰাই আছা.....? দেউতাকে ডাঙৰকৈ সুধিলে...
: চুপ....! চুপ....! মনে মনে থাকক , দীপু আহিছে আপোনাৰ খবৰ লবলৈ , পাকঘৰতে বহি চাহ খাই আছে । আপুনি মূৰটো ঢাকি কাপোৰখন লৈ শুই থাকক , নহলে সকলো পৰিকল্পনা অথলে যাব....!
কথা পাতি থাকোঁতেই বর্তা বুলি মাত এষাৰ লগাই দীপু সোমাই আহিল শুৱনি কোঠাটোলৈ ।
: .... বর্তা .....?
: অ'.....! দীপু , গাটো বৰ এটা ভাল নহয় । শুই আছিলোঁ । বৰমায়ে তই আহিছ বুলি কৈ মোক জগাই দিলে ।
: কি হৈছে আপোনাৰ...?
: একো ধৰিবই পৰা নাই , গুৱাহাটী বা চেন্নাইলে গৈ ভালকৈ এবাৰ দেখুৱাই আহিব লাগিব । কালিলৈ ভিনিহিয়েৰ বায়েৰ অহা কথা আছে , সিহঁতে বা কি কয় আকৌ ।
: গুৱাহাটী যোৱাতকৈ চেন্নাইলৈকে গুচি যাওঁক , ভালদৰে দেখুৱাই আহিব পাৰিব । তাত বহুত উন্নত চিকিৎসা পাব ।
: বায়েৰাইয়ো চেন্নাইলৈ যোৱাৰ কথাই কৈছে , ৰাতিপুৱাওকচোন কি হয় দেখা যাব...!
: ঠিক আছে বর্তা , আপুনি ৰেষ্ট কৰক । ময়ো যাওঁ । বৰমা আহিছোঁ ।
: ঠিক আছে , আমি বাহিৰলৈ যোৱাটো হ'লে ঘৰখন চাবি , উৰ্মিক অকলশৰীয়া নকৰিবি ।
: আপুনি কোনো চিন্তাই নকৰিব ।
হাঁহি এটা মাৰি দীপু গ'লগৈ... , দুৱাৰখন বন্ধ কৰি নিৰাই দীঘলকৈ হুমুনিয়াহ এটা এৰিলে...., হে ভগৱান ভাল বচালা..., ৰাতিপুৱা একো খেলিমেলি নকৰিলেহে ৰক্ষা , কথাবোৰ ভাবি থাকোতেই ৱালত ওলমাই থোৱা ঘড়ীটোৱে ন-বজাৰ সংকেত দিলে.....,
ক্ৰমশঃ......
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment