অসমত অনুষ্ঠিত হব লগীয়া আগন্তুক বিধান সভা নিৰ্বচনলৈ মাজত মাথো আৰু এটা দিন বাকী।যিহেতু দেশৰ কেইবাখনো জিলাত কৰ'নাই পুনৰ ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে( Assam Assembly Election )।আৰু সেয়ে অসমত হব লগীয়া বিধান সভা নিৰ্বচনত ভোটদান কেন্দ্ৰ সমূহত ক’ভিডৰ কিছু নীতি-নিয়ম নিৰ্ধাৰন কৰি দিছে নিৰ্বাচন আয়োগে।গতিকে জানি লও আহক সেই নীতি-নিয়ম সমূহ-
# মাস্ক,মুখাৱৰণ আৰু হাতমোজা
# সকলো ব্যক্তিৰ শৰীৰৰ ঊষ্ণতা জোখা
# চেনিটাইজাৰ,চাবোন আৰু পানী
# সামাজিক দুৰত্ব
# দীঘলীয়া শাৰী পৰিহাৰ কৰিবলৈ টিকতৰ ব্যৱস্থা
প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ সংখ্যা কম কৰা হব আৰু ভোটদানৰ সময়সীমা ১ ঘণ্টা পৰ্যন্ত বঢ়াই দিয়া হব।যদি শৰিৰৰ উষ্ণতা দুবাৰ জোখাৰ পিছতো নিৰ্ধাৰিত মানতকৈ অধিক হয়,তেতিয়া ভোটাৰজনক এটা টোকেন/প্ৰমণপত্ৰ দিয়া হব আৰু ক'ভিড -১৯ ৰ প্ৰতিৰোধমূলক ব্যৱস্থ মানি ভোটদানৰ অন্তিম ঘণ্টান ভোটদানৰ সুবিধা দিয়া হব।ক'ভিড-১৯ ৰ লক্ষণ যুক্ত বা আক্ৰান্ত লোকসকলে ভোটগ্ৰহণৰ অন্তিম ঘণ্টাত ভোটদান কৰিব পাৰিব।ভোটকেন্দ্ৰৰ ভিতৰত থকা কৰ্মীসকলক প্ৰত্যেককে তেওঁলোকৰ সুৰক্ষাৰ বাবে পি পি ই কিট দিয়া হব।( Assam Assembly Election )
No comments:
Post a Comment