নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ২৪) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 21, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ২৪) : Assames story

      

Assamese Story

গোসাঁইঘৰত চাকিগজি জ্বলাই আহি আটাইকেইটা ৰূমতে ধূনাৰ বাতিটো ঘূৰাই দিলে উৰ্মিয়ে...., উৰ্মি , ধোঁৱাবোৰ কেলৈ দিছা , ধূনাৰ গোন্ধ যদি ইমানেই ভাল পোৱা তোমাৰ ৰূমতে দি লোৱাগৈ...., মোক নালাগে , ধোঁৱা পালে ধুনুৰ উশাহ লোৱাত কষ্ট হ'ব ।    জকজকাই উঠিল মৃণালিনী । 

: sorry বৌ , মই ভাবিছিলোঁ ডাৱৰীয়া বতৰ ম'হ ওলাইছে ধুনুক কেনেবাকৈ ম'হে কামোৰিব সেয়ে ধূনা অকণ দি দিছিলোঁ । আজিৰ পৰা সেই ভুল নকৰো দিয়ক । 

: ধুনুৰ কথা চিন্তা কৰিয়েই দাদাই good night কিনি দি পঠাইছে । ধূনাৰ গোন্ধ লোৱাৰ অভ্যাস মোৰ নাই , যিজন মানুহে ঘৈণীয়েকক জালৰ মাছ অকণ কিনি খোৱাব  নোৱাৰে, সেইজন মানুহে  good night ক'ৰপৰা কিনিব ....? 

: বৌ ..., অলপ লাহেকৈ কওঁক ...! দাদা বাৰাণ্ডাতে বহি আছে শুনিলে বৰ ডাঙৰ কথা হ'ব ।  লাহেকৈ ক'লে উৰ্মিয়ে । 

: তুমি কি ক'ব বিচাৰিছা .....? কাৰোবাৰ ভয়ত মই কথাবোৰ লাহেকৈ ক'ম । No ! never...! চিঞৰি চিঞৰি কম । 

         হুলস্থুল শুনি অনিৰ্বাণ ৰূমলৈ সোমাই আহিল ......., কি হৈছে....? সন্ধিয়া লগা কিহৰ হুলস্থুল ইমান....? লাজ লগা নাই নে....! ওচৰৰ মানুহে শুনিলে কি ভাবিব....? আজিলৈকে ওচৰৰ মানুহে উৰ্মিৰ মাত এষাৰো শুনা নাই , আৰু তুমি....?

: লাজ....! একেটা প্ৰশ্নকে যদি আপোনাক মই কৰো , আপুনি কি উত্তৰ দিব...? কিমান মান সন্মান , আৰু লাজ আছে তাৰ প্ৰমাণ মই পাই গলো । পৃথিৱীত এনে কোনো পুৰুষ নাই যি ঘৈণীয়েকক জালৰ মাছ অকণ খুৱাবলৈ অসমৰ্থ ....! 

: মুখ বন্ধ কৰা..., মুখখন আছে বুলিয়েই হকে বিহকে যি আহে তাকেই কৈ নিদিবা । কিয় মাছ দিবলৈ নগলো সেইটো সুধি লোৱা আগতে...., বৰ খঙেৰে কলে অনিৰ্বাণে । 

: সুধিবলৈ কিটো আছে..., ভাইতিয়ে চাগৈ পইচা নিদিলে....!

: বৌ , এইবোৰৰ মাজলৈ অনিমেষক নাটানিব..., দাদাই নিজৰ টকাৰে গোটেই চুবুৰীতে মাছ বিলাইছে....., 

: অ'..…., তাৰমানে অনিমেষৰ হৈ ওকালতি কৰিবলৈ ইয়াত ৰৈ আছা । ওলাই যোৱা ....! ওলাই যোৱা মোৰ ৰূমৰ পৰা ....., 

: তই কাৰ আগত ইমান দম্ভ দেখুৱাইছ...? কানতলীয়া চৰ চিনি পাৱ.....! 

: তাৰমানে আপুনি মোক মাৰিব.... মাৰক ..., চুই চাওক মোক দম আছে যদি...? বুকু ফিটাই অনিৰ্বাণক খেদা মাৰি আহিল মৃণালিনী ।

: চুপ....! 

       মৃণাৰ হুলস্থুল শুনি ধুনু সাৰ পাই গ'ল । সি বৰ ভয় খাইছিল , ভয়তে কান্দি কান্দি ঠেৰেঙা লাগিছিল ধুনু ..., মৃণালিনী তথাপিও হাৰ মনা নাছিল । ...... কোন চুপ থাকে মই ৰাতিপুৱা দেখুৱাই আছোঁ , কালিলৈ থানালৈ গৈ এজেহাৰ এখন দি থৈ আহিম । আজি মাৰিম বুলি কলেই যেতিয়া , কি ঠিক শুই থাকোঁতে মোক মাৰি পেলাবও পাৰে ..., 

: তোক মই..... ছোঁচা মাৰি গৈছিল অনিৰ্বাণ......

: দাদা , সেইটো ভুল নকৰিব...., অনিৰ্বাণক আগভেটি ধৰিলে উৰ্মিয়ে । 

        চোতালতে চাইকেলখন ৰখাই , বাহিৰৰ পৰাই মাত লগালে অনিমেষে ...... কি হৈছে উৰ্মি....? ইমান হুলস্থুল যে ....., চিঞৰ বাখৰ শুনি মোৰ ভয়ে লাগিছিল মাৰ কিবা এটা হ'ল বুলি.....!  অনিৰ মাতটো শুনি উধাতু খাই ওলাই আহিল উৰ্মি ।
: নাই , একো নাই অনি , তুমি ফ্ৰেচ হৈ লোৱা যোৱা ।।
: কিবা এটা নিশ্চয় হৈছে , নবৌৰ মাতটো পদূলিলৈকে ত তকৈ গৈছিল ।।

: কি হ'ব আৰু ....., এইজনীয়ে কাজিয়া কৰিছে মোৰ লগত ।   বৰ দুখেৰে কথাটো কৈ অনিৰ্বাণ অনিমেষৰ কাষতে বহিল । 

: ভাল কৰিছ , লাজ লগা নাই নে তোৰ .....! বলকাক বলকিবলৈ দি তই মনে মনে থাকিব নোৱাৰিলি...! তয়ো লাগি গলি সমানে সমানে ...., দিনৰ দিনটো কষ্ট কৰোঁ তহঁতৰ সুখৰ বাবে ...., অফিচত কামৰ বোজা , ঘৰখনটো যদি হুলস্থুল হৈ থাকে মোৰ ভাল লাগে জানোঁ....! 

: অনি , তুমি উঠাচোন ...! ফ্ৰেচ হৈ লোৱা গৈ । মই চাহ কৰোগৈ । দাদা.... আপুনি মাক বাৰাণ্ডালৈকে উলিয়াই আনক । 

: ঠিক আছে , উৰ্মি চাহকাপ অলপ কাঢ়াকৈ বনাবা । 

         পুতেক বোৱাৰীয়েকৰ কাজিয়া শুনি অনিৰ্বাণৰ মাক কান্দি কান্দি বিচনাতে পৰি আছিল ......। মা...., উঠ বাৰাণ্ডালৈকে অলপ উলিয়াই দিওঁ....,   হাতখন ধৰি অলপ দাঙি দিলে অনিৰ্বাণে ......, 

: এইবোৰ কি হুলস্থুল আৰম্ভ কৰিছ তহঁতে.....! সন্ধিয়া সময়ত এনেকৈ হুলস্থুল কৰিলে গৃহলক্ষ্মী অহাটো দূৰৰে কথা পদূলিৰ পৰাই ভয়ত দৌৰ মাৰিব.....।

: হ'ব , তই এতিয়া এইবোৰ কথা নুলিয়াবাবি....। কেনেবাকৈ মৃণাই শুনিলে আকৌ হুলস্থুল কৰিব । 

      কথাষাৰ কৈ মাকক ধৰি ধৰি বাৰাণ্ডালৈ উলিয়াই আনি চকীখনতে বহুৱাই দিলে । ফ্ৰেচ হৈ আহি অনিয়ো মাকৰ ওচৰতে বহিলে । মাকৰ সন্মুখৰ চকীখনতে আমন জীমনকৈ বহিলে অনিৰ্বাণ । ......... জয়শ্ৰী নবৌয়ে ঠিকেই কৈছিল ...! লাউপাত কচুপাত যেন মুখখনৰ লগত  নবৌয়ে বৰ কষ্টত দিন কটাইছিল চাগৈ ....! নিজৰ গিৰিয়েকক পুলিচত দিবলৈ ওলোৱা মানুহজনীয়ে নবৌয়েকক কিমান বেয়া ব্যৱহাৰ কৰিব পাৰে....? কথাবোৰ ভাবি থাকোতেই উৰ্মিয়ে চাহৰ কাপটো আগবঢ়াই দিলে অনিৰ্বাণলৈ..... দাদা , চাহ লওঁক...। দাদা....? কি ভাবিছে ইমানকৈ ....? উচপ খাই উঠিল অনিৰ্বাণ ,  ... হৈ যোৱা কথাবোৰ ভাবি মনটো বেয়া কৰি নাথাকিব দাদা...., ধুনুৰ কথা ভাবক..., বৌয়ে যেনিবা আপোনাক খঙতে কিবা এটা কলে , আপুনি সেইবোৰ ধৰি নাথাকি বৌক ক্ষমা কৰি দিয়ক । ভুল সকলোৱে কৰে কিন্তু ক্ষমা......! সকলোৱে কৰিব নোৱাৰে । আপুনি যদি বৌৰ লগত সহজ হৈ কথা বতৰা পাতে বৌয়ে নিজেই লাজ পাব আৰু আপুনি মহান হৈ পৰিব......। আপুনি কথাটো এবাৰ ভাবি চাব দাদা ।

: উৰ্মিয়ে ঠিকেই কৈছে ...., লৰাটোৰ কাৰণেই তই সকলো পাহৰি যাব লাগিব ।    

: কিন্তু মা...., 

: কোনো কিন্তু নাই , উৰ্মিয়ে বহু ভাবি চিন্তিহে কথাটো কৈছে ।        উৰ্মিলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিলে অনিৰ্বাণৰ মাকে ।

: বৌ..., চাহ বাকিলোঁ ..., খাই লওঁকহি...., বাৰাণ্ডাৰ পৰাই চিঞৰিলে মৃণালিনীক । সাউৎকৰি ওলাই আহি চাহৰ কাপটো চিলনীয়ে হাঁহৰ পোৱালি থাপ মৰা দি লৈ ভিতৰত সোমাল । 

: দেখিলি তাইৰ অসভ্যালী , উৰ্মিয়ে তাইক কিমান মৰমত মাতিলে , আৰু তাই.....!  মৃণাৰ ব্যৱহাৰ দেখি দাঁত কৰচি উঠিল অনিৰ্বাণ । 

: হ'ব দাদা , সৰু সৰু কথাবোৰ ইমান গভীৰ কৈ নল'ব ..। 

      .......হেল্ল' .......! হেল্ল'....! বৌ শুনিছানে..? ৰবা , মই বাহিৰলৈ গৈ আছো । বিধানসভা বহি আছে একো শুনা নাই ।    কাণত ফোনটো লৈ চট চটকৈ ওলাই গ'ল মৃণালিনী । 

: নবৌয়েক জনীয়ে এইৰ মূৰটো চুবালে...., 

: তই ভিতৰলৈ যা দাদা , ধুনু অকলে আছে, ভয় খাব ।  

          অনিমেষৰ কথামতেই উঠি গল অনিৰ্বাণ ..., বহু সময় নীৰৱে ৰল অনিমেষ... , কি ভাবিছ অনি...? 

: ভাবিছোঁ ...! নবৌয়ে ঘৰখন ধৰি ৰাখিব পাৰিবনে...!

         অ'....! বিধানসভা ভঙ্গ হোৱাই নাই তাৰমানে ....! কথা পাতি থাকোঁতেই মনে মনে সোমাই আহিল মৃণালিনী । ... এইবাৰ বিৰোধী পাৰ্টিৰ গুণ গান গাইছে নেকি মা....! ভাইটি... মাইকী মানুহৰ কথাবোৰত তুমি নোসোমালে নহয় নে.....? সেইবোৰ দাদা আৰু মোৰ ব্যক্তিগত কথা , গতিকে সেইবোৰ কথাত তুমি ভাগ নোলোৱাই ভাল । আৰু.... মা , আপুনি কেনেকুৱা মাক হে....! নিজৰ ল'ৰাৰ লগত বোৱাৰীৰ বদনাম গাবলৈ লাজ লগা নাই নে....? 

: বৌ ...., আপুনি....?

: নিচিঞৰিবা ভাইটি , সঁচা কথাবোৰ মই কমেই । 

        কথাষাৰ কৈ উচাত মাৰি গুচি গ'ল মৃণালিনী । পাকঘৰৰ পৰাই সকলো শুনি আছিল উৰ্মিয়ে । শাহুৱেকক ইমান বেয়াকৈ কোৱা শুনি উৰ্মি বৰ আচৰিত হৈছিল ...., মানুহ ইমান তললৈ নামিব পাৰে নে....! এই বেমাৰী মানুহগৰাকীক ইমান বেয়াকৈ ক'বলৈ অলপো বেয়া নালাগিল নে....! হে...! ভগৱান বৌক সুমতি দিয়া....., কথাবোৰ ভাবি থাকোতেই লাহেকৈ অনিমেষ সোমাই আহিল পাকঘৰলৈ ...... উৰ্মি..., 

: উম..., 

: কি ভাবি আছা...?

: নাই, একো ভবা নাই..., তুমি অকণমান ৰেষ্ট কৰাগৈ । ভাত হলে মই তোমাক মাতি দিম । 

: ৰেষ্ট একেবাৰে কৰিম , তোমাক অলপ সহায় কৰি দিবলৈহে আহিছোঁ ।  লাহে লাহে উৰ্মিৰ ওচৰ চাপি আহিল অনিমেষ , 

: নালাগে অনি..., মই পাৰিম । তুমি মাৰ লগতে অলপ কথা পতা ....., বৌৰ কথাকেইটাই মাক বৰকৈ আঘাত কৰিছে , যোৱা মাক অলপ সংগ দিয়া , এনেই মা অসুস্থ , কথাবোৰ চিন্তা কৰি থাকিলে মা দুৰ্বল হৈ যাব...., 

       অনিয়ে উৰ্মিক লাহেকৈ পাছফালৰ পৰা সাৱটি ধৰিলে , .....বৌয়েও কথাবোৰ তোমাৰ নিচিনাকৈ ভবা হ'লে ।

: অনি ..., সকলো মানুহৰে মনবোৰ একেই নহয় যিদৰে মানুহৰ পাঁচটা আঙুলি সমান নহয় । চাওঁ এৰি দিয়া ...., দাদাই দেখিলে বৰ লাজৰ কথা হ'ব..., 

         উৰ্মিৰ কপালত চুমা এটা আঁকি দি অনিমেষ ওলাই গ'ল মাকৰ কাষলৈ । 

    ক্ৰমশঃ
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages