অনিমেষ ওলাই যোৱাৰ পাছতেই ,হাতত মোবাইল ফোনটো লৈ কো-কোৱাই ওলাই গ'ল মৃণালিনী । খৰখেদা কৈ মৃণালিনীক ওলায় যোৱা দেখি উৰ্মি অনিৰ্বাণৰ ওচৰ পালেহি ..... দাদা , ইমান কোবাকুবিকৈ বৌ ক'ত গৈছে....?
: অলপ আগলৈকেটো ৰূমতে আছিল ...., দোকানলৈ গৈছে চাগৈ ।
: দোকানলৈ যোৱা হ'লেটো ধুনুক থৈ গল হেঁতেন ....!
: তেন্তে হাৰামজাদি থানালৈ গৈছে..., ঘূৰি আহক আজি , বৰ তেল ফাটিছে এইৰ ...,
: থানালৈ গৈছে ....! বৌক উভতাই আনিব লাগিব , থানালৈ গৈ কথাবোৰ কৈ দিলে আপোনাৰেই বিপদ হ'ব ....., আজিকালি আইন নাৰীৰ হাতৰ মুঠিত নবৌয়ে ইয়াৰ সুবিধা ল'ব বিচাৰিছে । আপুনি মাক চাব , মই বৌক উভতাই আনোগৈ । কথাষাৰ কৈয়ে উধাতু খাই ওলাই গ'ল উৰ্মি । মৃণালিনীয়ে ফোনত কথা পাতি লাহে লাহে খোজ কাঢ়ি গৈ আছিল , বৌ... বুলি পাছফালৰ পৰা উৰ্মিয়ে চিঞৰ মৰা শুনি ঘূৰি চালে মৃণালিনীয়ে.... কি হ'ল উৰ্মি ইমান উধাতু খাই আহিছা যে....?
: আপোনাক উভতাই নিবলৈ আহিচো । আপুনি থানালৈ যাব নালাগে বৌ .....,
: কোনে কলে মই থানালৈ যাম বুলি....? প্ৰশ্নবোধক দৃষ্টিৰে চালে মৃণালিনীয়ে । । পাৰ্চেল এটা আহিছে তাকেই নিবলৈ আহিছোঁ ।
: আপুনি খৰখেদাকৈ ওলাই অহা দেখি মই.....
: অ'....., তাৰমানে তোমাক অনিৰ্বাণে পঠাইছে , মোক উভতায় নিবলৈ ।
: দাদাই পঠোৱা নাই , মই নিজেই আহিছোঁ বৌ ।
: ঠিক আছে , ধুনুক লৈ যোৱা তুমি.., মই গৈ আছোঁ ।
কেঁচুৱাটো উৰ্মিৰ হাতত গতাই দি মৃণালিনী বাহিৰে বাহিৰে পঞ্চায়তৰ সভাপতিৰ ওচৰ পালেগৈ , কপালৰ ফোঁটটো হাতেৰে অলপ মোহাৰি কান্দি কান্দি সভাপতিক লগ কৰিবৰ বাবে বাৰাণ্ডাতে বহিল । সভাপতি ওলাই অহা দেখি মৃণাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে ...... কোন আপুনি , এইদৰে কিয় কন্দা কটা কৰিছে ...?
: আপুনি মোক চিনি নাপাব , মই অনিৰ্বাণৰ ঘৈণীয়েক ,
: অ....! অনিমেষৰ নবৌয়েক তাৰমানে ....,
: হয় , অনিমেষৰ নবৌয়েক ।
: কিন্তু..., এনেকৈ কন্দা কটা কিয় কৰিছে ...? প্ৰশ্নবোধক দৃষ্টিৰে চালে মৃণালিনীক । চাদৰৰ আচলেৰে চকুৰপানীবোৰ মোহাৰি থোকা থুকিকৈ কলে ....... এই ঘৰখনত মই বৰ অশান্তিত আছো , সকলোৱে মোৰ লগত কাজিয়া কৰি থাকে । মোৰ বৰ ভয় হৈছে কেতিয়াবা শুই থাকোঁতে মাৰি পেলাই বুলি...!
: মই জনাত অনিমেষ আৰু অনিৰ্বাণ বৰ ভাল ল'ৰা , সিহঁতে এনেকুৱা ঘৃণনীয় কাৰ্য কৰিব বুলি মোৰ মনে নধৰে ...।
: আপুনি বিশ্বাস কৰক , অনিৰ্বাণ মানুহটো দেখাত যিমান সহজ যেন লাগে সিমান সহজ নহয় । সৰু সৰু কথাত মোক মাৰধৰ কৰে ......, মই বৰ অকলশৰীয়া ঘৰখনত , সেয়ে কথাবোৰ আপোনাক জনাই থলোঁ । আজি আবেলিকৈ ৰাইজ গোটাম , আপুনিও যাব লাগিব । মই এতিয়া আহিছোঁ । আপুনি নহাকৈ নাথাকিব কিন্তু.... কথাষাৰ কৈয়ে মৃণালিনী উঠি আহিল।
......এইবাৰ খেলখন চাই ভাল লাগিব , অনিৰ্বাণেও বুজক মই কিমান জেদী...! কথাবোৰ ভাবি ভাবি আহি থাকোতেই মৃণালিনী ঘৰ পালেহি । ......ক'ত গৈছিলা মৃণা......?
: পঞ্চায়তৰ সভাপতিৰ ওচৰলৈ গৈছিলোঁ ।
: কিয়.....? ঘৰ বিচাৰি নে অন্য কিবা....! ব্যঙ্গ সুৰত কলে অনিৰ্বাণে ।
: কিয় গৈছিলোঁ আবেলিকৈ গম পাব । অলপ ধৈৰ্য ধৰক । মই কথাতকৈ কৰ্মক প্ৰাধান্য দিওঁ । কথাষাৰ কৈয়ে মৃণা ৰূমত সোমাল । .....কি কথা কৈ গ'ল বাৰু...! নে সভাপতিক কথাবোৰ কৈ দিলে...! এইজনীয়ে সকলো শেষ কৰি দিলে ....., কি বুলি ভাবিছে তেখেতে .....,
: দাদা , চাহ লওঁক..... উৰ্মিৰ মাতষাৰ শুনি উচপ খাই উঠিল অনিৰ্বাণ.......
: উম..., দিয়া । দাদা , বৌ আহিল নেকি....!
: আহিলে , পঞ্চায়তৰ সভাপতিৰ ওচৰলৈ গৈছিল বোলে ।
: কিয় দাদা....?
: নাজানো , নতুনকৈ আকৌ কি নাটক আৰম্ভ কৰিছে এইখন । মৃণালিনীক বিয়া কৰায় জীৱনত বৰ ডাঙৰ ভুল কৰিলোঁ । সপোনতো ভবা নাছিলোঁ মৃণালিনীয়ে ঘৰখন এনেকৈ আউল লগাব বুলি ।
: দাদা , দুখ নকৰিবচোন ...! এই সকলোবোৰ কপালৰ লিখন ,মোৰ বিশ্বাস সময়ৰ লগে লগে বৌ সলনি হ'ব ।
: সেয়া মাথোঁ মৰুৰ মৰিচিকা উৰ্মি...., শিমলু কেতিয়াও চন্দন হ'ব নোৱাৰে ...,
: আপুনি এটা কাম কৰক দাদা , জয়শ্ৰী বৌক ফোন কৰি দাদা বৌক মাতি দিয়ক । তেতিয়া অন্ততঃ ঘৰৰ মানুহে কথাবোৰ জানিব । বৌয়ে ঘৰখনত কিমান অশান্তিৰ সৃষ্টি কৰিছে ।
: ঠিক কথা কৈছা তুমি , ৰ'বা মই ফোন কৰি আছোঁ ।
উৰ্মিৰ কথামতেই অনিৰ্বাণে জয়শ্ৰীলৈ ফোন কৰিলে । প্ৰথমে ফোনটো কাটি দিছিল জয়শ্ৰীয়ে , আকৌ ফোন লগালে অনিৰ্বাণে ....হেল্ল' অনিৰ্বাণ , কোৱা ...
: দাদা ঘৰত আছে নে ...?
: কিয় অনিৰ্বাণ...?
: মৃণাই আজি নতুন নাটক এখন আৰম্ভ কৰিছে , পাৰিলে আবেলি এপাক আহিব । দাদা নাই যদি দেউতাক লগত লৈ আহিব । আপোনাক বিশ্বাসত কথাটো কলো , মৃণাক যাতে এই বিষয়ে একো নকয় । এতিয়া ৰাখিছোঁ । ফোনটো কাটি দিলে অনিৰ্বাণে ।
..... উৰ্মি , উৰ্মি.... ক'ত আছা....? বৰ মিঠাকৈ মাতিলে মৃণালিনীয়ে । ৰন্ধা বঢ়া কামত উৰ্মি পাকঘৰত ব্যস্ত হৈ আছিল । .......উৰ্মি..., অ'...! তুমি ইয়াতে আছা ।
: বৌ , মোক মাতিছিলে নেকি...?
: উম .... , তুমি ভাত ৰান্ধিছাই যেতিয়া মই খুড়াৰ ঘৰৰ পৰা আহোঁ এপাক । ধুনু শুই আছে । মই সোনকালে আহিম । কান্দে নেকি তুমি কাণ দি থাকিবা ।
: ঠিক আছে বৌ.... , মৃণাৰ ব্যৱহাৰ দেখি উৰ্মি আচৰিত হল , ....বৌক মানিছোঁ কিন্তু দেই , ইমান সলনি হ'ব পাৰে মুহূৰ্ততে...., খুড়াৰ ঘৰলৈ এই দুপৰীয়াখন কিয় যাব লগা ...! নাজানো আৰু দেই বৌয়ে এইখন আকৌ কি নাটকৰ আখৰা কৰিছে । কথাবোৰ ভাবি পাচলি কাতি থাকোঁতেই ধুনুৱে কন্দা শুনি উধাতু খাই ওলাই গ'ল উৰ্মি । ......ধুনু , উঠিলা , অঃ.... মোৰ গোঁসাইটো , আহা , চি চি কৰি দিলা হ'বলা । চাওঁ... চাওঁ.... পেন্টটো সলাই দিওঁ । নাকান্দিবা আকৌ , মা আহিব এতিয়া , ৰ'বা মই ধুনুক এটা গান গাই শুনাম ......
গা হেলি মেলি কৰিছে ধুনুৰে
হ'ল শয়নৰে বেলা ...
চকু তিৰ বিৰ কৰিছে ধুনুৰে
লোৱাহি পাতিতে লেটি....... আমাৰ ধুনুৰ টোপনি যাব এতিয়া । জোকাৰি জোকাৰি উৰ্মিয়ে আকৌ আৰম্ভ কৰিলে .......
আমাৰে ধুনু শুব এ....
বাৰীতে বগৰী ৰুব এ......
উৰ্মিয়ে গীত গাই থকা শুনি অনিৰ্বাণ বাহিৰলৈ ওলাই আহিল । ......উৰ্মি , মাক নাই নেকি....! তুমি লৈ আছা যে.....?
: বৌ খুড়াৰ ঘৰলৈ গৈছে । ধুনু শুই আছিল । সেয়ে ধুনুক থৈ গৈছে ।
: আজি খেল ভাল দেখা নাই দেই । ধুনুক মোক দিয়া , তুমি খৰখেদা কৈ ভাত কেইটা ৰান্ধি লোৱাচোন ।
খৰখেদা কৰি ভাত কেইটা ৰান্ধি সকলোকে খাবলৈ দিলে উৰ্মিয়ে । খাই উঠি কাঁহী বাতিজাপ ধুই ভিতৰলৈ আহোঁতেই পঞ্চায়তৰ সভাপতি আহি উপস্থিত হ'লহি অনিৰ্বাণৰ ঘৰত । উৰ্মিয়ে মানুহজনক বহিবলৈ দি , অনিৰ্বাণক মাতি দিলে । অনিৰ্বাণ ওলাই অহা দেখি সভাপতি জনে আৰম্ভ কৰিলে
...... অনিৰ্বাণ , কি কৰিম । ৰাইজৰ প্ৰতিনিধি । গতিকে কোনোবাই অভিযোগ দিলে আমিটো আহিবই লাগিব । ৰাতিপুৱাতে তোমাৰ পত্নী গৈছিল মোৰ ওচৰলৈ । কথাবোৰ মোৰ বিশ্বাস হোৱা নাই । সৰুৰে পৰা তোমালোকক পাইছোঁ । ঘৰখনৰ লগত এটা ভাল সম্পৰ্ক আছে । সেয়ে কথাটো নো কি... খবৰ এটা কৰি যাবলৈ আহিলোঁ ।
: তেনেকুৱা একো হোৱা নাই খুড়া , মোৰ লগত মুখ বজাই আছিল , ছৰ এটা সোধাবলৈ হাতখন দাঙিছিলোঁহে লগাই দিলে হুলস্থুল , আৰু ৰাতিপুৱাই আপোনাৰ ওচৰ পালেগৈ ।
: মই বুজি পাইছোঁ অনিৰ্বাণ , তোমালোকৰ সৰলতাৰ সুযোগ লৈছে ।
দুয়ো কথা পাতি থাকোঁতেই জয়শ্ৰী আৰু মৃণাৰ মাক আহি ওলালহি , চট চট কৈ ওলাই আহি সভাপতিক কিবা এটা কম বুলি ভাবোঁতেই মাক আৰু নবৌয়েকক দেখি আকৌ এখন নতুন নাটক আৰম্ভ কৰিলে মৃণালিনীয়ে ....., মূৰ ঘূৰোৱাৰ অভিনয় কৰি উৰ্মি.... বুলি চিঞৰ এটা মাৰি মাটিত বাগৰি দিলে......
: দেখিলে খুড়া , এইবোৰ অভিনয় কৰিছে । মা আৰু নবৌক দেখিলে যে । মা , নবৌ , খুড়াক সোধক মৃণালিনীয়ে আজি কি কৰিলে । চট চতকৈ ওলাই আহিছিল কিবা এটা ক'বলৈ কিন্তু আপোনালোকক দেখি তাই অভিনয় আৰম্ভ কৰি দিলে । বৰ খঙেৰে কলে অনিৰ্বাণে
: নহয় অনিৰ্বাণ , এই মূৰ ঘূৰণী এটা আছে.... মৃণালিনীৰ মাকে সঁচা কথাটো কৈ দিলে ।
: মা , কি কলে মৃণাৰ.....?
: অনিৰ্বাণ , আজিকালি মায়ে বৰ খেলিমেলি কৰে । টেবলেটবোৰ খাই থাকে যে .... , অলপ প্ৰব্লেম হৈছে মাৰ ..... , মাকৰ সন্মুখতে জীয়া ফাঁকি এটা দিলে জয়শ্ৰীয়ে । ..... মৃণা , কি হৈছে তোমাৰ ... , চাওঁ উঠাচোন....! অনিৰ্বাণ ধৰাচোন বিচনালৈ লৈ যাওঁ । বৰকৈ ঘামিছে দেখুন ।
: নাঘামিব কিয় ...? দিনটো আজি ঘৰত আছে নে সোধকচোন....!
মৃণা মাটিত পৰি থকা দেখি সহ্য নহ'ল উৰ্মিৰ , .... বৌ , ধৰক আপুনিয়ে ময়ে ধৰি বৌক বিচনালৈ লৈ যাওঁ ।
: তুমি নালাগে উৰ্মি মই ধৰিছোঁ । তুমি খুড়া আৰু মাহঁতলৈ চাহ অকণ বনোৱাগৈ ।
ক্ৰমশঃ .....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment