শিৱ লিংগৰ অৰ্থ কি?হিন্দু ধৰ্মত প্ৰকৃততে লিংগ পূজা কৰা হয় নেকি ? Shivling - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 22, 2021

শিৱ লিংগৰ অৰ্থ কি?হিন্দু ধৰ্মত প্ৰকৃততে লিংগ পূজা কৰা হয় নেকি ? Shivling

Shivling

শিৱ লিংগ প্ৰকৃততে কি ? ইয়াক লৈ আমাৰ সমাজৰ একাংশ লোকৰ মাজত ভুল ধাৰণা বা ব্যাখ্যা চলা দেখা যায় যে হিন্দু ধৰ্মত লিংগ পূজা কৰা হয় বুলি ( Shivling )। আচলতে লিংগ শব্দটোৰ প্ৰকৃত অৰ্থ আৰু 'সংস্কৃত'ৰ জ্ঞান নথকাৰ বাবে এই ভুল ব্যাখ্যা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে আৰু বহুজন বিভ্ৰান্তিত পৰিছে।


শিৱ লিংগত ব্যৱহৃত "লিংগ" শব্দটো হৈছে এটা সংস্কৃত শব্দ আৰু ইয়াৰ অৰ্থ হৈছে "চিহ্ন" বা "প্ৰতীক"।যাৰ দ্বাৰা শিৱ লিংগ বুলি কলে শিৱৰ প্ৰতীক হিচাপে বুজোৱা হয়। সেয়ে 'সংস্কৃত'ৰ লিংগ শব্দটোক ব্যৱহাৰ কৰি যদি আমি পুৰুষ লিংগ বুলি কও তেন্তে ইয়াৰ অৰ্থ হব পুৰুষৰ প্ৰতীক, থিক তেনেদৰে স্ত্ৰী লিংগ বুলি কলে ইয়াৰ অৰ্থ হব স্ত্ৰীৰ প্ৰতীক।


এইসিনিতে আমি এটা উদাহৰন দিব পাৰো যে, আমাৰ অসমীয়া ভাষাত "আই" বুলি কলে মা বা মাতৃক বুজোৱা হয়, কিন্তু ইংৰাজী ভাষাত আকৌ "আই" শব্দটোৰ অৰ্থ হৈছে "মই"।আচলতে আমাৰ দেশৰ বিভিন্ন ভাষা সমূহৰ মাজত প্ৰচলিত কেইটামান শব্দৰ হুবহু মিল আছে যদিও ইয়াৰ অৰ্থ কিন্তু বেলেগ বেলেগ হোৱাৰ বাবেই "লিংগ" শব্দটোক লৈ বিভিন্ন জনৰ মাজত ভুল ধাৰণা প্ৰচলিত হৈ আহিছে।গতিকে এতিয়া আপোলোকে নিশ্চয় জানিব পাৰিছে যে "শিৱ লিংগ"( Shivling ) ৰ পূজা মানে লিংগক পূজা কৰা নুবুজাই শিৱৰ প্ৰতীককহে পূজা কৰা বুজাই।


শিৱ লিংগৰ অৰ্থ অনন্ত ও হয়,অৰ্থাৎ যাৰ কোনো অন্ত নাই আৰু নাই কোনো আৰম্ভনি।উল্লেখ্য যে,আমাৰ ব্ৰহ্মাণ্ডখন উৰ্জা আৰু পদাৰ্থৰে গঠিত।মানুহৰ শৰীৰটোও পদাৰ্থ আৰু আত্মা উৰ্জাৰে গঠিত থিক তেনেদৰে শিৱ পদাৰ্থ আৰু মা পাৰ্বতীক উৰ্জাৰ প্ৰতীক হিচাপে মানি লৈ শিৱলিংগ কোৱা হয়।ব্ৰহ্মাণ্ডত থকা সমস্ত উৰ্জা শিৱলিংগত অন্তৰ্নিহিত হৈ আছে।বাস্তৱত শিৱলিংগ আমাৰ ব্ৰহ্মাণ্ডৰ এক আকৃতি হে হয়।শিৱ লিংগ ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আদি অনন্ত এক যুগ্ম ৰূপ হয়।সেয়ে শিৱলিংগই আমাৰ ব্ৰহ্মাণ্ডত পুৰুষ আৰু প্ৰকৃতি অৰ্থাৎ স্ত্ৰীৰ সমানতাৰ কথা নিদৰ্শাইছে।


গতিকে এয়াই আছিল "শিৱ লিংগ" ( Shivling ) সন্দৰ্ভত আমি জনিব লগা কিছু গুৰুত্বপূৰ্ণ তথ্য।ইয়াৰ দ্বাৰা সকলোৱে জানি লওক যে শিৱ লিংগৰ পূজা কৰা মানে লিংগ পূজা কৰা নুবুজায়।শিৱ আৰু শক্তিৰ প্ৰতীক নতুবা সমস্ত ব্ৰহ্মাণ্ডক পূজা কৰা বুজাই।আমাৰ সমাজৰ চলি অহা ভুল ধাৰণা বা বিভ্ৰান্তি সমূহ যাতে দূৰ হওঁক তাৰ বাবে পাৰে মানে প'ষ্টটো শ্বেয়াৰ কৰি দিয়ে যেন,মহাদেৱে নিশ্চয় আপোনাৰ মংগল কৰিব।


ঔঁ নমঃ শিৱাই

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

1 comment:

  1. right shiv ling k puja kio koribo lage tat ladies ahi lajor kotha

    ReplyDelete

Advertisement

Pages