মাইক্ৰ'ফাইনেঞ্চৰ লোন লোৱা সকল এতিয়া নিশ্চিন্ত থাকক : Assam Assembly - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 22, 2021

মাইক্ৰ'ফাইনেঞ্চৰ লোন লোৱা সকল এতিয়া নিশ্চিন্ত থাকক : Assam Assembly

 

Assam Assembly

আজিৰ মৰিয়নীৰ এক নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাগ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি ৰাইজৰ আগত প্ৰকাশ কৰে( Assam Assembly )।প্ৰথমতেই তেওঁ কয় যে "মৰিয়নী অঞ্চলৰ প্ৰত্যেক গৰাকী দুখীয়া আৰু নিম্ন মধ্যবিত্ত মহিলাক অৰুনদয় আঁচনি দিয়াৰ দায়িত্ব মোৰ,সেই দায়িত্ব মই মূৰ পাতি লৈছো।" লগতে এই আঁচনি ৮৪০ টকাৰ পৰা বৃদ্ধি কৰি ৩০০০ টকা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


ইফালে মহিলা সকলে মাইক্ৰ'ফাইনেঞ্চৰ যিসমূহ লোন লৈছিলে সেই সমগ্ৰ লোন ঘোৰাই দিয়াৰ দায়িত্বও আজি মূৰ পাতি ললে হিমন্ত বিশ্বই।তেওঁ কয় যে "এতিয়া কোনোবাই যদি আৰু লোনৰ কিস্তি বিছাৰি আহে তেন্তে কব হিমন্তই দিব আমি নিদো।আজিৰ পৰা মহিলা সকলে কোনো মাইক্ৰ'ফাইনেঞ্চৰ লোন ঘোৰাই দিব নালাগে চৰকাৰে সুদে-মূলে আপোনালোকৰ হৈ ঘোৰাই দিব,সেই প্ৰতিশ্ৰুতি আজি মই ৰাইজক দিছো।"( Assam Assembly )


লগতে তেওঁ কয় যে কংগ্ৰেছৰ দিনত মহিলা আত্মসহায়ক গোত সমূহত বছৰেকত ৫০০০ কৈহে টকা দিছিল।কিন্ত এইবাৰ বিজেপিয়ে মহিলা আত্মসহায়ক গোত সমূহত প্ৰথম বছৰত এক লাখ আৰু দ্বিতীয় বছৰত ২ লাখকৈ দিয়া হব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে।এই সকলো প্ৰতিশ্ৰুতি মোবাইলত ৰেকৰ্দ কৰি থবলৈও আহ্বান জনাই হিমন্ত বিশ্বই( Assam Assembly )।

Assam Assembly

No comments:

Post a Comment

Advertisement

Pages