সাংসদ তপন গগৈ পুনৰ কৰ'নাত আক্ৰান্ত হোৱাৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।কিন্তু শেহতীয়া তথ্য অনুসৰি সাংসদ গৰাকীৰ কালি স্বাৱ পৰীক্ষাৰ ফলাফলত তেওঁক কভিড' নিগেটিভ পোৱা গৈছে।আৰু এই বিষয়টোক লৈ সাংসদ তপন গগৈয়ে তলত দিয়া ধৰনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে-
"আজি মোৰ স্বাৱ পৰীক্ষাৰ ফলাফলত কভিড' নিগেটিভ পোৱা গল।
চাবুৱাত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভাত অংশগ্ৰহন কৰিবৰ বাবে কভিড'ৰ নীতি অনুসৰি কালি স্বাৱ পৰীক্ষাৰ ফলাফলত মোৰ কভিড' পজিটিভ হৈছিল। মোৰ শৰীৰত কভিড' পজিটিভৰ কোনো লক্ষণ নথকাৰ পাছত ফলাফল পজিটিভ হোৱাত আজি মই কভিড'ৰ নীতি অনুসৰি কোৱাৰেণ্টাইন হৈ আছিলোঁ। কিন্তু আজি পুনৰ চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত চৰাইদেউ জিলা চিকিৎসালয় কৰ্ত্তৃপক্ষই মোৰ স্বাৱ সংগ্ৰহ কৰি লাহোৱালস্থিত ICMR লৈ প্ৰেৰণ কৰাৰ পাছত স্বাৱ পৰীক্ষাৰ ফলাফলত কভিড' নিগেটিভ পোৱা গৈছে।
মই বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ আছোঁ। আজি দিনটোত মোৰ খবৰ লোৱা সকলো শুভাকাংক্ষীলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতৃজ্ঞতা জনালোঁ।" - তপন গগৈ
No comments:
Post a Comment